পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. অসম মানৱ অধিকাৰ আয়োগে ৰাজ্য চৰকাৰক বিহিলে জৰিমনাঃ পুনৰ পৰীক্ষণত মেট্ৰিক-মাদ্ৰাছত স্থান লাভ কৰা চাৰি শিক্ষাৰ্থীক দুই লাখকৈ টকাৰ ক্ষতিপূৰণ দিবৰ বাবে দিলে নিৰ্দেশ৷
ভাৰত-বাংলা সীমান্তত চোৰাং চিকাৰীৰ
হাতৰ পৰা উদ্ধাৰ হ’ল ৯৫২টাকৈ
বিৰল প্ৰজাতিৰ কাছ৷
২. অসমত ক্ৰীড়াবিদৰ জন্মদিনৰ বৃহৎ আয়োজন দেখি অভিভূত হ’ল অলিম্পিয়ান দৌৰবিদ ছাইনী উইলচনঃ ৰাজ্যজুৰি উলহমালহেৰে পালিত হ’ল অভিৰুচি ক্ৰীড়া দিৱস৷ দেশক প্ৰতিনিধিত্ব কৰা ৰাজ্যৰ ২৪ গৰাকী খেলুৱকৈ সম্বৰ্ধনা জনালে গুৱাহাটীৰ চান্দমাৰিত আয়োজিত কেন্দ্ৰীয়ভাৱে উদযাপিত অনুষ্ঠানত৷

৩.  মাত্ৰ এটা বাক্যতে ৰমেন দাসে লিখি উলিয়ালে মহাপুৰষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন, কীৰ্তি, আদৰ্শৰ ওপৰত বিশেষ গ্ৰন্থ “একেটি বাক্যত গুৰু প্ৰণতি”: গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থখন উন্মোচন কৰি ৰঞ্জিত শেখৰ মুছাহাৰী দেৱে ক’লে-”বৰ্তমান সময়তো অসমত এগৰাকী মহাপুৰুষৰ প্ৰয়োজন”৷

৪. দিল্লীত আক্ৰাছু সহ কোঁচ-ৰাজবংশী সংগঠনেৰে ত্ৰিপাক্ষিক আলোচনাঃ সুকীয়া ৰাজ্যৰ পৰিবৰ্তে জনজাতিকৰণৰ প্ৰস্তাৱ বিবেচনালৈ আনিবলৈ গুৰুত্ব দিছে ৰাজ্য চৰকাৰে৷

৫. মুম্বাই হাইকৰ্টৰ নাগৰিকত্ব বিষয়ত গুৰুত্বপূৰ্ণ স্থিতিঃ ১৯৮৭চনৰ পাছত জন্ম হোৱা লোকে পিতৃ-মাতৃৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰৰ জৰিয়তেহে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব লাগিব, নিজৰ জন্ম প্ৰমাণপত্ৰ আৰু পাচপৰ্টেই  নাগৰিকত্ব প্ৰমাণৰ বাবে যথেষ্ট নহয়৷

৬. ইছলামিক প্ৰতিবাদক অতিৰঞ্জিতভাৱে দেখুওৱাৰ অপৰাধত ইজিপ্তত  আল-জজিৰাকে ধৰি চাৰিটা টিভি চেনেলৰ সম্প্ৰচাৰ বন্ধ কৰাৰ নিৰ্দেশ দিলে কাইৰোৰ এখন বিশেষ আদালতে৷ চেনেলকেইটাক কৰিলে অবৈধ ঘোষণা ৷

৭. দৰঙৰ ঐতিহাসিক তথা সত্ৰাধিকাৰবিহীন ব্যতিক্ৰমী খটৰা সত্ৰত “পাঁচতি মহোৎসৱ”ক লৈ চলিছে ব্যাপক প্ৰস্তুতিঃ ১৬-১৯ছেপ্তেম্বৰলৈ এই উৎসৱৰ সতে গ্ৰন্থমেলা, প্ৰদৰ্শণীৰ লগতে প্ৰাগজ্যোতিষ থিয়েটাৰৰো প্ৰদৰ্শণৰ কৰিছে ব্যৱস্থা৷

৮. “সেউজ শিৱসাগৰ” আঁচনিৰ কাম চলিছে পূৰ্ণোদ্যমে, আমগুৰিত পাতিলে গাঁওবুঢাৰ সভাঃ উপায়ুক্ত মিনাক্ষী সুন্দৰমে ক’লে-”গাঁওবুঢা সকল হ’ল প্ৰশাসনৰ সংযোগকাৰী ব্যক্তি”৷ আমগুৰিত গাঁওবুঢ়া ভৱন নিৰ্মাণৰো চলিছে চিন্তাচৰ্চা৷

৯. কাইলৈ ৫২তম শিক্ষক দিৱস উপলক্ষে তেজপুৰত ৩৬ গৰাকী কৃৰ্তি শিক্ষকক সম্বৰ্ধনা জনাব তেজপুৰ জিলা প্ৰশাসনে৷

১০. ইংলেণ্ডৰ বাৰ্মিংহামত ইউৰোপৰ সৰ্ববৃহৎ পুথিভঁৰালটো উদ্বোধন কৰিলে শিশু শান্তি বঁটা লাভ কৰা পাকিস্তানী কিশোৰী মালালা ইউচুফজাইয়ে৷

১১. শীঘ্ৰে সকলো খালী পদ পূৰণৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়েঃ অহা ৩০ছেপ্তেম্বৰৰ ভি্তৰত সকলো বিভাগ, শৈক্ষিক প্ৰতিষ্ঠান, ৰাজহুৱা প্ৰতিষ্ঠানত খালী হৈ পদৰ সবিশেষ তথা নিযুক্তিৰ ব্যৱস্থাৰ সবিশেষ জনাব লাগিব মুখ্য সচিবে৷

১২. নগাঁৱত অভিনেতা মহানন্দ শৰ্মাক নাট্যপ্ৰৱৰ সাৰদাকান্ত বঁটা প্ৰদান কৰিলে মন্ত্ৰী ৰকিবুল হুছেইনেঃ শিল্পপ্ৰাণ চন্দ্ৰ ফুকন বঁটা প্ৰদান কৰা হয় অভিনেতা বিজু ফুকনদেৱক৷

১৩. ভাৰতীয় শিশু কল্যান পৰিষদৰ তেজপুৰ জিলা শাখাৰ উদ্যোগত শোণিতপুৰ শিশু বিকাশ একাডেমীৰ বিজ্ঞান প্ৰদৰ্শণীত মুগ্ধ হ’ল ৰাইজঃ ডাঃ লক্ষ্মী গোস্বামীয়ে শিশুক অধ্যয়নমুখী আৰু বৈজ্ঞানিক দৃষ্টিভংগীসম্পন্ন কৰি গঢ়ি তোলাৰ বাবে অভিভাৱক সকললৈ জনালে আহ্বান৷

১৪.  আমাৰ অসমৰ কাকতৰ বাতৰিত গা লৰিল প্ৰশাসনৰঃ অৱশেষত বেদখলমুক্ত কৰাৰ লক্ষ্যৰে শিলসোঁকো বিলত চলাব উচ্ছেদ অভিযান৷

১৫. অহা ১৯-২১ছেপ্তেম্বৰলৈ লখিমপুৰত অনুষ্ঠিত হব অসম মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থাৰ ৪৮তম দ্বি-বাৰ্ষিক অধিৱেশনৰ৷

১৬. উন্মোচিত হ’ল কমলপুৰৰ বিহদিয়া গাঁও “পঞ্চায়ত ভৱন”; পঞ্চায়তীৰাজক অধিক সক্ষম কৰাৰ বাবে আঠ লাখ পঞ্চাশ হাজাৰ টকাৰ ব্যয়েৰে নিৰ্মিত হ’ল এই ভৱন৷

১৭. নৰেন্দ্ৰ মোদীৰ আগ্ৰাসী নিৰ্বাচনী কুচকাৱাজৰ প্ৰত্যুত্তৰ ৰূপে অসমকে ধৰি ১৬খন ৰাজ্যত  কংগ্ৰেছেও গঠন কৰিলে ইস্তাহাৰ কমিটি গঠন৷

১৮. পৃথক বড়োৰাজ্যৰ বিৰোধিতাৰ অ-বড়োৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ বাবে প্ৰতিবাদেৰে উত্তাল হ’ল পাঠশালাঃ সকলো নাগৰিকৰ শান্তিপূৰ্ণ সহ-অৱস্থান তথা জীৱন-জীৱিকাৰ অধিকাৰৰ দাবী হ’ল প্ৰতিধ্বনিত৷

১৯. সৰ্থেবাৰীৰ কাঁহ শিল্পক জীয়াই ৰখাৰ বাবে বিক্ষোভ প্ৰদৰ্শণ কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিলে কঁহাৰ শিল্পী সকলেঃ আলোচনাৰে আয়ুক্তৰ সতে এক মীমাংসাতো উপনীত হোৱাৰ বাতৰি৷

২০. অনলাইন বিক্ৰীৰে শিৰোনামা পালে অসমীয়া চাদৰ মেখেলাইয়োঃ ফ্লীপ কাৰ্টৰ দৰে ৰাষ্ট্ৰীয় পৰ্টেলেও ইয়াৰ ব্যৱসায় সুন্দৰকৈ চলাই থকাৰ সুখৰ খবৰ৷

চিন্তনীয় বাতৰিঃ
১. ত্ৰিপাক্ষিক বৈঠকৰ প্ৰাক-মুহূৰ্তত তীব্ৰ হৈছে বড়োলেণ্ড বিৰোধী আন্দোলনঃ বিটিএডিত পুনৰ গোষ্ঠী সংঘাতৰ আশংকা৷

২. প্ৰতিবাদকাৰীৰ লক্ষ্য এতিয়া ৰেল’পথঃ পুনৰ ১০ৰেল’ৰ চলাচল বাতিল৷

৩. শিশু অপহৰণৰ ঘটনাঃ মথুৰাপুৰ থানা আক্ৰমণ, ২৫জন আহত হোৱাৰ চিন্তনীয় বাতৰি৷

৪. ৰাজ্যজুৰি ডেংগুঃ আক্ৰান্তৰ সংখ্যা ১৮০লৈ বৃদ্ধি৷

৫.  কণ্যা প্ৰিয়ংকাক লৈ স্বাস্থ্য পৰীক্ষাৰ বাব আমেৰিকালৈ ছোনিয়া গান্ধী ৰাওনা৷

৬. অইলৰ অদক্ষ বনুৱা নিযুক্তি সাক্ষাৎকাৰত ব্যাপক অনিয়ম অভিযোগঃ এবছৰে ঘোষণা নহ’ল ফলাফল৷

৭. যোৰহাটত ডাষ্টবিনত ওলাল দেৱশিশুঃ মানৱতা পুনৰ ভূ-লুণ্ঠিত৷

৮. থিয়েটাৰৰ প্ৰয়োজকৰ অশ্লীল ইংগিতত অতীষ্ঠ হৈ দল এৰিলে মুখ্য অভিনেত্ৰীয়েঃ সাংস্কৃতিক পথাৰৰ চিন্তনীয় খবৰ৷

৯.  মাজুলীৰ বীজ নিগমৰ গুদামত পঁচিছে লক্ষাধিক মূল্য সাৰ বীজ৷
১০. গোলাঘাটৰ ঘিলাধাৰী নদীত বিহ দি মৎস্য নিধনৰ ঘটনা৷

No comments:

Post a Comment