জীৱন-যৌৱন (কেৰিয়াৰ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

দ্বাদশ শ্ৰেণীৰ পিছত কি ?
- প্ৰতিম প্ৰতাপ বৰুৱা
প্ৰত্যেক বছৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সদ্য-উত্তীৰ্ণ এজাক উজ্জল, তজবজীয়া ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ এটা অতি কঠিন প্ৰশ্নৰ সন্মুখীন হয় – “এতিয়া? ইয়াৰ পিছত কি?” ছাত্ৰ-ছাত্ৰীসকলে অতি সাৱধানে  এই প্ৰশ্নটোৰ সন্মূখীন হোৱা উচিত কাৰণ এই প্ৰশ্নটোৰ উত্তৰৰ ওপৰতে ছাত্ৰ বা ছাত্ৰীজনৰ ভবিষ্যৎ জীৱনটোৱে বাট বুলিব।

কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বেছিভাগে নিজৰ জীৱনৰ আটাইতকৈ মূল্যবান এই সিদ্ধান্তটো লওতে প্ৰকৃতাৰ্থত কিমান চিন্তা কৰি লয়? বহুক্ষেত্ৰত দেখা যায় যে লগৰ ছাত্ৰ-ছাত্ৰীসকলে লোৱা সিদ্ধান্তৰ চাপ (peer pressure),  পিতৃ-মাতৃৰ তথা পৰিয়ালবৰ্গৰ অপ্ৰত্যাশিত হেঁচা তথা সামাজিক চাপে বহুসময়ত ছাত্ৰ-ছাত্ৰীসকলৰ এই সিদ্ধান্তটো নিয়ন্ত্ৰণ কৰে। কিন্তু এয়া শুদ্ধ নহয়। 


ছাত্ৰ-ছাত্ৰীসকলে বুজা উচিত যে এই সিদ্ধান্তটো তেওঁলোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত আৰু মেডিকেল-ইঞ্জিনিয়াৰিঙৰ বাদেও অন্য বহুত লাভজনক আৰু সন্মানীয় কেৰিয়াৰ বিকল্প আছে। নিজৰ ইচ্ছা, নিজৰ ৰাপ আৰু নিজৰ স্বাভাৱিক বিচাৰ-বুদ্ধি তথা স্বাভাৱিক তথা আৰ্জিত কুশলতা অথবা সক্ষমতা (এপ্‌টিটিউড্‌) অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে সৰুতেই নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত এটা স্থায়ী সিদ্ধান্ত লোৱা উচিত। আৰু তাৰ বাবে যথেষ্ট চিন্তা আৰু অন্বেষণৰ প্ৰয়োজন আছে। এই চিন্তা আৰু অন্বেষণ কৰোতে যোগ্যজনৰ পৰা সহায়-উপদেশ লোৱাৰ লগতে ইন্টাৰনেটত উপলব্ধ তথ্যৰো সহায় লোৱা উচিত।

আমি ইয়াত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত এজন শিক্ষাৰ্থীয়ে নিজা ৰাপ অনুসৰি নিজৰ ভবিষ্যৎ শিক্ষাৰ বাবে কেনেধৰণৰ পাঠ্যক্ৰম বাচনি কৰিব পাৰে সেই বিষয়ে সংক্ষেপে আলোচনা কৰিম। ইয়াত আমি মাত্ৰ বিভিন্ন পাঠ্যক্ৰম সমূহৰ কথাহে থোৰতে উল্লেখ কৰিম। সেই পাঠ্যক্ৰমসমূহ ক’ত কেনেকৈ পঢ়িব পাৰি সেইবিষয়ে ইচ্ছুকজনে ইন্টাৰনেট বা আন মাধ্যমেৰে অলপ বিচাৰ-খোচাৰ কৰিব লাগিব।  

যদিহে এজন শিক্ষাৰ্থী ব্যৱসায়, সংখ্যা আৰু ডাটা তথা বিশ্লেষণাত্মক শিক্ষাৰ প্ৰতি আগ্ৰহী তেন্তে তেওঁ দ্বাদশ মানৰ পিছত তলত দিয়া বিষয়সমূহ পঢ়িব পাৰে –
১) বেংকিং – ৰিটেইল/পাৰ্চনেল বেংকিং, ক’ৰৰ্পৰেট বেংকিং, মাৰ্ছেণ্ট বেংকিং, ৰুৰেল বেংকিং, ঋণ বিশেষজ্ঞ ইত্যাদি।

২) ফাইনাঞ্চ আৰু একাউন্টছ্‌ - ছাৰ্টাৰ্ড একাউণ্টেন্ট, ক’ষ্ট একাউণ্টেন্ট, ছাৰ্টিফাইড ফাইনেঞ্চিয়েল এনালিষ্ট, ছাৰ্টিফাইড ফাইনেঞ্চিয়েল প্লেনাৰ ইত্যাদি।

৩) ইঞ্চুৰেঞ্চ – এক্‌ছুৱেৰিয়েল চাইঞ্চ, ইঞ্চুৰেঞ্চ আৰু ৰিক্স মেনেজ্‌মেন্ট ইত্যাদি।

৪) বিনিয়োগ – ইকুইটি ৰিছাৰ্ছ এনালিষ্ট, ইন্‌ভেষ্টমেন্ট বেংকাৰ, ভেন্‌ছাৰ কেপিটেলিষ্ট ইত্যাদি।

৫) মেনেজমেন্ট – হিউমেন ৰিছৰ্ছ মেনেজমেন্ট, ব্ৰেণ্ড মেনেজমেন্ট, ইভেন্ট মেনেজমেন্ট, বিজিনেছ মেনেজমেন্ট, ৰিটেইল মেনেজমেন্ট, মাৰ্কেটিং আৰু ছেল্‌ছ মেনেজমেন্ট, টেকন’ল’জী মেনেজমেন্ট, ডিজাষ্টাৰ মেনেজমেন্ট, এন জি অ’ মেনেজমেন্ট, ৰুৰেল মেনেজমেন্ট, ফাইনেঞ্চিয়েল মেনেজমেন্ট ইত্যাদি। 
     
৬) ক’ম্পেনী ছেক্ৰেটেৰী।

৭) কম্পিউটাৰ বিজ্ঞান।

৮) অৰ্থনীতি, জাৰ্ণেলিজিম ইত্যাদি।

লিখিত আৰু মৌখিক যোগাযোগত (ৰিটেন এণ্ড ভাৰ্বেল কমিউনিকেশ্যন) দক্ষতা থকা আৰু সমাজ, সংস্কৃতিৰ প্ৰতি ইন্টাৰেষ্ট থকা এজন কলা শাখাৰ শিক্ষাৰ্থীৰ বাবে তলত দিয়া বিষয়সমূহ উপযোগী –
১) ছাইক’ল’জী – ইণ্ডাষ্ট্ৰীয়েল এণ্ড অৰ্গেনাইজেশ্যনেল ছাইক’ল’জী, ছছিয়েল ছাইক’ল’জী, কাউন্সিলীং ছাইক’ল’জী, স্পেছিয়েল এডুকেশ্যন ইত্যাদি।

২) ছছিয়ল’জী বা সমাজবিদ্যা – সাধাৰণ সমাজবিদ্যা, সামাজিক কাম, ছছিয়েল ডেম’গ্ৰাফী, ইণ্ডাষ্ট্ৰীয়েল ছছিয়লজী, ক্ৰিমিণ’ল’জী ইত্যাদি।

৩) অৰ্থনীতি – কৃষি অৰ্থনীতি, ব্যৱসায় অৰ্থনীতি, কোৱান্‌টিটেটিভ অৰ্থনীতি ইত্যাদি।

৪) ফিল’ছফী, সাহিত্য, বুৰঞ্জী, ভূগোল, এন্‌থ্ৰপ’ল’জী, আৰ্কিঅ’ল’জী, পাব্লিক এডমিনিষ্টেচন, লাইব্ৰেৰী চাইঞ্চ ইত্যাদি। 

৫) আইন।    

আনহাতে বস্তুনিষ্ঠ চিন্তা আৰু উদ্ভাৱনী (ইন’ভেটিভ) চিন্তাধাৰাৰ প্ৰতি আকৰ্ষিত আৰু দীঘলীয়া সময় একেটা কামতে লাগি থাকিব পৰা মানসিক ক্ষমতাৰ অধিকাৰী বিজ্ঞান শাখাৰ শিক্ষাৰ্থীসকলে তলত দিয়া বিষয়সমূহ পঢ়াৰ কথা ভাবিব পাৰে –

১) ইঞ্জিনিয়াৰিং – এৰ’স্পেছ, এগ্ৰিকালছাৰেল, অ’ট’ম’বাইল, বায়’কেমিকেল, বায়’মেডিকেল, বায়’টেকন’ল’জী, বায়’ইন্‌ফৰ্মেটিক্স, ব্ৰডকাষ্ট টেকনিচিয়ান, ছিৰামিক, চিভিল, মেকানিকেল, ইলেকট্ৰিকেল, কম্পিউটাৰ চাইঞ্চ, ইলেকট্ৰনিক্স, এন্‌ভাইৰণমেন্ট, ফায়াৰ, ইণ্ডাষ্টীয়েল, ইন্সট্ৰুমেন্টেশ্যন, প্ৰডাক্সন, মাইনিং, মেৰাইন, প্ৰিন্টিং, প্লাষ্টিক আৰু পলিমাৰ, হাইৱে, ৰাবাৰ, জেনেটিক, টেক্সটাইল, টেলিকমিউনিকেশ্যন, নেন’ টেকন’ল’জী ইত্যাদি।

২) আৰ্কিটেকছাৰ, নেভেল আৰ্কিটেকছাৰ, কমাৰ্চিয়েল পাইলট, মাৰ্ছেণ্ট নেভী ইত্যাদি।

৩) ইন্‌ফৰ্মেছন টেকন’ল’জী/ ছফ্টৱেৰ ইঞ্জিনিয়াৰিং – এপ্লিকেশ্যন প্ৰগ্ৰামাৰ, ডাটাবেছ এডমিনিষ্ট্ৰেশ্যন, ইন্‌ফৰ্মেছন টেকন’ল’জীষ্ট, মেডিকেল ট্ৰেন্সক্ৰিপ্‌ছনিষ্ট, নেটৱৰ্ক এডমিনিষ্ট্ৰেশ্যন, ছফ্টৱেৰ ইঞ্জিনিয়াৰ, ছিষ্টেম আৰ্কিটেক্ট, টেকন’ল’জী মেনেজাৰ, ৱেব ডেভেল’পাৰ, মাল্টিমিডিয়া ডিজাইনাৰ ইত্যাদি।

৪) ইন্‌ফৰ্মেছন টেকন’ল’জী/ হাৰ্ডৱেৰ ইঞ্জিনিয়াৰিং – হাৰ্ডৱেৰ ডিজাইন আৰু ডেভেল’পমেন্ট ইঞ্জিনিয়াৰিং, ডিজাইন এণ্ড ডেভেল’পমেন্ট অফ মাইক্ৰপ্ৰছেছৰ, ছাৰ্ভিছ মেইনটেন্স ইঞ্জিনিয়াৰ ইত্যাদি।

৫) প্ৰতিৰক্ষা সেৱা – ভাৰতীয় সেনা, ভাৰতীয় নৌ-সেনা আৰু ভাৰতীয় বায়ু সেনা বিভাগত বিভিন্ন বিভাগৰ বিষয়া হ’বলৈ NDA পৰীক্ষা।

৬) অংক, এছষ্ট্ৰন’মি, ফৰেণছিক চাইঞ্চ, জিঅ’ল’জিষ্ট, পদাৰ্থ বিদ্যা, নিউক্লিয়াৰ পদাৰ্থবিদ্যা, ৰাসায়ন বিদ্যা, ওচেন’গ্ৰাফী, এষ্ট্ৰ-ফিজিক্স, ফাৰ্মাচী, হ’ম চাইঞ্চ, ফিচাৰী চাইঞ্চ, ফৰেষ্ট্ৰি এণ্ড ৱাইল্ডলাইফ, ফুড টেকন’ল’জী ইত্যাদি।

৭) মেডিকেল চাইঞ্চ – এই শাখাৰ উপশাখাকেইটা তলত দিয়া ধৰণৰ -
ক) মেডিকেল – এলোপেথিক মেডিচিন, হেমিউপেথী, আয়ুৰ্বেদিক মেডিচিন, দন্ত চিকিৎসক, য়ুনানী মেডিচিন ইত্যাদি।
খ) পেৰা মেডিকেল – ফিজিঅ’থেৰাপী, স্পীচ থেৰাপী, অডিঅ’ল’জী, নাৰ্চিং, অকুপেশ্যনেল থেৰাপী, মেডিকেল লেব টেকন’ল’জী, নিউট্ৰিচন আৰু ডায়েটিক্স, ৰেডীয়েশ্যন টেকন’ল’জী, নিউক্লিয়েৰ মেডিচিন টেকন’ল’জী ইত্যাদি।
গ) এলাইড বিষয় – ইচিজি টেকনিচিয়ান, হ’স্পিটেল মেনেজমেন্ট, লেব এচিষ্টেন্ট, ৰেছপিৰেটৰী থেৰাপিষ্ট, চ’ন’গ্ৰাফাৰ, অপাৰেশ্যন থিয়েটাৰ এচিষ্টেণ্ট, যোগ থেৰাপী, অকুপাংচাৰ ইত্যাদি।

৮) ভেটেনেৰী চাইঞ্চ      

৯) বায়’টেকন’ল’জী আৰু বায়’চাইঞ্চ – এগ্ৰিকালছাৰিষ্ট, জুল’জিষ্ট, হৰ্টিকালচাৰিষ্ট, ফ্ল’ৰিকালচাৰিষ্ট, এনফাইৰণমেণ্টেল চাইঞ্চ ইত্যাদি।  

ছাত্ৰ-ছাত্ৰীসকলে নিজৰ আগ্ৰহ, ব্যক্তিত্ব আৰু স্বাভাৱিক বুদ্ধিমত্তা অনুসৰি নিজৰ বাবে এই বিষয়সমূহৰ পৰা অথবা এই বিষয়বিলাকৰ উপৰিও আন যিকোনো বিষয় বাচি লব পাৰে। নিজৰ আগ্ৰহ মতে বাচি লোৱা বিষয় এটাত সফল হোৱাৰ সম্ভাৱনা আনে জোৰ কৰি বাচি দিয়া বিষয় এটাতকৈ সদায় বেছি। আৰু নিজৰ পছন্দৰ বিষয়টোত সঠিক ৰূপত জ্ঞান আহৰণ কৰিলে আজিৰ প্ৰতিযোগিতাৰ যুগৰ পৃথিৱীখনত সফলতাৰে তিস্থি থকাৰ উপৰিও দোপতদোপে উন্নতিও কৰিব পাৰি। কাৰণ প্ৰকৃত জ্ঞানৰ মূল্য সদায় সকলোতকৈ ওপৰত।  
(বি. দ্ৰ. :  ১) এই প্ৰৱন্ধটো প্ৰস্তুত কৰোতে ইন্টাৰনেট আৰু কেইজনমান অভিজ্ঞ মানুহৰ পৰা সহায় লোৱা হৈছে। ২) যোৱা ৯ মে, ২০১৩ সংখ্যাত এই কাকত প্ৰকাশিত এই লেখকৰে “কেৰিয়াৰ গঢ়াৰ বাবে প্ৰস্তুতি” শিৰোনামৰ প্ৰৱন্ধটো ছাত্ৰ-ছাত্ৰীসকলক আকৌ এবাৰ পঢ়িবলৈ অনুৰোধ জনালোঁ।)  
--**--
চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ ফ্লেট্‌চ্‌,
ওৱান এ, বেটেৰী লেন্‌, ৰাজপুৰ ৰোড,
দিল্লী-৫৪
(ম’বাইল : +৯১৯৮৭১০১৮৮৭৪)

No comments:

Post a Comment