জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখল

জুতি লগা আখল

Share This
কলডিলৰ ভাজি

উপকৰণঃ
কলডিল এটা 
(ভীমকলৰ হ’লে ভাল)
আলু দুটা
পিয়াজ এটা
তেজপাত ২খিলা
ইলাচী ২টা
শুকান জলকীয়া
দালচেনী ১টুকুৰা

ৰন্ধন প্ৰণালীঃ
কলডিলটো মিহি মিহিকৈ কুটি লৈ অলপ নিমখ পানীত ধুই লব৷ 
আলু দুটা সৰু সৰুকৈ কাটি লব৷ এতিয়া কেৰাহিত তেল গৰম কৰি তেলত পিয়াঁজ, ইলাচী, ডালচেনী, শুকান জলকীয়া দি ৰঙচুৱা হোৱালৈ ভাজক৷

ৰঙচুৱা হোৱা যেন দেখিলে কলডিল আৰু আলু দি কম জুইত ভাজি লওক৷ অলপ সিজিবলৈ বুলি ঢাকোন মাৰি দিব পাৰে৷ 
ভালকৈ সিজিলে এতিয়াই নমাই আনি গৰমে গৰমে খোৱাৰ টেবুলত পৰিবেশন কৰক৷

অন্য এক সোৱাদ লবলৈ তাতে মচুৰ দালি অলপ দি দিব পাৰে৷ তেতিয়া ই শুকান ভাজি নহৈ তৰকাৰী ধৰণৰ হৈ পৰিব ৷

No comments:

Post a Comment