লোকেল গুজৱ.কম
১. অসমত জাপানী এনকেফেলাইটিছৰ প্ৰকোপ আৰু নৰসংহাৰ ৰোধিব নোৱাৰি এইবাৰ কইনাধৰা প্ৰশাসনে এক নতুন আঁচনি ঘোষণা কৰিবলৈ ওলাইছে। "সকামজ্যোতি আঁচনি" নামৰ আঁচনি যোগে বেমাৰত ইহলীলা সম্বৰণ কৰা সকলে যাতে অভিশাপ দি নাথাকে, সেই উদ্দেশ্যে মৃতকৰ সদগতিৰ বাবে সকাম নিকামৰ বাবে আৰ্থিক সাহাৰ্য আগবঢ়োৱা এই আঁচনি অচিৰেই মুকলি কৰি, প্ৰিয়জনক হেৰুৱা সকললৈ সুখবৰ প্ৰদান কৰিব বুলি ৰসাল গগৈ চাৰে দাঁত নিকটাই প্ৰকাশ কৰিছে।
২. এণ্টাৰটেনমেণ্ট নামৰ চিনেমাৰে প্ৰথম দিনাই ১১কোটিতকৈ অধিক টকা উপাৰ্জন কৰি চিনেমাখনৰ নায়ক বিখ্যাত কুকুৰটো এচিয়াৰ ভিতৰৰ সৰ্বাধিক ধনী কুকুৰ ৰূপে পৰিগণিত হৈছে। তেওঁ এতিয়া নিজৰ উপাৰ্জনৰ বেছি অংশ পথৰ কুকুৰ সকলৰ অৰ্থে দান কৰিবলৈ ওলোৱাত এতিয়া সহ-অভিনেতা অক্ষয় বিপাঙত পৰা বুলি জানিব পৰা গৈছে। এনে অনৰ্থক উদাহৰণ দেখুৱাই তেওঁক লাজ নিদিবৰ বাবেও কুকুৰটোক এতিয়া কানে কানে বুজনি দি থকাৰো গোপন খবৰ আমালৈ আহি আছে।
৩. তিনিশ কোটি টকীয়া বেম্ব মিছনত এডালো বাঁহ নগজাৰ ফলত এক কোনেও ভংগ কৰিব নোৱাৰা অভিলেখ অসমত সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। বহিৰাগত বিষয়াৰ মইমতালীৰ প্ৰকোপতে বাঁহ নগজাত প্ৰকল্পটোৱেই বাঁহ দিবলৈ বাধ্য হোৱা বুলিও "প্ৰতিদিনে বিস্ফোৰণ" নামৰ দৈনিকখনে প্ৰকাশ কৰিছে।
৪. ছাত্ৰ সন্থাই নেতাৰ শ যাত্ৰা অনুষ্ঠিত কৰি এটা নতুন প্ৰতিবাদী ধাৰাৰ সৃষ্টি কৰাৰ পাছত তাতোকৈ জ্যেষ্ঠ যুৱ ছাত্ৰ পৰিষদে আদ্যশ্ৰাদ্ধ পাতি তাতোকৈ উন্নত প্ৰতিবাদী কাৰ্যসূচী পালন কৰি সমাদৰ লভাৰ বাতৰি পোৱা গৈছে। জানিব পৰা মতে কালি শিৱসাগৰত গগৈ আৰু নহৰুলৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। পিছে তাৰ পাছত স্বৰ্গত গৈহে কিবা দাবী তুলিব লাগিব নেকি, তাতে লৈহে এতিয়া সচেতন মহলে জানিব বিচৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
৫. তথ্য আয়োগত মুখ্য তথ্য আয়োগ, আয়ুক্ত অবিহনেই অবহেলিত হৈ পৰি আছে ৫হাজাৰটা গোচৰ। তথ্য আয়োগ এটা থকাৰ তথ্যটো ধৰি ৰখাৰ স্বাৰ্থতে আচলতে গগৈ চাৰে এই নাটকখন বন্ধ কৰি দিয়া নাই বুলিও কইনাধৰা প্ৰশাসনৰ দ্বাৰৰক্ষী চিন্তামণি গগৈয়ে মত প্ৰকাশ কৰিছে।
৬. জীয়াভৰলীত খহনীয়াৰ ফলত দুদিনতে ৰঙাপৰাত দহটাৰো অধিক ঘৰ নোহোৱা হৈ পৰাৰ খবৰত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰসাল গগৈয়ে। তেওঁৰ মতে আজি যাদু দিৱসৰ প্ৰাকক্ষণত এনেদৰে ঘৰ নোহোৱা হৈ যোৱাটোৱে নদীখনত কিবা কালিকা থকাৰ কথাই প্ৰমাণ কৰিছে। অচিৰেই মায়েঙৰ বেজেৰ হতুৱাই তেওঁ নখ বাচনি মাৰি ঘৰ কেইটাৰ সন্ধান কৰিব বুলি দৃঢ়তা প্ৰকাশ কৰাৰ খবৰে এতিয়া খলকনি তুলিছে।
৭. "পৰমানন্দে ব্লেকমেইলিং" নামৰ এখনি নাটক সাহিত্য সভাৰ মঞ্চত কালি মঞ্চস্থ হোৱা বুলি জানিব পৰা গৈছে। ৰাজবংশী প্ৰডাকচন নিবেদিত এই নাটকখনে শিৱসাগৰত বহা বহুচৰ্চিত কাৰ্যনিৰ্বাহক মণ্ডলীৰ মন জয় কৰিবলৈকে সক্ষম হৈছে বুলি গোপনে খবৰ পোৱা গৈছে।
৮. "বিহু ২০১৬ৰ বাবে টঙালি" নামৰ বিহু ভিচিডিখন পদুম প্ৰডাকচনে নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় নিৰ্বাচনী বিহুৰ মেন-অৱ-দ্য মেচ অমৃত বাদশাহে চিডিখনৰ শুভ মুহূৰত কালি দিল্লীত কৰি দিয়া বুলি জানিব পৰা গৈছে। এতিয়া "বিজয়া বাইদেউৰ বিহু"ৰ চিকুৱেলখনত বাইদেউৰ ভূমিকা কি হব তাকে লৈও প্ৰশ্ন উঠিছে।
৯. খেতিখোলা বিভাগে আয়োজন কৰা সদৌ অসম ভিত্তিত আন্তঃ বিভাগ কেলেংকাৰী প্ৰতিযোগিতাত শেহতীয়াকৈ উদ্যান শস্য বিভাগেও চূড়ান্ত ৰাউণ্ডৰ খেলৰ বাবে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিছে। কেইবাশ কোটি টকাৰ প্ৰাৰম্ভিক কেলেংকাৰীৰ বাতৰিৰ জৰিয়তে এই যোগ্যতা প্ৰতিপন্ন কৰা বিভাগটোৰ বিষয়া-কৰ্মচাৰী সকললৈ ভক্তি ভাৱেৰে উচ্চ লক্ষ্যৰে আগুৱাই পাৰ্যমানে লক্ষ্মীদেৱীৰ কৃপা লাভ কৰিবলৈকো পৃষ্ঠপোষক ৰসাল গগৈ চাৰে আহ্বান জনাইছে।
১০. ধন দাবী, অপহৰণক লৈ শোণিতপুৰৰ জিলাৰ একাংশ ৰাইজ সন্ত্ৰষ্ট হোৱাক লৈ সমালোচনা কৰিলে লালটুপি বাহিনীৰ স্থানীয় অধীক্ষকে। এইবোৰ সৰু সুৰা ঘটনা, দাবী আদিক স্বাভাৱিক পৰিঘটনা ৰূপে মানি নললে এনেয়ে হাৰাশাস্তি বাঢ়িবহে বুলিও অধীক্ষকজনে স্পষ্ট কৰি দিছে। "বিচাৰিলে দি দিবা, ওপৰলৈ নো কি নিবা" মতবাদেৰেই উগ্ৰপন্থীৰ সৈতে সহবাস কৰিবলৈ শিকিবলৈকো তেখেতে আহ্বান জনোৱা বুলি গোপন খবৰ প্ৰকাশিত হৈছে।
![]() | |
*এই পোষ্টাৰ নিৰ্মাণত নিতুপৰ্ণ ৰাজবংশীৰ সৃষ্ট আৰু গুগোল ইমেজৰ পৰা পোৱা অংকন এটি ব্যৱহৃত হৈছে। |

এই লেখাটোত ব্যৱহৃত কাৰ্টুনটো আমাৰ পুৰণি কাৰ্টুন এটাৰ পৰা নকল কৰা হৈছে। কাৰ্টুনতো newsblaze নামৰ ৱেবচাইটত এটা লেখাৰ সতে ওলাইছিল। এই কথাটোৱে সুখ-দুখৰ দৰে আলোচনী এখনৰ গৰিমাত কলংক সানিছে আৰু এনে কাম অবাঞ্চনীয়।
ReplyDeleteএইটো কাৰ্টুন হিচাবত ব্যৱহাৰ ব্যৱহাৰ কৰা হোৱা নাই। গুগোল ইমেজৰ পৰা প্ৰাপ্ত কাৰ্টুনৰ পৰা কপি-পেষ্ট কৰিয়েই সেইখন নিৰ্মাণ কৰা হৈছে। আপুনি সৃষ্টি কৰা ইমেজ ব্যৱহৃত হৈছে যদি তাৰ বাবে ক্ষমাপ্ৰাৰ্থী।
ReplyDelete