পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. অসমৰ পাঁচ গৰাকীলৈ সাহিত্য অকাডেমিৰ বঁটা। "জহৰ মহৰ" নামৰ গল্প সংকলনৰ বাবে মণিকা দেৱী, ইংৰাজী উপন্যাস "উইণ্ড হৰ্ছ"ৰ বাবে কৌশিক বৰুৱা আৰু বড়ো ভাষাৰ কবিতা সংকলনৰ বাবে শান্তি বসুমতাৰীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাদেমিৰ যুৱ বঁটা। "বিজ্ঞানৰ অনুপম জগত" নামৰ গ্ৰন্থৰ বাবে ডঃ দীনেশ চন্দ্ৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে শিশু সাহিত্য বঁটা। শিশু উপযোগী কবিতাৰে "গথোছাফৰ্নি ৰাও" শীৰ্ষক বড়ো ভাষাৰ কবিতা সংকলনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে কৌশল্যা ব্ৰহ্মলৈকো।

২. চীনৰ আগ্ৰাসী মনোভাৱ আৰু পদক্ষেপে সৃষ্টি কৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি মাটিৰ পৰা বিমান, হেলিকপ্টাৰ আৰু ড্ৰ'নৰ আক্ৰমণ ৰোধ কৰিব পৰাকৈ উত্তৰ-পূৱত আকাশ মিছাইলৰ ছটাকৈ স্কোৱাড্ৰন বহুওৱা হব বুলি সুখবৰ প্ৰকাশিত হৈছে। প্ৰতিটো স্কোৱাড্ৰনত ১২৫টাকৈ মিচাইল ৰখাৰ ব্যৱস্থাৰে উত্তৰ-পূৱৰ আকাশমাৰ্গ সুৰক্ষিত কৰিব বুলি প্ৰতিৰক্ষা দপ্তৰৰ সূত্ৰৰ উদ্ধৃতি দি বাতৰি প্ৰকাশিত হৈছে।

৩. অসম-নাগালেণ্ড সীমান্তৰ ঘটনাৱলীৰ বিতং তদন্তৰ দ্বায়িত্ব চি বি আইক অপৰ্ণ কৰিব বুলি ঘোষণা কৰিলে অসম চৰকাৰে। দুৰ্বৃত্তৰ গুলীত নিহত লোকৰ পৰিয়াললৈ আঠ লাখ টকাৰ আৰু আৰক্ষীৰ গুলীত নিহত প্ৰতিবাদকাৰীৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ সাহাৰ্য ঘোষণা কৰিছে। ঘৰ ভস্মীভূত হোৱা পৰিয়াল সমূহ তথা আহত সকললৈকো জিলা প্ৰশাসনে ক্ষতিপূৰণ তথা সাহাৰ্য আগবঢ়াব বুলিও ঘোষণা কৰিছে।

৪. ৰাজ্যৰ কমিউনিষ্ট আন্দোলনৰ বাটকটীয়া অচিন্ত্য ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত হৈছে গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত। কালিৰ অনুষ্ঠানত "অচিন্ত্য সোঁৱৰণ" শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ চন্দ্ৰমোহন শৰ্মাই। "অসমৰ ঐক্য-সংহতিৰ সমস্যা আৰু বাঁও আন্দোলন" শীৰ্ষক বক্তৃতা প্ৰদান কৰিলে বিশিষ্ট চিন্তাবিদ ইন্দিবৰ দেউৰীয়ে।

৫. ৩৯তম নাট্যবৰ্ষৰ শুভাৰম্ভ কৰি কহিনুৰ থিয়েটাৰে বিষ্ণু ৰাভাৰ সতীৰ্থ অশ্বিনী প্ৰিয়া ব্ৰহ্মক হৰেন লহকৰ বঁটা প্ৰদানেৰে কৰিলে সন্মানিত। ২০আগষ্টত হোৱা অনুষ্ঠানটোত স্মব৪ধনা জনোৱা হয় বকুলবন বঁটাৰে সন্মানিত বিশিষ্ট খোলবাদক দুগ্ধ বায়নকো।

৬. বৰপেটাৰ সাহিত্যিক পেঞ্চনাৰ তথা প্ৰাক্তন জিলা গ্ৰন্থাগাৰিক সদ্য প্ৰয়াত বনমালী দাসৰ সোঁৱৰণত প্ৰকাশিত "সোঁৱৰণী সুবাস" নামৰ স্মৃতিগ্ৰন্থখন যোৱা ২০আগষ্টত হয় উন্মোচিত । ২০খনকৈ গ্ৰন্থৰ প্ৰণেতাজনলৈ শ্ৰদ্ধাঞ্জলি জনোৱা তথা বহু অপ্ৰকাশিত দিশৰ ওপৰত বিভিন্নজনে আলোকপাত কৰা প্ৰৱন্ধৰে এই স্মৃতিগ্ৰন্থখনি সজাই তোলা হৈছে।

৭. অসম-নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান বিচাৰি অহা ১৪ছেপ্তেম্বৰত এখনি নাগৰিক অভিবৰ্তনৰ আয়োজন কৰিছে অসমীয়া সাহিত্য সন্মিলনীয়ে।

৮. অসমৰ গ্ৰন্থ প্ৰকাশনৰ পুৰোধা ব্যক্তি ভগৱতী প্ৰসাদ লাডিয়াৰ নৱম মৃত্যু তিথিত অহা ২৫আগষ্টত এটি স্মাৰক বক্তৃতা আয়োজিত হৈছে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ বিষ্ণু-নিৰ্মলা ভৱনত। প্ৰবীণ ৰাজনীতিবিদ বেদব্ৰত বৰুৱা আৰু সাংবাদিক কনকসেন ডেকাই স্মাৰক বক্তৃতা প্ৰদান কৰিব বুলিও আয়োজক পূৰ্বোত্তৰ সাংস্কৃতিক সমন্বয় সমিতিয়ে প্ৰকাশ কৰিছে।

৯. লোকসভাত কম আসন থকাৰ গইনাৰে কংগ্ৰেছ দল তথা ইউপিএক লোকসভাত বিৰোধী দলপতিৰ নেতাৰ মৰ্যদা দিবলৈ অস্বীকাৰ কৰা বিষয়টোত স্থিতি স্পষ্ট কৰি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যয়ালয়ে। আইনী পৰামৰ্শ গ্ৰহণ কৰি বিষয়টোত লোকসভাৰ অধ্যক্ষাই লোৱা সিদ্ধান্তৰ বিৰুদ্ধেই কংগ্ৰেছ দলে আদালতৰ শৰণাপন্ন হৈছিল।

১০. নলবাৰীৰ ডঃ বি আৰ আম্বেদকাৰ মেম'ৰিয়েল হাস্পতাল আৰু ৰিচাৰ্ছ চেণ্টাৰে প্ৰকাশ কৰি উলিয়াইছে "চিকিৎসা বাৰ্তা" নামৰ এখনি স্বাস্থ্য সম্পৰ্কীয় আলোচনী। বিশিষ্ট সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই উন্মোচন কৰা আলোচনীখনে জনসাধাৰণক স্বাস্থ্য বিষয়ত সজাগতা সৃষ্টিৰে উপকৃত কৰিব বুলি আশা কৰিছে সচেতন ৰাইজে।

No comments:

Post a Comment