ৰাজ্যত স্বেচ্ছাচাৰী হিটলাৰী শাসনৰ প্ৰকোপ
ইং . ২০১৬ বৰ্ষৰ অনাগত নিৰ্বাচনত কংগ্ৰেছ দল ধূলিসাৎ হ’বলগীয়া হোৱাৰ পূৰ্বানুমান কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে “মই মৰি যাম আৰু তহঁতকো মাৰি যাম” ভাৱাদৰ্শৰে শেষৰ দুটি বছৰ ৰাজ্যত অগণতান্ত্ৰিক একনায়কত্ববাদী স্বেচ্চাচাৰী শাসনৰ সূচনা কৰিছে । যোৱা ১৯ আগষ্ট,২০১৪ তাৰিখে গোলাঘাটত অসম আৰক্ষীয়ে গণতান্ত্ৰিকভাৱে হোৱা প্ৰতিবাদৰ বিপক্ষে সৰ্বসাধাৰণ নিৰ্দোষী মানুহকো সামৰি যি বৰ্বৰতাৰ নিদৰ্শন দেখুৱালে ইয়েই তৰুণ গগৈ ডাঙৰীয়াৰ হিটলাৰী শাসনৰ চূড়ান্ত উদাহৰণ দেশৰ আগত উদঙাই দেখুৱালে । স্বাধীন ভাৰতৰ ইতিহাসত চাগৈ এনে কোনো নিকৃষ্ট শাসনৰ প্ৰমাণ পোৱা নাযাব ।
বহুতেই কয় যে এইক্ষেত্ৰত হেনো চৰকাৰৰ দোষতকৈ ৰাইজৰহে দোষ বেছি । আমাৰ বন্ধুৱে এইবুলি টিপ্পনী দিছে যে ৰাইজে সৌ সিদিনা পোৱা পুলিচৰ কোব কেইটা বহু দেৰীকৈহে হেনো পাইছে, আচলতে পাব লাগিছিল যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল জয়ী হোৱাৰ দিনাখনেই বোলে ! আৰু কিছুদিন পিছত হয়তো ইয়াতকৈও ভয়ংকৰ শাস্তি আৰু দুৰ্দশাৰ বাবে অসমৰ ৰাইজ মানসিকভাৱে সাজু হৈ থকাটো একান্তই প্ৰয়োজন । গগৈ ডাঙৰীয়ালৈ আমাৰ অনুৰোধ,তেওঁ যেন ৰাইজৰ অভিশাপ আপাতত: কৰ্ণগোচৰ নহ’বলৈ সকলো জনতাৰে ফটা-মুখ বন্ধ কৰাৰ বাবে সু-বন্দোৱস্ত কৰে আৰু প্ৰতিবাদকাৰীক শাস্তি দিবৰ বাবে ৰাজদৰবাৰত নচঁচা শূলৰো ব্যৱস্থা কৰে ।
ৰঙাজানৰ উক্ত ঘটনাটোত জলজল-পটপট্ কৈ এইটো কথা স্পষ্ট হয় যে অসম আৰক্ষীয়ে নিশ্চয় তেওঁলোকৰ নিজা বিবেকেৰে জাতিভাইৰ প্ৰতি এনে এক অমানৱীয় পদক্ষেপ হাতত লোৱা নাছিল। বহুতেই আকৌ আৰক্ষী কনিষ্টবল কেইজনক এইবুলিও দোষাৰোপ কৰিছে যে তেওঁলোক অসমীয়া হৈয়ো এজন অনা-অসমীয়া আৰক্ষী-অধীক্ষকৰ নিৰ্দেশ কিয় মানিবলগীয়া হ’ল । আমাৰ বোধেৰে এনে ধাৰণা অমূলক । কিয়নো, আৰক্ষী বা সেনাসকলক এইদৰে প্ৰশিক্ষণ দিয়া হয় যে তেওঁলোকে যেন ‘ওপৰৱালা’ৰ নিৰ্দেশ আখৰে আখৰে পালন কৰে । সেয়েহে ইয়াতো ঠিক একেদৰেই সেই ‘ওপৰৱালা’(?)জনৰ নিৰ্দেশ পালন কৰিয়েই যে অসম আৰক্ষীয়ে নিৰ্মম অত্যাচাৰ চলালে সেয়া নিৰ্ঘাত সত্য ।
গতিকে সততে হাঁহি-ধেমালীৰে যিকোনো গুৰুত্বপূৰ্ণ কথাকেই পাতলীয়া কথা-বাৰ্তাৰে উৰুৱাই দিয়া অসমৰ মুখ্যমন্ত্ৰীজনক যদি কোনোবাই অতি সহজ-সৰল, হোজা আৰু বয়সীয়াল বৃদ্ধ ৰাজনীতিবিদ বুলি যদি কোনোবাই ভাৱিছে, তেন্তে সেয়া তেনেই ভ্ৰান্ত ধাৰণা । যিমূহুৰ্তত শৰণাৰ্থীসকলক অন্ন-বস্ত্ৰৰ যোগান ধৰি নাগালেণ্ড চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সতে গুৰুত্ব সহকাৰে এই সীমা বিবাদ নিস্পত্তি কৰিবলৈ তৎপৰ হ’ব লাগিছিল ,সেই মূহুৰ্তত অসম চৰকাৰে যি ভূমিকা পালন কৰিলে সেয়া উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰে বাবে অতি লজ্জাজনক ।
জিলা উপায়ুক্ত,মন্ত্ৰী,বিধায়কসকলেও এইবোৰ জ্বলন্ত সমস্যাত যদি নীৰৱ হৈ থাকে তেন্তে সৰ্বসাধাৰণ ৰাইজে কাৰ আশ্বাসত জীৱন কটাব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে । প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াইও ভোট বিচাৰি একাধিকবাৰ অসমলৈ আহিব পাৰে ,অথচ বানপানী,সীমা-বিবাদেৰে জৰাজীৰ্ণ এই দুৰ্দশাৰ সময়ত তেখেতে অসমৰ ৰাইজৰ শোচনীয় অৱস্থাৰ বুজ ল’বলৈ এবাৰো সময় উলিয়াব নোৱাৰে । ৰাজনীতিবিদসকলৰ বাদেও চৰকাৰী আমোলা-বিষয়াসকলে নিজাববীয়া সিদ্ধান্তৰে জনগণৰ হৈ মাত মাতিব নোৱাৰা এনে এটা পঁয়ালগা অৱস্থা এখন গণতান্তিক দেশৰ বাবে অতিশয় দুৰ্ভাগ্যজনক । এনে দুৰ্দিনৰ অৱসান কেতিয়া আৰু কিদৰে গুছিব সেয়াও আজি সন্দেহৰ আৱৰ্তত।
No comments:
Post a Comment