পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
ধৰ্ম নিৰপেক্ষ শাসনৰ পক্ষত আতচবাচী
সুখৰ খবৰঃ
১. ধৰ্ম নিৰপেক্ষ শাসনৰ দাবীত সহমত ৰাখি মুছলিম ব্ৰাডাৰহোডৰ নেতা ম’ৰ্চিক আঁতৰাই ইজিপ্তৰ শাসন দখল কৰিলে সেনাবাহিনীয়েঃ অন্তবৰ্তীকালীন শাসক ৰূপে মানি ল’লে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এডলি মানছৌৰক ৷ ইজিপ্তৰ আকাশত বিজয়োৎসৱৰ আতচবাজী ৷

২. নাগৰিক পঞ্জী বিষয়ক আছুৰ সৈতে চৰকাৰৰ বৈঠকত আছুৰ সকলো দাবী মানি ল’লে মন্ত্ৰী গোটেঃ অচিৰেই ৰাজ্যত আৰম্ভ হব নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম, পিছে নুন্যতম তিনি বছৰৰ আগেয়ে সম্পূৰ্ণ নহয় বুলি জনালে মন্ত্ৰীগোটে ৷

৩. তিনিচুকীয়াত অনুষ্ঠিত হয় সৰ্বভাৰতীয় যাদু উৎসৱঃ নাজিৰাৰ জে এন বৰুৱাই লাভ কৰিলে অসমৰ শ্ৰেষ্ঠ যাদুকৰৰ সন্মান ৷

৪. ভাষা জননীৰ প্ৰথম ছহিদৰ ৫৩বছৰীয়া স্মৰণ অনুষ্ঠান ৰঞ্জিত বৰপূজাৰীৰ সোঁৱৰণত শতাধিক চাকিৰ পোহৰত উজলিল কটনৰ ছেকেণ্ড মেছ ৷

৫. হীৰুদাৰ মৃত্যু বাৰ্ষিকীক কবিতাৰ দিন হিচাবে প্ৰত্যেক বছৰে পালন কৰিব অসমীয়া সাহিত্য সন্মিলনীয়েঃ তেজপুৰত হব কেন্দ্ৰীয় ভাৱে উদযাপন ৷

৬. ছেবাৰ আমূল সংস্কাৰ সাধনৰ দাবীত দিনোজোৰা প্ৰতিবাদত বহিল আছু নেতৃবন্দঃ দাবী কৰিলে ছেৱাৰ অধ্যক্ষ আৰু সচিবৰ অপসাৰণো ৷ শ্ৰীনাথ বৰুৱা কমিটিৰ সংস্কাৰৰ পৰামৰ্শৱলী নীতিগত ভাৱে মানি লবলৈ সন্মতি দিলে শিক্ষা বিভাগে ৷

৭. হীৰুদাৰ জীৱনাৱসানৰ এবছৰঃ ৰাজ্য -জুৰি স্মৰণ কৰিলে অলেখ গুণমুগ্ধই ৷ 

৮. উন্মোচিত হ’ল নষ্টালজিক সোঁৱৰণেৰে চাহিল দত্ত আৰু নীতিন দাসৰ গীতৰ শ্ৰব্য এলবাম "স্কুল": গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত দুয়ো শিল্পীক আশীষ দিলে বহু জ্যেষ্ঠ শিল্পীয়ে ৷

৯. অসম ফুটবল সন্থাৰ উদ্যোগতচলিত মাহৰ তৃতীয় সপ্তাহৰ পৰা ৰাজ্যৰ চাৰিটা স্থানত সমান্তৰাল ভাৱে আৰম্ভ হ’ব সুজিত নাৰ্জাৰী ট্ৰফী ৷

১০. মাৰ্ঘেৰিটাত ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশনৰ সভাত ভাগ ল’লে অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহেঃ ক’লে- শিক্ষকৰ ওপতে ন্যস্ত অসমৰ ভৱিষ্যত ৷

১১. ঢেকীয়াজুলিৰ শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব প্ৰকৃতি নিধিৰ প্ৰকৃতি সজাগতা সভাঃ জৈৱ-বৈচিত্ৰ্যৰ ওপৰত ভাষণ প্ৰদান কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ জৈৱ-প্ৰযুক্তিবিদ্যাৰ প্ৰাধ্যাপক ডঃ তাপস মেধিয়ে, লগতে প্ৰদৰ্শিত হয় দুখনকৈ তথ্য চিত্ৰৰো ৷

১২. অসম সাহিত্য সভাৰ উদ্যোগত ধেমাজিত আয়োজিত হৈছে চিত্ৰ ভাস্কৰ্য কৰ্মশালাঃ প্ৰদৰ্শিত হব শিল্পকলা বিষয়ক তথ্যচিত্ৰ, লগতে আয়োজিত হৈছে আলোচনা চক্ৰও৷ সভাই অচিৰেই ডিব্ৰুগড়, যোৰহাট আদিতো এনে কৰ্মশালা পাতিব বুলি সূত্ৰত প্ৰকাশ


১৩. শিক্ষা ব্যৱস্থাত প্ৰয়োজন হৈছে ব্যাপক সংস্কাৰৰ পৰামৰ্শ দিলে উচ্চতম ন্যায়ালয়েঃ ক’লে- উদেশ্যে পূৰণত ব্যৰ্থ হৈছে শিক্ষা ব্যৱস্থা, শিক্ষিতৰ হাৰ বৃদ্ধিৰ বিপৰীতে সমাজে হেৰুৱাইছে সামাজিক মূল্যবোধ ৷

১৪. ঝংকাৰ শইকীয়াৰ হত্যাৰ প্ৰতিবাদৰ ৰোল সমগ্ৰ অসমতঃ অপশক্তিৰ বিৰুদ্ধে একত্ৰিত হ’ল কাৰ্বি-আংলংৰ ছাত্ৰ সংগঠন নেতৃত্ব ৷ অৱশেষত ঘোষিত হ’ল দণ্ডাধীশ পৰ্যায়ৰ তদন্তঃ অপৰাধীৰ সন্ধান পোৱা বুলি দাবী কৰিলে আৰক্ষীয়ে ৷

চিন্তাজনক খবৰঃ
১. চিকিৎসা সেৱাৰ বাবে হাহাকাৰ কৰিছে খনামুখবাসীয়েঃ এৰাবাৰীলৈ পৰ্যবসিত হৈছে চৰকাৰী চিকিৎসালয় ৷

২. আলোচনাত বহা সকলে অসমৰ বাবে একো কৰিব নোৱাৰে বুলি সাংবাদিকক আছুতীয়া সাক্ষাৎকাৰত ক’লে পৰেশ বৰুৱাই ৷



৩. দেশৰ ১৪খন ৰাজ্যই গঠন কৰিলে নদী-বান্ধ সুৰক্ষা সংস্থাঃ ৪৫০০ বৃহৎ নদী বান্ধক লৈ দেশত নাই কোনো দুৰ্যোগ ব্যৱস্থাপনাৰ জৰুৰী প্লেন, যি কোনো মুহুৰ্তেত জলবোমাৰ ৰোষত পৰিব পাৰে সমগ্ৰ দেশ৷

৪. বাংলাদেশক যিমান মাটি দিছে সিমান ভাৰতেও পাব লাগিব বুলি দাবী কৰিলে ৰাজনাথ সিঙেঃ মৃতমুখী অগপৰ সতে মিত্ৰতাৰ সম্ভাৱনা কৰিলে নুই৷

৫. বজাৰত মাছ মাংসৰ অত্যাধিক চৰাদামত জুৰুলা হৈছে ৰাইজঃ খাদ্য আৰু যোগান বিভাগৰ নাই কোনো কাৰ্যকৰী ব্যৱস্থা ৷

৬. ৰেড এলাৰ্টৰ মূলতে মুখ্যমন্ত্ৰীক দিয়া ভুল তথ্যঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ বাৰ্তাক লৈ ল’ৰা-ধেমালি, চাৰি খন জিলাত ভুলতে ৰেড এলাৰ্ট জাৰি হোৱাৰ ঘটনা ৷

৭. গাড়ীসহ অসমৰ দুই যুৱক অপহৃত হ’ল নগালেণ্ড সীমান্ততঃ সন্ধানহীন যুৱকক লৈ সীমান্তত পুনৰ উত্তেজনা বৃদ্ধি ৷

৮. কৃষি বিভাগে যোগান ধৰা বীজৰ পৰা গজা গছত নালাগিল গুটিঃ কৃষকৰ মূৰত ঋণৰ বোজা পৰিল ৰহাৰ কৃষি বিভাগৰ উদ্যোগত ৷

৯. উত্তৰাখণ্ডত ১২২৭টাকৈ শিশু সন্ধানহীনঃ সন্ধান দিওঁতালৈ পৰিয়ালে ঘোষণা কৰিলে পাঁচ লাখ টকা পৰ্যন্ত পুৰস্কাৰ ঘোষণা৷

গেটত নটিফেকেচন নকৰাকৈয়ে মাদ্ৰাছা প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ উঠিল অভিযোগ ৷

অস্তিত্বৰ সংকটত ঐতিহাসিক ৰাজমাও পুখুৰীঃ সংৰক্ষণত গুৰুত্ব দিয়া নাই পুৰাতত্ব বিভাগে, এবচৰতে কমিল পাঁচ ফুট গভীৰতা ৷

No comments:

Post a Comment