হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকল গুজৱ.কম
১. ৰসাল গগৈয়ে নাও ডুবিলেও টিঙৰ পৰা ননমাৰ ক্ষেত্ৰত অন্য এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তেখেতে দেখিও নেদেখাৰ ভেশচন ধৰা, শুনিও নুশুনাৰ ভাও ধৰা, আনক দোষ জাপি দি দাঁত নিকটাই হাহাঁৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এতিয়া সেই গুণৰ শিক্ষা ক'ৰ পৰা গ্ৰহণ কৰিছিল তাকে লৈ এতিয়া নতুন প্ৰজন্মই জানিবৰ বাবে উৎসুক হৈ পৰিছে। ককাসম বয়সৰ আনকোনো মানুহৰ মাজতে এনে গুণ নাই বুলি প্ৰকাশ কৰি স্কুলখনৰ নাম সদৰী কৰি আগ্ৰহী সকলৰো কেৰিয়াৰ গঢ়ি দিবলৈ সচেতন কিশোৰ সংঘই আহ্বান জনাইছে।

২. "সৰুপথাৰত ডাঙৰ ঘটনা" নামৰ নাটকখন লিখি উলিয়াইছে নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই। সম্ৰাট নিৰোৰ দৰে নিৰুদ্বেগ হবলৈ গৈ গণৰোষত পৰি চুৰিয়া কোঁচাই দৌৰ মাৰিব লগা হোৱা এজন স্বৰ্গদেউৰ দুৰৱস্থাৰ কথাকে এই নাটকত তুলি ধৰা হৈছে বুলি জানিব পৰা গৈছে।

৩. সীমান্তত হোৱা হিংসাত্মক ঘটনাৰ কাৰণ আৱিস্কাৰ কৰি প্ৰকাশ কৰিলে লালটুপি বাহিনীৰ সৰ্বাধিনায়ক নগেন শৰ্মাই। সীমাৰ ইপাৰ-সিপাৰৰ দুটা পক্ষৰ সংঘাতেই এই ঘটনাৰ কাৰণ বুলি ৰাইজক তেখেতে এই "সাংঘাটিক আৱিস্কাৰে"ৰে চমক খুৱাই দিয়ে বুলি জানিব পৰা গৈছে। ইমান ডাঙৰ আৱিস্কাৰটোৰ বাবে তেওঁক বৌদ্ধত্ব প্ৰাপ্তিৰ ডক্টৰেট সন্মান হিংসাত্মক থলীতে প্ৰদান কৰিব লাগে বুলিও এতিয়া স্থানীয় ঘৰ-জ্বলা ৰাইজে দাবী তোলা বুলি জানিব পৰা গৈছে।

৪. এইবাৰ উপ-নিৰ্বাচনত অগৰুদ্দিন হাজমোলাই নিজৰ দ্বিতীয় পুত্ৰটো টিকট দি বিধান সভালৈ অনাৰ পথ চিকনাবলৈ কোৰ-কোডাল হাতত লোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যত ১২৬টা সমষ্টি থকা কথালৈ আঙুলিয়াই দি তেখেতে দহৰ ভিতৰতে সীমিত ৰখা পুত্ৰ সংঘৰ সদস্য সংখ্যা বৃদ্ধি কৰাটো এতিয়াও দৰকাৰ আছে বুলিও হোজা নগৰবাসীয়ে তেখেতক আবেদন যোগে আৰ্জি পেচ কৰিছে বুলিও গুজৱ ওলাইছে।

৫. এটা দশকত বান নিয়ন্ত্ৰনৰ বাবে অহা ৭০০০কোটিৰ ৯০ শতাংশই হজম কৰি পেলাই অসমৰ সদৌ অসম বানপানীৰে ধন-সম্পদ আহৰণকাৰী সংস্থাই নতুন কৃৰ্তিত্ব লভাৰ খবৰ প্ৰকাশিত হৈছে। এতিয়া বানত জুৰুলা ৰাইজে আশ্ৰয় শিবিৰতে এই সকল কৃৰ্তি ঠিকাদাৰ, বিষয়াক সম্বৰ্ধনা জনাব বুলিও গুজৱ ওলাইছে। গেলা বিলাহীৰে আদৰণি জনাব নোৱাৰিও ফটা চেণ্ডেলৰ মালা তেওঁলোকে কষ্টৰে যোগাৰ কৰি ৰাখিছে বুলি আশ্ৰয় শিবিৰৰ পৰা এগৰাকীয়ে গোপন বাৰ্তা আমালৈ পঠাইছে।

৬. "অসমৰ ৩কোটি জনতাক নিৰাপত্তা দিব কোনে?" শীৰ্ষক বহুমূলীয়া প্ৰশ্নটিৰ উত্তৰ বিচাৰি হাবাথুৰি খাই এতিয়া সচেতন নাগৰিক সংঘই এক এচএমএচ প্ৰতিযোগিতাৰেই আয়োজন কৰিছে। শুদ্ধ উত্তৰ ক. ভগৱানে খ. বিসম্বাদীৰে গঠিত নতুন মন্ত্ৰী সভাই গ. পদুম পাৰ্টিৰ আগমনে ঘ. আল্লাই বচালেহে বচোৱাৰ ভিতৰত যিকোনো এটা ৪২০৪২০৪২০ নম্বৰত পঠাবলৈ ৰাইজক আহ্বান জনাইছে। শুদ্ধ উত্তৰৰ বাবে কইনাধৰা প্ৰশাসনৰ তৰফৰ পৰা চৰকাৰী বঁটা বাহন আগবঢ়োৱা হব বুলিও জানিব পৰা গৈছে।

৭. বেংগলত তৃণমূল টাইগাৰ বাহিনীয়ে দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত কৰি দলটোলৈ গৌৰৱ আৰু বিৰোধী দললৈ ভীতি কঢ়িয়াই অানিছে। ঘটনাৰ খবৰ পাই মমতাহীন দিদিয়ে নিজৰ বিশ্বস্ত কৰ্মী সকলক ভয় কৰাৰ সকাম নাই, আগবাঢ়া বুলিও মৰমৰ মাত দিয়া বুলিও এতিয়া গুজৱ ওলাইছে।

৮. ভাদ মাহ উপলক্ষে সদৌ অসম প্ৰভুভক্ত কুকুৰ সন্থালৈ পীৰতি উৎসৱৰ শুভেচ্ছাবাণী প্ৰেৰণ কৰিছে কনপোনা গগৈয়ে। টুইটাৰ যোগে তেওঁ বন্যপ্ৰাণী আংকলৰ হিয়াৰ শুভেচ্ছাবাণী প্ৰচাৰ কৰাৰ বাবেও এতিয়া সংবাদ শিৰোনামা লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।

৯. লালটুপি বাহিনীৰ সৰ্বাধিনায়কেও এতিয়া নখ বাচনি পদ্ধতি অৱলম্বন কৰিছে আৰু নগা সীমান্তত কোনো তৃতীয় পক্ষৰ হাত থকাৰ কথা নিশ্চিত কৰিছে। এইবাৰ তেখেতেও ইয়াত কনপোনাৰ সুৰত আন্তৰ্জাতিক চৰকাৰলৈ দ্বায়িত্ব ঠেলিবলৈহে প্ৰস্তুতি চলোৱা বুলি থলুৱা ৰাইজে অনুমান কৰিছে। ছাৰৰ এই নখ-বাচনি ভুল বুলিও বহুতে দাবী কৰা বুলিও গুজৱ ওলাইছে।

১০. লালটুপি বাহিনীত ১৪হাজাৰতকৈ অধিক পদ খালী থকাৰ কথা ঘোষণা কৰি এতিয়া সকলো কাম কম্পিউটাৰ যোগে কৰিব বুলিও সৰ্বাধিনায়কে ঘোষণা কৰিছে। চোৰ সকলক গাড়ী চুৰিৰ ঘটনা ফেচবুক যোগে, ৰাইজক অভিযোগ ৱেবচাইট যোগে, পাচপৰ্টৰ ভেৰিফিকেচনৰ খবৰো ইণ্টাৰনেট যোগেই লবলৈ জনোৱা আহ্বানৰ প্ৰতি এতিয়া সচেতন নাগৰিক সংঘয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ঘোঁচ দিবলৈকো অনলাইন ফেচিলিটি ঘোষণা কৰিলেহে এই সকলো পদ্ধতিয়ে কাম কৰিব বুলিও সংঘই সৰ্বাধিনায়কক স্পষ্টকৈ জনায় এই স্মাৰকপত্ৰ প্ৰদানৰ যো-জা চলাইছে বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment