মিচা ক’লে কি ডাল হব? - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক’লে কি ডাল হব?

মিচা ক’লে কি ডাল হব?

Share This
অসমীয়াত বলিউদী সংলাপ
#মন জিত
১. * ফুটা সিং মই তোৰ মাজত ইমান ফুটা ফুটা কৰিম যে ইমান ফুটা ফুটা কৰিম যে তই কনফিউজ হৈ যাবি কি বেডমিন্টনৰ ৰেকেট বনোৱা যায় নে মাৰক পিঠাগুৰি চালিবলে চালনি কৰি দিয়া যায় ।

২. * এবাৰ যদি মই কমিটমেন্ট কৰি লও , মই নিজেই নিজৰতো নুশুনো কাৰণ এপল আই ফোনটো কিনাৰে পৰা কাণত হেড ফোন লাগিয়েই থাকে । আৰু আনফালে ফুল ভলিউমত গান ।

৩. * মোৰ ওপৰত এটা উপকাৰ কৰিবা যে মোৰ কোনো উপকাৰ নকৰিবা । পাৰা যদি সোনকালে চৰকাৰ খন সলনি কৰি সমাজৰ উপকাৰ কৰা ।

৪. * থাপ্পৰলে ভয় নালাগে মহাশয় প্রেমলেহে ভয় লাগে । কাৰণ থাপ্পৰৰ বিষটো দুদিনতে পাহৰি যাম , পিছে প্রেমৰ বিষ বছৰ বছৰলৈ.....

৫.* আই লাভ ইউ কককককককককক কণমাই .....

৬. *এজনী ছোৱালী আছিল আকৰি আজলি, এটা লৰাৰ বাবে জান দিবলেও সাজু আছিল, যেতিয়াই মোক লগ পাইছিল তেতিয়াই মোক প্রায়েই সোধা কৰিছিল এই প্রেম কেনেকুৱা হয় নো ? এই প্রেম কেনেকুৱা হয় নো ? আৰু মই কৈছিলো তোৰ লগতে আৰু তিনিজনীৰে লেটি পেতি থকাৰ পিছতো যে সি ধৰা নপৰাকৈ আছে ! প্রেম আচলতে সেনেকুৱাই ।

৭. * চেনৰিতা, ডাঙৰ ডাঙৰ চহৰত এনেকুৱা সৰু সুৰা ঘটনা হৈয়েই থাকে , আমেৰিকাটো বম ব্লাষ্ট হয় জাপানটো বানপানী হয় তেনেহ’লে আমাৰ অসমনো কেনেকে পিছ পৰি ৰয় ।

৮. * যদি তুমি কিবা এটা বস্তু সঁচা অন্তৰেৰে বিছাৰা তেন্তে পুৰা কা পুৰা বিশ্বব্রহ্মান্তই লগ লাগি যায় তোমাক সেই বস্তু তো দিয়াবলে বুলি কোৱা কথাষাৰত মিছা মিছি মাথা নামাৰি যি লাগে টকা দি কিনি লোৱা নহ’লে সেইটোৱো নাপাবা সময়ত ।

৯. * কেতিয়াবা কেতিয়াবা জিকিবৰ বাবে হাৰিবও লাগে আৰু যি হাৰি পেলাইও জিকে তাকে কংগ্রেছ চৰকাৰ বোলে ।

১০. * পিকচাৰ এতিয়াও বাকী আছে দোস্তি, ব’লা পপকর্ণ কিনি আনো..

No comments:

Post a Comment