সম্পাদকীয় লেখা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

সম্পাদকীয় লেখা

Share This
এশ বেপাৰীৰ বেপাৰ আৰু গণৰাজ্যৰ যুগ-সন্ধি
                                                 (ক)
এতিয়া এনে কুটিল সময়ৰ সন্ধি-ক্ষণেদি আমি গতি কৰিছো যে গান্ধীৰ দেশত সকলোতকৈ দৰিদ্ৰ জনৰ কথা আমি বাৰে বাৰে আওকান কৰিছো৷ সংবিধান প্ৰণয়ন, সংশোধন অথবা সংসদত যি কোনো বিল উত্থাপনৰ সময়ত বাৰে বাৰে আওঁৰোৱা হয়, এই নীতিয়ে যাতে ভাৰতবর্ষৰ আটাইতকৈ দৰিদ্ৰজনকো যেন স্পর্শ কৰিব পাৰে৷ ইয়াৰ সুফল, সেই সকলে যাতে পায় আৰু জীৱনৰ মান উন্নীত কৰণৰ জৰিয়তে দেশৰ প্ৰগতিত অৰিহণা যোগাব পাৰে৷

কিন্তু, প্ৰকৃত পক্ষে ঘটিছে কি? সাধাৰণ মানুহৰ বাবে বুলি শ্লোগান দি ঠিক কৰা সকলো সা-সুবিধা আঁচনিৰ সুফল পাইছে বা গ্ৰাস কৰিছে কোনে? মধ্যবর্গৰ এচাম সুবিধাবাদীয়ে নহয়নে?

টেক্টৰ প্ৰদান আঁচনিৰ সুফল পাওঁতা সকল, আত্ম-সহায়ক গোটবোৰ প্ৰকৃত পক্ষে হৈছেগৈনে? নে ফাইনান্স কৰিব পৰা গাঁৱৰ ধনীজনৰ বাবে টেক্ট্ৰৰ আনি দি কমিচন খাইছে আত্ম-সহায়ক গোট সমূহে৷ চাবচিডিত দিয়া সামগ্ৰী বা সুবিধাৰ এনে ফলাফল এতিয়া অসমৰ গাঁৱে-ভূঞেঁ সহজলভ্য৷ এইবোৰক বাধা প্ৰদান কৰি, প্ৰকৃত হিতাধিকাৰীৰ জীৱনৰ মান উন্নীত কৰণৰ দ্বায়িত্ব কোনে লব লাগিব? তাৰ উত্তৰ, গাওঁ সভাই৷ গাওঁবুঢ়া বা অন্য মুখীয়ালৰ নেতৃত্বত এনে সজাগ গাওঁ সভাৰ সৃষ্টি আৰু কার্যকৰীকৰণৰ অবিহনে আজি ভাৰতবর্ষৰ গাওঁ সমূহত সামূহিক কল্যাণ সম্ভৱ নহয়৷

গান্ধী পৰিয়ালৰ ৰাজীৱৰ পৰা ৰাহুললৈকে সকলোৱেই উন্নয়নৰ ধনৰ বিশ শতাংশইহে প্ৰকৃততে সুফল দিয়াকৈ ৰূপায়িত হোৱাকৈ ব্যৱহাৰ হয় বুলি মানি আহিছে৷ তাৰ অর্থ বৰমূৰীয়া প্ৰধান সকলৰ চকুৰ আঁৰত থকা নাই কথাবোৰ৷ তথাপি তাৰ প্ৰতিব্যৱস্থা গ্ৰহণ নোহোৱাকৈ থকাটো অন্য এক দুখ লগা কথা৷ কিন্তু, নিজৰ গাঁৱৰ কথা আমি নিজেই চিন্তা কিৰব লাগিব৷ চৰকাৰী আঁচনিৰ প্ৰকৃত সুফল ৰাইজে পোৱাৰ বাবে নাগৰিক সমাজৰ নেতৃত্বত গাঁৱ সভাৰ সৱল প্ৰদক্ষেপ গ্ৰহণ আজিৰ যুগৰ অন্য এক প্ৰত্যাহ্বান৷ গাঁৱ সভাৰ দ্বাৰা গাঁও নিয়ন্ত্ৰণৰ বিষয়টোত কোনোবাই নক্সাল-পন্থীৰ ধাৰণাৰ লগত যোগসূত্ৰ উলিয়াব পাৰে কিন্তু সি তৃণমূল পর্যায়ত আঁচনি কার্যকৰীকৰণ আৰু দুর্নীতি কমোৱাৰ এক সৱল পদক্ষেপ হব সি নিশ্চিত৷

বয়োজেষ্ঠ সকলে কোৱা শুনো, শৰৎ সিংহদেৱৰ আমোলত হেনো, সুলভ মূল্যৰ দোকান সমূহ পৰিচালনাৰ বাবেও স্থানীয় গ্ৰাহক, গঞা ৰাইজৰ এক সর্বদলীয় কমিটিৰ ব্যৱস্থা আছিল৷ সেই কমিটিয়ে কিমান বস্তু আহিছে, কিমান বিক্ৰী কৰা হৈছে, সকলো বস্তুৰ হিচাব ৰাখিছিল আৰু সমুখৰ ব্লেক বর্ডত ষ্টক লিখাৰ ব্যৱস্থা আছিল৷ সর্বদলীয় গোট হোৱাৰ বাবে বিশেষ ৰাজনৈতিক দলৰ প্ৰভূত্বত ব্যাঘাত জন্মিছিল আৰু সমালোচকৰ সদা-উপস্থিতিয়ে সকলো সুকলমে চলাত সহায় কৰিছিল৷ ৰাজহূৱা বিতৰণ ব্যৱস্থাত চলি থকা দুর্নীতি আৰু চাউল অহা নাই, কেৰাচিন অহা নাই বুলি সুলভ মূল্যৰ দোকানীৰ ভেকাহি শেষ কৰা আৰু মনে মনে ব্লেকত বিক্ৰী কৰাৰ বিপক্ষে এই ব্যৱস্থাৰ পুনঃপ্ৰতিস্থা হব পাৰে এক কার্যকৰী দৰৱ৷ আজিৰ তাৰিখত সুলভ মূল্যৰ দোকানখনৰ চাটাৰ বন্ধ কৰি থোৱাটোৱেই যেন নিয়ম হৈ পৰিছে৷ এখন সুলভ মূল্যৰ দোকান লৈ লব পাৰিলে দোকান নুখুলাকৈয়ে মাহেকত লাল হৈ থাকিব পাৰি ধাৰণাৰ পৰা মুক্ত কৰিবৰ বাবে নাগৰিক সমাজৰ সৱল প্ৰদক্ষেপৰ প্ৰয়োজন নাইনে?

                               (খ)
ৰাষ্ট্ৰীয় পৰ্যায়ত, সজাগ মানুহৰ কণ্ঠ হৈ মাত মতা আন্না হাজাৰেৰ কথা নুশুনিবৰ বাবে ৰাজনৈতিক নেতা সকলে কিমানযে ফাল্টু হৈ-হাল্লা কৰিলে চাওকচোন৷ যি কেইজনে আন্নাক নির্বাচনত জয়ী হৈ আহি কথা কবাহি ধৰণৰ কথা কয়, সাধাৰণ মানুহক শাসনৰ বাবে তেওঁলোকেহে পাঁচবছৰীয়া একছত্ৰী ঠিকা পাইছে ধৰণৰ মনোভাৱ প্ৰদর্শণ কৰিলে, সেয়া এক দুর্ভাগ্যজনক কথা৷ বিল পাছ বা নীতি নিয়ম নির্দ্ধাৰণৰ বাবে নির্বাচিত জনৰহে কথা শুনা যাব বুলি দম্ভালি মৰা সকলে কিন্তু অর্থনৈতিক নীতি নির্ধাৰণৰ আগতে পুঁজিপতি বেপাৰী আম্বানী, টাটা, বিৰলা, মিট্টল, মহিন্দ্ৰাক মাতি আনি তেওঁলোকৰ শ্ৰুতলিপিতহে মানি চলে৷

দেশৰ খনিজ সম্পদক নাম মাত্ৰ দামত ব্যক্তিগত কোম্পানীক লীজত গতাই দিয়ে৷ কিমান খনন হ’ল, কিমান সম্পদ উলিয়ালে তাতো কোনোধৰণৰ নিয়্ন্ত্ৰণৰ ব্যৱস্থা নোৱাকৈয়ে৷ বিনোদ ৰাইৰ দৰে সাহসী আমোলাই CAGৰ জড়িয়তে দেশৰ ৰাইজক কথাবোৰ আঙুলিয়াই দিবলৈ সক্ষম হৈছিল আৰু সংবিধান প্ৰদত্ত হিচাব পৰীক্ষক সংস্থাৰ ৰূপত এক কাৰ্যকৰী সংস্থাৰূপে "কণ্ট্ৰলাৰ এণ্ড অডিটৰ ডেনেৰেল"ক প্ৰতিস্থাপিত কৰিছিল৷ তেখেতৰ অৱসৰ আৰু তাৰ পাছৰ জনা কেগৰ বিতৰ্কিত নিযুক্তিক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ আদিয়ে আজি ভাৰতৰ মানুহক এক নিৰাশাজনক স্থিতিত আনি থিয় কৰাইছেহি ৷

উচ্চতম ন্যায়ালয়ে কেগৰ জৰিয়তে উন্মোচিত টু-জি কেলেংকাৰীৰ পাছত স্পেকট্ৰাম নিলামৰ বাবে যি ব্যৱস্থা লবলৈ কৈছিল, সেই নিলামতো লবী আৰু পুঁজিপতিৰ ছিণ্ডিকেটে মিলি সকলোৱে নিম্ভানতম দাম অফাৰ কৰি চৰকাৰৰ ভাল পদক্ষেপ এটাকো নষ্ট কৰি দিলে৷ অথচ তাৰ শক্তিশালী প্ৰতিব্যৱস্থা কোম্পানী সমূহৰ প্ৰতি গ্ৰহণ কৰা নহ’ল৷

তৈল কোম্পানীৰ শ্ৰুতলিপি মতে পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ মন্ত্ৰীৰ সলনিৰ অভিযোগ, তৈলজাত কোম্পানীৰ নিৰ্দেশনাত পেট্ৰল ডিজেলৰ সঘন মূল্য-বৃ্দ্ধিয়ে ৰাইজক ক্ৰমে কোঙা কৰি আনিছে৷ অথচ ইয়াৰ বিৰুদ্ধে দেশৰ বিৰোধী দল সমূহে উপযুক্ত প্ৰতিৰোধ গঢ়ি তুলিব পৰা নাই ৷ তাৰ বিপৰীতে অনাগত লোকসভা নিৰ্বাচনৰ কথাতহে যুঁজ-বাগৰ আৰু যোঁট-বন্ধনৰ ৰাজনীতি চলোৱাতহে ব্যস্ত হৈ পৰিছে ৷

সেয়ে সাধাৰণ জনতাৰ স্বাৰ্থ ৰক্ষা নকৰি, শাসকীয় ইউপিএ-২ চৰকাৰে পুঁজিপতিৰ কল্যানৰ হকে নিলৰ্জ ভাৱে দেশৰ সম্পদ বিক্ৰী, চৰকাৰী কোম্পানীৰ শ্বেয়াৰ বিক্ৰী, বিনিয়োগ নীতিৰ সৰলীকৰণ কৰি গৈছে ৷ সাধাৰণ মানুহৰ কথা মাত্ৰ নিৰ্বাচনী ইস্তাহাৰত কোৱা এই দল সমূহৰ প্ৰকৃত কৰ্ম-কাণ্ডই সচেতন ৰাইজৰ চকু কপালত তুলিছে৷ অনুভৱ হৈছে যে গণতন্ত্ৰক যেন ধনতন্ত্ৰই নিজৰ বহতীয়া কৰি লবলৈ ক্ৰমাত সফল হবলৈ ধৰিছে ৷

সেয়ে এশ বেপাৰীৰ বেপাৰ আৰু চুপাৰ প্ৰফিটৰ যোগেদি এই দেশৰ উন্নতি হব নে বাকী এশ বিশ কোটিৰ উন্নতিৰে দেশ চুপাৰ পাৱাৰ হব সেয়াই আজিৰ দিনৰ প্ৰশ্ন হৈ পৰিছে৷ প্ৰতিটো পদক্ষেপতেই কেলেংকাৰীৰে ৰাজকোষ লুণ্ঠন, ৰাজহুৱা সম্পদৰ লুণ্ঠন আৰু পদে পদে সাধাৰণ মানুহৰ তথা মধ্যবিত্তীয় টেক্স-পেয়াৰ সকলৰ ওপৰত মাধমাৰ সোধোৱাটো এক নীতিত পৰণিত হৈছে ৷ সঁচাই গণৰাজ্য আজি এক যুগ-সন্ধিত থিয় হোৱাহি নাইনে, সেয়া সকলো নাগৰিকেই ভাবি চোৱাতো সময়ৰ এক আহ্বান স্বৰূপ হৈ পৰিছে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages