কবিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কবিতা

কবিতা

Share This
হে মহানায়ক 
তোমাক খুব্লেই চিবুন, চিবুন তোমাক
 ***********************************
- নবীন কামান

সুৰ সম্ৰাট ! 
তোমাৰ কণ্ঠত 
নিগৰি নিগৰি বয় 
গংগা গোদাবৰী, পদ্মা
তোমাৰ কণ্ঠত নিগৰি নিগৰি বয় 
চ’ৰাতি বাঁহী
চিফুঙৰ সাতোৰঙী সুৰ । 

হে প্ৰেমিক অশ্বাৰোহী 
তুমি মোৰ দেশৰ প্ৰতিটো ঋতুৰ 
চমাংকান, বাগৰুম্বা, ঝুমুইৰ
দিচাংমুখৰ প্ৰতিটো নিশাৰ ঐনিতম উৎসৱ !
তুমি 
মোৰ দেশৰ প্ৰতিখন অৰণ্যৰ
চিৰ সেউজ বৃক্ষ প্ৰতিখন নদীৰ বৰ্ণিল ঢৌ লহৰ। 

হে চিৰ বিপ্লৱী 
তুমি
মোৰ দেশৰ দাপোন 
ইতিহাস, দৰ্শন, সীমাহীন ভূগোল 
তুমি অতীত হৈয়ো বৰ্ত্তমান 
বৰ্তমানৰ বুকুত আশাবাদী ভৱিষ্যত । 

হে যাযাবৰী 
তুমি বিন্দুৰ পৰা সিন্ধুলৈ
সুৰৰ মহাসমুদ্ৰত চিৰ তৰুণ দুৰন্ত নাবিক
তোমাৰ প্ৰিয় বন্ধু পল ৰবচনক 
লুইতৰ বুকুত ওমলালা । 

হে সুধাকণ্ঠ 
তোমাৰ কণ্ঠত তুষাৰ গলি গলি 
নিগৰি বয় মহাবাহু ব্ৰহ্মপুত্ৰ
তুমি চিৰিলুইত হ’লা 
তুমি মহাবাহু হ’লা
 তুমি মহাসমুদ্ৰ হ’লা । 

তোমাক খুব্লেই চিবুন, চিবুন তোমাক ! 

No comments:

Post a Comment