আমাৰ অসম কাকতৰ সম্পাদকীয় পৃষ্ঠাত ২১ আগষ্ট তাৰিখে প্ৰকাশ পোৱা "জুই লগা সীমান্ত" শীৰ্ষক লেখাটিক লৈ সচেতন ৰাইজে ফোন যোগে যোগাত্মক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ সচেতন পাঠক সকলে লেখকৰ সৈতে বিষয়টোত আলোচনা কৰাৰ লগতে অনাগত দিনবোৰত লব লগীয়া বিভিন্ন পদক্ষেপবোৰলৈ আঙুলিয়াই দি বিশেষ কিছু পৰামৰ্শও আগবঢ়াইছে৷ লেখক হিচাবে চৰ্চা আৰম্ভ কৰাৰ যাত্ৰাত এনে আগ্ৰহী, সচেতন লোকৰ প্ৰত্যক্ষ সহাঁৰিয়ে তথা আলোচনাত অংশগ্ৰহণে সঁচাকৈয়ে এক নতুন অভিজ্ঞতাৰ সন্মুখীন কৰালে৷ তাৰ বাবে আমাৰ অসম কাকতৰ সম্পাদনা মণ্ডলী তথা কাকতখনে গঢ় দিয়া এখন সচেতন তথা সক্ৰিয় পাঠক সমাজৰ শলাগ লবই লাগিব৷
সীমান্তত ঘটি যোৱা নগালোকৰ হিংসাত্মক আক্ৰমণ, তাৰ ফলত ঘৰবাৰী হেৰুওৱা কেইবাহাজাৰ লোক এতিয়াও আশ্ৰয় শিবিৰত ৷ পোন্ধৰ-ষোল্লখন গাঁৱৰ গঞাক গৃহহাৰা কৰি জুই আৰু হত্যাৰ ত্ৰাসেৰে আৰম্ভ হোৱা এই ঘটনাক ৰোধ কৰিবলৈ নাহিল অসমৰ চৰকাৰখন৷ সংবাদ মাধ্যমত অসমীয়াৰ এনে দুৰ্দশাৰ খবৰ পাই স্বাভাৱিক ভাৱেই তাত উপস্থিত হ'ল বিভিন্ন দল-সংগঠন সমূহ৷ তাৰেই ফলশ্ৰুতিত গোলাঘাট জিলাৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী৷ এই গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীক শান্তিপূৰ্ণ ৰূপত ধৰি ৰখাত পুলিচ প্ৰশাসন সম্পূৰ্ণ ৰূপেই ব্যৰ্থ হ'ল, তাত কোনো দ্বিমত নাই৷ এ.কে-৪৭ৰ দৰে অত্যাধুনিক ৰাইফলৰ মানুহলৈ টোঁৱাই নিৰ্বিচাৰে গুলী চালনা কৰাৰ ঘটনা সঁচায়েই অমানৱীয়৷ হাতত কোনো অস্ত্ৰ নথকা, নিৰস্ত্ৰ লোকক বাটত আগচি, ঘৰৰ পৰা উলিয়াই নিৰ্মম ভাৱে প্ৰহাৰ কৰা পুলিচ তথা অৰ্ধ-সামৰিক বাহিনীৰ এই বৰ্বৰ অত্যাচাৰে মানৱ অধিকাৰ উলংঘা কৰিছে আৰু সেইয়া টিভিৰ কেমেৰাত বাণীবদ্ধ হৈ থকাটোৱে সেই কথা দৃশ্য-শ্ৰাব্য ৰূপত প্ৰমাণ দাঙি ধৰিছে৷ এইক্ষেত্ৰত অসম মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ গোচৰ হাতত লৈ এইসকল নিৰ্মম পুলিচ বাহিনীক কঠোৰ শাস্তি প্ৰদান কৰাটো সকলো সচেতন লোক, দল, সংগঠনেই কামনা কৰিছে৷ কেন্দ্ৰীয় মানৱ অধিকাৰ আয়োগেও নগা আক্ৰমণকাৰীৰ হাতত নিহত হোৱা ১৬জনকৈ লোক আৰু পুলিচৰ গুলী চালনা তথা অত্যাচাৰত নিহত-আহত সকলক লৈ তদন্ত ততাতৈয়াকৈ আৰম্ভ কৰিব লাগে আৰু কোনো কাৰণতে যাতে সাধাৰণ গঞাৰ জীৱন আৰু নিৰাপত্তা বিঘ্নিত নহয়, তাৰো নিশ্চিত দুয়োখন ৰাজ্য চৰকাৰৰ পৰা লোৱাৰ ব্যৱস্থা কৰিব লাগে৷ মানৱ অধিকাৰ আয়োগৰ সঠিক তদন্ত আৰু ন্যায় দানেহে এতিয়া এই হিংসাত্মক ঘটনাৱলীত বিপৰ্যস্ত হোৱা লোক সকলক আশ্বস্ত কৰিব পাৰিব বুলি এক আশা পোষণ কৰিব পাৰি৷
নাগালেণ্ডলৈ খাদ্য তথা বিভিন্ন সামগ্ৰীৰ সৰবৰাহ বন্ধ কৰা তথা অৰ্থনৈতিক অৱৰোধ কৰাক অবিবেচক সিদ্ধান্ত বুলি আমি সংগঠন সমূহক জগৰীয়া কৰিব নোৱাৰো৷ কাৰণ নিজৰ ভূমি সাংবিধানিক অধিকাৰেৰে সুৰক্ষিত হৈ থকা স্বত্বেও আন ৰাজ্যৰ ভূমি তথা নাগৰিকৰ ওপৰত অহৰহ আক্ৰমণ চলাই অহা নাগৰিকৰ ৰাজ্য এখনৰ ওপৰত অসমৰ গণ সংগঠন সমূহে হেঁচা প্ৰয়োগ কৰাৰ বাবে তাৰ বিকল্প উপায়েইবা কি? কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ উপস্থিতিত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশ লোৱা বৈঠকত কিন্তু এনে অৰ্থনৈতিক অৱৰোধ হবলৈ নিদিয়াৰ বাবে অসম চৰকাৰক সৈমান কৰি প্ৰস্তাৱ লোৱা গৈছে৷ তাৰ অৰ্থ এয়ে যে এনে অৰ্থনৈতিক অৱৰোধে নাগালেণ্ডৰ মু্খ্যমন্ত্ৰীকো চিন্তিত নকৰাকৈ থকা নাই৷ নিজ ৰাজ্যৰ দুৰ্বৃত্ত নাগৰিককো সুৰক্ষা দিবলৈ আপ্ৰাণ চেষ্টা কৰা নাগালেণ্ডে কিন্তু অসম যে উত্তৰ-পূৱৰ দুৱাৰডলি, ৰাষ্ট্ৰৰ সাহাৰ্য তথা মূল অংশৰ পৰা আমদানিকৃত বস্তু নিৰ্ভৰ ৰাজ্য এখনি কিন্তু পাহৰি গলে নহব৷ পাহৰি গলেও সেই কথা সোঁৱৰাই দিয়াৰ দ্বায়িত্ব অসম চৰকাৰৰ৷ নাগালেণ্ডৰ নাগৰিকে অসমৰ সীমান্তবাসীৰ ওপৰত আক্ৰমণ চলালে যে তাৰ পৰিণতিত হোৱা অৰ্থনৈতিক অৱৰোধ সংগঠন সমূহে কৰিবই ৷ তেতিয়া কিন্তু বল প্ৰয়োগ কৰিব নোৱাৰিম বুলিহে আচলতে কালি স্থিতি গ্ৰহণ কৰাটো অসম চৰকাৰৰ পক্ষে উচিত আছিল৷ কিন্তু সেই ক্ষেত্ৰত অসম চৰকাৰে সেই একেই দুৰ্বল স্থিতিহে প্ৰদৰ্শন কৰিলে৷
অসমৰ ৰাইজে পালন কৰা ৰাজ্যজোৰা বন্ধ তথা সৰ্বাত্মক প্ৰতিবাদৰ ফলত শাসন মুৰব্বী চিন্তাত পৰিছে আৰু সেই কাৰণেই চোৰাংচোৱাৰ খবৰ, প্ৰতিবেদন আদিৰ অচিলাৰে তৃতীয় পক্ষ, বিসম্বাদী, কৃষক মু্ক্তি আদি নামেৰে প্ৰতিবাদী সকলৰ শ্ৰেণী বিভাজন কৰাৰ বাবে উত্ৰাৱল হৈ পৰিছে৷ কিন্তু এটা কথা ঠিক যে, ইলেক্ট্ৰনিক মেডিয়াই গ্ৰহণ কৰা চৰকাৰ বিৰোধী আক্ৰমণাত্মক ভূমিকাই সঁচাই অসমীয়া মানুহৰ সকলো স্তৰৰ মানুহৰ মাজত প্ৰতিবাদী মনোভাৱ এই ঘটনাৰাজিক লৈ গঢ়ি তুলিলে৷ সাধাৰণ এজন মানুহৰো মনত প্ৰশ্ন, এফালে নগাই মাৰে, পুলিচে নবচালে, চৰকাৰে নবচালে বুলি প্ৰতিবাদ কৰিলে যদি আনফালে অসম চৰকাৰে বৰ্বৰতা দেখুৱাই, তেন্তে মানুহ যাব কলৈ? সেই কথাটোকে বুজিবলৈ অস্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে লোৱা স্থিতি সঁচাকৈয়ে দুৰ্ভাগ্যজনক আৰু তেখেতৰ নিস্পৃহ ভূমিকাৰ ফলতে ক্ৰমাৎ বেয়ালৈ গৈছিল৷ সেই পৰিস্থিতিৰ বাবে তেখেতেই নৈতিকভাৱে দ্বায়ী৷ কেন্দ্ৰই ৰাজ্যই শান্তি শৃংখলা ৰক্ষাত হাত-দাঙি দিলেহে প্ৰত্যক্ষ হস্তক্ষেপ কৰিব পাৰে, নহলে সাহাৰ্যৰ ৰূপত সেনা পঠিয়াব পাৰে, পুঁজি দিব পাৰে, আন ৰাজ্যক হেঁচা দিব পাৰে, কিন্তু ৰাজ্য এখনৰ ভিতৰৰ শান্তি-শৃংখলা স্তব্ধ হৈ যোৱাৰ বাবে ৰাজ্যখনৰ গৃহমন্ত্ৰীয়ে দ্বায়িত্ব স্বীকাৰ কৰাৰ বাহিৰে আন কোনো উপায় নাই৷ সেই বিফলতা মুখ্যমন্ত্ৰীয়ে মূৰ পাতি লব নুখুজিলেও কিন্তু অসমীয়া মানুহৰ মনত এই ঘটনাৰাজিয়ে যি এক প্ৰৱল ঘৃণাৰ সৃষ্টি কৰিলে, তাৰ ফল ৰাজনৈতিক ভাৱে তেখেতে পাবই, সেয়া নিশ্চিত৷ এ.কে-৪৭ৰ ভিডিঅ ফুটেজ দেখিও ৰবৰৰ গুলী বুলি কৰা মন্তব্যৰে তেখেতেই হওক বা তেখেতৰ সাংসদ পুত্ৰই কিয় নিজকে হাঁহিয়াতৰ পাত্ৰ কৰি তুলিলে, সেয়াও সাধাৰণ ৰাইজৰ বাবে দুৰ্বোধ্য হৈ ৰ'ল!
টিভিৰ পৰ্দাত বিগত সপ্তাহজোৰা ঘটনাৱলীৰ ভিতৰত বাচি বাচি স্পৰ্শকাতৰ দৃশ্যাৱলীকে বাৰে বাৰে প্ৰচাৰ কৰি থকাটো সঁচাকৈয়ে নিন্দনীয় কথা হৈছে৷ এই অসম তথা অসমৰ ঘটনাৱলীক লৈ উদ্বিগ্ন মানুহখিনিক এক মানসিক অৱসাদলৈ ঠেলি দিয়া বুলিও মতামত প্ৰকাশ কৰিছে৷ মনো-বৈজ্ঞানিক দিশৰ পৰা কথাটো সঁচাকৈয়ে চিন্তনীয় আৰু এই দিশত চেনেলসমূহৰ সম্পাদক সকলক দৃষ্টি দিবলৈ ৰাজহুৱা আহ্বান জনালো৷ এক সাংবিধানিক পদত অধিষ্ঠিত মুখ্যমন্ত্ৰীক প্ৰতিটো বাক্যতে অশালীন বিশেষণ প্ৰয়োগ কৰাৰ এটা ধাৰাৰ সৃষ্টি কৰিবলৈ চলা অপ-প্ৰয়াসৰ বিষয়টোতো সমাজক সংবাদ সেৱাৰে দিক্ দিবলৈ দ্বায়িত্ব লোৱা সকলে চকু দিবৰ হ'ল৷ অশালীন শব্দৰ ব্যৱহাৰে, নিজৰহে শব্দ ভাণ্ডাৰৰ দৈন্যতা প্ৰদৰ্শন কৰে বুলিও মহৎ লোকৰ বাণীত পঢ়িবলৈ পোৱা যায়!
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত ডাঃ গায়ত্ৰী গগৈ বাইদেৱে প্ৰতিবাদী কাৰ্যসূচীৰ মাজত, সৃষ্টি হোৱা হিংসাৰ ধোঁৱাৰ মাজত সেই আক্ৰান্ত সকলৰ দুখ-দুৰ্দশাক লৈ আমি চিন্তা কৰিবলৈ পাহৰি গৈছো নেকি বুলিও এটি লাগতিয়াল প্ৰশ্ন উত্থাপন কৰিছে৷ যদি আমি পাহৰি যোৱা নাই, তেন্তে সেই দুৰ্গত সকলক অসমতো থকা আন্তঃৰাষ্ট্ৰীয় স্বেচ্চাসেৱী সংগঠন ৰেড ক্ৰছ ছ'চাইটি, ৰ'টাৰী ক্লাৱ অথবা আন স্থানীয় সংগঠনে শিবিৰ সমূহত সাহাৰ্য প্ৰদান কৰিছেনে, বা কি কি সাহাৰ্য প্ৰদান কৰিছে সেয়া সংবাদ মাধ্যমৰ শিৰোনামাত দেখিবলৈ পোৱা নাই কিয়? ভঁৰাল ধান, ঘৰৰ লাম-লাকটু সকলো জ্বলি যোৱা সেইসকল আক্ৰান্তক কোন কোন সংস্থাই সাহাৰ্য কৰিছে, সঁচাই সাহাৰ্য সামগ্ৰী তাত গৈ পাইছেনে নাই, সেই খবৰ সমূহ প্ৰচাৰ কৰাটোও অতীৱ প্ৰয়োজনীয় কথা নহয়নে? এশ দুশ নহয় কেইবা হাজাৰ মানুহক সাহাৰ্য সামগ্ৰী প্ৰদান তথা মানসিক ভাৱে সহানুভূতি তথা সাহস যোগোৱাৰ যিটো কামে প্ৰধান হব লাগিছিল, সেই কথাটোক আমি তল পেলাই প্ৰতিবাদ আৰু প্ৰচণ্ড উত্তেজনাৰ এক পৰিবেশৰ সৃষ্টি কৰিছো৷ প্ৰতিবাদৰ পাছতো আমাৰ কৰণীয়খিনিৰ কথা আমি অনুভৱ কৰিব লাগিব৷ প্ৰতিবাদৰ নামত ৰাজনৈতিক দলাদলি তথা লাভালাভ আহৰণৰ প্ৰক্ৰিয়া চলি থাকিব, তাৰ বাবে মানুহৰ অভাৱ নাই৷ কিন্তু কিমানজন লোকে আক্ৰান্ত লোকসকলৰ সেই আঘাতত প্ৰয়োজনীয় মলম লগাবলৈ যাব বা গৈছে, সেয়াহে এই মুহূৰ্তত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ!
আশ্ৰয় শিবিৰত চৰকাৰী তথ্যতে ১২হাজাৰতকৈ অধিক লোক আছে৷ সেইসকলৰ সৈতে আছে পৰিয়ালৰ শিশু সকলো৷ তেওঁলোকৰ খোৱা-বোৱা-শোৱা-পানী-স্বাস্থ্য আদি বিষয়ক লৈ কোনোৱেই সংবাদ মাধ্যমত এতিয়াও প্ৰশ্ন তোলা নাই৷ ঘৰ জ্বলোৱা সকললৈ পঞ্চাশ হাজাৰ টকাৰ সাহাৰ্য ঘোষণা, নিহত কোনো এজনলৈ পাঁচ লাখৰ ঘোষণা কৰিয়েই এতিয়া লোকলজ্জ্বা নিবাৰণৰ চেষ্টাত প্ৰশাসনৰ মুৰব্বী গৰাকীৰ থৰকাছুটি হেৰাইছে৷ এই সময়ত আমি গোলাঘাটৰ পৰা এই প্ৰতিবাদী হিংসাক বেলেগ বেলেগ জিলা বা স্থানলৈ বিয়পাই পেলোৱাতকৈ বেলেগ বেলেগ ঠাইৰ অসমীয়া সকলে আক্ৰান্ত সকলৰ বাবে সহমৰ্মিতা প্ৰকাশ তথা সহায়ৰ ধান-চাউল-কাপোৰ-কিতাপ-দৰৱ লৈ সীমান্তবাসীৰ কাষত থিয় হোৱাৰ বেছি প্ৰয়োজন৷ আৰু তাৰ বাবেই এই প্ৰতিবাদী কাৰ্যসূচীক শান্তিপূৰ্ণ আৰু প্ৰতীকি ৰূপত ধৰি ৰাখি মানৱীয় সেৱাৰ এই দিশটোত চকু দিবলৈ সকলো ৰাজনৈতিক-অৰাজনৈতিক সংগঠন, স্বেচ্ছাসেৱী সংস্থা সমূহলৈ আহ্বান জনাইছো৷ সকলো ভেদা-ভেদ নেওচি তথা অংকৰ উৰ্ধত গৈয়ো সকলো সুহৃদয় অসমীয়াই এই সকল চহা গৃহহীন লোকক পুনৰ ঘৰখন থিয় কৰাবলৈ সহায় কৰিব লাগিব, সাহস দিব লাগিব৷ যিটো মাত্ৰ চৰকাৰী ঘোষণা বা ব্যৱস্থাৰে কোনো পধ্যেই সম্ভৱ নহয়৷
ধেমাজিত ২০০৪চনত স্বাধীনতা দিৱসৰ থলিত হোৱা বোমা বিস্ফোৰণৰ পাছত এক প্ৰকাৰ মুক তথা দিক-বিদিক হেৰুৱাই পেলাইছিল বহুতো ছাত্ৰ-ছাত্ৰীয়েই৷ তেতিয়া কিন্তু ধেমাজিবাসীয়ে মাত্ৰ প্ৰতিবাদ কৰিয়েই থমকি ৰোৱা নাছিল, ধেমাজিৰে জীয়ৰী ডাঃ গায়ত্ৰী বাইদেৱে তেতিয়াৰ ৰাষ্ট্ৰপতি কালাম ডাঙৰীয়া পৰ্যন্ত লৈ গৈছিল মানসিক ভাৱে ভাগি পৰা কনকন শিশু-কিশোৰৰ দুৰৱস্থাৰ প্ৰতিচ্ছবি৷ কালাম ডাঙৰীয়াৰ তৎপৰতাত তাৎক্ষণিক ভাৱেই কেন্দ্ৰীয় চৰকাৰেও প্ৰেৰণ কৰিছিল চিকিৎসক তথা মনোবৈজ্ঞানিক বিশেষজ্ঞৰ দল৷ ধেমাজিৰ ৰাইজে হাতে হাত ধৰি বোমা বিস্ফোৰণ স্থলীৰ নিৰ্মম সত্য দেখি মুকস্তব্ধ সেইসকল শিশু, ছাত্ৰ, পুৰুষ-মহিলাক লৈ গৈছিল সেই বিশেষজ্ঞ সকলৰ ওচৰলৈ৷ তেওঁলোককো পুনৰ জীয়াবলৈ হাঁহিবলৈ এক স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ সহায় কৰিছিল, এই মনো-বৈজ্ঞানিক সকলে৷
ফেছবুকতে এজন জ্যেষ্ঠ নাগৰিকো সাময়িক ঘটনাৱলী টিভিৰ পৰ্দাত দেখিয়েই এক মানসিক অৱসাদ তথা অস্থিৰতাই তেওঁক গ্ৰাস কৰি অনাৰ অনুভৱ ব্যক্ত কৰিছে৷ তেন্তে এবাৰ ভাৱকচোন, নিজৰ প্ৰিয়তম ঘৰখন জ্বলি যোৱা, প্ৰিয়তম মানুহৰ নিশংস হত্যা হোৱাৰ দৃশ্য হজম কৰিবলৈ বাধ্য হোৱা মানুহখিনিৰ মানসিক স্থিতিৰ কথা৷ এনে মনোবৈজ্ঞানিকৰ পৰামৰ্শৰ প্ৰযোজন হোৱা মানুহখিনিৰ সমুখলৈ চিকিৎসা, মলমৰ সলনি ৰঙা পুলিচৰ অত্যাচাৰ উপহাৰ দিলে মাতৃ সমাজে ফলাখৰি নোজোকাৰি কৰিবইবা কি?
আজি আমি মাত্ৰ প্ৰতিবাদৰ নামত সৰ্বগ্ৰাসী উত্তেজনাক বিয়পাই দিলেই নহব, ৰাজ্যৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰাৰ আগতে বেমাৰত পৰি থকা পৰিজনৰ কথা, কৰবাত দূৰলৈ যাব লগা মানুহৰ কথা, কাৰোবাৰ পৰীক্ষা, এৰাব নোৱাৰা জুৰুৰী কামৰ কথাও চিন্তা কৰিব লাগিব৷ আক্ৰান্ত ৰাইজৰ দুখ ইয়াৰ দ্বাৰা উপশম নহয়, সেই কথাও অনুভৱ কৰিব লাগিব৷ ঘটনাক্ৰমে বোকাখাতত আবদ্ধ হৈ পৰা আমেৰিকান বিশ্ববিদ্যালয়খনৰ গৱেষিকাৰ গৰাকীয়ে বিমানখন ধৰিব নোৱাৰি কি দুৰ্গতি হৈছে আদি উদাহৰণবোৰলৈকো আমি পৰ্যবেক্ষণ ৰাখিব লাগিব৷ এতিয়া প্ৰতিবাদৰ পাছত কৰণীয় বহুত আছে, আমি সেইবোৰত হাত উজান নিদিলে, এনে সৰ্বাত্মক প্ৰতিবাদ মাত্ৰ অনুভূতিৰ গল্পলৈহে ৰূপান্তৰিত হব৷ বন্ধতকৈ সীমান্তবাসীক সৱল ৰূপত সাহাৰ্য, চিকিৎসা, মানসিক স্বাস্থ্যৰ বাবে পৰামৰ্শদান সেৱা আদিৰে জুয়ে পোৰা ভেটিত ঠন ধৰি উঠাত সহায় কৰিব পাৰিলেহে অসমীয়াসকলৰ আচল শক্তি প্ৰকাশ পাব আৰু সেয়া হব পাৰে আগ্ৰাসী নগাৰ বাবেও এক উচিত শিক্ষা৷
No comments:
Post a Comment