কিছুদিনৰ আগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খলকনি তোলাৰ পাছত এইবাৰ অসমৰ সংবাদ মাধ্যমতো "চোৰাংচোৱাৰ প্ৰতিবেদন"য়ে খলকনি তোলা পৰিলক্ষিত হৈছে। এতিয়া এই প্ৰতিবেদনত প্ৰকাশ কৰা তথ্য তথা ইংগিতক লৈ ৰাজনৈতিক দলাদলি, টিভি চেনেলৰ বিতৰ্ক আদিয়েও ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। বিষয়টো দেখি-শুনি মনলৈ অহা কেতবোৰ প্ৰশ্নকে পাঠক সমাজৰ আগত তুলি ধৰিব খুজিছো।
চোৰাংচোৱাৰ প্ৰতিবেদনৰ মূল লক্ষ্য কি? কি কাৰণে চোৰাংচোৱা ব্যৱহৃত হয়? কি কি সংস্থাই ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰৰ হৈ এনে গোপন তথ্য সংগ্ৰহৰ কাম কৰি আছে? এইবোৰ প্ৰশ্নৰ উত্তৰো সচেতন মহলে বিচৰা উচিত। বুজি পোৱা অনুসৰি গৃহ মন্ত্ৰালয়ৰ অধীনত কেইবাটাও সংস্থাই গোপন তথ্য সংগ্ৰহ নিজা নিজা চেনেলেৰে সংগ্ৰহ কৰে। তেওঁলোকৰ নিজা নিজা তথ্য যোগোৱা নেটৱৰ্ক আছে। ইণ্টিলিজেঞ্চ ব্যুৰো(আই.বি)ৰ সৈতে এছ এছ বি জড়িত। ৰিচাৰ্ছ এণ্ড এনালিষ্ট ৱিং(ৰ')ৰো নিজা এজেণ্ট তথা নেটৱৰ্ক আছে। সেইদৰে সেনাবাহিনীৰো নিজা চোৰাংচোৱা আছে। সেইদৰে অসম পুলিচ তথা ৰাজ্যৰ গৃহ বিভাগৰ চোৰাংচোৱাইও নিজৰ কামত আত্ম-নিয়োগ কৰি আছে। তেওঁলোকে বিভিন্ন ক্ষেত্ৰৰ পৰা বিভিন্ন উপায়েৰে খবৰ সংগ্ৰহ কৰি বৰমূৰীয়ালৈ প্ৰেৰণ কৰে। এনে প্ৰতিবেদনৰ কপি প্ৰয়োজন অনুসৰি বিভিন্ন বিভাগৰ সৈতে শ্বেয়াৰ কৰা হয়।
এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আচলতে গৃহ বিভাগে, সেনা বাহিনী বা পুলিচ বিভাগে নিজৰ ভৱিষ্যত কৰ্মপন্থা নিৰ্ধাৰণ কৰে। সাধাৰণ মানুহে বুজি পোৱা মতে চোৰাংচোৱাৰ প্ৰতিবেদনৰ প্ৰথম লক্ষ্য হ'ল কোনো কূটাঘাতৰ সংকেত বা সম্ভেদ লাভ কৰিলে তাৰ প্ৰতি-ব্যৱস্থা গ্ৰহণ কৰা বা প্ৰতিৰোধ কৰাটো। তাৰ বাবে টেলিফোন টেপিং, ৱায়াৰলেচ বাৰ্তালাপৰ কডিং-ডিকডিং, মানুহৰ গতিবিধি, আলাপ-আলোচনা, উদ্ধাৰ হোৱা চিঠি, নথি, গ্ৰেপ্তাৰ হোৱাজনৰ স্বীকাৰোক্তি, ই-মেইল হেকিং আদিও তথ্যৰ উৎস হব পাৰে। মাজে মাজে এনেদৰে পোৱা তথ্যৰ ভিত্তিত ৰেড এলাৰ্ট জাৰি কৰি কোনো ঘটনাৰ সম্পৰ্কত ৰাইজক আগতীয়াকৈ সচেতন কৰি দিয়াটো এটা প্ৰচলিত ব্যৱস্থা।
পিছে কেন্দ্ৰীয় চৰকাৰৰ দ্বায়িত্ব নতুন দলে হাতত তুলি লোৱাৰ পাছৰে পৰাই চোৰাংচোৱাৰ প্ৰতিবেদনৰ খবৰ লিক্ হোৱা আৰু ন্যস্তস্বাৰ্থ সিদ্ধিৰ বাবে প্ৰচাৰ তথা প্ৰপাগাণ্ডা হোৱাটো অতিশয় দৃষ্টিকটু হৈ ধৰা দিছে। প্ৰথমেই এটা কথা আমি বুজি লব লাগিব যে, এনে প্ৰতিবেদনৰ ধৰণ সাধাৰণতেই অতিশয় গোপনীয় হয়। কিন্তু যেতিয়া, তাক কোনোৱে লিক্ কৰে বা ৰাজহুৱা কৰে, কাৰোবালৈ ইংগিত প্ৰকাশ কৰি জন-মানসত হেয় কৰাৰ চেষ্টা চলায়। তেতিয়াই সেই প্ৰতিবেদনক লৈ প্ৰশ্নৰ উদয় হোৱাটো নিশ্চয়কৈ স্বাভাৱিক। আৰু এই প্ৰতিবেদন লিক্ কৰাৰ আঁৰত কোনো ষড়যন্ত্ৰ থকাৰ কথাও সচেতন সমাজে অনুমান কৰিব পাৰেই!
শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যত প্ৰকাশিত চোৰাংচোৱা সংস্থাৰ ৰিপৰ্টত বহু কেইটা স্বেচ্ছাসেৱী সংস্থাৰ নাম উল্লেখ কৰি সেই স্বেচ্ছাসেৱী সংগঠন কেইটাই বিদেশী পুঁজি গ্ৰহণ কৰি বিদেশী শক্তিৰ হৈ কাম কৰাৰ অভিযোগ আনিছিল। বিষয়টোৱে ৰাষ্ট্ৰীয় স্তৰত যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল। টিভি চেনেল সমূহেও এনে বিতৰ্কলৈ অহা গ্ৰীণ পীচকে ধৰি বিভিন্ন সংস্থাৰো পক্ষ আলোচনাৰ মাধ্যমত প্ৰচাৰ কৰিছিল। সেই আলোচনা সমূহৰ পৰা ভাঁহি অহা মতটো এনে আছিল যে, বিদেশী সংস্থাৰ পৰা পুঁজি গ্ৰহণ কৰিবৰ বাবে ভাৰতৰ স্বেচ্ছাসেৱী সংস্থা সমূহে ৰিজাৰ্ভ বেংকৰ কিছু নীতি-নিয়ম পালন কৰাৰ দৰকাৰ আৰু সেই সমূহ পালন কৰাৰ পাছতহে এনে বিদেশী পুঁজি সংস্থালৈ হস্তান্তৰ কৰিব পাৰি। যদি চোৰাংচোৱা বিভাগৰ হাতত এনে দেশ বিৰোধী কাম-কাজত লিপ্ত হোৱাৰ অভিযোগ বা পাক্কা তথ্য হাতত আছিলেই তেন্তে কিয়, গৃহ বিভাগে ইমান দিনে সেই সমূহ স্বেচ্ছাসেৱী সংগঠনক নিষিদ্ধ ঘোষণা কৰাৰ লগতে এনে পুঁজি হস্তান্তৰ হোৱাত ৰিজাৰ্ভ বেংকৰ হতুৱাই ব্লেক লিষ্ট কৰাই নিদিলে? তাকে লৈও বিশ্লেষক সকলে অৱতাৰণা কৰা প্ৰশ্নই প্ৰতিবদেন লিক্ কৰাৰ ন্যস্ত উদ্দেশ্যক লৈ সন্দেহৰ সৃষ্টি কৰেই। বিশেষকৈ যেতিয়া সেই তালিকাত এই অভিযোগৰ সন্মুখীন হোৱা স্বেচ্ছাসেৱী সংগঠন সমূহে বহুকেইটা বহুজাতিক তথা দেশীয় পুঁজিপতিৰ পৰিবেশ সম্পৰ্কীয় অবাধ নীতি নিয়ম উলংঘন, মানৱ-অধিকাৰ উলংঘন, খনি আদিৰ ফলত হোৱা মানৱ স্থানাচ্যুতকৰণ আদি স্পৰ্শকাতৰ বিষয়ক লৈ প্ৰতিবাদ কৰি আহিছে বা মাত মাতি আহিছে। তাৰোপৰি নিউক্লিয়েৰ শক্তি প্ৰকল্প, মোডিফাইড ক্ৰপ, বৃহৎ নদী-বান্ধ আদি নতুন প্ৰযুক্তিগত দিশতো স্পৰ্শকাতৰ প্ৰতিবাদৰ গুৰি ধৰি আহিছে, যি সমূহ প্ৰতিবাদ পোনে পোনে পুঁজিপতি কোম্পানীৰ স্বাৰ্থত আঘাতকাৰী ৰূপে পৰিগণিত হৈছে।
অভিযোগৰ আঙুলি উঠা বহুকেইটা সংস্থাই দেশৰ ৰাইজে দিয়া পুঁজিৰ তুলনাত নুন্যতম বিদেশী সংস্থাৰ সাহাৰ্য লাভৰ তথ্যও প্ৰকাশ কৰাত, এনে অভিযোগৰ সত্যতাক লৈও প্ৰশ্ন চিহ্নৰ সৃষ্টি হৈছে। আনকি সংস্থা সমূহে দেশৰ স্বাৰ্থ বিৰোধী কাম কৰাৰ অভিযোগৰ সত্যতা প্ৰমাণ কৰা তথা লগতে প্ৰয়োজন হ'লে বিদেশী সাহাৰ্য লোৱাৰ ব্যৱস্থাৰ পৰা ৰিজাৰ্ভ বেংক যোগে নিষিদ্ধ কৰি দিয়াৰ বাবেও চৰকাৰক প্ৰত্যাহ্বান তুলি ধৰা দেখা গ'ল । পিছে কেন্দ্ৰীয় চৰকাৰে সেই প্ৰত্যাহ্বানৰ কোনো প্ৰত্যুত্তৰ নিদিলে। নতুনকৈ অহা শাসকক সন্তোষ দিয়াৰ বাবেই তেওঁলোকৰ মন পচন্দ এখন প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰা বুলিও চোৰাংচোৱা সংস্থাৰ মূৰব্বী তীব্ৰ ভাৱে সমালোচিত হ'ল।
আচলতে এই স্বেচ্ছাসেৱী সংস্থা সমূহৰ বৰ্ধিত প্ৰভাৱকলৈ চিন্তিত হৈছে নতুন চৰকাৰো। সেয়ে এক সতৰ্কবাণী দিয়া বা নতুন চৰকাৰ হৈছে, "আমি আহিছো, দিন সলনি হৈছে" ধৰণৰ বাৰ্তা প্ৰেৰণৰ কৰাটো এক জৰুৰী কথাই আছিল! আৰু সেয়ে চেগ বুজি এই প্ৰতিবেদনৰ কিছু অংশ লিক্ কৰি অপপ্ৰচাৰ চলোৱা বুলিও সংস্থা সমূহে প্ৰতি-অভিযোগ আনিলে। কিন্তু বিতৰ্কলৈ টানি আনি স্বেচ্ছাসেৱী সংগঠন সমূহৰ শিৰত প্ৰশ্ন চিহ্ন লগোৱাৰ লক্ষ্যত উপনীত হ'ল এই চক্ৰ। কেন্দ্ৰীয় চৰকাৰেও মাত্ৰ এই গোপন প্ৰতিবেদন লিক্ কেনেকৈ হ'ল তাৰেই এটা তদন্ত ঘোষণা কৰি বিষয়টো সামৰি থব খুজিলে। আৰু লক্ষণীয় ভাৱে সেই তদন্ত ঘোষণাৰ প্ৰায় তিনিমাহৰ পাছতো সেই বিষয়ত কোনো অগ্ৰগতিৰ কথা আশা কৰা ধৰণেৰেই ৰাজহুৱা কৰা নহ'ল! ইয়েই সেই খলকনিৰ আঁৰৰ গোপন অভিস্পাক উদঙাই দিয়া নাইনে?
একেই ধৰণেৰে অসম নাগালেণ্ড সীমান্তত সংঘটিত হোৱা নগাৰ আগ্ৰাসী আক্ৰমণ, ৫৭৩টাকৈ ঘৰ জ্বলাই গৃহহীন কৰা ঘটনাৰ পাছতো সুবিধাজনক স্থিতি লৈ এতিয়া ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে চোৰাংচোৱা প্ৰতিবেদনৰ "কূটনীতি" আৰম্ভ কৰিছে। ইমানেই যদি এই চোৰাংচোৱা সক্ৰিয় আছিল, তেন্তে ১৬খনতকৈ গাঁও ভস্মীভূত হোৱাৰ সম্ভাৱনা, ১৬জনকৈ লোক নিহত হোৱাৰ ঘটনাৰ কোনো ভূ-উমান এই সংস্থা সমূহে আগতীয়াকৈ লাভ কৰা নাছিলনে?
যদি চোৰাংচোৱা সেই অঞ্চলত সক্ৰিয় আছিলেই তেন্তে তেওঁলোকৰ খবৰৰ ভিত্তিত এনে ঘটনাৰ প্ৰতিৰোধ কিয় কৰা নহ'ল। এনে ঘটনা হ'লে যে ৰাইজৰ মাজত ক্ষোভৰ উদ্গীৰণ হব, সেয়াও কি চোৰাংচোৱাই অনুমান কৰিব পৰা নাছিল। হাজাৰ হাজাৰ লোকে জীৱনৰ মায়াত শৰণাৰ্থী শিৱিৰত আশ্ৰয় লোৱাৰ পাছত, প্ৰতিবাদ কৰা সকলক চিআৰপিএফৰ লাঠি-চালনা কৰিলে পৰিস্থিতি হিংসাত্মক হৈ উঠিব বুলিও কোনো এটা চোৰাংচোৱা সংস্থাই ভাবিবই নোৱাৰিলেনে? এনে পৰিস্থিতিত কোনো দুৰ্বৃত্তৰ দল সোমাই পৰিস্থিতি অধিক বেয়ালৈ ঠেলি দিয়াৰ যে সম্ভাৱনা থাকেই, সেয়া সাধাৰণ হিন্দী চিনেমা চোৱা দৰ্শকেই বুজিব পাৰে! আৰক্ষী, প্ৰশাসন তথা চোৰাংচোৱা বিষয়া তথা মূৰব্বী সকলে সেইকথাৰ আওভাৱেই নাপালে নে? হিংসাত্মক ৰূপ লোৱা প্ৰতিবাদ, টিভিত তাৰ লাইভ প্ৰদৰ্শনে কেইবাগুণে বৃদ্ধি কৰা উত্তেজনাক প্ৰতিৰোধ কৰিবলৈ কি চোৰাংচোৱাৰ সংস্থাৰ হাতত তেন্তে তথ্যই নাছিল নে সুবিধাই নাছিল। প্ৰশ্ন হয় গুলী বৰ্ষণৰ বৰ্বৰ ঘটনা, গোলাঘাট কাণ্ডৰ বাবে চোৰাংচোৱা বাহিনীয়েই প্ৰথম জগৰীয়া নহয়নে?
এতিয়া "চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি" ফঁকৰা-যোজনাৰ দৰেই সেই প্ৰতিবাদী জনতাক ভাগ ভাগ কৰি শক্তিহীন কৰাৰ স্বাৰ্থতে চোৰাংচোৱাৰ বিশেষ প্ৰতিবেদন লিক্ কৰা হৈছে। য'ত শাসকৰ দাঁতৰ শূল, চকুৰ কূটা ৰূপে ক্ৰমাত পৰিণত হোৱা কেইটিমান শক্তিক "তৃতীয় শক্তি"ৰ নাম দি প্ৰচাৰ কৰিবলৈ বিচৰা হৈছে। এতিয়া টিভিৰ ফুটেজৰ পৰা কোনজন প্ৰতিবাদী কোন দলৰ সদস্য বা সহমত প্ৰকাশ কৰা লোক তাক চিনাক্ত কৰণৰ প্ৰক্ৰিয়াও আৰম্ভ হব। পিছে ঘোষিত হোৱা ন্যায়িক তদন্তও চাগৈ এটা সময়ত আনবোৰ তদন্তৰ দৰেই ফলাফল নোলোৱাকৈ মাৰ যাব! যদি পাৰে দুৰ্বৃত্তৰ চিনাক্তকৰণ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, ন্যায়িক তদন্তই আৰক্ষী, প্ৰশাসন, চোৰাংচোৱাৰ বিফলতাকো সামৰি লওক। হিংসাত্মক ঘটনাৰ বাবে জগৰীয়া সকলো পক্ষকে শাস্তি বিধানৰ নিশ্চয়কৈ ব্যৱস্থা কৰক, যিটো ভৱিষ্যতৰ বাবে এক শিক্ষা হোৱাকৈ অতিশয় প্ৰয়োজনীয়!
কিন্তু সাময়িক ভাৱে গৃহ বিভাগৰ বিফলতাক ঢাকিবৰ বাবেই এই চোৰাংচোৱাৰ প্ৰতিবেদন নিজৰ সুবিধা হোৱাকৈ লিক্ কৰা হৈছে। অপপ্ৰচাৰ-প্ৰপাগাণ্ডাক জোৰদাৰ কৰি মূল বিষয়টোৰ পৰা, সমস্যাটোৰ পৰা মানুহৰ দৃষ্টি আঁতৰাই আনিবলৈ চেষ্টা কৰা হৈছে। এই মুহূৰ্তত প্ৰশাসনৰ মুৰব্বী, প্ৰশাসনিক বিষয়াৰ বিফলতা, চোৰাংচোৱাৰ বিফলতা ঢাকিবলৈকে এই "তৃতীয় শক্তি"ৰ আঁৰ কাপোৰখনৰ অৱতাৰণা কৰা হৈছে, সেয়া বুজিবলৈ কাৰোৰেই অসুবিধা হোৱা নাই।
যদি সঁচাই পুলিচ প্ৰশাসন, চোৰাংচোৱা যদি আছেই, তেন্তে শক্তিশালী ৰূপত তাৰ ব্যৱহাৰ কৰি ৰাইজৰ জীৱন আৰু নিৰাপত্তাৰ নিশ্চিতকৰণৰ বাবে ব্যৱহাৰ কৰক। চোৰাংচোৱাৰ প্ৰতিবেদনৰ ভিত্তিত অনাহক পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পৰাই বাৰণ কৰাৰ বাবে মনোনিবেশ কৰক।এনে প্ৰতিবেদনৰ যি আচল উদ্দেশ্য সেই উদ্দেশ্যতে ইয়াৰ ব্যৱহাৰ হওক, নিজৰ বিফলতা ঢাকিবৰ বাবে ৰাজনৈতিক দলাদলিৰ খেল কৰিবৰ বাবে নিশ্চয়কৈ নহয়! তদন্ত ঘোষণা আৰু এনে অভিযোগ, প্ৰতি-অভিযোগৰ খেল আৰম্ভ কৰাটো যাতে পুনৰ ৰাইজৰ চকুত ধূলি দিবলৈ কৰা অপচেষ্টা বুলি প্ৰমাণিত নহয়, সেয়াও চৰকাৰে নিশ্চিত কৰক।

No comments:
Post a Comment