পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. বেটেৰী চালিত "গ্ৰীণ কাৰ" উদ্ভাৱন কৰিলে অসমীয়া উদ্ভাৱক কনক গগৈয়েঃ ধোঁৱাবিহীন এই গাড়ীক ২৫টকাৰ বিজুলীৰে চাৰ্জ কৰি চলাব পৰা যাব ৮০ কিল’মিটাৰ ৷

২. ১৮৫৫চনৰ ৩০জুনত দহ হেজাৰ লোকক লৈ বৃটিছ বিৰোধী সংগ্ৰাম আৰম্ভ কৰা আদিবাসী জাতীয় বীৰ শ্বহীদ কানু আৰু মুৰ্মুৰ ইতিহাস উজ্বলাই পালিত হ’ল ১৫৮তম জাতীয় সংহতি দিৱস, কোকৰাঝাৰতঃ মূল ভাৰতীয় ইতিহাসে সামৰি নোলোৱাত ক্ষোভিত সচেতন সমাজ ৷

৩. জননেতা ৰমেশ চন্দ্ৰ বৰুৱা জন্ম শতবাৰ্ষিকী অনুষ্ঠানত আহ্বান জনালে ন্যায়াধীশ মুকুন্দকাম শৰ্মাইঃ ক’লে- অসমবাসী ঐক্যবদ্ধ হৈ যুঁজিবৰ হ’ল ৷

৪. ডিব্ৰুগড়ত সজাগতা সভা ১০টাকৈ গণ সংগঠনৰঃ গঠন কৰিব বিদ্যুত পৰিষদত ব্যক্তিগতকৰণ বিৰোধী মঞ্চ ৷

৫. শ্ৰীমন্ত সংস্কৃতি সমাজ, পুৰী প্ৰকল্পৰ অনুষ্ঠিত হ’ল ত্ৰি-বাৰ্ষিক সাধাৰণ সভাঃ গঠিত হ’ল নতুন সমিতি, নিৰ্ধাৰণ কৰিলে নতুন কৰ্ম আঁচনি৷

৫. থাইলেণ্ডৰ বিখ্যাত অভয়াৰণ্য বৰ্ণিও ফৰেষ্টত আৱিস্কৃত ফুট বেট প্ৰজাতিৰ বাদুলীয়ে ঘৰ পাতিলে গোলাঘাটৰ কালুগাঁৱতঃ নেচনেল জিঅ’গ্ৰাফিকৰ তথ্য চিত্ৰ নিৰ্মাতাই তাৰ ফটোৰে পালে সণ্ডনত শ্ৰেষ্ঠ ফটোগ্ৰাফাৰৰ সন্মান৷ গোলাঘাটৰ বন বিভাগলৈ জনালে সংৰক্ষণ কৰাৰ প্ৰকল্প গ্ৰহণৰ আহ্বান ৷

৬. প্ৰকৃতি সুৰক্ষা আৰু বৃক্ষৰোপনক মূল বিষয়ৰূপে লৈ আউনিআটীয় সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীৰ মুখ্য পৃষ্ঠপোষকতাত শনিবাৰে "লুইতৰ বুকুত কবিতাৰ গুণাফুটুকী আবেলি" শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান আয়োজিত হয়ঃ আলফ্ৰেস্ক’ জাহাজৰ বুকুত ৩০গৰাকী কবিৰ অংশগ্ৰহণেৰে স্ব-ৰচিত কবিতাপাঠ আৰু  কবিতা পুথিৰ উন্মোচনৰ সুখৰ খবৰ ৷

৭. বিশ্বৰ ২৫টা আকৰ্ষণীয় স্থলীঃ প্ৰথম স্থানত পেৰুৰ মাচু-পিচু, তৃতীয়ত তাজমহল, তালিকাত স্থান পালে আব ধাবিৰ মছজিদেও ৷

৮. নিৰাপত্তা উপদেষ্টাৰে হোৱা ভাৰত চীন সীমান্ত সম্পৰ্কীয় আলোচনাঃ গঠনমূলক আৰু ফলপ্ৰসূ বুলি অভিহিত কৰিলে চীনে ৷

৯. কৰ্পৰেট লবীঙৰ অভিযোগত ৱাল মাৰ্টৰ উত্তৰত সন্তুষ্ট নহ’ল তদন্ত সমিতিঃ ব্যয় কৰা ধনৰ হিচাব বিচাৰি পুনৰ বিশদ তদন্তৰ আদেশ দিব কৰ্পৰেট মন্ত্ৰণালয়ে ৷

১০. উন্মোচিত হ’ল স্বৰ্গীয় ভূপেন্দ্ৰ নাথ ওজা ৰচিত "নামঘোষা বাক্যামৃত", গুৱাহাটী প্ৰেছ ক্লাৱতঃ পষেকীয়া ৰূপে সাংস্কৃতিক বাৰ্তা বহন কৰিবলৈ ওলোৱা "জোনাকী কাৰেঙ" উন্মোচন কৰিলে হাইদৰ হুছেইনে ৷
চিন্তনীয় খবৰঃ
১. প্ৰাকৃতিক গেছৰ মূল্য বৃদ্ধিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনঃ বাঢ়িব সাৰ, ৰন্ধন গেছ আৰু বিদ্যুতৰ মাচুল ৷

২. ক’ত খৰছ হৈছে চৰকাৰী আঁচনিৰ ধনঃ এতিয়াও বিশ্বৰ ৪০% অপুষ্টিত ভোগা শিশু মাত্ৰ ভাৰতৰে ৷

৩. অনাগত লোকসভা নিৰ্বাচনত তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব বিচাৰিব ৰিপুন বৰাইয়োঃ ভূপেন বৰাৰো উজ্বল সম্ভাৱনীয়তাকে ধৰি সকলো দিশৰ পৰা ওলমি ৰৈছে মণি কুমাৰ চুব্বাৰ ৰাজনৈতিক ভৱিষ্যত ৷

৪. পাঁচবছৰতে অনিয়ম কৰিলে ৮৮০২কোটি টকাঃ গ্ৰামাঞ্চলৰ পথ নিৰ্মাণক লৈ অজন্তা নেওঁগৰ নেতৃত্বত চলা ৰাজকোষ লুণ্ঠনৰ আচল ছবি উদঙালে কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে৷

৫. জলপৃষ্ঠ বাঢ়িছে অসমৰ নৈ-উপনৈৰঃ ভূটভূটী-ফেৰী-জাহাজৰ চলাচলত আৰোপিত হ’ল নিষেধাজ্ঞা ৷

৬. এতিয়াও অসমত ৩৭.৯ শতাংশ বিপিএল জনতাঃ বিকশিত অসমত চিন্তনীয় ভাৱে বৃদ্ধি পাইছে দৰিদ্ৰ লোকৰ সংখ্যা ৷

৭. পুনৰ ছিণ্ডিকেটৰ কৱলত পৰিছে অসমৰ খাদ্যৰ বজাৰঃ অভাৱনীয় হাৰত তিনি চাৰিগুণকৈ বাঢ়িছে শাক-পাচলি, মাছ-মাংসৰ মূল্য, চৰকাৰ নীৰৱ হৈ থকাৰ উঠিল অভিযোগ ৷

৮. গহপুৰত নাৰী সৰবৰাহকাৰী দল ধৃতঃ উদ্ধাৰ হ’ল ৩ কিশোৰী ৷

৯. আক্ৰাছুৰ নতুন প্ৰতিবাদী কাৰ্যসূচীঃ কমতাপুৰ গঠন আৰু জনাজাতিকৰণৰ দাবীৰে দুই জুলাইৰ পৰা ৩০০ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ ৷

১০. ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদত কোটি টকীয়া সূতা কেলেংকাৰীঃ জিলা উপায়ুক্তকো ভুৱা তথ্য প্ৰদানৰ উঠিল অভিযোগ ৷

১১. ৰাজ্যৰ কেউখন বিশ্ববিদ্যালয় এতিয়াও বি গ্ৰেডৰহে, মাত্ৰ ৮খন কলেজ এ গ্ৰেডৰঃ ১৪৬খন কলেজৰ উকলিল নাকৰ স্বীকৃতিৰ ম্যাদ ৷

১২, ব্ৰইলাৰ কুকুৰাৰ দামে সৃষ্টি কৰিলে অভিলেখঃ আঁৰত কোম্পানীৰ ষড়যন্ত্ৰৰ কথা আঙুলিয়ালে সদৌ অসম হাঁহ কুকুৰা পালক সংস্থাই ৷

১৩. কেন্দ্ৰীয় নেতৃত্বলৈ সম্পূৰ্ণ আস্থা প্ৰকাশ কৰিলে মাজুলী জিলা সমিতিয়েঃ অগপৰ সভাপতি ভঙা-পতাত ব্যস্ত সকলেহে পদত্যাগৰ ঢৌ তোলা বুলি সমালোচনা কৰিলে দলৰ সভাপতি প্ৰফুল্ল মহন্তই ৷

১৪. অগপৰ সাম্প্ৰতিক অৱস্থাক লৈ সন্দিহান নহবলৈ আহ্বান জনালে অগপৰ বিধায়িনী দলৰ নেতা ফণীভূষণ চৌধুৰীয়েঃ বুদ্ধিজীৱিৰ পৰামৰ্শ গ্ৰহণ কৰি সোনকালেই ৰাইজক আশ্বস্ত কৰিব পৰাকৈ গ্ৰহণ কৰিব এলানি ব্যৱস্থা ৷

No comments:

Post a Comment