বিদেশৰ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিদেশৰ চিঠি

বিদেশৰ চিঠি

Share This
কাটাৰৰ শিক্ষা ব্যৱস্থা
ডাঃ ভূপেন্দ্ৰ শইকীয়া
আজিৰ এই লিখনিৰ যোগেদি বিশ্বৰ আটাইতকৈ চহকী দেশ কাটাৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে 'অসমীয়াৰ সুখ-দুখ'ৰ পাঠকসকলক মই অৱগত কৰিবলৈ প্ৰয়াস কৰিম ৷

পোনতেই কাটাৰৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰাৰ আগতে দুটিমান আগকথা জনাই লওঁ ৷
কাটাৰ হ’ল এখন সৰু দেশ – যাৰ আয়তন অসমৰ তুলনাত ৬ভাগৰ এভাগতকৈয়ো কম। সঠিক হিচাবটো হ’ল – অসমৰ মাটিকালি হ’ল ৭৮,৫৫০ বৰ্গ কিলোমিটাৰ আৰু কাটাৰৰ হ’ল ১১,৫৭১ বৰ্গ কিলোমিটাৰ। অৰ্থাৎ কাটাৰৰ আয়তন অসমৰ তুলনাত ই যে চাৰে ছয় গুণ সৰু ! শেহতীয়া জনগণনা অনুসৰি ইয়াৰ বৰ্তমান জনসংখ্যা হ’ল ১৯,০৩,৪৪৭, তাৰে ১৪ লাখ পুৰুষ আৰু ৫ লাখ মহিলা। কিন্তু তাৰে প্ৰায় শতকৰা আশী ভাগেই হ’ল বহিৰাগত।
বিশ্বৰ অন্যান্য দেশৰ লোকৰ সংখ্যা হাজাৰৰ পৰা শৰ ভিতৰত সীমিত৷ আকৌ দেশখনৰ শতকৰা আশীজনে বাস কৰে ৰাজধানী চহৰ ডোহাত৷ দেশখন ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হয় ৩ চেপ্তেম্বৰ, ১৯৭১চনত৷ কাটাৰৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰ উপকূলীয় চহৰ দোহ্কানত ১৯৪০চনত পোন প্ৰথম বাৰৰ বাবে খাৰুৱা তেলৰ আবিস্কাৰ হয় ৷ দেশৰ অৰ্থনীতি খাৰুৱা তেলেই টনকিয়াল কৰি ৰাখিছে৷ উল্লেখযোগ্যযে শিক্ষাৰ ক্ষেত্ৰত স্বাধীনোত্তৰ কালত উন্নতি ক্ষিপ্ৰতৰ হব ধৰিলে৷


কাটাৰত প্ৰথম চৰকাৰী প্ৰাথমিক বিদ্যালয় স্থাপন হয় ১৯৫২ চনত ৷ ১৯৫৪ চনত আৰম্ভ হয় প্ৰাপ্ত-বয়স্ক শিক্ষা আঁচনি৷ উদগণি স্বৰূপে তেতিয়া চাৰি বছৰীয়া শিক্ষাৰ প্ৰমাণ-পত্ৰ সহ এটি মাহেকীয়া মাননি দিয়া হৈছিল৷ বৰ্তমান দেশখনত আছে প্ৰায় ১২০ খন চৰকাৰী বিদ্যালয় ৷ তাৰে ৬০ খন ল’ৰাৰ আৰু সমসংখ্যক হ'ল ছোৱালীৰ৷

ইয়াত প্ৰাথমিক শিক্ষা ৬ বছৰৰ৷ তাৰ পিছত পোনতে ৩ বছৰীয়া মধ্যমীয়া, আকৌ ৩ বছৰীয়া চেকেন্দৰী শিক্ষা৷ চেকেন্দৰী পৰ্য্যায়ত বিজ্ঞান বা কলা শাখা বাচি লব লাগে৷ ১৯৬৭ চনত শিক্ষকৰ বাবেও ট্ৰেইনিং অনুস্থানৰ শুভাৰম্ভ হয়৷ ১৯৭৩ চনত ডোহাত কাটাৰ বিশ্ববিদ্যালয় মুকলি হয়৷ যোৱা দুই দশকৰ ভিতৰত ডোহাত বিশ্বৰ কেইবাটিও আগশাৰীৰ বিশ্ববিদ্যালয়ে নিজৰ শাখা মুকলি কৰিছে৷

চৰকাৰী শিক্ষানুস্থানৰ ওপৰিও আছে এই দেশত অনেক উচ্চমানৰ ব্যক্তিগত শিক্ষানুস্থান ৷ আমেৰিকা, ব্ৰিটেইন, ভাৰত, ফিলিপিনি, চুডানী, লেবানিজ, বাংলাদেশী, পাকিস্তানী, ফিলিপিনো আদিৰ দ্বাৰা এইবিলাক স্থাপিত৷ তাত অনেক কাটাৰীয়েও শিক্ষা লাভ কৰে৷

চৰকাৰে ষ্টেচনাৰী, বিদ্যুত, পানী ইত্যাদিৰ সুবিধা দি ব্যক্তিগত শিক্ষানুস্থান সমূহক সহায় কৰে৷ চৰকাৰী শিক্ষানুস্থানত কাটাৰীৰ উপৰিও ৰেচিডেন্ট ভিছা থকা অইন দেশৰ ছাত্ৰৰো মাছুল নালাগে৷ ব্যক্তিগত শিক্ষানুস্থানসমূহৰ মাছুল বেচ উচ্চ হাৰৰ৷ স্কুলত খেল-ধেমালি,সংগীত, লাইব্ৰেৰী, কম্পিউটাৰ, চুইমিং পুল, কেন্টিন আদিৰ সকলো সুবিধা থাকে৷ প্ৰাইভেট টিউচন কাটাৰত বিশেষ নচলে ৷ শিক্ষকসকলৰ দা-দৰমহা বেচ ভাল৷ স্কুল ভেদে দৰমহাৰ কিছু তাৰতম্য হলেও আমাৰ ভাৰতীয় এক লাখ টকাৰ কম নহয়৷ এইখিনিতে পাঠকৰ জ্ঞাতাৰ্থে জনাওঁ যে কাটাৰত শিক্ষা বিভাগত মই জনাত ৫গৰাকী অসমীয়া বৰ্তমান কৰ্মৰত৷ কেউগৰাকীয়েই মহিলা৷ তাৰে দুগৰাকী হাইস্কুল পৰ্যায়ত, দুগৰাকী নাৰ্চাৰী স্কুলত আৰু আন এগৰাকী কাটাৰ বিশ্ববিদ্যালয়ৰ সৈতে সংলগ্ন৷


আমাৰ দেশৰ পৰা পৰিয়ালসহ আহি কাটাৰত কৰ্মৰত লোকসকলৰ প্ৰায়ভাগেই নিজৰ লৰা ছোৱালীক চি বি এচ ইৰ অধীনত থকা ব্যক্তিগত শিক্ষানুস্থানত পঢ়োৱায়৷ ইয়াৰ ভিতৰত প্ৰমুখ হ'ল – ডোহা মডাৰ্ণ ইণ্ডিয়ান স্কুল, আইডিয়েল ইণ্ডিয়ান স্কুল, ভাৱন পাব্লিক স্কুল, এম ই এচ ইণ্ডিয়ান স্কুল, ডি পি এচ ইণ্ডিয়ান স্কুল, বিৰলা পাব্লিক স্কুল,শান্তি নিকেতন ইণ্ডিয়ান স্কুল, অল খোৰ ইণ্ডিয়ান স্কুল ৷ এই স্কুলসমূহত পাঠ্যক্ৰমৰ ওপৰিও শিশুৰ সৰ্বাংগীন বিকাশত গুৰুত্ব দিয়া হয়৷ ভাল লাইব্ৰেৰী,কম্পিউটাৰ লেব, আৰ্ট আৰু সংগীত প্ৰশিক্ষণ, বিদেশী ভাষা শিক্ষাৰ সুবিধা প্ৰায়বিলাক স্কুলতে আছে৷ ছাত্ৰ আৰু শিক্ষকৰ হাৰ হ'ল - ১:৪০৷এই ভাৰতীয় স্কুলসমূহত বুজন সংখ্যক কাটাৰী আৰু আন আন দেশৰ (যেনে ফিলিপাইন্স, চোমলিয়া, পাকি্স্তান ,জৰ্ডাণ,মালেয়চিয়া, ইজিপ্ত, নেপাল,বাংলাদেশ) ল'ৰা-ছোৱালীয়েও শিক্ষাগ্ৰহণ কৰে৷

আন কিছুমান উল্লেখযোগ্য অনুষ্ঠানৰ নাম হ'ল - কেমব্ৰিজ স্কুল, ডোহা ইংলিছ স্পিকিং স্কুল, ডোহা কলেজ : এই তিনিওখনত ব্ৰিটিছ কেৰিকুলাম চলে৷ আমেৰিকান স্কুল অৱ ডোহাত চলে আমেৰিকাৰ কেৰিকুলাম৷ থুলমূলকৈ কবলৈ হলে কাটাৰৰ বিভিন্ন শিক্ষানুষ্ঠানত চলে আমেৰিকান, ব্ৰিটিছ, ফ্ৰান্স আৰু ভাৰতীয় চি.বি.এচ.ইৰ কেৰিকুলাম৷ শিক্ষাদানত আৰবী ভাষাৰ ওপৰিও ইংৰাজীত সমানে গুৰুত্ব দিয়া হয়৷ 

 
এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হব৷ ১৯৯৫ চনত চৰকাৰী সাহাৰ্য্যৰে কাটাৰ ফাউণ্ডেচন অৱ এডুকেশ্বন, চাইন্স এণ্ড কমিউনিটি ডেভেলপমেন্ট নামৰ এটি সংস্থা গঢ় লৈ উঠে ৷ এই কাটাৰ ফাউণ্ডেচনৰ তিনিটা লক্ষ্য হ'ল-শিক্ষা, বিজ্ঞান আৰু গবেষণাৰ দিশত অৰিহনা যোগোৱা৷ কাটাৰ এডুকেশ্বন চিটিৰ বিশাল পৰিসৰৰ কেম্পাচত আমেৰিকা, কানাডা,ফ্ ৰান্সকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ কমেও ৮খন বিশ্ববিদ্যালয়ে নিজৰ শাখা ডোহাত মুকলি কৰিছে৷ তাৰ ভিতৰত উল্লেখযোগ্য হ'ল - ভাৰ্জিনিয়া কমনৱেল্থ ইউনিভাৰ্চিটি (১৯৯৮), ৱেল মেডিকেল কলেজ (২০০২), টেস্কাচ এ এম ইউনিভাৰ্চিটি (২০০৩), কাৰ্ণেজি মেলন ইউনিভাৰ্চিটি (২০০৪), জৰ্জ টাউন ইউনিভাৰ্চিটি অৱ ফৰেইন চাৰ্ভিচেজ(২০০৫), নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটি (২০০৮), এইচ ই চি পেৰিচ (২০১১), ইউনিভাৰ্চিটি কলেজ অৱ লণ্ডন (২০১১) , ষ্টেনডেন ইউনিভাৰ্চিটি, কলেজ অৱ নৰ্থ আটলান্টিক আদি৷ সাংবাদিকতা, ডিজাইন, মিউজিয়াম, পূৰাতত্ব আৰু নানা বিষয়ৰ শিক্ষা এই বিশ্ববিদ্যালয় সমূহে দিয়ে৷ ইয়াৰ ওপৰিও চৰকাৰে নিজা খৰচত উপযুক্ত কাটাৰী ছাত্ৰক বিদেশত বিভিন্ন বিষয়ত উচ্চ শিক্ষা লবলৈ পঠিযায় ৷ 

 
কাটাৰ ইউনিভাৰ্চিটি দৰ্শনৰ কথা আগৰ ডায়েৰীৰ যোগেদি পাঠকসকলক অৱগত কৰাইছিলোঁ ৷ আজি তাৰ বিষয়ে আপোনালোকক কিছু কথা জনাওঁ৷ বিশ্ববিদ্যালয়খন ১৯৭৩ চনত ৫৭জন ছাত্ৰ আৰু ৯৩জনী ছাত্ৰী লৈ শুভাৰম্ভ হয়৷ ৩বছৰ পিছত ২৬০০জন শিক্ষাৰ্থীৰে ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম আৰম্ভ হয়৷ আজি বিশ্ববিদ্যালয়খনত থকা আন বিষয়সমূহ হ'ল - ক'লা, বিজ্ঞান,আইন, শিক্ষা, বাণিজ্য,অৰ্থনীতি,ইচলামিক ষ্টাডি আৰু ফাৰ্মাচী ৷ ২০০৬চনত ফাৰ্মাচীৰ ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ হৈছে৷ বিশ্ববিদ্যালয়ৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা ৮০০০ৰ অধিক৷ আমোদজনক কথা ইয়াৰে ৭৩ শতাংশই হ'ল মহিলা৷ বিশ্ববিদ্যালয়ত ইংৰাজী আৰু আৰবী দুয়োটা ভাষাতে পাঠদান কৰা হয়৷ গছ-গছনি আৰু অনেক ফুলনিৰে জাতিষ্কাৰ বিশ্ববিদ্যালয়ৰ পৰিবেশ অতিকৈ মোহনীয় ৷ বিশ্ববিদ্যালয়ৰ গাড়ী পাৰ্কিঙৰ পৰিসৰ বৃহৎ আকাৰৰ, কিয়নো ছাত্ৰ আৰু শিক্ষক প্ৰায়সকলৰেই আছে একোখনকৈ চাৰিচকীয়া বাহন৷

ইউনেস্কোৰ তথ্যমতে কাটাৰত পুৰুষৰ শিক্ষিতৰ হাৰ ৯০শতাংশৰ বিপৰীতে মহিলাৰ ৯৮শতাংশ ৷ দেশখনৰ সকলো শিক্ষানুষ্ঠানৰ গতিবিধি ঘাইকৈ নিয়ন্ত্ৰণ কৰে চুপ্ৰিম কাউঞ্চিল অৱ এডুকেশ্বনে৷ ইয়াৰ স্থাপনা হয় ২০০২ চনত৷ নাৰ্চাৰীৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে প্ৰতিষ্ঠানসমূহৰ সকলো গতিবিধি ই নিয়ন্ত্ৰণ কৰে৷ প্ৰত্যেকখন অনুষ্ঠানৰ ফোন নম্বৰ, ই-মেইল, ৱেবচাইট চুপ্ৰিম কাউঞ্চিল অৱ এডুকেশ্বনৰ নখ দৰ্পণত৷ ইয়াৰ ওপৰিও আছে শিক্ষা বিভাগৰ নানানটা তত্বাবধানৰ দায়িত্বত মিনিষ্ট্ৰি অৱ এডুকেশ্বন ৷ এই মন্ত্ৰালয়ে সকলো ট্ৰেইনিং চেন্টাৰ, কিণ্ডাৰগাৰ্ডেনৰ গতিবিধিৰ ওপৰত চকু দিয়ে৷ মন্ত্ৰালয়ে চায় অনুষ্ঠানত বিজুলী আৰু পানীৰ যোগান আৰু আন আন লাগতিয়াল সা-সুবিধা পৰ্যাপ্ত পৰিমানৰ আছে নে নাই৷
-----------------------------------------------------------------
লেখক কাটাৰৰ ডোহাত বিশেষজ্ঞ চিকিৎসক ৰূপে কৰ্মৰত
আৰু সেই দেশত কৰ্মজীৱনৰ অভিজ্ঞতাৰে "কাটাৰৰ ডায়েৰী" নামেৰে এখনি গ্ৰন্থও প্ৰকাশিত হৈছে।

No comments:

Post a Comment