পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসম চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগত নৱতম সংযোজন কাৰ্ডিয়াক কেথলেৱৰ জৰিয়তে কালি প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়খনত সম্পন্ন হয় এনজিয়গ্ৰাফী। অ'এনজিচিয়ে আগবঢ়োৱা সাত কোটি টকাৰ অনুদানৰ ৪.৫কোটি টকাৰে এই অত্যাধুনিক কেথলেবৰ যন্ত্ৰপাতি জাৰ্মানীৰ পৰা অনা হৈছে। কালি বিভাগীয় মুৰব্বী ডাঃ হেমচন্দ্ৰ কলিতাৰ নেতৃত্বত ডাঃ দিব্যজ্যোতি দত্ত, ডাঃ মৃগাংক শেখৰ চলিহাৰ দ্বাৰা গঠিত দলটোৱে প্ৰথম দিনাই ছজনকৈ হৃদৰোগীৰ কৰনাৰী এনজিয়গ্ৰাফী সম্পন্ন কৰে। পৰীক্ষালানিত উপস্থিত থাকি কলকাতাৰ প্ৰবীণ হৃদৰোগ বিশেষজ্ঞ ডাঃ ৰবীন চক্ৰৱৰ্তীয়ে তেখেতৰ অভিজ্ঞতা তথা পৰামৰ্শৰো দলটোক অনুপ্ৰাণিত কৰে। এতিয়াৰ পৰা পূৰ্বৰ দৰে এই চিকিৎসাৰ বাবে উজনিৰ ৰাইজ ৰাজ্যৰ বাহিৰলৈ ঢাপলি মেলিব লগা নহব বুলি প্ৰকাশ কৰি অধ্যক্ষগৰাকীয়ে অ'এনজিচিৰ কৰ্তৃপক্ষকো ধন্যবাদ জ্ঞাপন কৰাৰ সুখৰ খবৰ পোৱা গৈছে।

২. অসম বিধান সভাত আজি মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বাজেট উত্থাপন কৰিছে। এই বাজেটত মাধৱদেৱ কলাক্ষেত্ৰৰ বাবে ২কোটি টকা, জালুকবাৰীত হজ ভৱন নিৰ্মাণৰ বাবে ১কোটি টকা, ডঃ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ বাবে ২কোটি টকা আগবঢ়োৱাৰ সুখবৰো জানিব পৰা গৈছে।

৩. কালি লখিমপুৰত উন্মোচিত হ'ল বিশিষ্ট ৰামধেনু যুগৰে পৰা অসমীয়া সাহিত্যলৈ অৱদান যোগোৱা নীৰৱ সাহিত্যিক এগৰাকীৰ ৰচনাৰ একত্ৰ সংকলন "সৰ্বেশ্বৰ দত্ত ৰচনা মঞ্জৰী"। বিশিষ্ট লেখক তথা মাজুলী কলেজৰ সহকাৰী অধ্যাপক ডঃ দেৱজিৎ শইকীয়াই সম্পাদনা কৰা ৭০০পৃষ্ঠাৰ গ্ৰন্থখন উন্মোচন কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বিশ্ব বৰুৱাই। প্ৰয়াত লেখকগৰাকীৰ পত্নী ৰম্ভা দত্ত চেলেঙৰ প্ৰচেষ্টাতে গ্ৰন্থখনিয়ে প্ৰকাশৰ মুখ দেখাৰ লগতে পৰিয়ালটোৱে চাকৰি কালত অৰ্জন কৰা ধনৰ প্ৰায় ৪০লাখ টকা লখিমপুৰৰ কেইবাটাও শিক্ষানুষ্ঠানলৈ তথা সংগঠনলৈ দান কৰিও অন্য এক উদাহৰণ দাঙি ধৰাৰ সুখবৰ পোৱা গৈছে।

৪. কালি বৰমাত উন্মোচিত হ'ল আধুনিক বৰমাৰ নিৰ্মাতা, কুৰি বছৰতকৈ অধিককাল বিধায়ক ৰূপে সেৱা কৰা মানৱদৰদী নেতা সুৰেন্দ্ৰ নাথ দাসৰ প্ৰতিকৃতি। সম্পূৰ্ণ প্ৰতিমূৰ্তিটো উন্মোচন কৰিলে শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ ৰমেশ চন্দ্ৰ দাসে। অচিৰেই প্ৰয়াত নেতাজনৰ পূৰ্ণাংগ জীৱনী গ্ৰন্থও উন্নয়ন পৰিষদে প্ৰকাশ কৰিব বুলিও জানিব পৰা গৈছে। অনুষ্ঠানটোত প্ৰয়াত দাসৰ নাতি-জোঁৱাই তথা আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাইও অংশ গ্ৰহণ কৰে।

৫. ৰাজ্যিক ৱাক্ফ বৰ্ডৰ নৱ-নিৰ্বাচিত অধ্যক্ষ বিশিষ্ট অধিবক্তা নেকিবুৰ জামানক কালি খিলঞ্জীয়া অসমীয়া মুছলমান উন্নয়ন পৰিষদে বিপুলভাৱে সম্বৰ্ধনা জনায়। বাক্ফ বৰ্ডৰ সম্পতি বেদখলমুক্ত কৰি ৰাজহুৱা স্বাৰ্থত ব্যৱহাৰৰ বাবে শক্তিশালী পদক্ষেপ লব বুলিও অধ্যক্ষ গৰাকীয়ে সদৰী কৰিছে বুলি জানিব পৰা গৈছে।

৬. নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ উদ্যোগত অনুষ্ঠিত চতুৰ্দশ অধিবেশনত অংশ লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ডঃ সূৰ্য দাসে বৈদিক যুগত নাৰী সকলৰ স্থান অতি উচ্চ আছিল বুলি মন্তব্য কৰাৰ লগতে সাহিত্যৰ উদ্দেশ্য সমাজৰ হিত সাধন বুলিও আঙুলিয়াই দিয়ে। অধিবেশনখনিত "অভিজ্ঞানম" নামৰ ৰঞ্জন বেজবৰুৱা সম্পাদিত স্মৃতিগ্ৰন্থখনিও উন্মোচিত হয়।

৭. উত্তৰ-পূৱৰ ভিতৰত প্ৰথম ৰূপে পাঠশালাৰ ৰাজপথত কালি শুভাৰম্ভ হ'ল হাৰিয়ানাৰ মহাৰাজা এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰা ছজন যাত্ৰী নিব পৰা তিনিচকীয়া সৌৰচালিত বাহনৰ। সাতঘণ্টাত চাৰ্জ হোৱা বাহনখনে ২৫কিলমিটাৰ পৰ্যন্ত বেগত ১৩০কিল'মিটাৰ পৰ্যন্ত চলিব বুলিও নিৰ্মাতা সকলে প্ৰকাশ কৰিছে।

৮. নাৰায়ণপুৰৰ মধুপুৰ গাঁৱৰ পৰা জৈৱিক চাহ খেতিৰে বিশ্বৰ বিভিন্ন প্ৰান্তত বজাৰ লাভ কৰিবলৈ সক্ষম হোৱা মীন-মোহন চাহবাগিছাৰ গোবিন হাজৰিকাই এইবাৰ হংকং বাণিজ্য মেলাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে। অহা ১৪আগষ্টৰ পৰা হব লগা বাণিজ্য মেলালৈ তেখেতে পৰহি যাত্ৰা কৰিছে। ঘৰুৱা বনদৰৱ ছটিয়াই পোক-পতংগ নিয়ন্ত্ৰণ কৰাৰ লগতে ঘৰতে ঢেঁকীত খুন্দি, কেৰাহীত ভাজি নিজে তৈয়াৰ কৰা এই জৈৱিক চাহৰ গ্ৰীণটীৰ বজাৰ মূল্য ১৫০০ টকাৰ বিপৰীতে ব্লেক টীৰ মূল্য ১০০০টকালৈকে লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। তেখেতলৈ ইতিমধ্যে ৰাজ্য চৰকাৰে "উদ্যোগ ৰত্ন" বঁটাও আগবঢ়াইছে।

৯. বিদেশত জমা ৰখা ক'লা ধন ঘূৰাই অনাৰ বাবে গঠিত বিশেষ তদন্তকাৰী গোটে শেহতীয়াকৈ বিদেশী একাউণ্টত ধন জনাৰ ২৪হাজাৰটা ঘটনাৰ তথ্য লাভ কৰা বুলি সুখবৰ প্ৰকাশিত হৈছে। কৰ ফাঁকি সম্বন্ধীয় তথ্য শ্বেয়াৰ কৰাৰ বাবে কেইবাখনো দেশৰ সৈতে কৰা চুক্তিৰ ফলতে এই তথ্য লাভ কৰাত সহায়ক হৈছে বুলি জানিব পৰা গৈছে।

১০. উন্মোচিত হ'ল কামৰূপী লোকগীতৰ শ্ৰব্য সঁফুৰা "অৰুণামণি"ৰ। হীমৰাণী বৰ্ণৱ প্ৰডাকচনৰ নিবেদিত এই সঁফুৰাত সংগীত পৰিচালনা কৰিছে জ্যেষ্ঠ সংগীতজ্ঞ পুষ্পকান্ত বৰাই। ইয়াত কণ্ঠদান কৰিছে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ লোকগীতৰ শিল্পী তপন ডেকা, ভাস্বতী ভাৰতী আৰু শিশুশিল্পী প্ৰেৰণা ডেকাই।

No comments:

Post a Comment