পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. এছিয়ান বক্সিং চেম্পিয়নশ্বিপত চেম্পিয়ন হ’ল অসমৰ শিৱ থাপাঃ ১৯বছৰীয়া অসমীয়া যুৱকৰ সাফল্যত দেশৰ লগতে ৰাজ্যৰ ক্ৰীড়ামোদীৰ মাজত উল্লাসৰ ঢৌ ৷
২. দেশৰ বানপীড়িতলৈ সুখবৰঃ মহাৰাষ্ট্ৰৰ মানৱ ৰচনা আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰই সাজি উলিয়ালে পানীৰ ওপৰেৰে চলিব পৰা চাইকেল, কঢ়িয়াই নিব পাৰিব ৭৫ কেজি পৰ্যন্ত ওজন ৷

৩. চীনত দুৰ্নীতিৰ অভিযোগত এজন প্ৰাক্তন ৰেল’মন্ত্ৰী লিউ ঝিজুনক ফাঁচীৰ নিৰ্দেশঃ ৰেল’ৱে আধুনিকীকৰণৰ কামত লৈছিল উৎকোচ ৷

৪. অসমীয়া নাৰীলৈ সুখবৰঃ নিৰাপত্তা দিবলৈ ছদ্মবেশত ঘুৰিছে সমৰ কলাৰে সু-প্ৰশিক্ষিত অসম আৰক্ষীৰ "বীৰংগনা", থানাই থানাই লাগিছে চি.চি.টিভি কেমেৰা৷

৫. কিৰ্গিস্তানৰ বিচকেকত এছিয়ান জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক জয়েৰে গৌৰৱ কঢ়িয়ালে দুই অসমীয়া ক্ৰীড়া প্ৰতিভা অপূৰ্ব চেতিয়া আৰু পাপুল চাংমাইয়ে ৷

৬. এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত মহিলাক ৪x৪০০ ৰীলেত ভাৰতীয় দলে জয় কৰিলে স্বৰ্ণঃ পুনেত অনুষ্ঠত প্ৰতিযোগিতাখনত পদকৰ তালিকাত এতিয়া ভাৰতৰ স্থান ষষ্ঠ৷

৭. বান আৰু গৰা খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবীত যোৰহাটীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে চলালে গণ স্বাক্ষৰ অভিযান ৷

৮. অৱেশষত ঝংকাৰ শইকীয়াৰ পৰিয়াললৈ চৰকাৰী সহানুভূতিঃ মুখ্যমন্ত্ৰীয়ে দিবলৈ নিৰ্দেশ দিলে তিনি লাখ টকাৰ ক্ষতিপূৰণ৷

৯. আজিৰ পৰা পবিত্ৰ ৰমজানৰ ৰোজাঃ মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা ৷ অসমীয়াৰ সুখ দুখৰ তৰফৰ পৰাও ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ জ্ঞাপন কৰিছো শুভেচ্ছা ৷

১০. জেফৰি-জাৰভেজ শইকীয়া সোঁৱৰণী সদৌ অসম আমন্ত্ৰণমূলক কাবাদীৰ সফল সামৰণিঃ গুৱাহাটী চূড়ান্ত বিজয়ী৷

১২. গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাবৰ্তনত ৰাজ্যপাল পাটনায়কে তুলিলে প্ৰস্তাৱঃ মহিলাৰ শিক্ষা হওক, বিশ্ববিদ্যালয় পৰ্যায়লৈকে বিনামূলীয়া৷


১৩. সকলো নথি পত্ৰ জমা দিবলৈ নিৰ্দেশঃ এইবাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে নিৰ্ধাৰণ কৰিব অসমত কুকুৰা-কণী-মাছৰ দাম৷

১৪. ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সতে চীনৰ বৈঠকত সিদ্ধান্তঃ হট-লাইন টেলিফোন স্থাপন কৰা হব দুয়োদেশৰ সীমান্ত নিৰাপত্তাৰ কাৰ্যালয়ৰ মাজত ৷


১৫. বিহাৰৰ বৌদ্ধ মন্দিৰ আক্ৰমণৰ ঘটনাৰ পাছত গুৱাহাটীৰ কামাখ্যা মন্দিৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

চিন্তনীয় খবৰঃ
১. সৰ্ব-ভাৰতীয় পৰ্যায়ত অৱনমিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থানঃ বিগত বছৰৰ ২৪তম স্থানৰ পৰা অৱনমিত হ’ল ৩৪সংখ্যক স্থানলৈ ৷

২. উৎসৰ সতে আকাশ পাতাল পাৰ্থক্য দামৰঃ খাদ্য সামগ্ৰীৰ ব্যৱসায়ত অত্যাধিক লাভ আদায়েৰে চলিছে লুণ্ঠন৷ খাদ্য আৰু যোগান বিভাগলৈ উঠিল প্ৰতি ব্যৱস্থা গ্ৰহণৰ অভিযোগ ৷ তদন্তৰ নামতো বিভাগে চলাইছে ভেকোঁভাওনা ৷

৩. এইবাৰ গাহৰিৰ দেহত ওলাইছে বিষাক্ত পি আৰ আৰ এছ ভাইৰাছঃ মিজোৰামত সৃষ্টি হোৱা আতংকত গুৱাহাটীলৈ আমদানি বন্ধ কৰিলে প্ৰশাসনে ৷

৪. শান্তিকামৰ অপসাৰণৰ দাবীত অটল হৈ আছে আছুঃ এইবাৰ বিভিন্ন জিলালৈ বিয়পিছে আছুৰ আন্দোলন৷

৫. অহা ১৫জুলাইৰ পৰা হব অনাগত বিধান সভা অধিবেশনঃ সদনত নাথাকিব বিৰোধীৰ ঐক্য ৷

৬. এইবাৰ নলবাৰীত অখিল গগৈৰ নতুন ভাষণঃ শোষণ চলি থাকিলে গাঁৱৰ লোকে তুলি লবই অস্ত্র ৷

৭. মাজুলীত জিঅ’ বেগৰ পৰিবৰ্তে বালিভৰ্তি বস্তাঃ ক্ষোভিত মাজুলীবাসীয়ে জ্বলালে শ শয়ে বস্তা, ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিৰুদ্ধে উত্তাল জনতা ৷

৮. মঞ্চত একেলগে বহিল গগৈ-হিমন্তঃ  শিশু-মাতৃৰ পুষ্টি সাধনৰ আঁচনি ব্যপাক কৰিবলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে ৷

৯. সাংগঠনিক ভেটিত নাই প্ৰাক্তন সাংসদ ডাঃ অৰুণ শৰ্মাৰ গুৰুত্বঃ লখিমপুৰ লোকসভা সমষ্টিত এইবাৰ অগপৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপিত হৈছে ছালফা নেতা হৰিপ্ৰসাদ দিহিঙীয়াৰ নাম৷

১০. সাংবাদিৰ ওপৰত আক্ৰমণৰ ঘটনা, অভিযুক্ত তিনি যুৱ কংগ্ৰেছীক গ্ৰেপ্তাৰ কৰি জেল’লৈ প্ৰেৰণঃ ঢেকীয়াজুলিত সাংবাদিকৰ বিশাল প্ৰতিবাদী সমদল৷

১১. চিয়াঙ-২ প্ৰকল্পৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ নীপকোৰেঃ নদী-বান্ধ বিৰোধীলৈ বুঢ়া আঙুলি দেখুৱাই ৪৪হাজাৰ মেগাৱাটৰ বাবে ১৫৪খন চুক্তি ৷

No comments:

Post a Comment