১. সদৌ অসম ভিত্তিত আয়োজিত হৈছে ফাঁকিবাজ প্ৰতিযোগিতা। অসমলৈ দিল্লীৱালা বৰনেতা আহিবনে নাহিব তাকে লৈ এতিয়া ফাঁকি প্ৰতিযোগিতাত অংশ লৈছে পদুম ভট্ট আৰু ৰসাল গগৈয়ে! এতিয়া কাক ৰাইজে শ্ৰেষ্ঠ ফাঁকিবাজৰ সন্মান প্ৰদান কৰে, সেয়া লক্ষণীয় হব বুলিও সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
২. "ভয় লাগে যাবলৈ" নামৰ এখন নতুন নাটক কালি উন্মোচন কৰিলে লালটুপি ভ্ৰাম্যমাণ থিয়েটাৰে। উজনিত নিৰস্ত্ৰ মানুহক লৈ "প্ৰচণ্ড ৰাইদাঙৰ কোব" সফলতাৰে মঞ্চস্থ কৰা থিয়েটাৰখনে, বিটিএডিত এম্বুশ্ব হোৱাৰ ভয়তে "দুদিনৰ পাছতো মৃতদেহ" উদ্ধাৰ কৰিবলৈ নোযোৱাৰ কাহিনী এটাও প্ৰকাশ পাইছে। স্থানীয় অচি চাৰৰ কলমেৰে এতিয়া "ভয় লাগে যাবলৈ" নামৰ নাটকখন নিগৰি ওলোৱা বুলিও খবৰ ওলাইছে আৰু তাতেই ভয়-শংকাইযে মানুহক কেনেকৈ পিষ্ট কৰে তাকেই নিৰ্মম ভাৱে তুলি ধৰা হৈছে। সমালোচক সকলক উদ্দেশ্য কৰিয়েই এই নাটক মঞ্চায়ন কৰা হব বুলিও থিয়েটাৰখনৰ এটা সূত্ৰই প্ৰকাশ কৰিছে।
৩. "ফেচবুকৰ পৰা জেললৈ" নামৰ ৰহস্য উপন্যাসখনি কালি ডিব্ৰুগড়ত হ'ল উন্মোচিত। দিনা নিশাই নিজকে হাঁহিয়াতৰ পাত্ৰ কৰিবলৈ চেষ্টা কৰা এহাল পিতা-পুত্ৰ আৰু তেওঁলোকক ছ'চিয়েল মেডিয়াত স্বীকৃতি লাভত সহায় কৰা দুজন যুৱকৰ কাহিনীৰে এই উপন্যাসখন ৰচিত হৈছে বুলি জানিব পৰা গৈছে। কোন দোষী উপন্যাসখন পঢ়ি শেষ কৰিলেহে জানিব পৰা যাব বুলি লেখক অ.চি.গগৈয়ে প্ৰকাশ কৰিছে।
৪. উৰিয়ামঘাটত দৰৱত দিবলৈকো ৰাইদাঙ বীৰ লালটুপি উপস্থিত নাই বুলি প্ৰকাশ কৰিলে সীমান্ত ভ্ৰমণৰ পাছত সোনোৱালদাই। সীমান্তত এনে নাক কটাতকৈ চহৰতে লাঠি ঘূৰাই দুই এটা টকা আৰ্জন কৰি থাকিয়ে নিচাদেউক "গৌৰৱ" কৰি থাকিবলৈ সুবিধা দি থাকিবলৈ লালটুপি বীৰ সকলক সচেতন মহলে আহ্বান জনাইছে।
৫. "হঠাত পেট্ৰিয়ট" নামৰ চেক্সপীয়েৰ দদাইদেউৰ নাটকত আজি দিছপুৰত অভিনয় কৰি প্ৰশংসা বুটলিলে জালুকগুটি শৰ্মাই। তেওঁ অপূৰ্ব অভিনয়েৰে সদন প্ৰাংগণত "আদা হোটেল" ভঙাৰ সংলাপ দি শৰ্মাইদাই নিজে যে সেমেকি পৰা নাই, এতিয়াও জাল কম হোৱা নাই বুলি তেখেৰ গুণগ্ৰাহী সকলক আজি স্পষ্ট কৰি দিয়ে বুলি খবৰ পোৱা গৈছে।
৬. অসমৰ ৰাইজৰ অতিকৈ চেনেহৰ ভ্ৰাম্যমাণ কইনাধৰা থিয়েটাৰে এইবাৰ গোলাঘাটৰ পাছত অসমৰ গাঁৱে ভূঞে মঞ্চস্থ কৰিব গৌৰৱময় গগৈৰ ভঙা ভঙা অসমীয়া ভাষাৰ নাটক "পিটাইদেউ"! মানুহক গৰু পিটন দিয়াৰ কাহিনীৰে এই নাটকখনত নাট্যকাৰে দুই এটা বুজি নোপোৱা ইংৰাজী শব্দও ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে।
৭. পৰিয়াল পাৰ্টিৰ তৰফৰ পৰা এইবাৰ সৰুমিঞাক টিকট দিবলৈ ঠিক কৰা হৈছে। দেশৰ কল্যাণ কৰাৰ আগতে সেয়া ঘৰৰ পৰাই আৰম্ভ কৰা উদ্দেশ্যৰেই এই সিদ্ধান্ত লোৱা বুলি অগৰুদ্দিন চাহাবে ৰাইজক স্পষ্ট কৰি দিছে।
৮. লল্লু-নীতিশ যুটিৰ এখন চিনেমা "য়ে দোস্তি" তামাম হিট হোৱা বুলি বিহাৰৰ পৰা খবৰ আহিছে। এই ছবিৰ সফলতাই "মোদী কা যাদু" নামৰ চিনেমাক চিনেমা হলৰ পৰা বাহিৰ কৰি দিয়াৰ খবৰত এতিয়া বিহাৰত আতচবাজী চলিছে। গুজৰাটী চিনেমাই কেতিয়াও চিৰদিনৰ বাবে ভোজপুৰী চিনেমাৰ দৰ্শকক ধৰি ৰাখিব নোৱাৰে বুলি হিট যুটিটোৱে স্পষ্ট কৰি দিছে বুলিও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।
৯. লণ্ডনমুখী এয়াৰ ইণ্ডিয়াৰ প্লেনত এটি এন্দুৰ দেখা পোৱাৰ পাছতো প্লেনখন চলাই নি গন্তব্যস্থান পোৱাবলৈ কণ্ট্ৰল ৰুমে দিয়া নিৰ্দেশে এতিয়া ৰাইজৰ মনতো ভক্তিভাৱৰ সঞ্চাৰ কৰিছে। গনেশৰ বাহনক দেখিয়ে পাইলটে "গণপতি বাপ্পা মৰিয়া" বুলি জপ কৰি যাবলৈকে মুম্বাইৰ পৰা ট্ৰেফিক কণ্ট্ৰলাৰে নিৰ্দেশ দিছিল আৰু তাৰ ফলতে প্লেনখন সুকলমে লণ্ডন পায়গৈ। এতিয়া এয়াৰ ইণ্ডিয়াত প্ৰতিটো যাত্ৰাৰ আগতে গণপতিৰ পূজা বাধ্যতামূলক কৰা হব পাৰে বুলি সূত্ৰৰ জানিব পৰা গৈছে। এয়া সুৰক্ষা সম্পৰ্কীয় ঘোষণাৰ সৈতেই একেলগে কৰাৰ ব্যৱস্থা কৰা হব পাৰে বুলি সম্ভাৱনা প্ৰকাশ পাইছে।
১০. "অকণৰ কমিছন" নামৰ নাটকে জোকাৰিলে দিছপুৰ সদনৰ মঞ্চ। সমাজৰ সেৱা কৰিম বুলি কমিছনৰাজেৰে কেনেকৈ লুটপাত কৰা হয়, তাৰেই কাহিনী এই নাটকে তুলি ধৰা বুলি জানিব পৰা গৈছে। লগতে সতীৰ্থৰ সফলতাত আন সকলে কেনেকৈ জ্বলি মৰে সেয়াও নাটকখনে তুলি ধৰিছে বুলি নাট্যকাৰ দালালাৰাম বৰাই প্ৰকাশ কৰিছে।

bhal lagil. axom gaurab moi kori tulib.
ReplyDelete