পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানগুৰু অধ্যাপক বিশিষ্ট শিক্ষাবিদ ডঃ মহম্মদ তাহেৰলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ কে চি দাস কৰ্মাচ কলেজ ৰাষ্ট্ৰীয় শিক্ষক বঁটা। আনহাতে পদ্মশ্ৰীৰে সন্মানিত গান্ধীবাদী নেত্ৰী হেম ভৰালীলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় কৃৰ্তি বঁটা।


২. স্বাধীনতা দিৱসৰ উপহাৰ স্বৰূপে পেট্ৰ'লৰ মূল্য হ্ৰাস কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে। সূত্ৰই প্ৰকাশ কৰা সুখবৰ অনুসৰি প্ৰতি লিটাৰ ২.৪০টকা পৰ্যন্ত মূল্য হ্ৰাসৰ কথা ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

৩. অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত অসম বিধান সভাত পূৰ্বতে গৃহীত সিদ্ধান্ত অনুসৰি কেন্দ্ৰলৈ বিশেষজ্ঞ সমিতিৰ নৃতাত্ত্বিক প্ৰতিবেদন ইতিমধ্যেই প্ৰেৰণ কৰা হৈছে। এই বিষয়ত এতিয়া কেন্দ্ৰীয় চৰকাৰেই সিদ্ধান্ত লোৱাৰ প্ৰয়োজন বুলিও কালি বিধান সভাত মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে সদৰী কৰিছে।

৪. গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত ডাঃ ৰবীন বেনাৰ্জী স্মাৰক বক্তৃতা কালি প্ৰদান কৰিলেহি গ্ৰীণ অস্কাৰ বিজয়ী বিশ্ববিখ্যাত পৰিবেশবিদ তথা চলচ্চিত্ৰ নিৰ্মাতা মাইক পাণ্ডেই। কাজিৰঙা, দীপৰ বিল ধ্বংস হলে অসম ৰক্ষা নপৰিব বুলিও প্ৰকৃতিবিদজনে ভাষণযোগে ৰাইজক সতৰ্ক কৰি দিয়ে।

৫. চাৰিলেন যুক্ত পথ নিৰ্মাণত ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত সংঘটিত বিশাল কেলেংকাৰীৰ বিষয়টো সংবাদ মাধ্যমে পোহৰলৈ অনাৰ পাছত এতিয়া বিষয়টোত তদন্ত ঘোষণা কৰিলে ৰাজ্যৰ গড়কাপ্তানি বিভাগে। বিভাগীয় মন্ত্ৰী অজন্তা নেওগে শোণিতপুৰৰ উপায়ুক্তক ইয়াৰ বাবে নিৰ্দেশ দিয়াৰ কথা কালি বিধান সভাত সদৰী কৰিছে।

৬. ৰাজ্যখনত বিধ্বস্ত হোৱা আইন শৃংখলা, অভাৱনীয় মূল্যবৃদ্ধি, অসম চুক্তি ৰূপায়ণ, এনকেফেলাইটিছৰ নিয়ন্ত্ৰণ আদিকে ধৰি জলন্ত সমস্যাক লৈ কালি সাতটাকৈ বিৰোধী দলে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰে। অসম গণ পৰিষদ, ভাৰতৰ কমিউনিষ্ট পাৰ্টি, চি পি আই এম, এন চি পি, চিপিআই (এম এল), ইউ পি এছ আৰু সমাজবাদীৰ পাৰ্টিয়ে এই স্মাৰক পত্ৰ প্ৰদান কৰিছে।

৭. নিখিল বড়ো ছাত্ৰ সন্থাৰ চিৰাং জিলাৰ উদ্যোগত সংগঠনটোৰ কাজলগাঁওস্থিত কাৰ্যালয়ৰ প্ৰাংগণত এটা তথ্য কেন্দ্ৰৰ উপৰি শিক্ষাবিদ কৰেন্দ্ৰ চন্দ্ৰ ব্ৰহ্মৰ নামেৰে উন্মোচন কৰা হয় এটি পুথিভঁৰালো। উন্মোচন কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োৱে প্ৰতিখন গাঁৱতে ভৱিষ্যতে পৰ্যায়ক্ৰমে পুথিভঁৰাল আৰু ই-লাইব্ৰেৰী স্থাপনৰ কৰিব বুলিও ঘোষণা কৰে।

৮. বিটিএডিত অবৈধ অস্ত্ৰ জব্দ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় গৃহ বিভাগে। জিলা সমূহত থকা এণ্টি এক্সৰ্টছন ছেলকো কাৰ্যক্ষম কৰি হিংসা, ধনদাবী আদিৰ মোকাবিলা কৰিবলৈ নিৰ্দেশ জাৰি কৰাৰ কথা কালি সংসদত গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজেজুৱে প্ৰকাশ কৰিছে।

৯. অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মহম্মদ মজেদ আলিৰ গ্ৰন্থ "দুৰ্নীতিৰ বিৰুদ্ধে নাগৰিকৰ যুঁজ" হ'ল উন্মোচিত। গুৱাহাটীৰ গৌৰী সদনত হোৱা অনুষ্ঠানত যতীন গোস্বামীদেৱে উন্মোচন কৰিলে এই গ্ৰন্থখনি।

১০. ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনকে ধৰি ১৫গৰাকী খেলুৱৈৰ নাম অৰ্জুন বঁটাৰ বাবে ঘোষণা কৰা হৈছে। এইবৰ্ষত কোনো খেলুৱৈকে ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে নিৰ্বাচন কৰা হোৱা নাই। এগৰাকী প্ৰশিক্ষকলৈ দ্ৰোণাচাৰ্য বঁটা আৰু বাকী চাৰিগৰাকীক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হব বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment