প্ৰযু্ক্তিগত সমস্যাৰ সমাধান (কম্পিউটাৰ আৰু মোবাইলত অসমীয়া লিখাৰ পদ্ধতি) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰযু্ক্তিগত সমস্যাৰ সমাধান (কম্পিউটাৰ আৰু মোবাইলত অসমীয়া লিখাৰ পদ্ধতি)

প্ৰযু্ক্তিগত সমস্যাৰ সমাধান (কম্পিউটাৰ আৰু মোবাইলত অসমীয়া লিখাৰ পদ্ধতি)

Share This
সমল-১
অসমীয়া ইউনিকোড সম্বন্ধীয় সততে উদয় হোৱা প্ৰশ্নসমূহ (FAQs)

#ডাঃ বনজীৎ পাঠক


এই লেখাটোত অসমীয়া ইউনিকোড সংক্ৰান্তীয় সাম্ভৱ্য প্ৰশ্নোত্তৰ ইয়াৰ একে লগে যুগুতাম বুলি মনস্থ কৰা হৈছে৷ সদাশয় ৰাইজে মনত উদয় হোৱা আন প্ৰশ্নবোৰো কমেণ্ট বক্সত দিলে ক্ৰমান্বয়ে ইয়াক আৰু সমৃদ্ধ কৰি যাবলৈ চেষ্টা কৰা হব ৷

১. ইউনিকোড কি ?
উঃ- unicode নামৰ সন্থা এটাই জাৰি কৰা ই এক প্ৰকাৰৰ পদ্ধতি যাৰ দ্বাৰা পৃথিৱীৰ যিকোনো ভাষা ইলেকট্ৰণিক মাধ্যমত দেখা বা লিখিব পাৰি যায় |

২. computerত অসমীয়া লিখিবলৈ ইউনিকোড শিকিব লাগিব নেকি ?
উঃ-- নালাগে |

৩. computerত অসমীয়া লিখিবলৈ কি কৰিব লাগিব ?
উঃ-- নিজৰ পচন্দ অনুসৰি এখন ইউনিকোড typing tool বাছিলৈ, ইয়াক install কৰি, ইয়াৰ সহায়ত অসমীয়া অতি সহজেই লিখিব পৰা যায়|

৪. computerত অসমীয়া লিখাৰ বাবে বিশেষ কাৰিকৰী জ্ঞান থকাটো প্ৰয়োজন নেকি ?
উঃ-- নাই, অসমীয়া ব্যাকৰণ/ শব্দৰ গাঁঠনি সম্পৰ্কে যত সামান্য জ্ঞান থাকিলে typing tool বোৰ ব্যৱহাৰ কৰোতে অলপ সহায় হ’য়, অন্য কাৰিকৰী জ্ঞানৰ প্ৰয়োজন নাই |

৫. ইউনিক’ড অবিহনে অসমীয়া লিখিব নোৱাৰি নেকি? -
উঃ-- সৰ্বজনীন ভাবে বিস্তৃত হোৱাকৈ লিখিবলৈ হ’লে এটা পদ্ধতি অপৰিহাৰ্য্য, ইয়াৰ অন্য বিকল্প নাই |

৬. ইউনিক’ড ব্যৱহাৰ নকৰিলে নো কি সমস্যা ? অতদিনেতো ইয়াৰ কথা শুনাই নাছিলোঁ |
উঃ-- এই পদ্ধতি ব্যৱহাৰ আমি ব্যৱহাৰ নকৰিলে, বিশ্বদৰবাৰত আমি আচুতীয়া হৈ থাকি যাম, ইতিমধ্য অন্য ভাষা এই ক্ষেত্ৰত বহু আগবাঢ়ি গৈছে | অসমীয়া ভাষাৰ ভৱিষ্যত সুৰক্ষা কৰাৰ এইটোৱেই এক মাত্ৰ পথ | 

৭. ম‍ই ব্যৱহাৰ কৰা computerটোত internet সংযোগ নাই, ম‍ই এই পদ্ধতিৰে অসমীয়া লিখিব পাৰিম নে ?
উঃ-- অসমীয়া লিখিবলৈ (ইউনিকোড পদ্ধতিৰ দ্বাৰা) internet সংযোগৰ প্ৰয়োজন নাই, এই পদ্ধতিৰ দ্বাৰা , যিকোনো doc fileত লিখি printout কৰিব পাৰি, PDF তৈয়াৰ কৰা, powerpoint slide আদি বিভিন্ন সচৰাচৰ ব্যৱহাৰ কৰি থকা কাৰ্য্য সম্পাদন কৰিব পাৰি |

৮. প্ৰশ্ন - মই ৰামধেনুত ভালদৰে টাইপ কৰিব পাৰো, কিন্তু ইউনিক'ডত লিখিবলৈ হ'লে কীবোৰ্ড সলনি কৰিব লাগে৷ যাৰ কাৰণে মোৰ কিছু অসুবিধা হয়৷ ৰামধেনু কীবোৰ্ডৰে ইউনিক'ড টাইপ কৰিব পৰা কিবা কীবোৰ্ড আছেনেকি? ইয়াক কেনেদৰে পোৱা যাব?
উঃ-- ৰামধেণুৰ নতুন সংস্কৰণত(version 6) ইউনিকোড পদ্ধতিৰে লিখিব পৰা ব্যৱস্থা সংযোগ কৰা হৈছে, নতুন ৰামধেণু ব্যৱহাৰ কৰিলে ইউনিকোডত লিখিব পাৰিব | অন্য এটা বিকল্প পদ্ধতি হ’ল -- পূৱেৰুণ inscript নামৰ keyboard ব্যৱহাৰ কৰিব পাৰে এই key board খ্নৰ ৰামধেনুৰ লগত বহুত মিল আছে, সেয়ে আপোনাৰ একো অসুবিধা নহয় |

৯. প্ৰশ্ন -- ম‍ই নতুনকৈ computerত অসমীয়া লিখিবলৈ শিকিছো | inscript keyboard , phonetic keyboard সকলোবোৰ কিবা খেলিমেলি লাগে , কি কৰা উচিত ?
উঃ-- আপুনি phonetic layoutৰ keyboard ব্যৱহাৰ কৰিলে সুবিধা পাব | ইয়াক মনত ৰখা অতি সহজ |

1 comment:

  1. computerat asomiya likhibale ki software install kariba lagiba ?

    ReplyDelete