পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. ডঃ ময়িদুল ইছলাম বড়া সাহিত্য বঁটাৰ ২০১৪ৰ বাবে নিৰ্বাচিত গৈছে অসম অৰুণাচলৰ সমন্বয়ৰ প্ৰতীক কথা স্বনামধন্য সাহিত্যিক য়েছে দৰজে ঠংচি। ২০১১চনৰ পৰা প্ৰৱৰ্তিত এই বঁটা অহা ২২ছেপ্তেম্বৰত শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাৱত অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহদেৱে এই বঁটা আনুষ্ঠানিক ভাৱে প্ৰদান কৰিব।


২. কাইলৈৰ পৰা গুৱাহাটীৰ টাউন ক্লাৱত অনুষ্ঠিত হব তিনিদিনীয়া উত্তৰপূৱ শিশু চলচ্চিত্ৰ মহোৎসৱ। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ বিভাগ অধীনস্থ চিলড্ৰেন ফিল্ম ছ'চাইটি এৱ ইণ্ডিয়াই অসমৰ যোৰহাট, ডিব্ৰুগড়, ত্ৰিপুৰৰ আগৰতলা আৰু মেঘালয়ৰ শ্বিলঙতো এই মহোৎসৱ পৰ্যায়ক্ৰমে অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে। গুৱাহাটীত আঠখনকৈ বঁটাপ্ৰাপ্ত দেশী-বিদেশী শিশু ছবি প্ৰদৰ্শিত হব আৰু প্ৰতিটো দৰ্শনীলৈ একোখন বিদ্যালয়ক আমন্ত্ৰণ কৰি বিনামূলীয়াকৈ ছবি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।

৩. কালি উন্মোচিত হয় সাতসৰীৰ কাৰ্যবাহী সম্পাদক দিগন্ত ওজাৰ নৱতম গ্ৰন্থ "প্ৰথম মহাসমৰঃকাৰণ, গতিবিধি, পৰিণতি"। উন্মোচক ডঃ গোবিন্দ প্ৰসাদ শৰ্মাই প্ৰথম মহাসমৰক লৈ অসমীয়াত ৰচিত প্ৰথম এই গ্ৰন্থখন উন্মোচন কৰি তৰুণ প্ৰজন্মই প্ৰচুৰ প্ৰতিভাৰ সাহিত্যৰ ক্ষেত্ৰ সমৃদ্ধ কৰিব বুলিও আশাপ্ৰদ মন্তব্যৰে ভাষণ প্ৰদান কৰে।

৪. অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শেৱালি কবি ৰত্নকান্ত বৰকাকতীৰ প্ৰতিমূৰ্তি কালি ওপজা ঠাই ধিংত আনুষ্ঠানিকভাৱে উন্মোচিত হয়। ধিং শাখা সাহিত্য সভাৰ উদ্যোগত স্থানীয় পৌৰ সভাই এই প্ৰশংসনীয় কৰ্ম সম্পাদন কৰে। উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ ডাঃ দিলীপ কুমাৰ বৰুৱাই। উন্মোচনী অনুষ্ঠানতে শংকৰী সংস্কৃতিৰ বিশিষ্ট গৱেষক ডঃ নৰেন কলিতাই উন্মোচন কৰে ডাঃ ডিম্বেশ্বৰ ভৰালী ৰচিত "অ বহাগ" নামৰ এখনি গ্ৰন্থও।

৫. যোৱা ১৫আগষ্টত মাখিবাহাৰ বজাৰ চকত উন্মোচিত হ'ল অসম পাপেট থিয়েটাৰৰ নৱনিৰ্মিত গৃহ আৰু মঞ্চ। এই আন্তঃগাঁথনিয়ে শিল্পটোক জীয়াই ৰখাত সহায় কৰিব বুলি প্ৰকাশ কৰি উদ্বোধনী সভাত পাপেট থিয়েটাৰৰ বিশদ বিৱৰণ দাঙি ধৰে পাপেট থিয়েটাৰ, মাখিবাহাৰ প্ৰযোজক, পৰিচালক নাৰায়ণ ডেকাই।

৬. বিগত চৈধ্য বছৰ ধৰি ধুবুৰীত সমাজ সেৱাৰ বিভিন্ন কাৰ্য আৰু জনকল্যাণৰ হকে সজাগতা অভিযান চলোৱাৰ বাবে অগ্ৰণী সামাজিক সংগঠন ডাঃ পান্নালাল অছৱাল মেম'ৰিয়েল কমিটীক স্বাধীনতা দিৱসৰ শ্ৰেষ্ঠ সামূহিক সেৱা বঁটাৰে সন্মানিত কৰা হয়। ধুবুৰীত জিলা প্ৰশাসনৰ কাৰ্যসূচীতে এই বঁটা সংস্থাটোক প্ৰদান কৰা হয়।

৭. অহা ১৯আগষ্টত বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে তেজপুৰ ফটোগ্ৰাফী ক্লাৱে ঐতিহাসিক পকীৰ জ্যোতি ভাৰতীৰ ৰূপকোঁৱৰ মঞ্চৰ প্ৰেক্ষাগৃহত আয়োজন কৰিছে দুদিনীয়াকৈ এখনি আলোকচিত্ৰ প্ৰদশৰ্নীৰ। মুখ্য অতিথি ৰূপে দিৱসটোৰ তাৎপৰ্য বাখ্যা কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী তথা আলোকৰত্ন নলিনীকান্ত বৰুৱাই।

৮. নগাঁৱৰ পৰা প্ৰকাশিত "কলংপাৰ" নামৰ সাপ্তাহিক কাকতখনে আজি পদাপৰ্ণ কৰিছে ষষ্ঠদশ বছৰত। সুস্থ সাংবাদিকতাৰ নিদৰ্শনেৰে ১৯৯৯চনতে প্ৰতিষ্ঠা হোৱা কাকতখনে সৃষ্টি কৰা পাঠক-লেখক-অনুৰাগী সকললৈ এই ক্ষণত আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছে কাকতখনৰ সম্পাদক বলেন বৰাই।

৯. তেজপুৰৰ পৰা নগাঁও অভিমুখী বাছচ তালাচী চলাই ৪.৫০কিল'গ্ৰামৰ এটি গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চামগুৰিৰ আৰক্ষীয়ে। ইয়াক কঢ়িয়াই নিয়া ব্যক্তি ভাৰতীয় সেনাৰ পৰা চুবেদাৰ মেজৰ ৰূপে অৱসৰপ্ৰাপ্ত আৰিভাল এমেলক গ্ৰেপ্তাৰ কৰি এতিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

১০. অসমৰ প্ৰখ্যাত আবৃত্তিকাৰ, অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ অন্যতম অগ্ৰদূত প্ৰণৱ বৰাৰ সোঁৱৰণত কালি তেজপুৰত অনুষ্ঠিত হয় পঞ্চম বাৰ্ষিক আবৃত্তি প্ৰতিযোগিতা। ভাৰতীয় শিশু কল্যাণ পৰিষদে তেজপুৰ কাৰ্যালয়ৰ প্ৰাংগণতে এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে।

No comments:

Post a Comment