হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. কালি ৰসাল গগৈয়ে ঘাটিয়া বাজেট উত্থাপন কৰা বুলি বিসম্বাদী প্ৰকাশিত সংবাদ পত্ৰত সংবাদ শিৰোনামা। এতিয়া "ঘাটি" বাজেটক ছপাশালৰ ভূতে লম্ভিলেনে সঁচাই গুণগত মানদণ্ডৰ কথা কোৱা হৈছে তাকে লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ধুমুহা। সম্পাদকীয় স্পষ্টীকৰণৰ বাবে কাইলৈৰ সংখ্যাৰ পেপাৰ কিনিবলৈ নেপাহৰিব।

২. চৰকাৰী বিজ্ঞাপনৰ নিৰিখ ৫০শতাংশ বৃদ্ধি কৰাৰ লগে লগেই সমানুপাতিক ভাৱে চৰকাৰী গুণগাণৰ পৰিমানো বাতৰি কাগজত বৃদ্ধি হব বুলি আশা প্ৰকাশ কৰিছে কইনাধৰা প্ৰশাসনে। গুণগানৰ পৰিমানৰ সৈতে সংগতি ৰাখিহে জাৰি কৰা বিজ্ঞাপনৰ সংখ্যা নিৰ্ধাৰিত হব বুলি জানিব পৰা গৈছে। অৱশ্যে গণসংযোগ বিভাগত কমিচনৰ অংকৰ ফলতো দুই এটা সালসলনি এই ক্ষেত্ৰত দেখিবলৈ পোৱা যাব বুলিও গোপন সূত্ৰই প্ৰকাশ কৰিছে।

৩. খুচুৰা পইচাৰ অভাৱত এতিয়া পাঁচ টকীয়াৰ ঠাইত বিলাহী, তিনি টকাৰ ঠাইত মধ্যমীয়া পিয়াঁজ আৰু এটকাৰ ঠাইত এটি এটি জলকীয়া প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনাইছে সদৌ অসম খুচুৰা বেপাৰী সন্থাই। মূল্যবৃদ্ধিৰ ফলত ৰাইজে একো কিনিব নোৱাৰাত ব্যৱসায়ত লোকচান হোৱাতেই এই পদক্ষেপ গ্ৰহণেৰে খুচৰা ব্যৱসায়ী সকলক সকাহ দিবলৈ দাবী জনোৱা বুলিও বাতৰি প্ৰকাশ পাইছে।

৪. স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান দিয়াৰ ক্ষেত্ৰত এক সদৌ অসম ভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। নিজৰ সংগঠন বাতৰি শিৰোনামাত বিনামূলীয়াকৈ অগ্ৰাধিকাৰ ভিত্তিত প্ৰকাশৰ বাবেই বতৰৰ ফল এই আহ্বানক ব্যৱহাৰ কৰিবলৈ বহু কেইটা নিষিদ্ধ সংগঠনে এই প্ৰতিযোগিতাত অংশ লোৱাৰ কথা জানিব পৰা গৈছে।

৫. গুৱাহাটীৰ পাহাৰত আৰু কাকো বহিবলৈ মাটি এৰি নিদিয়ে বুলি প্ৰকাশ কৰিলে ৰসাল গগৈয়ে। ইয়াৰ দ্বাৰাই তেখেতে দখল কৰি থকা কইনাধাৰা পাহাৰতো অবৈধ দখলৰ সপোন দেখা সকলক স্পষ্ট সঁকিয়নীদিয়া বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে।

৬. কচুগছৰ মাজতো কোটি কোটি টকাৰ পাম্পছেট পেলাই ৰাখি বকোৰ কৃষি বিভাগে নতুন অভিলেখ সৃষ্টি কৰাৰ কথা টিভি চেনেলে আগ্ৰহেৰে প্ৰকাশ কৰিছে। এতিয়া কচুপাত ফালিও বিষয়া সকলে আন এটা সৃষ্টিশীল অভিলেখ গঢ়িব পাৰে বুলিও কৰ্কৰীয়া মৰা পথাৰ পৰিচালনা সমিতিয়ে পৰামৰ্শ আগবঢ়োৱাৰ খবৰে এতিয়া সংবাদ শিৰোনামালৈ ধুমুহা আনিছে।

৭. শিৱসাগৰ চিভিল হস্পিতেলত চেলাইনৰ চোৰাং বেহাত সদৌ অসম বেমাৰী সন্থাই সন্তোষ প্ৰকাশ কৰিছে। অন্ততঃ হস্পিতেলৰ বেডতে বেছি দাম দি হ'লেও চেলাইন উপলব্ধ কৰাৰ বাবে সেৱাৰত চোৰাং ব্যৱসায়ী সকললৈ কৃতজ্ঞতা জ্ঞাপন কৰা বুলিও জানিব পৰা গৈছে।

৮. ধোদৰ আলিলৈ ভাবুকি অহাত সদৌ অসম এলেহুৱা সন্থাই দুখ প্ৰকাশ কৰিছে। ঐতিহাসিক আলিটোলৈ ভাবুকি অহাটো প্ৰশাসনে একো নকৰাত এলেহুৱা সন্থাই প্ৰশাসনকে কেলেহুৱা বুলি অভিহিত কৰি সমালোচনা কৰিছে।

৯. মাত্ৰ ৫০০শতাংশ খাজনা বৃদ্ধিৰে নতুন অভিলেখ গঢ়াৰ বাবে শাসনাধিষ্ঠ চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলে সদৌ অসম ভূমিহীন কৃষক সন্থাই। ভূমিহীনৰ ভয় নাই, জমিদাৰেহে ভয় খায় বুলিও সন্থাই এতিয়া ফুৰ্তি কৰা বুলি জানিব পৰা গৈছে!

১০. লেমৰ চিমনিৰ ভেট হ্ৰাস কৰাত সদৌ অসম আধুনিক অসমীয়া সন্থাই সন্তোষ প্ৰকাশ কৰিছে। এতিয়া চৰকাৰী লেপটপ চাকিৰ পোহৰত নচলাই লেমৰ পোহৰত সুৰক্ষিত ৰূপত চলাবলৈ সুবিধা কৰি দিয়াৰ বাবেই এই সন্তোষ প্ৰকাশ কৰাৰ কথা জানিব পৰা গৈছে।

1 comment:

  1. "৫. গুৱাহাটীৰ পাহাৰত আৰু কাকো বহিবলৈ মাটি এৰি নিদিয়ে বুলি প্ৰকাশ কৰিলে ৰসাল গগৈয়ে। ইয়াৰ দ্বাৰাই তেখেতে দখল কৰি থকা কইনাধাৰা পাহাৰতো অবৈধ দখলৰ সপোন দেখা সকলক স্পষ্ট সঁকিয়নীদিয়া বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে।"
    - এইটো পঢ়ি হাঁহি ৰাখিব পৰা নাই ৷ বঢ়িয়া৷

    ReplyDelete