সেইয়া আছিল ২০০৮ চনৰ কথা । এদিন খবৰ আহিল বোলে সাসল বুলি দক্ষিণ আফ্ৰিকাৰ কোম্পেনি এটাত চাকৰি এটা পাইছো । কি কৰিম নকৰিম চিন্তা আৰম্ভ হৈ গ’ল। গোটেইখন খেলি মেলি । ঘৰৰ কাকো কবই নোৱাৰি চবে জক-জকাই উঠে ক’ৰ আফ্ৰিকা যাৱ,যাবলৈ আৰু ঠাই নাপালি ? লোকৰ মানুহ আমেৰিকা ইউৰোপ যায় তই আকৌ আফ্ৰিকাহে পালিগৈনে ? পাৰিবি জানো তাত থাকিব? মুম্বাইতে ইমান ধুনীয়াকৈ আছ’ আকৌ ক’তনো যাব লাগে ? ইত্যাদি ইত্যাদি আদেশ, উপদেশ যিয়েই নকঁওক সেইবোৰেৰে ভৰি পৰিল । হয়ো কথাটো, সাধাৰণতে আমি শুনি থকা দেখি থকা ঠাই এখন হ’লে ইমান অসুবিধা নহয় কাৰো । তাতে আকৌ দক্ষিণ আফ্ৰিকাযে বেলেগ এখন দেশ ভাবি চোৱাই নহয় আফ্ৰিকা বুলিয়েই ভাবি থৈ দিওঁ । মোৰো দক্ষিণ আফ্ৰিকা মানে মহাত্মা গান্ধী,মেণ্ডেলা আৰু ক্ৰিকেট টীমটোৰ বাহিৰে কিবা আছেযে বৰ এটা চিন্তাই কৰা নাছিলো । গতিকে সকলোৰে হকা বাধাৰ মাজত বোলো সেই জংঘলখনতগৈ কিনো কৰিম বুলি ভাবি মুম্বাইতে থকাতোৱেই ভাল হ’ব বুলি চিন্তা কৰিলো।
তেনেকুৱাতে এদিন কোম্পানীটোৰ পৰা খবৰ আহিল বোলে- আমাৰ চাউথ আফ্ৰিকাখনকলৈ ইমান চিন্তা কৰি থকাতকৈ এবাৰ নিজে আহিনো চাই নেযায় কিয় ? চাই মেলি ভাল পালে আপুনি আহি জইন কৰে নকৰে নিজে ঠিক কৰিব ।ভাবি চালো হয় কথাটো ,বেয়া নহয় প্ৰপ’জেলটো চোন ,ভাল লাগিলেও লাগিব নালাগিলেও বেলেগ দেশ এখন চোৱা হ’ব ।এইবাৰ বোলো আৰু মানুহক সুধি-মেলি নাথাকো । কোম্পানীটোৱেই দহ দিনৰ কাৰণে চাউথ আফ্ৰিকা দেখুৱাৰ দায়িত্ব ল’লে । ভালেই পালো ফ্ৰি তে চোৱা যাওক ঠাইখন । তথাপিও চিন্তা তাতগৈ পাই বা কেনেকুৱা হয় দেশখন । নে গোটেইবোৰে আগুৰি মাৰপিটেই কৰে ? কিজানি বগা ক'লা মানুহৰ মাজত তয়াময়া কাজিয়াই পাওগৈ! কাৰণ যিয়ে নহওক আজি মাত্ৰ পোন্ধৰ বছৰহে হৈছে বগাৰ হাতৰ পৰা সকলোকে শাসনভাৰ গতাই দিয়া । ১৯৯৪চনৰ ২৭ এপ্ৰিল দিনটোক স্বাধীনতাৰ দিনৰূপে পালন কৰে দেশখনে। সেইসূত্ৰে স্বাধীন দক্ষিণ আফ্ৰিকাত স্বাধীন নাগৰিক ৰূপে জন্ম পোৱা শিশুবোৰ এতিয়া মাত্ৰ সদ্য যৌৱনপ্ৰাপ্ত। স্বাধীনতা লাভৰ ইমান কম সময়তে দেশখনে পাইছেনে বাৰু বিকাশৰ পূৰ্ণতা!
মনতে ধাৰণা পোন্ধৰ বছৰতনো কি সলনি হ’ব ? আমাৰ অসম চুক্তি হোৱাই দেখুন প্ৰায় ত্ৰিছ (৩০) বছৰেই হ’ল, অথচ একোৱেই নেদেখিলো পৰিবৰ্তন! হ’ল বুলিওটো অলপ টাইম চাইম লাগেই দিয়কচোন ভাল কামৰ কাৰণে (আমাৰ খাৰখোৱা ভাৱনাৰ পৰা, মিছা ক'লে কি ডাল হব ধৰণৰ )!
এইবোৰকে ভাবিগুণি এদিন গৈ ওলালোগৈ দহ দিনৰ কাৰণে দক্ষিণ আফ্ৰিকাত । জোহান্সবাৰ্গ এয়াৰপৰ্টৰ পৰা ওলায়েই দেখো শ্বেতকায় উইলি আৰু কৃষ্ণাংগ বছ’মেন বুলি মানৱ সম্পদ বিভাগৰ দুজন মেনেজাৰ আমাৰ নামৰ প্লে কাৰ্ড এখন লৈ ৰৈ আছে । তাকে দেখি মই আৰু পত্নীয়ে পাতিলো- বোলো এনেয়ে কিজানি কিমান কাজিয়া এই বগা ক'লাখিনিৰ আৰু আমাক দেখুৱাবলৈকে চোৱা দুইটা কেনেকৈ একেলগে আহিছে নাটক কৰি । মনতে ভাবিলো হু হ: আমাক ঠগিব আহিছে !! গম পাবি ৰহ বাপ্পেক্কে!
উইলিৰ গাড়ীত উঠি এয়াৰ পৰ্টৰ পৰা ২০০ কি:মি: দুৰত থকা অফিচৰ গেষ্ট হাউচলৈ বুলি ওলালো। মনতে বোলে ৰাষ্টা পদূলিৰ বা কি অৱস্থা হ’ব ? ১৫ বছৰ হৈছেহে !! ৰাষ্টাই পদূলিয়ে কিজানি কিমান যুদ্ধ দেখি যাও। গাড়ীত আৰামত উঠি গৈছো যদিও এনেকুৱা অস্ংখ্য চিন্তাই মনত খেলিমেলি লগাই গৈছে । কিন্তু এইয়া কি ?? কালিহে বনাই উঠা যেন লগা চিক-চিকিয়া ৰাষ্টা-পদূলি, সুন্দৰ সুন্দৰকৈ সজোৱা নগৰ-চহৰবোৰ, ২০০ কি:মি: ৰাষ্টা কেতিয়ানো শেষ হ’ল গমেই নাপালো । তাৰ পাছৰ দহ দিনত সেইখন দেশৰ সকলোখিনিয়ে আমাক দেশখনৰ প্ৰতি আকৃষ্ট কৰিবলৈ যথেষ্ট আছিল। ক’তো ভেদভাৱ হাই কাজিয়া একো নাই ।
আচৰিত লাগে, পোন্ধৰ বছৰতে দেশখনে যেন কেইবাদশক আগুৱাই গ’ল! অথচ আমাৰ দেশখনে আজি ৬৮ বছৰে আগুৱাইছে নে পিছুৱাইছে ধৰিবলৈকে দিগদাৰ হয় । সকলোৱে সমচ্চৰে নিজৰ দেশখনকলৈ গৰ্ব্ব কৰে । আমাৰ সকলো আশংকাক তাতে থৈ দেশখনলৈ অহাটো ঠিক কৰিলো আৰু এদিন আহি দেশখনত থাকিবলৈ ললোহি।
কিন্ত্ত আকৌ এদিন আশংকাত ভূগিব লগা হ’ল কেইবছৰমানৰ পাছত ২০১৩ চনত । ৰাতিপুৱা শুই উঠি বাতৰিত মেণ্ডেলাৰ মহাপ্ৰয়াণৰ বাতৰিটো পায় শোকে খুন্দা মাৰি ধৰাৰ লগতে এক অজান আশংকাইও মনটো আৱৰি ধৰিলে । আজি ইয়াত থকা কেইবছৰে যদিও বুজি উঠিছিলো মেণ্ডেলাই ক'লা বগা মানুহৰ ভাতৃত্ব বোধক কিদৰে জীপাল দি উঠিছিল, তথাপিও এক অজান আশংকাইও মনটো আৱৰি ধৰিলে জানোবা কৰবাত কিবা অঘটনেই ঘটে আজি । কিন্ত্ত মোৰ আশংকা আঁতৰিবলে বেছি সময় নালাগিল ।
অকনমান আলেখলেখ চাই অকনমান দেৰিকৈ লাহে ধীৰে অফিচ গৈ সোমালোগৈ । অফিচ পাই অকনমান আচৰিতেই হ’লো, একো এটাই যেন হোৱা নাই –সকলোৱে নিয়ম মাফিক কামত ব্যস্ত । কফি একাপলৈ অফিচৰ নিজৰ ৰুমত সোমালোগৈ । মোৰ বিভাগত ৭০% বগা আফ্ৰিকান । মনে মনে ভাবিলো বগা আফ্ৰিকান কেইজনেনো মেণ্ডেলাৰ মূল্য কি বুজিব ? এইবুলি মনে মনে ভাবি থাকোতেই মোৰ ৰুমলৈ খৰ-খেদাকৈ ৱাৰনাৰ নামৰ বগা আফ্ৰিকান সহকৰ্মীজন সোমাই আহি মাত দিলে-অফিচিয়েলি কিদৰে শোক পালন কৰিব লাগিব তাৰ জাননী অহা নাই যদিও এই শতিকাৰ মহান নায়কজনৰ আত্মাৰ শতগতিৰ কাৰণে তোমাৰ একমিনিট এটা দিব পাৰিবানে ? আৰে কিয় নোৱাৰিম বুলি মই তেওৰ লগে লগেগৈ আলোচনা কক্ষটো পালোগৈ।
তাত এক মিনিট সময় মৌন ব্ৰত ৰখাৰ পাছত ৱাৰনাৰে মাণ্ডেলাক সোৱঁৰি অনৰ্গল কৈ যাব ধৰিলে-দক্ষিণ আফ্ৰিকাৰ মানুহবোৰৰ বিষয়ে। সাংঘাটিক খেল প্ৰিয় এই দেশৰ মানুহ । সাধাৰণতে কৃষ্ণাংগ মানুহবোৰ ফুটবল আৰু শ্বেতকায় মানুহবোৰ ৰাগবী খেলৰ প্ৰতি অতি আগ্ৰহী। ৰাগবী খেলবিধক সেই সময়ত বৰ্ণবাদীৰ খেল বুলি জনা গৈছিল। সেইবাবেই ৰাগবীক ক'লা মানুহ বিলাকে ঘৃণাৰ চকুৰে চাইছিল। কিন্ত্ত সেই ঘৃণাক একতাৰ দোলেৰে বান্ধি পেলাইছিল মেণ্ডেলাই ১৯৯৫ চনত । দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্টপতি হোৱাৰ কেইদিনমান পাচতেই ৰাগবীৰ জাতীয় দলৰ জাৰ্চী পিন্ধি নিজহাতে ৰাগবী বিশ্বকাপৰ ট্ৰফী তুলি দিছিল দক্ষিণ আফ্ৰিকাৰ ৰাগবী জাতীয় দলটোক আৰু লগে লগেই সমগ্ৰ দক্ষিণ আফ্ৰিকাৰ জনগণে সমস্ৰৰে চিঞৰি উঠিছিল- নেলছন, নেলছন…. মদিবা, মদিবা বুলি। সেইদিনাই হয়তো সংখ্যালঘু বগা আফ্ৰিকানখিনিয়ে মেণ্ডেলাৰ মাজত এক বিশ্বাস আৰু ক'লা আফ্ৰিকানখিনিয়ে যেন বিচাৰি পালে এক সাহস ।
তাৰ পাছত সেইদিনা অকনমান সময় অফিচৰ বাহিৰত সৰু চহৰখনত কি হৈছে বুলি চাবলৈ গৈ অতি বিৰল দৃশ্য দেখিলো । ঠায়ে ঠায়ে বগা, ক'লা ,ভাৰতীয় মূলৰ মানুহবোৰে মাণ্ডেলাৰ ফটোত ফুল দিছে অথবা মম জ্বলাইছে আৰু একো একোটা দল বান্ধি নাচ গান কৰিছে । মানুহ বোৰে নাচ গান কৰা দেখি অকনমান আচৰিতহৈ তাৰে এজনক কথাটো কি সোধাত এজনে কলে- আমি মাণ্ডেলাৰ জীৱন উৎসৱ পালন কৰিছো আৰু তেও আমাক যিখিনি দি গ’ল তাৰ কাৰণে তেওক আনন্দেৰে সম্ভাষণ জনাইছো । তেওঁ আমাক আৰু নতুন প্ৰজন্মক যিখিনি দি গ’ল যাক সাৰথি কৰি আমি বগা, ক'লা সকলোৱে মিলি এখন সৰ্বাংগ সুন্দৰ আফ্ৰিকা গঢ়িবলৈ সাহস দি গ’ল তাৰ কাৰণে ধন্যবাদ দিছো এইদৰে মাদিবাৰ জীৱন উৎসৱ পালন কৰি।
সঁচাকৈয়ে এই মহামানৱজনলৈ ইয়াতকৈ কি ডাঙৰ শ্ৰদ্ধা তৰ্পণ হ’ব পাৰে। এনেকৈয়ে হয়তো মেণ্ডেলাৰ সপোনৰ Rainbow Nation খন গঢ় লৈ উঠিব ধৰিছে লাহে লাহে অথচ দৃঢ়তাৰে । অথচ মেণ্ডেলাৰ প্ৰেৰণাৰ উৎস মহাত্মা গান্ধীৰ সপোনৰ দেশখনকচোন এতিয়াও জাতি ধৰ্ম্ম ভাষাৰ নামত ভাগ ভাগ কৰাতহে আমিবোৰ ব্যস্ত ।
তাৰ পাছত আকৌ মোৰ আচৰিত হোৱাৰেই পাল । মেণ্ডেলাক এইখন দেশত সম্ভৱ ভগৱানৰ লগতেই তুলনা কৰা হয় । মেণ্ডেলাৰ মৃত্যুৰ পৰা অন্তিম সৎকাৰৰ দিনটোলৈ ১০ দিন ৰাষ্ট্ৰীয় মৰ্য্যদাৰে সকলোৰে দৰ্শনৰ বাবেও ৰখা হ’ল । কিন্ত্ত আচৰিত ভাবে এটা কথা মন কৰিলো, এই দহ দিনত সমগ্ৰ দেশৰ লাখ লাখ কোটি কোটি মানুহে মেণ্ডেলাক শ্ৰদ্ধা জ্ঞাপন কৰিলে, কিন্ত্ত দক্ষিণ আফ্ৰিকাৰ সকলো কাম কাজ নিয়মীয়াৰূপেতেই চলি থাকিল । কোনো এটা দিনেই বন্ধ ঘোষণা কৰা নহ’ল। মানুহে ৰাষ্টাই ঘাটে, বজাৰে সমাৰে সকলোতে মেণ্ডেলাৰ ৰাখি থোৱা ফটোত ফুল দি অথবা মম জ্বলাই এখন্তেক শ্ৰদ্ধা জনালে, কিন্ত্ত দক্ষিণ আফ্ৰিকা স্তব্ধ হৈ নগ’ল ।
বন্ধ প্ৰদেশ অসমৰ পৰা অহা মানুহ বুলিয়েই চাগৈ এনেধৰণৰ কাৰ্য্য আমাৰ প্ৰথমে একেবাৰে সহ্য হোৱা নাছিল, মনে মনে ভাবিছিলো বন্ধই যদি দিয়া নাই কিহৰ সন্মান আকৌ দিয়া হ’ল ? পিছত লাহে লাহে অনুভৱ কৰিলো যিজন মানুহে এইখন দেশ আৰু এই জাতিক আগুৱাই নিবলৈ গোটেই জীৱনটো উচৰ্গা কৰিলে সেই মানুহজনৰ মৃত্যুত হয়তো দেশখন স্তব্ধ হৈ গ’লে সেই মহামানৱজনকে জানো অপমান কৰা নহ’ব। এনেবোৰ কথা জানো আমাৰ দৰে দেশ এখনৰ কাৰণে অনুপ্ৰেৰণা হ’ব নোৱাৰে ?

No comments:
Post a Comment