মিচা ক’লে কি ডাল হব - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক’লে কি ডাল হব

মিচা ক’লে কি ডাল হব

Share This
বিন্দাচ ....
# সুৰজিত নেওগ

জুবিন গাৰ্গ বোলা গায়্কজনক মোৰ এইবোৰ কাৰণতে ভাল লাগে . . . একদম বেপেৰুৱা মানুহ দেই... কিবা বোলেনে বিন্দাচ টাইপ .... আমি কলেজত পঢ়ি থাকোতে 'বিন্দাচ' হৈ থাকি বেছ গৌৰৱবোধ কৰিছিলো...!! এই শব্দটোৰ লগত মোৰ পৰিচয়ো হৈছিল তেতিয়াই; নাচিকত থাকোতে। মুম্বাইৰ ওচৰত বাবে মুম্বাইয়া হিন্দীৰ প্ৰয়োভৰ খুব আ্ছিল আৰু 'বিন্দাচ' শব্দটো প্ৰায় প্ৰ্তিটো বাক্যৰ লগতেই ব্যৱহৃত হৈছিল। প্ৰ্থমে এই 'বিন্দাচ' শব্দটো শুনোতে একো মাঠা মুণ্ড বুজি নাপাই কেইবাদিনো ভাবি ভাবি একো উলিয়াব নোৱাৰিলো। সকলোৱে এইটো কৈয়ো থাকে, মানে চবেই অৰ্থটোও জানে। কেৱ্ল মোৰ দৰে এটা বুৰ্বকেহে নাজানো; সুধিবলৈও তামাম লাজ। মোৰো কবলৈ মন যায়; কিন্তু ক'ত কেতিয়া কিয় ক'ব লাগে সেইটোতো নাজানো...যি কি নহওক, সকলো লাজ মান কাতি কৰি এদিন খাচদোষ্ট মাৰাঠী ফ্ৰেণ্ড এটাক সুধিলো 'ঐ, বিন্দাচ কা ক্যা মতলব হ্যে?'

সি কয় 'আব্বে, মজাক মৎ কৰ য়াৰ..' ...
মই বোলো "নহয় দোষ্ট, হামকো চহি মে নেহি মালুম, বাটানা প্লীজ, ইচকা মতলব.. আজ এক চাই চামোচা মেৰে তৰফ চে.."
এপলক মোলৈ চালে, মই ধেমালী কৰা নাই বুলি চিউৰ হৈ তেতিয়া সি কলে "আব্বে, চুন, বিন্দাচ বলেতো বিন্দাচ...একদম বিন্দাচ... ন' ফিকৰ, মেৰে তৰফ"
ময়ো কিবা কিবি বুজিলো... তাৰ পিছৰ পৰা এতিয়ালৈকে যতে ত'তে যেতিয়াই তেতিয়াই এনিটাইম বিন্দাচ বে টাইপ ....

জুবিন গাৰ্গ সেই কাৰণেই 'বিন্দাচ' ... এপাট কাণফুলি, বেলেগ ৰঙী দুপাট জোতা পিন্ধি মঞ্চত স্প্ৰিঙৰ নিচিনা জপিয়াই জপিয়াই বিন্দাচ হৈ গান গোৱা, ওচৰৰ খুটাই চুটাই বগাঁওতেও বিন্দাচ, টিভিত কথা কওঁতেও বিন্দাচ, কাৰোবাৰ চিতাৰ কাষলৈ আহোতেও বিন্দাচ... আহ, একদম বিন্দাচ টাইপ.... মই আন যি কোনো কাৰণত নহলেও, জুবিনৰ এই গুণটোৰ বাবে একদম মাৰামাৰি ফাটাফাটি 'আই এম আ ডাইহাৰ্ড ফ্যান অব জুবিন' ...

আমাৰেই ভাগ্য বেয়া যে সেইদিনা জোনালীৰ ওচৰৰ বিন্দাচ চৰিওৱা ঘটনাটোৰ লাইভ টেলিকাষ্ট ক'তো পাবলৈ নাই... মানে আমাৰ খাৰখোৱা চেনেল কেইটাৰ চাৰলক হমচ টাইপ ৰিপৰ্টাৰ কিজনে জি এচ ৰ'ড কাণ্ডৰ দৰে প্ৰ্পাৰলি এন্টিচিপেট কৰিব নোৱাৰিলে... গতিকে সঠিক সময়ত স্পটত উপস্থিত থাকিব নোৱাৰি আমাক শতিকাৰ এক শ্ৰেষ্ঠ এক্সক্লুচিভ ভিচুৱেলৰ পৰা বঞ্চিত কৰিলে ... যি হ'ল হ'ল.. এতিয়াতো আৰু সেই এক্সাইটিং ঘটনাৰ ৰি-টেক সম্ভৱ নহয় ...

 গতিকে জুবিন আৰু 'চৰখোৱা' ল'ৰাটো, আৰু আন কেইজন মান মুষ্টিমেয় প্ৰত্যক্ষদৰ্শীৰ বাদে "চিগাৰেট খোৱা", "চৰ মৰা", "চৰ খোৱা", চৰত গাল ৰঙা পৰি পাঁচোটা আঙুলীৰ চাপ বহা", "অতপালি কৰা", "অপহৰণ কৰাৰ অপচেষ্টা কৰা" আদিৰ দৰে আদালতৰ মজিয়া শুৱনী কৰা শব্দবোৰৰ যথাৰ্থতা যথাসময়ত এক আমোদজনক উকিলি বাদানুবাদৰ অন্তত প্ৰ্তিস্থিত হ'ব বা উফৰি পৰিব .... আমাৰ সিমানলৈকে চিন্তা কৰাৰ কি দৰকাৰ? বিন্দাচ খাওক, পিয়্ক, থাকক এনজয় কৰক...!!

বাতৰি কাকতত আৰু টিভি চেনেলে লগোৱা এটা বিশেষণ 'বিশিষ্ট/প্ৰ্তিস্থিত উকিল/অধিবক্তা' শ্ৰী অৰুপ বৰবৰুৱা ... আহ, মানুহজনৰ চচমাৰ তলৰ চকু কেইটা দেখিলেই কিবা এক ভয় ভাব হয়, এৰা, তেনেলোক ফালাফালি উকিল নহৈ আন কোন হ'ব? এওঁও বিন্দাচ বে... যুক্তিও বিন্দাচ... (১) ধৰি ললো, এজন ১৫ বছৰীয়া নাবালক ল'ৰাই চিগাৰেট খাই আছে ৰাস্তাত, তাতে আপোনাৰ মোৰ কি হ'ল? আপুনি/মই চৰিয়াম নেকি?!! হোহ... (২) বিনা দোষত বিনা কাৰণত জুবিনে তেওঁক চৰিয়াব কিয় আৰু জোৰ জবৰদষ্টি অপহৰণৰ চেষ্টা কৰিছে। (৩) এই নাবালক জনে চিগাৰেট খোৱা নাছিল....।

এক্সেলেন্ট মাই লৰ্ড.... টুচি গ্ৰেট হ'... অৰুপ বৰবৰা ... নামটো শুনা শুনা যেন লাগে... এই মানুহজন এসময়ত পি চি জি বোলা মহৎ (!) অনুস্থান এটাৰ সৈতে ওতঃপ্ৰোটভাৱে জড়িত হৈ থকা নাছিল নে ? হয় হয় ... এজন নাবালক (বা সাবালক বা বৃদ্ধ) ল'ৰাই মুকলিকৈ ৰাজহুৱা স্থানত চিগাৰেট,ধপাত বা আন ৰাগীয়াল বস্তু সেৱন কৰাটো আইন মতে দণ্ডনীয় সেই সাধাৰণ কথাটো নিশ্চয় বৰবৰা ডাঙৰীয়াই জানে; আৰু সেয়ে তেওঁ প্ৰ্থমতে 'ধৰি লৈ' পিছত নাইখোৱা বুলিও কৈছে....!! কোনোবা নাবালক সাবালকে ৰাস্তাত থিয় হৈ মদ চিগাৰেট খাই থাকক...খাই উদ্ভণ্ডালী কৰক, 'বেহুদা' অশ্লীল মাত মাতি ছোৱালীক বোৱাৰিক জোকাওক, তাত আপোনাৰ মাত মাতিবৰ কি অধিকাৰ আছে?!! হুহ ... বেটা, গায়্ক হবলৈ আহিছে ...'মই' কোন চিনি পোৱা নাই... উকিল চে তক্কৰ ??

মুঠতে বিন্দাচ যি কৰিবৰ মন আছে কৰক... আৰু মাজে মাজে আমাকো এক ৰসাল অমোদজনক 'থিম' দিয়্ক ... বিন্দাচ আলোচনা বিলোচনা কৰিবলৈ ... বিন্দাচ বলেতো একদম বিন্দাচ ....

4 comments:

  1. aji 1st time ei2 site salu...assamese enekua saite agote pua nasilu..

    ei likha2 porhi val lagil...haat khon ase apunar..keep it up...

    ReplyDelete
  2. ধুনীয়া হৈছে । বিন্দাচ ...

    ReplyDelete