এক মিনিটৰ গল্প - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

এক মিনিটৰ গল্প

এক মিনিটৰ গল্প

Share This
ভাগ্য চকৰী
- মেৰিলীন দত্ত
ৰামধনে পেটটোত খামুচি ধৰিলে ! আঃ কি অসহ্যকৰ বিষ ! যোৱা তিনিদিন ধৰি সি একো খোৱা নাই ! সি কাম কৰা চাহ দোকানখনত গিলাচ এটা ভঙাৰ বাবে তাক কামৰ পৰা খেদি পঠিয়ালে ! আশ্ৰয়হীন হৈ পৰিল সি ! অশেষ কষ্ট কৰিও সি কাম এটা বিচাৰি নাপায় যোৱা তিনিদিন ফুটপাথত কটালে !

সি কাষৰ টেপটোলৈ গ'ল ! আৰু পানী অলপ পি খালে ! খালি পেট পানীৰে নভৰে! পেটটো বেছিকৈ বিষায় উঠিল তাৰ ! দিনকদিনে দুর্বল হৈ পৰিছে সি !

সি লাহে লাহে ৰাজপথত খোজ পেলালে ! বিভিন্ন ৰঙৰ দামী গাড়ীয়ে বুজায় চহৰখন কিমান অভিজাত ! তাৰ সন্মুখেদি দেখনীয়াৰ ডেকা গাভৰু এহাল পাৰ হৈ গ'ল হাতত ধৰাধৰিকৈ ! ছোৱালীজনীৰ হাতত এটা দামী আইচক্ৰিম !

ৰামধন ওচৰৰ হোটেল এখনত সোমাই কিবা এটা খুজিলে খাবৰ বাবে ! তাক অলপ খাদ্য আৰু বিশ্ৰামৰ প্ৰয়োজন ! গাটো অলপ টনকীয়াল হ'লে সি অহাকালিৰ পৰা ৰাস্তা বনোৱা কামত হাজিৰা কৰিবলৈ যাব পাৰিব !

: ভাগ চাল্লা ভিক্ষাৰী 
হোটেলৰ মালিকে চোচা ল'লে 
: মই ভিক্ষাৰি নহয় বুলি চিঞৰি খুজিও চিঞৰিব নোৱাৰিলে ! ফোপাইছিল সি !

ৰামধনৰ নিজৰ ওপৰতেই বিতৃষ্ণা জাগিল ! এইয়া আৰু জীৱন হ'লনে ! ছিঃ ! এনেকৈ জীয়াই থকাতকৈ মৰি যোৱাই ভাল ! সি সিদ্ধান্ত ল'লে আত্মহত্যা কৰিব!

ক্ৰেচ...

সন্মুখেদি অহা ট্ৰাক এখনৰ আগত জপিয়াই দিলে ! ৰামধনে চকুৰ মুদ খাই আহিল !

প্ৰায় দুঘন্টাৰ মূৰত ৰামধনে চকু মেলিলে ! সন্মুখত বয়ল কণী এটা, ব্ৰেড দুপিচমান লৈ নার্চ এজনী ৰৈ আছে ! হাতত এটা ভিটামিন চেলাইন লগোৱা আছে ! ট্ৰাক ড্ৰাইভাৰজনৰ সুকৌশলতাৰ বাবে বাছি গ'ল সি ! দুঠাইতমানত ছাল বাকলি যোৱাৰ বাবে তাৰ বিশেষ একো নহ'ল ! চালকজনেই তাক চৰকাৰী হাস্পাতললৈ লৈ আহিল !

ৰাতি ৰামধনে মাংসৰে এসাজ পেট ভৰাই খালে ! বহুতদিনৰ মূৰত !

ৰামধনে ঠিক কৰিলে যিদিনা হাস্পতালৰ পৰা তাক ছুটী দিব তাৰ পাছদিনাৰ পৰা ৰাস্তা বনোৱা কামত মজদুৰ কৰিব ! আৰু এটা ভাল জীৱন কটাব ! আৰু তেতিয়ালৈকে হাস্পতালত তাৰ খাদ্য আৰু বিশ্ৰাম দুয়োটা হৈ যাব !

সি এটা খোলা হাঁহি মাৰিলে !

1 comment: