১. অসমৰ বান-খহনীয়া ৰোধৰ বাবে বান-খহনীয়া প্ৰতিৰোধ প্ৰাধিকৰণ গঠন কৰিব বুলি ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে৷ এই প্ৰাধিকৰণক প্ৰথমে ১০০০কোটি টকাৰ বিনিয়োগেৰে মাথাউৰি সৱলীকৰণ, পুনৰ নিৰ্মাণ তথা খহনীয়া ৰোধৰ বাবে কাম আগবঢ়াবলৈ দ্বায়িত্ব অৰ্পণ কৰা হব৷
২. আজি দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত হৈছে প্ৰধানমন্ত্ৰীৰ জন-ধন-যোজনাৰ উদ্বোধনী অনুষ্ঠান৷ প্ৰতিখন বেংক খাটাৰ সৈতে একলাখ টকাৰ বীমাৰ সুবিধাৰে দেশৰ সকলো নাগৰিককে বেংক ব্যৱস্থাৰ সৈতে জড়িত কৰিব খোজা অভিলাষী আঁচনিখন ৬০০ৰো অধিক জিলাত শুভাৰম্ভ হব৷ এই বিশেষ উপলক্ষত বেংক সমূহে ৭০হাজাৰৰো অধিক শিবিৰৰ আয়োজন কৰিছে আৰু লগতে বেংক কৰ্মচাৰী সকললৈ এই আঁচনিক সফল কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পত্ৰও প্ৰেৰণ কৰাৰ কথাও প্ৰকাশ পাইছে৷
৩. গুৱাহাটীৰ পাণবজাৰস্থিত সনাতন ধৰ্মসভা(হৰিসভা)ৰ শতবৰ্ষ উপলক্ষে বিশিষ্ট লোকসংস্কৃতিবিদ ডঃ বীৰেন্দ্ৰনাথ দত্তৰ সঞ্চালনাত অনুষ্ঠিত হয় "বৰ্তমান সমাজ-জীৱনত ধৰ্ম আৰু ইয়াৰ প্ৰাসংগিকতা" শীৰ্ষক আলোচনা চক্ৰ৷ ডঃ দীনেশ চন্দ্ৰ গোস্বামী আৰু ডঃ মালিনীয়েও বিশ্লেষণাত্মক বক্তব্যৰে আলোচনাচক্ৰখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷
৪. কলংকিত ব্যক্তিক মন্ত্ৰীসভাত স্থান নিদিবলৈ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সমূহলৈ পৰামৰ্শ আগবঢ়ালে দেশৰ উচ্চতম ন্যায়ালয়ে৷ এটা গোচৰত অপৰাধমূলক বা দুৰ্নীতিৰ গোচৰ থকা সকলক মন্ত্ৰীসভাৰ পৰা অপসাৰণৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিও ন্যায়ালয়ে চাৰ্জশ্বীট দাখিল হোৱা কোনো লোকক ৰাখি মন্ত্ৰীসভা কলংকিত নকৰিবলৈ দিয়া পৰামৰ্শ অতিশয় গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷
৫. কেন্দ্ৰীয় চৰকাৰে ৰাজ-সাহাৰ্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা সকলো ৰাজ্যতে ৯টাৰ পৰা ১২টালৈ বৃদ্ধি কৰাৰ সুখবৰ৷ উল্লেখযোগ্য যে পূৰ্বৰ চৰকাৰে এই সংখ্যা ৯টালৈ সীমিত কৰিছিল আৰু কিছু কংগ্ৰেছ শাসিত ৰাজ্যই নিজাববীয়াকৈ বাকী তিনিটাত ৰাজ-সাহাৰ্য প্ৰদান কৰিছিল৷ এই সিদ্ধান্তৰ দ্বাৰা এতিয়া সকলো ৰাজ্যৰ লোকেই উপকৃত হব৷
৬. কালি ভাৰত চৰকাৰে বেৱচাইটৰ বাবে দেৱনাগৰী লিপিত .ভাৰত ডমেইন মুকলি কৰিছে৷ ইয়াৰ দ্বাৰা হিন্দী, কংকনী, মাৰাঠী, বড়ো, নেপালীকে ধৰি মুঠ আঠটা ভাষাৰ বেৱচাইট সমূহৰ নাম দেৱনাগৰী লিপিৰেই নামাকৰণ কৰাৰ বাট মুকলি হোৱাৰ সুখবৰ প্ৰকাশ পাইছে৷
৭. অহা ছেপ্তেম্বৰৰ পৰা ৪অক্তোবৰলৈ অনুষ্ঠিত হব লগা এছিয়ান গেমছৰ বাবে ভাৰতীয় বক্সিং দলত পুনৰ নিজৰ স্থান নিশ্চিত কৰিলে মেৰী কমে৷ উল্লেখযোগ্য যে মেৰী কম যোৱা কমনৱেলথ গেমচৰ ট্ৰায়েলত বিফল হৈ দলৰ পৰা বাদ পৰি ৰৈছিল৷ ১৩জনীয়া ভাৰতীয় দলত অসমৰ শিৱ থাপা, মণিপুৰৰ এল দেৱেন্দ্ৰ সিং আৰু এল চৰিতা দেৱীয়েও নিজৰ নিজৰ শাখাত যোগ্যতা প্ৰতিপন্ন কৰি দেশক প্ৰতিনিধিত্ব কৰাটো নিশ্চিত কৰিছে৷
৮. ইনটেক্স কোম্পানীয়ে ১৯৯৯টকাতে দেশৰ আটাইতকৈ কম মূল্যৰ স্মাৰ্টফোনটো বজাৰত মুকলি কৰি দিছে৷ ফায়াৰফক্সৰ অপাৰেটিং চিষ্টেমৰ সৈতে বজাৰলৈ অহা এইটোৱেই প্ৰথম স্মাৰ্টফোন৷ ই দেশৰ বজাৰ অচিৰেই দখল কৰিব বুলিও সম্ভাৱনা প্ৰকাশ পাইছে৷
৯. উচ্চতম ন্যায়ালয়ে দেশৰ সৰ্ববৃহৎ ৰিয়েল ইষ্টেট কোম্পানী ডি এল এফক ৬৩০ কোটি টকাৰ জৰিমনা তিনিমাহৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ কম্পিটিছন কমিছন অৱ ইণ্ডিয়াই গোৰগাঁৱত মন'পলি মাৰ্কেট সৃষ্টিৰে বজাৰত চাপ সৃষ্টি কৰাৰ বাবে যি জৰিমনা বিহিছিল, তাত কোনো স্থগিতাদেশ দিবলৈ ছুপ্ৰীম কৰ্টে কালি অস্বীকাৰ কৰিছে৷
১০. দেশৰ ১৪টা গাড়ী নিৰ্মাণ কোম্পানীক স্পেয়াৰ পাৰ্টছ আৰু বিক্ৰীৰ পাছৰ সেৱা খণ্ডক বিকাশৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ অপৰাধত মুঠ ২৫৪৪কোটি টকাৰ জৰিমনা বিহিছে কম্পিটিছন কমিছন অৱ ইণ্ডিয়াই৷ নিজৰ প্ৰভুত্ব খটুৱাই মন'পলিৰ বজাৰ সৃষ্টি কৰাৰ অপৰাধত জৰিমনা বিহা কোম্পানীৰ ভিতৰত মাৰুতি, টাটা, হোণ্ডা, ফিয়েট, বি.এম.ডব্লিউ, স্কোডা আদি কোম্পানীৰ নামো আছে৷
No comments:
Post a Comment