সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
কেৰিয়াৰ বিষয়ক জানিবলগীয়া কথাৰ পৰামৰ্শ 

                                                                           #ড° বুলজিৎ বুঢ়াগোহাঁই
শনিবাৰে সন্ধিয়া ৬-৯বজালৈ
০৯৪৩৫১-৮৮৬৩০
ফোন-যোগে বিনামূলীয়া পৰামৰ্শদান
মাননীয় সম্পাদক মহোদয়,
বিদ্যালয়ৰ শিক্ষকসকলে ছাত্র-ছাত্রীসকলক ভালদৰে বুজাই দিয়া উচিত যে প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে পঢ়া সকলো বিষয়ৰ জ্ঞানখিনি ভালদৰে আহৰণ কৰিব লাগিব কাৰণ অকল শ্রেণী পৰীক্ষাবোৰত উত্তীৰ্ণ হ’বলৈ পঢ়িলেই নহ’ব পিছলৈ বিভিন্ন প্রতিযোগীতামূলক পৰীক্ষা তথা জীৱন-যাপন বিভিন্ন ক্ষেত্রত দৰকাৰ হৈ থাকিব ।

যদি সম্ভৱ হয় শিক্ষকসকলে ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগীতামূলক পৰীক্ষাৰ সাধাৰণ জ্ঞানৰ আৰ্হি প্রশ্নবোৰ শ্রেণী কোঠাত দেখুৱা লাগে । শিক্ষকসকলে ছাত্র-ছাত্রীসকলক বিভিন্ন বিষয়ৰ কেৰিয়াৰ এটি আভাষ দিব লাগে । তেতিয়া ছাত্র-ছাত্রীসকলে জানিব পাৰিব যে অভিভাৱকসকলে কোৱা দৰে চিকিৎসক অথবা অভিযন্তা হিচাবে কেৰিয়াৰ গঢ়াৰ বাহিৰেও কেৰিয়াৰ গঢ়িবলৈ বহুত বিষয় আছে আৰু সেইবোৰ কেৰিয়াৰও যে চিকিৎসক অথবা অভিযন্তা হিচাবে গঢ়াত কেৰিয়াৰতকৈ সমাজত গুৰুত্ব কোনো গুণে কম নহয় । 

কি কি কথা ছাত্র-ছাত্রীসকলৰ লগত আলোচনা কৰিলে ভাল হয়,সেই কথাবোৰৰ বিষয়ে যদি কোনো আগ্রহী শিক্ষকে জানিব বিছাৰে তেন্তে প্রত্যেক শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯বজাৰ ভিতৰত আমাৰ লগত ফোনত (০৯৪৩৫১-৮৮৬৩০) যোগাযোগ কৰিব পাৰে ।

No comments:

Post a Comment