মহান ব্যক্তিৰ ৰসাল অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহান ব্যক্তিৰ ৰসাল অনুভৱ

মহান ব্যক্তিৰ ৰসাল অনুভৱ

Share This
 এডভেন্সাৰচ্ অৱ টম শ্ব’য়াৰ আৰু দ্য এডভেন্সাৰ অৱ হাক্ল’বেৰী ফিনৰ স্ৰষ্টা
 "মাৰ্ক টুৱেইন"ৰ বিশটা ৰসাল উক্তিঃ

১. নিজৰ দেশখনক সকলো সময়তে সমৰ্থন কৰি থকাটো, আৰু চৰকাৰখনক যেতিয়া ই যোগ্য  হয় তেতিয়া সমৰ্থন কৰাটোকেই দেশপ্ৰেম বোলে৷

২. মেকুৰী এটাক নেজেৰে ধৰি ওলোমাই নিয়া মানুহজনে এনেকুৱা এটা শিক্ষা পাব পাৰে, যিতো আন উপায়েৰে পোৱাতো সম্ভৱ নহয়৷

৩. স্বাস্থ্য সম্বন্ধীয় কিতাপ পঢ়োতে সাৱধান, ছপাশালৰ ভূতে আপোনাৰো স্বৰ্গপ্ৰাপ্তি ঘটাব পাৰে ৷

৪.আপুনি এবাৰ মাত্ৰ তথ্যটো গোটাই লওক, তাৰ পাছত আপুনি তাক ইচ্ছামতে বিকৃত কৰি থাকিব পাৰিব৷

৫. ভাল জলবায়ুৰ বাবে স্বৰ্গলৈ যাওক, ফুৰ্তি কৰা সংগ লাগে যদি যাওক নৰকলৈ ৷

৬. খঙ হ’ল এটা এচিড, যাৰ ওপৰত ইয়াক ঢালি দিয়া হয় তাতকৈ জমা কৰি ৰখা পাত্ৰটোকহে ই বেছি ক্ষতি কৰে ৷

৭.  ধনৰ অভাৱেই আচলতে সকলো অনৰ্থৰ মূল৷

৮. আপুনি যদি সঁচাটো কৈয়ে দিয়ে, তেন্তে একো কথাই মনত ৰাখিব নালাগে৷

৯. ভাল বন্ধু, ভাল কিতাপ আৰু শুই থকা এটা বিবেক, এইকেইটাইটো এটা আদৰ্শ জীৱনৰ সম্পদ৷

১০. বয়স মনৰ বিচাৰহে, মন নকৰিলে বয়স এক নিৰৰ্থক কথা৷

১১. যিজন মানুহে জানিও নপঢ়ে, তেওঁ পঢ়িব নজনা মানুহ এজনতকৈ কোনো গুণেই উত্তম হব নোৱাৰে৷

১২. মৃত্য ভয়ক আচলতে জীৱনৰ শংকাইহে অনুসৰণ কৰি থাকে৷ যিয়ে জীৱনটো পূৰ্ণতাৰে উদযাপন কৰিছে, তেওঁ যিকোনো সময়তে মৃত্যুক সাবতি লব পাৰে ৷

১৩. কাপোৰেই মানুহ বনায়, কাৰণ উলংগ মানুহৰ প্ৰভাৱ সমাজখনত খুবেই নগন্য বা নুই কৰিব পৰাহে৷

১৪. মানুহ এজনে নিজকে মিচলীয়া বুলি মানি লোৱা মুহূৰ্ততকৈ সত্যবাদী কোনোকালেই হব নোৱাৰে ৷

১৫. সত্য এটা কল্প-কাহিনীতকৈ বেছি অচিনাকি, কাৰণ কল্প-কাহিনী একোটাৰ সতে সম্ভাৱনীয়তা লাগি থাকে, সত্যত নাথাকে৷

১৬. মুখখন বন্ধ কৰি মনে মনে থাকি নিজকে মুৰ্খ বুলি ভাবিবলৈ দিয়াও বহুত ভাল, মুখখন খুলি সেইটো প্ৰমাণ কৰি দিয়াতকৈ ৷

১৭. মই স্বৰ্গলৈ যামনে নৰকলৈ যাম এতিয়াই কথা দিব নোৱাৰো, কাৰণ মই জানো, দুয়ো জেগাতে মোৰ যথেষ্ট বন্ধু-বান্ধৱ আছে ৷

১৮. আপোনাৰ যদি অজ্ঞতা আৰু আত্ম-বিশ্বাস আছে, তেন্তে আপোনাৰ সফলতা নিশ্চিত ৷

১৯. মানুহ এজনৰ চৰিত্ৰৰ পৰিচয় তেওঁ সহজাতভাৱে বাক্যত ব্যৱহাৰ কৰা বিশেষণবোৰৰ পৰাই পাব পাৰি৷

২০. আচলতে আজি ঘটিব নলগীয়া বুলি একোৱেই নাইঃ আজিয়েই সকলো সম্ভৱ!

No comments:

Post a Comment