আমি শ্ৰমদান কৰিব নোৱাৰোঁ নে?
অৰুণজ্যোতি দাস
আমি নিজেও হয়তো কোনো নতুন ঠাইলৈ ফুৰিবলৈ গৈ যদি তাত নাক-মুখ বন্ধ কৰি চলিব লগীয়া এটা পৰিস্থিতিৰ সমুখীন হওঁ,তেন্তে দুনাই তালৈ কেতিয়াও নাযাবলৈহে সংকল্প লওঁ ।দুৰ্গন্ধময় লেতেৰা পৰিৱেশ বৰ্তমান কেৱল বাটৰ দাঁতিতহে যে দেখা পোৱা যায়, তেনে নহয় । ৰাজহুৱা প্ৰসাৱগাৰ,বাচ-আস্থান, হাট-বজাৰ,চিনেমা-ঘৰ,সভাঘৰ সকলোতে আমি থু-খেকাৰ পেলাই,চূণ - তামোলৰ পিক সানি পাৰ্যমানে যিমান মন যায় সিমানে লেতেৰা কৰোহঁক ! কাৰণ, এইবোৰ আমাৰ ব্যক্তিগত সম্পত্তি নহয় ! গাড়ীত গৈ থাকিলেও খোৱাবস্তুৰ পেলনীয়া টোপোলা বা অদৰকাৰী পলিথিন,কাগজ ইত্যাদিবোৰ বাহিৰলৈ দলিয়াই পেলোৱাটো আমাৰ প্ৰায় সকলো মানুহৰেই যেন এটা অঘোষিত মৌলিক অধিকাৰহে, তেনে লাগে ।
মন কৰিলে দেখিব যে ,আমাৰ নিজা চুবুৰীটোতেই ঘৰৰ অতিকেই ওচৰতে কোনোবা এজনে এদিন জাবৰ অলপ পেলাই থৈ যায় আৰু দুদিন পিছতে সেই ঠাইত এদিন এটা জাবৰৰ দ’ম গা কৰি উঠে । তাৰ পিছত সেই দ’মটোক আপুনি দেখিও নেদেখাৰ ভাওঁ ধৰিব লগীয়া হয় । তাৰ কাষেৰেই প্ৰতিজনেই নিৰ্বিকাৰভাৱে অহা-যোৱা কৰি থাকে । মিউনিচিপাল কমিটিয়ে অথবা চৰকাৰে এদিন আহি আমাৰ এই থকা ঠাইকণো পৰিষ্কাৰ কৰি থৈ যাবহি বুলি আমি আশা পালি বহি থাকোঁ । এইবোৰ কৰিবৰ বাবেও হয় আমি মন্ত্ৰী-বিধায়কৰ ওচৰলৈ যাওঁ , নহ’লে আন্দোলন কৰোঁ ।
দেশৰ নানান ডাঙৰ ডাঙৰ সমস্যাৰ তুলনাত এই সমস্যাটো তেনেই নগন্য। কিন্তু ইয়েই বিশ্ববাসীৰ আগত আমাৰ জাতিটোৰ নাক-কাণ কাটিবৰ বাবে যথেষ্ট । গতিকে অপৰিস্কাৰ আৰু অস্বাস্থ্যকৰ পাৰিপাৰ্শ্বিকতাত বাস কৰাৰ বদনাম লোৱাৰ সলনি এটি সুস্থ-সুন্দৰ পৰিৱেশ চৌপাশে গঢ়ি তুলি নিজকে এটা ৰুচিপূৰ্ণ জাতি হিচাপে চিনাকী দিবলৈ আমাৰ ৰাইজে এতিয়াৰেপৰা চেষ্টা কৰা উচিত । ইয়াৰ বাবে কোনো সংগঠন খুলি , নীতি-নিয়ম বনাই, কাৰ্যসূচী হাতত ল’ব লাগিব বুলি যদি ভাৱিছে, তেন্তে সেয়া ভুল । আমি ভাৱোঁ, ইয়াৰ বাবে তেনে কোনো জটিল কাৰ্যপন্থাৰ প্ৰয়োজন নাই । প্ৰয়োজন আছে মাথোঁ আপোনাৰ সদিচ্ছা আৰু সহযোগিতাৰ । আপুনি যি বয়সৰে নহওঁক কিয়, আপোনাৰ স্থানীয় বন্ধু কেইজন মানক লগ ধৰক আৰু হাতত দা এখন ,ঝাড়ু এটা লৈ ওলাই আহক ! মাত্ৰ এঘন্টাৰ বাবে আপোনালোক লাগি যাওঁকচোন নিজৰ ৰাষ্টাৰ লেতেৰাখিনি চাফা কৰিবলৈ । আমাৰ বিশ্বাস যে , আপোনালোকক দেখি আৰু দহোজন ওলাই আহিব । অলপ সময় লাগিব সঁচা , কিন্তু এদিন আপোনালোক সফল হ’বই ! আমি ভাৱোঁ , এনেধৰণৰ সমূহীয়া চাফাই অভিযান এটা প্ৰতিটো অঞ্চলতে প্ৰতি শনিবাৰ বা দেওবাৰে যদি আমি উলিয়াব পাৰোঁ , তেন্তে ই এটা বহু ডাঙৰ পৰিৱৰ্তনৰ বাট মুকলি কৰিব ।
অসমীয়া মানুহখিনি অতি এলেহুৱা বুলি এটা বদনাম আছে । গতিকে মন থাকিলেও বহু অসমীয়াই আকৌ এনে অনুষ্ঠানলৈ ওলাই আহিব নোৱাৰিব । অন্যহাতে যিহেতু অসমীয়াৰ অহংকাৰ বেছি, গতিকেই অলপ আৰ্থিকভাৱে টনকীয়ালসকলেও এই ধৰণৰ ‘আম আদমী’ৰ কামত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ কুন্ঠাবোধ কৰিব । তেখেতসকললৈ আমাৰ অনুৰোধ, তেওঁলোকে যেন আমাৰ নিচেই ওচৰচুবুৰীয়া ৰাজ্য মিজোৰামলৈ গৈ এবাৰ ফুৰি আহে । এশ শতাংশ শিক্ষিত নিৰ্জু প্ৰকৃতিৰ এই জনজাতীয় লোকসকল কেৱল ভৌগোলিক অৱস্থানৰ অসুবিধাৰ বাবে অৰ্থনৈতিক অথবা বাণিজ্যিক ভাৱে বেছি দূৰ আগবাঢ়িব পৰা নাই সঁচা, কিন্তু সংস্কৃতি ,আচাৰ-ব্যৱহাৰ,স্বভাৱ আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ফালৰপৰা পৃথিৱীৰ আন হাজাৰটা উন্নত জাতিৰ সতে তেওঁলোকক ৰিজাব পাৰি । আইজলৰ চিটিবাচত বহি আপুনি যদি সাধাৰণ কমলাৰ বাকলি এটাও ৰাষ্টালৈ দলিয়ায়, তেন্তে আপুনি মিজো সহযাত্ৰীৰপৰা গালি খাব লাগিব । ৰাজধানীৰ কথা বাৰু নকওঁ ।
চাকৰিসূত্ৰে মই মিজোৰামৰ এখন সীমান্তৱৰ্তী সৰু চহৰ ‘চাইহা’ত চাৰি বছৰ আছিলো । তাত দেখিছিলো যে প্ৰতি ১৫ দিনৰ মূৰে মূৰে , দিন-হাজিৰা কৰি পেট প্ৰৱৰ্তোৱা দুখীয়া মানুহজনৰ পৰা আৰম্ভ কৰি উচ্চ পদবীৰ বিষয়ালৈকে সকলোৱে একেলগে মিলি ‘বিনামূলীয়া শ্ৰমদান’ কৰিছিল । তেওঁলোকে নিজা নিজা গীৰ্জাঘৰৰ ওচৰৰ গোটেই অঞ্চলটো ইমানেই পৰিস্কাৰ আৰু সুন্দৰভাৱে ৰাখিছিল যে নতুনকৈ যোৱা এজন মানুহে তেওঁলোকৰ এই শ্ৰমদানৰ শলাগ নলৈ নোৱাৰে । বজাৰত বহা দোকানীসকলেও নিজৰ নিজৰ এলেকাটো প্ৰতি দিনেই গধূলি দোকান সামৰাৰ পিছত চাফা কৰিহে ঘৰলৈ গৈছিল ।
এনে শ্ৰমদানে আমাৰ ৰাইজক আৰু এটা ধৰণে উপকৃত কৰিব । সি হৈছে মধুমেহ বা ডায়েবেটিছ ৰোগৰ পৰা মুক্তি । ভাৰতবৰ্ষত পৃথিৱীৰ ভিতৰতে সৰ্বাধিক (বৰ্তমান প্ৰায় ৬.৭ কোটি জনৰো অধিক) ডায়েবেটিছ ৰোগী আছে । এই ৰোগক সম্পূৰ্ণভাৱে নিৰাময় কৰা পথ্য এতিয়ালৈকে ওলোৱা নাই । এই ৰোগ হোৱাৰ এটা অন্যতম কাৰণ হ’ল শ্ৰমবিমুখিতা বা এলাস্য ভাৱ । অনুশীলন নহ’লে শৰীৰত মেদ বৃদ্ধি হয় আৰু ফলত তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি গৈ এই ৰোগৰ সৃষ্টি হয় । গতিকে সমূহীয়া শ্ৰমদানে যে মানুহক সতেজ কৰি নিৰোগী কৰি ৰাখিব পাৰিব সিও ধুৰূপ সত্য ।
No comments:
Post a Comment