হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. চান্দা জাতীয় সংগঠনে চেক যোগে দুই নম্বৰী কোম্পানীৰ পৰা চান্দা লোৱা বুলি স্বীকাৰ কৰিছে৷ ধোৱা তুলসীৰ পাতৰ ছবি থকা চেক যোগে পইচা ল'লে আচলতে একো নহয় বুলিও সংগঠনটোৰ নেতৃত্বই স্পষ্ট কৰি দিছে৷ পিছে প্ৰতিবাদকে মূলধন ৰূপে লৈ চলি থকা সংগঠনটোৱে দুই নম্বৰী কোম্পানীৰ লুণ্ঠনক বাধা নিদিবলৈ প্ৰতিবাদ নকৰিবলৈ প্ৰতিশ্ৰুতি দিয়াতহে সেই চেক যোগে বৰঙণি দিয়া হৈছিল বুলিও এতিয়া সদানন্দই কলিকতাৰ পৰা আঙুলিয়াই দিয়াত সৃষ্টি হৈছে বিশাল প্ৰতিক্ৰিয়া৷

২. অসমত চিবিআইয়ে মাৰাথান তালাচী চলোৱাত দলটোক আদৰণি জনাবলৈ হেতা-উপৰা লগা বুলি জানিব পৰা গৈছে৷ যাৰ ঘৰত তালাচী চলি গ'ল তেওঁলোকেও আনকি গামোচা পিন্ধাই পিন্ধাই আদৰণি জনোৱাত আৰু পাছত প্ৰেছ মেল পাতিও পূৰ্ণ সহযোগিতাৰ কৰাৰ কথা প্ৰচাৰ কৰাৰ ফলত এতিয়া চিবিআই দলৰ ভিতৰতে কনফিউজনৰ সৃষ্টি হৈছে৷ এনে অতিভক্তি কেৱল চোৰেহে দেখুৱাই সেই কথা এতিয়া সদৌ অসম সচেতন অসমীয়া মঞ্চই স্পষ্ট কৰি দিয়াতহে চিবিআই দলটোৰ দোমোজা দূৰ হোৱা বুলিও গুজৱ ওলাইছে৷

৩. সাৰদাই ঠগি থৈ যোৱা গুঞ্জন দত্তক লৈ এতিয়া প্ৰায়বোৰ সচেতন মহলেই এতিয়া দুখ প্ৰকাশ কৰিছে৷ এজন সহজ সৰল অসমীয়া বহিৰাগত ব্যৱসায়ীয়ে ৫৬লাখৰো অধিক টকা দিবলৈ থাকি যোৱাৰ কথাটো গম পোৱাৰ পাছৰে পৰাই সহানুভূতিৰ ঢল বৈছে বুলি জানিব পৰা গৈছে৷ অসমীয়া স্বজাতি সুৰক্ষা মঞ্চৰ এটা সঁজাতি দলে সাৰদা দাদাক কলিকতাৰ জেলতে লগ কৰি হলেও এই প্ৰাপ্যধনৰ বিষয়টো হেস্তনেস্ত কৰিবলৈ কলিকতালৈ যাবই বুলিও প্ৰকাশ কৰিছে৷

৪. বিধান সভাত ৰাইজৰ সেৱকী সকলৰ দা-দৰ্মহা, বানচ-সুবিধা আদি বঢ়াই লোৱাৰ বিধেয়কখন পাছ কৰা খবৰ পোৱা গৈছে৷ প্ৰথমে নিজৰ পেটপূজা, তাৰ পাছতহে দেশসেৱাৰ মজা, বুলিও বিধায়ক সংঘই কথাটিত সন্তোষ প্ৰকাশ কৰি মতামত প্ৰকাশ কৰিছে৷পাৰিলে নিৰ্বাচনী খৰছৰ চিনেমাৰ মনোৰঞ্জন কৰ ঘূৰাই দিয়াৰ দৰে ঘূৰাই দিয়াৰ ব্যৱস্থাও কৰিব লাগে বুলিও এজনে উনুকিয়াই দিছে৷ তেহে অনাগত ইলেকচনত ৰাইজক ভাল ব্ৰেণ্ডেৰে মনোৰঞ্জন কৰাত সহায়ক হব বুলিও তেখেতে স্পষ্ট কৰি দিয়াৰ কথা জানিব পৰা গৈছে৷

৫. ৰসাল গগৈৰ "চীট ফাণ্ড প্ৰীতি" নামৰ নাটক এখন কালি দিছপুৰত উন্মোচন কৰা হয়৷ এই নাটকখনত কেনেকৈ ধৰা নপৰাকৈ কমিচন খাব পাৰি, প্ৰয়োজনবোধ কৰিলে কাৰোবাৰ ঘৰত তালাচী চলাই বদনাম কৰিব পাৰি আদি ভিতৰুৱা কথা তুলি ধৰা হৈছে বুলি জানিব পৰা গৈছে৷ নাটকখনি অহা বছৰৰ পৰা কলেজ সমূহত দ্ৰুতপাঠ্য ৰূপে প্ৰৱৰ্তন কৰাৰ বাবে কথা-বতৰা চলি থকা বুলিও গুজৱ ওলাইছে৷

৬. "অসমৰ উন্নতিৰ অন্তৰায় তৃতীয় শক্তি" নামৰ আলোচনাচক্ৰখনি আয়োজন কৰিছে কইনাধৰা জনসচেতনতা সমিতিয়ে৷ ৰসাল গগৈ চাৰে এই শক্তি নোহোৱা হ'লে অসমক আমেৰিকাতকৈ উন্নত কৰি তোলাটো বিগত ১৩বছৰত প্ৰায় খাটাঙেই আছিল বুলি নিজৰ ক্ষুৰধাৰ যুক্তি সভাত আগবঢ়াব কৰত নৰহে৷ এতিয়া যত কূটৰ ঘাই, য়ে তৃতীয় শক্তিহি হ্যাই বুলিও দিল্লীৰ পৰা এজন বক্তায়ো ভাষণ আগবঢ়াব বুলিও খবৰ পোৱা গৈছে৷

৭. অসমৰ জাতীয় সংগঠনৰ নাম বদনাম কৰা সকলৰ বাবে "পৰমানন্দ বঁটা" প্ৰবৰ্তন কৰিব বুলি ঘোষণা কৰিছে সদৌ অসম ভৱিষ্যত সুৰক্ষা সংস্থাই৷ দুই নম্বৰী কোম্পানীক বৰপীৰা পাৰি দিয়া সকলৰ ভিতৰত বৰ্ষশ্ৰেষ্ঠ অসমীয়া দালালক স্বীকৃতি দিয়াৰ উদ্দেশ্যে "সদানন্দ বঁটা"ও প্ৰৱৰ্তন কৰিব বুলি সংস্থাটোৱে এক বিজ্ঞপ্তি যোগে প্ৰকাশ কৰিছে৷

৮. "জালুকবাৰীত শনিৰ দশা" নামৰ বাটৰ নাট এখনৰ আয়োজন কৰিছে সদৌ অসম তাবিজ বিক্ৰেতা সংস্থাই৷ জালুকবাৰীত শনিৰ দশা চলাৰ বাবেহে যে বদনামৰ ঢৌ ওলাইছে, এই দশা যোৱাৰ পাছত সকলো নিকা হৈ পৰিব, সেই কথাটো ৰাইজক জ্ঞাত কৰাৰ অৰ্থেই এই বাটৰ নাট আয়োজিত হোৱা বুলিও গণক শৰ্মা নামৰ বাপুৱে আমাক এচ.এম.এচ যোগে অৱগত কৰিছে৷

৯. অশ্লীল বেৱ চাইট বন্ধ কৰিব নোৱাৰি বুলি কেন্দ্ৰই কৰ্টত হাত খাৰা কৰি দিয়া বুলি খবৰ প্ৰকাশিত হৈছে৷ পিছে কৰ্ণাটকৰ ৰঙীন বিধায়ক সকলৰ মনোৰঞ্জনৰ দিশটোলৈ দৃষ্টি ৰাখিহে এনে অপাৰগতা প্ৰকাশ কৰা হৈছে বুলিও এতিয়া টুটকীয়া টুইটাৰে প্ৰকাশ কৰিছে৷

১০. "এইবাৰ গোলাপী উপত্যাকা" নামৰ নাটকখনি কালি লিখি উলিয়ালে অসমৰ নাটক সৃষ্টিৰ অভিলেখ গঢ়োতা অবিজিত ভট্টাচাৰ্যই৷ সাৰদাৰ পাছত এইবাৰ টাৰ্গেট কোন? সেই ৰহস্যক লৈ  চলি থকা আলোচনাৰ উত্তৰ এই নাটক চালেই পাব বুলিও নাট্যকাৰে দাবী কৰিছে৷ অৰ্থনৈতিক অপৰাধৰ কাহিনীৰে অসমীয়া ভাষাত প্ৰথমখন নাটক বুলিও প্ৰকাশ কৰি "ধনতিলক থিয়েটাৰ"ৰ মঞ্চত এইখন মঞ্চায়ন কৰা হব বুলিও ভট্টাচাৰ্যই স্পষ্ট কৰি দিছে৷

No comments:

Post a Comment