পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই টাটা কনচালটেন্সি ছাৰ্ভিচেছে দেশৰ দহ হাজাৰখন বালিকা বিদ্যালয়ত শৌচাগাৰ নিৰ্মাণ কৰি দি সামাজিক দ্বায়বদ্ধতা পালন কৰিবলৈ আগবাঢ়ি আহিছে। স্বচ্ছ ভাৰত অভিযানলৈ সহায়ক হোৱাকৈ এই কামৰ বাবে কোম্পানীটোৱে ১০০কোটি টকা খৰছ কৰিব বুলিও পৰিচালন সঞ্চালক এন চন্দ্ৰশেখৰনে সদৰী কৰিছে।

২. বিপ্লৱী কবি অমূল্য বৰুৱা স্মাৰক বক্তৃতা প্ৰদান কৰি ডঃ হীৰেন গোহাঁইয়ে "সাম্প্ৰদায়িকতা মানৱীয় মূল্যবোধৰ প্ৰতিবন্ধক" বুলি কৰিলে অভিহিত। কবিজনৰ মৃত্যু দিৱসত নতুন সাহিত্য পৰিষদে কালি পালন কৰা "সাম্প্ৰদায়িকতা বিৰোধী সাহিত্য দিৱস"ৰ সৈতে সংগতি ৰাখি গুৱাহাটীত আয়োজিত হৈছিল এই স্মাৰক বক্তৃতা।

৩. সাংবাদিকতা আৰু শিক্ষাৰ উত্তৰণৰ হকে গঠিত পৰেশ বৈশ্য ফাউণ্ডেশ্বনৰ ২০১৪বৰ্ষৰ শ্ৰেষ্ঠ চিত্ৰ সাংবাদিক বঁটাৰ বাবে বিশিষ্ট চিত্ৰ সাংবাদিক অৰুণলোচন দাসক নিৰ্বাচন কৰা হৈছে। অহা ১৫ছেপ্তেম্বৰত গুৱাহাটী প্ৰেছ ক্লাৱত ন্যাসৰ "শিক্ষা-সাংবাদিকতাৰ দিন" অনুষ্ঠানত নগদ ধনৰ উপৰিও উৎকৃষ্টতাৰ প্ৰমাণ পত্ৰ সহ এটা ট্ৰফী প্ৰদান কৰা হব।

৪. নগালেণ্ড-অসম সীমান্তৰ হিংসাত্মক পৰিস্থিতিৰ বুজ লবলৈ যোৱা মুখ্যমন্ত্ৰী সন্মুখীন হ'ল নাগৰিকৰ ব্যাপক ক্ষোভৰ। অসম চৰকাৰে অচিৰেই বৰ্ডাৰ ডেভেলপমেণ্ট কাউন্সিল আৰু বৰ্ডাৰ প্ৰ'টেকছন ফ'ৰ্চ গঠন কৰিব বুলিও কৰিলে ঘোষণা। সীমান্তবাসী যুৱকেৰে এই প্ৰটেকছন বৰ্ড গঠন কৰিব বুলি কৰিলে প্ৰকাশ।

৫. অসম বিজেপিৰ সভাপতি ৰূপে দ্বায়িত্ব ভাৰ গ্ৰহণ কৰিছে নৱ-নৱনিযুক্ত সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই। অমিত শ্বাহৰ নতুন ৰাষ্ট্ৰীয় কমিটিত সাধাৰণ সম্পাদক ৰূপে দ্বায়িত্ব লাভ কৰিছে অসমৰ সাংসদ ৰমেন ডেকাইও। দলটোৱে অনাগত বিধান সভাৰ নিৰ্বাচনত ৮৪খন আসন দখল লক্ষ্য স্থিৰ কৰাৰ কথাও ঘোষণা কৰিছে।

৬. বিত্তীয় প্ৰতিষ্ঠান ইউকো বেংকে ডিমৰীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সহযোগত বিত্তীয় সজাগতাৰ বাবে এক শৈক্ষিক শিবিৰ অনুষ্ঠিত কৰে। পাঁচ শতাধিক ৰাইজে অংশ লোৱা এই শিবিৰত বেংকিংৰ সুবিধা, বিত্তীয় সজাগতাই কি দৰে মানুহৰ জীৱন উন্নীত কৰিব পাৰে সেই বিষয়ত সমল ব্যক্তি সকলে বাখ্যা আগবঢ়ায়। ভুৱা বিত্তীয় সংস্থাই সৰ্বশ্ৰান্ত কৰা ৰাজ্যখনত এনে বিত্তীয় সজাগতা প্ৰশিক্ষণৰ অতীব প্ৰয়োজনীয়তা থকা বুলিও সচেতন মহলে প্ৰকাশ কৰিছে।

৭. বজালীৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত আজি আৰু কাইলৈ দুদিনীয়াকৈ আয়োজিত হৈছে তথ্যচিত্ৰ মহোৎসৱ তথা কেমেৰা প্ৰশিক্ষণবিষয়ক এখন কৰ্মশালাৰ। ফিল্ম এণ্ড কালছাৰেল ছ'চাইটী অৱ নৰ্থ ইষ্টৰ উদ্যোগত তথা মহাবিদ্যালয়খনিৰ সহযোগত আয়োজিত এই মহোৎসৱত মুখ্য অতিথি ৰূপে বিশিষ্ট ছবি পৰিচালক জাহ্নু বৰুৱাই ভাষণ প্ৰদান কৰাৰ লগতে অন্তৰংগ আলাপতো মিলিত হব। মামণি ৰয়ছম গোস্বামীৰ কৰ্মৰাজীক সামৰি নিৰ্মিত "ৱৰ্ডছ ফ্ৰম দ্যা মিষ্ট" তথ্যচিত্ৰ খনিকে ধৰি মুঠ ছখন তথ্যচিত্ৰ প্ৰদৰ্শিত হব। লগতে পাঁচখনকৈ গ্ৰন্থও মহোৎসৱতে উন্মোচিত হব বুলিও আয়োজকে সদৰী কৰিছে।

৮. অসম শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালক ৰথীন্দ্ৰ লাল বৰুৱাই অহা অক্টোবৰ মাহৰ ভিতৰতে ৰাজ্যৰ বিদ্যুত সংকট দূৰ কৰিব পৰা যাব বুলি কালি প্ৰকাশ কৰিলে যোৰহাটত। ৰাজ্য চৰকাৰে কোম্পানীটোক ঋণমুক্ত কৰিবলৈ ২৫২কোটি টকা মুকলি কৰি দিব বুলিও তেখেতে প্ৰকাশ কৰে। বিদ্যুৎ চুৰিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা, যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ বিদ্যুৎ যোগানৰ ক্ষমতা ১৫ৰ পৰা ৫৫মেগাৱাটলৈ বৃদ্ধি কৰা আদি সুখবৰো তেখেত কালি সদৰী কৰিছে।

৯. ভাৰতীয় মূলৰ ব্ৰিটিছ লেখক ছলমান ৰুশ্বডিক প্ৰদান কৰা হৈছে ডেনমাৰ্কৰ এটি শীৰ্ষ সাহিত্য বঁটা ৰূপে বিবেচিত "হানছ খ্ৰীষ্টিয়ান এণ্ডাৰছন বঁটা" । ডেনমাৰ্কৰ ৰাজকুমাৰীয়ে ৰুশ্বডিক এই বঁটাৰ ৰূপত ৯০হাজাৰ ডলাৰ ধন আৰু এটি  স্মাৰক প্ৰদান কৰে।

১০. দেশৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহত কৰ্মৰত মহিলা কৰ্মচাৰী সকললৈ সুখবৰ। তেওঁলোকে নিজ পৰিয়ালৰ সুবিধা হোৱাকৈ ইচ্ছা অনুসৰি লব বদলি বা নিযুক্তিৰ সুবিধা। এই সন্দৰ্ভত পূৰ্বতে থকা কঠোৰ নিয়ম আঁতৰাই এই সুবিধা দিয়াৰ বাবে বিত্ত মন্ত্ৰালয়ে বেংক সমূহলৈ নিৰ্দেশনা জাৰি কৰাৰ খবৰ প্ৰকাশিত হৈছে। ইয়াৰ দ্বাৰা ২৮টা ৰাজহুৱা খণ্ডৰ বেংকৰ মুঠ ৮লাখ কৰ্মচাৰীৰ ভিতৰত থকা ২লাখতকৈ অধিক মহিলা কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰিব পাৰিব।

১১. ভাৰত স্কাউট গাইড, অসম ৰাজ্যিক পৰিষদৰ মুখ্য আয়ুক্ত পদত তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছে ডঃ হৰেন্দ্ৰ চন্দ্ৰ দাস। ৰাজভৱনত যোৱা ১২ আগষ্টত হোৱা বৈঠকত ৰাজ্যপালে সংগঠনটোৰ বাৰ্ষিক আলোচনীখনো উন্মোচন কৰে আৰু স্কাউট-গাইডৰ প্ৰশিক্ষণৰ বাবে সংগঠনটোক বছৰি ৬৫টকা আবণ্টন দিয়াৰ বাবে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগক বাজেট প্ৰস্তুতৰ বাবে পৰামৰ্শ আগবঢ়ায়।

১২. দিল্লীৰ দামিনী কাণ্ডৰ দৰে ঘটনাৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে দেৰগাঁৱৰ ৰূপম বৰাই অহা ১৫ডিচেম্বৰত গুৱাহাটীৰ চানমাৰিৰ খেলপথাৰত প্ৰদৰ্শন কৰিব দুঃসাহসিক ক্ৰীড়া। দহ হাজাৰ গজালেৰে নিৰ্মিত বিচনাত তিনি কুইণ্টল ওজন বহন কৰি গীনিজ বুকত নাম সন্নিবিষ্ট কৰাৰ বাবেই এই আয়োজন বুলি সদৰী কৰিছে চিলভাৰ লাইন এডুকেশ্বন এণ্ড ডেভেলপমেণ্ট ছ'চাইটীয়ে।

No comments:

Post a Comment