আজিৰ ভাল খবৰবোৰ
১. সদৌ অসম ছাত্ৰ সন্থাই আই.আই.টি গুৱাহাটীত নদী গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ বাবে দাবী উত্থাপন কৰিলে কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ত। মন্ত্ৰী স্মৃতি ইৰাণীক সাক্ষাৎ কৰি অসমত তিনিটা উচ্চমানৰ শৈক্ষিক প্ৰতিষ্ঠানৰ বাবে দাবী উত্থাপন কৰে। তাৰে ভিতৰত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স এডুকেছন এণ্ড ৰিচাৰ্ছ ((IISER) স্থাপন আৰু এখন কেন্দ্ৰীয় গ্ৰাম্য বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী তোলা বুলি জানিব পৰা গৈছে।
২. সাতখনকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমাদৰ বুটলা তথা প্ৰাগ চিনে এৱাৰ্ডৰ শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰা অসমীয়া ছবি "পানী"য়ে মুক্তি লাভ কৰিব অহা ১২ ছেপ্তেম্বৰত। নাট্যকাৰ প্ৰয়াত দীপক কুমাৰ গগৈৰ "পানী" নামৰ নাটকৰ সফল চলচ্চিত্ৰায়ন কৰিছে পৰিচালক যদুমণি দত্তই। হিমাংশু প্ৰসাদ দাস, আইমী বৰুৱা, বিষ্ণু খাৰঘৰীয়া আদি শিল্পীয়ে অভিনয় কৰা ছবিখনৰ বাণিজ্যিক সফলতা সকলোৱেই কামনা কৰিছে।
৩. বিশিষ্ট সাহিত্যিক, সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাক নগাঁৱৰ শ্ৰীশ্ৰী ফুলবাৰী সত্ৰৰ প্ৰয়াত অধিকাৰ তৰুণ চন্দ্ৰ গোস্বামী সোঁৱৰণত প্ৰৱৰ্তিত "তৰুণ চন্দ্ৰ গোস্বামী চম্পাৱতী ৰাষ্ট্ৰীয় বঁটা" প্ৰদান কৰা হয়। ৰাজ্যৰ সমাজ জীৱনলৈ দিয়া বিশিষ্ট অৰিহণাৰ বাবে একোজন ব্যক্তিক এই বঁটা উক্ত সত্ৰ আৰু গুৱাহাটীস্থ শিক্ষানুষ্ঠান জি.আই.টিয়ে প্ৰতি বছৰে প্ৰদান কৰি আহিছে।
৪. অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কালি বহা কেবিনেট বৈঠকে উগ্ৰপন্থীৰ হাতত নিহত গদাপাণি পাঠক, নিত্যানন্দ গোস্বামীৰ নিকটাত্মীয় আৰু গুলজাৰ হুছেইনৰ পত্নীক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সুখবৰ প্ৰকাশিত হৈছে। যোগ্য়তাৰ ভিত্তিত উপযুক্ত পদত মকৰল কৰাৰো সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। মুক্তিযুঁজাৰু সকলৰ পেঞ্চন ১৫হাজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে।
৫. উগ্ৰপন্থীৰ আক্ৰমণত আহত গৃহৰক্ষী বাহিনীৰ জোৱানলৈকো চিকিৎসা বীমাৰ সুবিধা প্ৰদান কৰা হব বুলি গৃহ বিভাগৰ হৈ মন্ত্ৰী ৰকিবুল হুছেইনে বিধান সভাত ব্যক্ত কৰে। গুলজাৰ হুছেইনৰ গাড়ীৰ চালক পিংকু নাথৰ চিকিৎসাৰ প্ৰসংগত কালি উত্থাপন কৰা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্নৰ উত্তৰতে এই প্ৰতিশ্ৰুতি মন্ত্ৰীজনে প্ৰদান কৰে।
৬. বহুচৰ্চিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম তিনি বছৰৰ ভিতৰত ২০১৭ চনৰ ডিচেম্বৰ পৰ্যন্ত অসমত সম্পূৰ্ণ হব বুলি বিধান সভাত প্ৰকাশ কৰিলে মন্ত্ৰী ৰকিবুল হুছেইনে। ১৯৫১চনৰ নাগৰিকপঞ্জী চৰকাৰ, জাতীয় কংগ্ৰেছ আৰু জমিয়ত উলেমাৰ হাতত অৰ্পণ কৰা হৈছিল বুলি এক তথ্যও প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সদনত প্ৰকাশ কৰে।
৭. নতুন দিল্লীৰ জৱাহৰলাল বিশ্ববিদ্যালয়ত ভাষাতত্ত্বৰ বিভাগৰ গৱেষিকা তথা অতিথি অধ্যাপিকা মাদ্ৰী কাকতিয়ে লাভ কৰিছে ২০১৪-১৫চনৰ "ফুলব্ৰাইট ফেল'শ্বিপ" । নগাঁৱৰ জীয়ৰী গৰাকীয়ে ইয়াৰ সহায়ত নিউৱৰ্ক বিশ্ববিদ্যালয়ত মধ্যপ্ৰাচ্য আৰু ইছলামিক গৱেষণা বিভাগত বিদেশী ভাষা শিক্ষাদান আৰু কৰ্মকুশলতা বৃদ্ধিৰ এক কাৰ্যসূচীত ন মাহৰ বাবে যোগদান কৰিব বুলি জানিব পৰা গৈছে।
৮. জাপানত অহা ১২ছেপ্তেম্বৰৰ পৰা আয়োজিত হৈছে বিশ্ব মহিলা সমাৰোহৰ। অৰ্থনৈতিক বিকাশৰ সৈতে জড়িত কৰ্মশক্তিৰ সৈতে মহিলাৰ অংশগ্ৰহণ বিষয়ক আন্তঃৰাষ্ট্ৰীয় বৈঠকখনত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুৰব্বী ক্ৰিষ্টিন লেগাৰ্জ, ব্ৰেটিইনৰ বিশিষ্ট মহিলা চেৰি ব্লেয়াৰ আদিয়ে অংশ লোৱাৰ কথা।
৯. "মৃত্যুঞ্জয়"ৰ স্ৰষ্টা ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক শ্ৰদ্ধাৰে স্মৰণ কৰিলে অসমীয়া সাহিত্য সন্মিলনীয়ে। নগাঁও আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত লেখক গৰাকীৰ স্মৃতি দিৱসৰ আয়োজন কৰি তেখেতৰ জীৱন আৰু কৰ্মক নৱ-প্ৰজন্মৰ সমুখত তুলি ধৰাৰ বাবে গ্ৰহণ কৰিলে প্ৰশংসনীয় পদক্ষেপ।
১০. চলিত বৰ্ষত পাঁচগৰাকী অসমীয়া বৰেণ্য লেখকৰ জন্ম শতবৰ্ষ উদযাপিত হব। মহেশ্বৰ নেওগ, হেম বৰুৱা, দেৱকান্ত বৰুৱা, লক্ষ্যধৰ চৌধুৰী আৰু মুনীন বৰকটকীক বিশেষ ভাৱে স্মৰণ কৰাৰ বাবে সাহিত্য একাডেমীয়ে এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। আলোচনা চক্ৰ, কবি সন্মিলন, লেখক সন্মিলন আদিও এই আয়োজনৰ অংশ হব বুলি জানিব পৰা গৈছে।
১. সদৌ অসম ছাত্ৰ সন্থাই আই.আই.টি গুৱাহাটীত নদী গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ বাবে দাবী উত্থাপন কৰিলে কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰালয়ত। মন্ত্ৰী স্মৃতি ইৰাণীক সাক্ষাৎ কৰি অসমত তিনিটা উচ্চমানৰ শৈক্ষিক প্ৰতিষ্ঠানৰ বাবে দাবী উত্থাপন কৰে। তাৰে ভিতৰত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স এডুকেছন এণ্ড ৰিচাৰ্ছ ((IISER) স্থাপন আৰু এখন কেন্দ্ৰীয় গ্ৰাম্য বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী তোলা বুলি জানিব পৰা গৈছে।

৩. বিশিষ্ট সাহিত্যিক, সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাক নগাঁৱৰ শ্ৰীশ্ৰী ফুলবাৰী সত্ৰৰ প্ৰয়াত অধিকাৰ তৰুণ চন্দ্ৰ গোস্বামী সোঁৱৰণত প্ৰৱৰ্তিত "তৰুণ চন্দ্ৰ গোস্বামী চম্পাৱতী ৰাষ্ট্ৰীয় বঁটা" প্ৰদান কৰা হয়। ৰাজ্যৰ সমাজ জীৱনলৈ দিয়া বিশিষ্ট অৰিহণাৰ বাবে একোজন ব্যক্তিক এই বঁটা উক্ত সত্ৰ আৰু গুৱাহাটীস্থ শিক্ষানুষ্ঠান জি.আই.টিয়ে প্ৰতি বছৰে প্ৰদান কৰি আহিছে।
৪. অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কালি বহা কেবিনেট বৈঠকে উগ্ৰপন্থীৰ হাতত নিহত গদাপাণি পাঠক, নিত্যানন্দ গোস্বামীৰ নিকটাত্মীয় আৰু গুলজাৰ হুছেইনৰ পত্নীক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সুখবৰ প্ৰকাশিত হৈছে। যোগ্য়তাৰ ভিত্তিত উপযুক্ত পদত মকৰল কৰাৰো সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। মুক্তিযুঁজাৰু সকলৰ পেঞ্চন ১৫হাজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে।
৫. উগ্ৰপন্থীৰ আক্ৰমণত আহত গৃহৰক্ষী বাহিনীৰ জোৱানলৈকো চিকিৎসা বীমাৰ সুবিধা প্ৰদান কৰা হব বুলি গৃহ বিভাগৰ হৈ মন্ত্ৰী ৰকিবুল হুছেইনে বিধান সভাত ব্যক্ত কৰে। গুলজাৰ হুছেইনৰ গাড়ীৰ চালক পিংকু নাথৰ চিকিৎসাৰ প্ৰসংগত কালি উত্থাপন কৰা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্নৰ উত্তৰতে এই প্ৰতিশ্ৰুতি মন্ত্ৰীজনে প্ৰদান কৰে।
৬. বহুচৰ্চিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম তিনি বছৰৰ ভিতৰত ২০১৭ চনৰ ডিচেম্বৰ পৰ্যন্ত অসমত সম্পূৰ্ণ হব বুলি বিধান সভাত প্ৰকাশ কৰিলে মন্ত্ৰী ৰকিবুল হুছেইনে। ১৯৫১চনৰ নাগৰিকপঞ্জী চৰকাৰ, জাতীয় কংগ্ৰেছ আৰু জমিয়ত উলেমাৰ হাতত অৰ্পণ কৰা হৈছিল বুলি এক তথ্যও প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই সদনত প্ৰকাশ কৰে।
৭. নতুন দিল্লীৰ জৱাহৰলাল বিশ্ববিদ্যালয়ত ভাষাতত্ত্বৰ বিভাগৰ গৱেষিকা তথা অতিথি অধ্যাপিকা মাদ্ৰী কাকতিয়ে লাভ কৰিছে ২০১৪-১৫চনৰ "ফুলব্ৰাইট ফেল'শ্বিপ" । নগাঁৱৰ জীয়ৰী গৰাকীয়ে ইয়াৰ সহায়ত নিউৱৰ্ক বিশ্ববিদ্যালয়ত মধ্যপ্ৰাচ্য আৰু ইছলামিক গৱেষণা বিভাগত বিদেশী ভাষা শিক্ষাদান আৰু কৰ্মকুশলতা বৃদ্ধিৰ এক কাৰ্যসূচীত ন মাহৰ বাবে যোগদান কৰিব বুলি জানিব পৰা গৈছে।
৮. জাপানত অহা ১২ছেপ্তেম্বৰৰ পৰা আয়োজিত হৈছে বিশ্ব মহিলা সমাৰোহৰ। অৰ্থনৈতিক বিকাশৰ সৈতে জড়িত কৰ্মশক্তিৰ সৈতে মহিলাৰ অংশগ্ৰহণ বিষয়ক আন্তঃৰাষ্ট্ৰীয় বৈঠকখনত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুৰব্বী ক্ৰিষ্টিন লেগাৰ্জ, ব্ৰেটিইনৰ বিশিষ্ট মহিলা চেৰি ব্লেয়াৰ আদিয়ে অংশ লোৱাৰ কথা।
৯. "মৃত্যুঞ্জয়"ৰ স্ৰষ্টা ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক শ্ৰদ্ধাৰে স্মৰণ কৰিলে অসমীয়া সাহিত্য সন্মিলনীয়ে। নগাঁও আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত লেখক গৰাকীৰ স্মৃতি দিৱসৰ আয়োজন কৰি তেখেতৰ জীৱন আৰু কৰ্মক নৱ-প্ৰজন্মৰ সমুখত তুলি ধৰাৰ বাবে গ্ৰহণ কৰিলে প্ৰশংসনীয় পদক্ষেপ।
১০. চলিত বৰ্ষত পাঁচগৰাকী অসমীয়া বৰেণ্য লেখকৰ জন্ম শতবৰ্ষ উদযাপিত হব। মহেশ্বৰ নেওগ, হেম বৰুৱা, দেৱকান্ত বৰুৱা, লক্ষ্যধৰ চৌধুৰী আৰু মুনীন বৰকটকীক বিশেষ ভাৱে স্মৰণ কৰাৰ বাবে সাহিত্য একাডেমীয়ে এলানি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। আলোচনা চক্ৰ, কবি সন্মিলন, লেখক সন্মিলন আদিও এই আয়োজনৰ অংশ হব বুলি জানিব পৰা গৈছে।
No comments:
Post a Comment