১. বিশিষ্ট সাংবাদিক তথা জাতীয় বীৰ ছহিদ পৰাগ কুমাৰ দাসৰ সোঁৱৰণত কালি আয়োজিত হয় অষ্টাদশ বৰ্ষ পৰাগ কুমাৰ দাস সোঁৱৰণী আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা। "বিদ্যুতৰ নাটনিৰ সমস্যা সমাধানৰ বাবে বৃহৎ নদীবান্ধেই একমাত্ৰ বিকল্প" শীৰ্ষক প্ৰতিযোগিতাখনি অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত আয়োজন কৰে স্মৃতিৰক্ষা সমিতিয়ে। তেজপুৰ বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ লগতে সেই দলৰে উদ্দীপনা গোস্বামীয়ে শ্ৰেষ্ঠ তাৰ্কিক ৰূপে বিবেচিত হয়। দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ দলৰূপে বিবেচিত হয় আছাম এডুকেচন এণ্ড মেনেজমেণ্ট একাডেমী আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয়ে। বিশিষ্ট সমাজকৰ্মী দেৱেন দত্তৰ অধ্যক্ষতাত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাখনিৰ স্মৰণিকাখনি উন্মোচন কৰে ডঃ ধ্ৰুৱজ্যোতি বৰাই।
২. এন ডি এফ বি (স) গোটে নিৰ্মম ভাৱে হত্যা কৰা প্ৰিয়া বসুমতাৰীৰ পৰিয়ালে চৰকাৰে আগবঢ়োৱা ২০লাখ টকা ও সাহসিকতাৰ বঁটা অথবা সাহাৰ্য লবলৈ অস্বীকাৰ কৰাৰ কথাই পালে সংবাদ শিৰোনামা। কোনো মূল্যৰ সৈতে নিজৰ জীয়াৰীৰ তুলনা নহয় বুলি স্পষ্ট কৰি দি পৰিয়ালে সাহাৰ্য নহয়, নিৰাপত্তাৰহে প্ৰয়োজন বুলিও চৰকাৰক স্পষ্ট কৰি দিয়া বুলি জানিব পৰা গৈছে। ঘটনাটোক লৈ এতিয়া এবছুকে ধৰি অসমৰ বিভিন্ন দল সংগঠনে বিক্ষোভ প্ৰদৰ্শন তথা প্ৰতিবাদ সাব্যস্ত কৰি এনে পৰিস্থিতিৰ অৱসান কামনা কৰা বুলিও বাতৰি প্ৰকাশ পাইছে। বিষয়টোত অসম গণ পৰিষদে ৰাজ্যিক মানৱ অধিকাৰ আয়োগত গোচৰ তৰা বুলিও জানিব পৰা গৈছে।
৩. এইবাৰ অসমৰ পৰা হজ কৰিবলৈ যাব মুঠ ৩৭৪৮ গৰাকী লোক। অহা ২৭ আগষ্টত মক্কা অভিমুখে উত্তৰ-পূৱৰ প্ৰথমটো ২৪০জনীয়া দলে গুৱাহাটী বিমানবন্দৰৰ পৰা হজ যাত্ৰা আৰম্ভ কৰিব আৰু কাইলৈ তেওঁলোকৰ বাবে এক বিদায় অনুষ্ঠানো আয়োজিত হোৱাৰ সুখবৰ পোৱা গৈছে।
৪. গুৱাহাটীৰ বিবেকানন্দত অনুষ্ঠিত হ'ল সাহিত্য অকাদেমিৰ "মই কিয় লিখোঁ" শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠানৰ। বিশিষ্ট শিক্ষাবিদ প্ৰদীপ আচাৰ্যৰ সঞ্চালনাত কালি অনুষ্ঠিত এই "অভিব্যক্তি" অনুষ্ঠানত মনৰ দুৱাৰ খুলিলে দেশৰ পাঁচ গৰাকীকৈ প্ৰখ্যাত লেখক-লেখিকাই। বাংলা লেখিকা শ্ৰাৱনী পাল, ইংৰাজী লেখিকা কাবেৰী নামবিছান, হিন্দী লেখক ৰমেশ চন্দ্ৰ শ্বাহ, মণিপুৰী লেখক আইৰম ৰবীন্দ্ৰ সিঙৰ সৈতে অন্তৰংগতাৰে নিজৰ অনুভৱ বৰ্ণনা কৰিলে মালায়ালাম ভাষাৰ সাহিত্যিক আশা মেননেও।
৫. গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বি-ছেক্টৰত নগা দুৰ্বৃত্তৰ হাতত নিহত ৭জন লোকৰ পৰিয়ালক কালি ৬লাখলৈ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয়। মহকুমাধিপতিৰ কাৰ্যালয়ত হোৱা এক সভাতে আনুষ্ঠানিক ভাৱে এই সাহাৰ্য প্ৰদান কৰা খবৰ পোৱা গৈছে।
৬. অসমৰ স্বাস্থ্য বিভাগৰ মেলেৰিয়া প্ৰতিৰোধ আঁচনিত কৰ্মৰত দহ হেজাৰ ঠিকাভিত্তিক কৰ্মীৰ চাকৰি স্থায়ী কৰিবলৈ নিৰ্দেশ জাৰি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে প্ৰবৰ্তিত আঁচনি সমূহৰ ম্যাদ উকলি নোযোৱালৈ কৰ্মচাৰী সকলৰ চাকৰি বাহাল ৰখাৰ নিৰ্দেশ দিয়া স্বত্বেও অসম চৰকাৰে এই নিৰ্দেশ পালন নকৰাৰ বিষয়টোত আবেদন গ্ৰহণ কৰিয়েই ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছে।
৭. নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী পূৰবী বৰাই কলেজৰ পৰা উভতি যোৱাৰ পথত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ ফলত বাওঁভৰিখন হেৰুৱাব লগা হয়। সদৌ অসম ছাত্ৰ সন্থাই এই ছাত্ৰীগৰাকীৰ পৰিয়ালৰ আৰ্থিক দুৰ্বলতাৰ কথা জ্ঞাত হোৱাৰ পাছতে ছাত্ৰী গৰাকীৰ ব্যয় বহুল চিকিৎসাৰ দ্বায়িত্ব গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। লগতে ভৱিষ্যতে অধ্যয়নৰ সম্পূৰ্ণ খৰছো সন্থাই বহন কৰিব বুলিও ইতিবাচক পদক্ষেপ লোৱাৰ কথা প্ৰকাশ কৰিছে।
৮. অসমত অচিৰেই প্ৰৱৰ্তন কৰা হ'ব সাংবাদিক সুৰক্ষা আইন। জাৰ্নেলিষ্ট এছ'চিয়েশ্বন অৱ আছামৰ প্ৰতিনিধি দলৰ পৰা ২১ দফীয়া দাবীৰ স্মাৰক পত্ৰ গ্ৰহণ কৰি সাংবাদিক নিৰ্যাতন তথা আক্ৰমণৰ পৰা সুৰক্ষা দিবলৈ এই আইন প্ৰণয়ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। হাউছিঙ কলনীৰ ঘৰ, মাজিথিয়া বেতন আয়োগৰ পৰামৰ্শ, স্বাস্থ্য বীমা আদিৰ প্ৰস্তাৱো তেখেতে বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে।
৯. আফগানিস্তানৰ দুগৰাকী বিখ্যাত শিল্পী জালাল পাকটা আৰু মহম্মদ নজিৰৰ বাঁহীবাদন আৰু ৰাবাব পৰিবেশিত হব আজি সন্ধিয়া গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ মঞ্চত। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে যৌথভাৱে আয়োজন কৰা এই অনুষ্ঠানৰ প্ৰৱেশ বিনামূলীয়া বুলিও জানিব পৰা গৈছে।
১০. ভাৰতে নিৰ্দিষ্ট তথ্য দিলে উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থীৰ প্ৰশিক্ষণ শিবিৰ উৎখাত কৰিব বুলি ম্যানমাৰে ঘোষণা কৰা খবৰে পালে সংবাদ শিৰোনামাত স্থান।

No comments:
Post a Comment