পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমত অচিৰেই ৰাজ্য চৰকাৰে স্থাপন কৰিব দক্ষতা উন্নয়ন নিগম৷শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখন সভাত এই কথা কালি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে৷


২. যোৱা ২৫আগষ্টৰ পৰা ৮ছেপ্তেম্বৰলৈ দেশ জুৰি পালিত হৈছে ২৯ সংখ্যক ৰাষ্ট্ৰীয় নেত্ৰদান পষেক৷"নেত্ৰদান মহানদান" শীৰ্ষক শ্লোগানেৰে নেত্ৰদান সন্দৰ্ভত জন-সচেতনতা বৃদ্ধিৰ লক্ষ্যৰেই এই পষেক পালন কৰা হয়৷ নেত্ৰদানক পৰিয়ালৰ এটি পৰম্পৰাত পৰিণত কৰাৰ বাবেও এই পষেক যোগে ৰাইজলৈ আহ্বান জনোৱা হয়৷

৩. অহা ২০১৬ চনৰ ৩১জানুৱাৰীৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব বিহপুৰীয়াত নিৰ্মাণ হব লগা শ্ৰীমন্ত মাধৱদেৱ কলাক্ষেত্ৰ৷ ইয়াৰ বাবে পাঁচ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে, প্ৰাক্-কলন প্ৰস্তুত কৰা হৈছে আৰু এখনি সাতজনীয়া পৰিচালনা সমিতিও গঠন কৰি নিৰ্মাণ কাৰ্যত সমন্বয় সাধন কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে বুলি বিধান সভাক অৱগত কৰিলে গড়কাপ্তানি মন্তী অজন্তা নেওগ৷

৪. সৰুক্ষেত্ৰী কনিষ্ট মহাবিদ্যালয়ত স্থাপিত হ'ল ইণ্টাৰনেট পুথিভঁৰাল "জ্ঞানকোষ"৷ কামৰূপ ফাউণ্ডেচনৰ সৌজন্যত আৰু মুম্বাইত কৰ্মৰত স্থানীয় যুৱক অৰিন্দম বৰুৱাৰ উদ্যোগত স্থাপিত হোৱা এই পুথিভঁৰালটো উদ্বোধন কৰিলে অক্ষয় কুমাৰ মিশ্ৰ দেৱে৷

৫. বঙাইগাঁও তেল শোধনাগাৰত অহা ১ ছেপ্তেম্বৰত ভাৰতীয় তেল দিৱস উদযাপিত হব৷ সাহিত্যৰথীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী বৰ্ষৰ প্ৰতি সংগতি ৰাখি এই অনুষ্ঠানত অসমৰ জাতীয় সংগীত "অ মোৰ আপোনাৰ দেশ" পৰিবেশন কৰিব সংস্থাটোত কৰ্মৰত ডেৰ কুৰি অনা-অসমীয়া বিষয়া কৰ্মচাৰীয়ে৷


৬. ভাৰতৰ বিত্তীয় বিকাশৰ হাৰ এই বিত্তীয় বছৰটোৰ প্ৰথম তিনি মাহত ৫.৭ শতাংশ বুলি সুখবৰ প্ৰকাশিত হৈছে৷ বিগত বৰ্ষতো এই সময়চোৱাত হাৰ পাঁচ শতাংশৰ উৰ্ধত আছিল যদিও বছৰৰ পাছৰ ভাগলৈ ই নিম্নগামী হৈছিল৷ বিত্তীয় বিকাশৰ এই উৰ্ধগামী হাৰ নতুন চৰকাৰে ধৰি ৰাখিব পাৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে৷

৭. কালি দেশৰ প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয় সম্পৰ্কীয় এখন বৈঠকত ২০হাজাৰ কোটিৰ টকাৰ সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰয়োজনীয় অনুমোদন দিয়া হয় বুলি সুখবৰ প্ৰকাশ পাইছে৷ বেচৰকাৰী খণ্ডক প্ৰতিৰক্ষা খণ্ডত বিনিয়োগৰ দুৱাৰ খুলি দি দেশক এই ক্ষেত্ৰত স্ব-নিৰ্ভৰশীল কৰিবলৈ চেষ্টা চলাব বুলিও প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে৷ 

৮. অসম বিধান সভাই কালি জনপ্ৰতিনিধি মন্ত্ৰী-বিধায়ক দৰমহা বৃদ্ধিৰ বিধেয়কখনলৈ অনুমোদন দিছে বুলিও সংবাদ প্ৰকাশিত হৈছে৷

৯. হাতী আৰু মানুহৰ বৰ্ধিত সংঘাতৰ ঘটনালৈ লক্ষ্য ৰাখি ইয়াৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ ক্ষতিপূৰণ দিয়াৰ বাবে নীতিৰ শিথিলকৰণ কৰা হব বুলি কালি বিধানসভাক অৱগত কৰিলে অসম চৰকাৰে৷ হাতীৰ আক্ৰমণত মৃত্যু ঘটিলে ১লাখ টকা, খেতি নষ্টৰ বাবে ৩০হাজাৰ টকা, ঘৰ ভাঙিলে ইন্দিৰা আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰা হব বুলিও বাতৰি প্ৰকাশিত হৈছে৷ উপায়ুক্তৰ সলনি বন বিভাগৰ বিষয়াই এই বিষয়ত ক্ষয়ক্ষতিৰ পৰিমাণ প্ৰত্যায়িত কৰাৰ বিষয়েও পদক্ষেপ লোৱা হব বুলি জানিব পৰা গৈছে৷

১০. অসম সাহিত্য সভালৈ অসম চৰকাৰে দিয়া ধনৰ হিচাব অসম চৰকাৰৰ বিত্ত বিভাগে ৰাখে বুলি বিধান সভাত কালি প্ৰকাশ কৰিলে মন্ত্ৰী নীলমণিসেন ডেকাই৷ তেখেতে এই ধনৰ ব্যৱহাৰ সন্দৰ্ভত বিত্ত বিভাগৰ দ্বাৰা তদন্ত কৰোৱাৰো প্ৰতিশ্ৰুতি সদনক প্ৰদান কৰে৷

No comments:

Post a Comment