সম্পাদকীয় - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকীয়

সম্পাদকীয়

Share This
দুৰ্নীতিয়েই যেতিয়া নীতিঃ ৰাইজৰ কৰণীয় কি?

জগন মোহন জেলৰ পৰা ওলাল৷ হাজাৰ হাজাৰ জনতা দেখুন জগনতে মগন৷
যেন পূণ্য তীৰ্থৰ পৰাহে তেওঁ ঘূৰি আহিছে৷ 

দুটা পাৰ্টিয়ে এই জামিনক ৰাজনৈতিক খিচিৰি বুলি দিছে আখ্যা৷ কোনোৱে দিছে আইনী সুৰুঙাৰ বাখ্যা৷

আচলতে আয়ৰ সতে সম্পত্তিৰ পাহাৰৰ সম্পৰ্কহীনতাটো চেলিব্ৰিটী সকলৰ এটা ভৌতিক ধৰ্ম স্বৰূপেই৷ সেয়া ৰাজনীতি কৰা মানুহেই হওক বা খেল, চিনেমাৰ চেলিব্ৰিটীয়েই হওক৷ অঘোষিত ধন মানে ক’লা ধনৰ পয়োভৰ অবিহনে যেন এই জীৱন উদযাপনেই অসম্ভৱ!  তেনে এক ছবিহে এই সকলে জন-মানসলৈ প্ৰেৰণ কৰিছে৷


আয় কৰৰ বিভাগত মেনেজ কৰাৰ সুৰুঙা, ভেৰোনীয়া একাউনটেণ্টৰ লাখ টকীয়া ফীজৰ সেৱাই বেছি ভাগ সম্পদশালী লোককে ক’লা ধন পাৰ্ক কৰি ৰাখিব পৰা পাৰ্কিং প্লেছৰ সুবিধা কৰি দিছেই৷ খোদ অসমতে চকুৰ আগতে ঘোঁৰা গাড়ীত উঠি স্কুল যোৱা কিশোৰ তিনিটা দশকতে হাজাৰ কোটিৰ পৰশ লভাৰ বাতৰিয়ে শিৰোনামা লভিছে৷ ঘৰৰ গৃহিনীয়ে নুন্যতম ১০০কোটি প্ৰয়োজন হোৱা ব্যৱসায়ৰ মেৰুদণ্ড স্বৰূপ হৈ সংবাদ মাধ্যমত দপদপাই থকাৰো খবৰ ৰাইজৰ দৃষ্টিগোচৰ হৈছে৷

আৰু বিশেষ কিছুমান লোককহে ৰাজহুৱা সন্মানহানিৰ লক্ষ্যৰেহে বা ৰাজনৈতিক চাল-বাজিৰ বাবেহে আয়-বৰ্হিভূত সম্পত্তি আহৰণৰ কেচত দাম-দৰ নিমিলাৰ বাবেহে হাৰাশাস্তি কৰা দেখা গৈছে৷ প্ৰকৃততে আজিৰ তাৰিখত আয়-বৰ্হিভূত সম্পত্তি আহৰণৰ কেচক সাৰ্বজনীন কৰি তোলাৰ এৰাব নোৱাৰা এক প্ৰয়োজনীয়তা আহি পৰিছে ৷ 

ইয়াক সাৰ্বজনীন কৰি তুলিলে দেখা যাব বেছিভাগ নেতা, বিষয়া, ব্যৱ্সায়ী আদিৰ পত্নী, পৰিয়াল পৰিজন, কণ কণ শিশু পৰ্যন্ত জেলৰ ভাত খাব লগা হৈছে৷ আৰু সেয়া কাৰ্যকৰী ৰূপ পালে মানৱ অধিকাৰ সংগঠনেই হাঁহাকাৰ কৰিব লগা এটা অৱস্থাৰ সৃষ্টি হব৷ সেয়ে চাগৈ অত্যাধিক, বিধি-বৰ্হিভূত আৰ্জন আৰু ভোজনক মানৱৰ জন্মগত অধিকাৰ গণ্য কৰি আজিৰ সমাজে এনে কাম কৰাটো মনে প্ৰাণে মানি লৈছে৷ আৰু সেয়েই তাৰ প্ৰতিৰোধকল্পে এই কৰিব লগা কামটো কৰা হোৱা নাই৷

এই কামটোৰ বাবে কোনো সংগঠনেই সজোৰে দাবী উত্থাপন নকৰাটো অতিশয় উল্লেখনীয় দিশ৷ ভাৱ হয়, বেছিভাগ সংগঠন কৰা লোকেই যেন নিজেই এই বেমাৰত আক্ৰান্ত৷ আৰু সেয়েই নিজৰ স্বাৰ্থৰ পৰিপন্থী কথাত মাত নামাতে৷

আৰ টি আইৰ দৰেই আয়-বৰ্হিভূত সম্পত্তি আহৰণৰ কেচৰ এক জনজাগৰণ হোৱা হ’লে আৰু বিহাৰত নিতীশ কুমাৰৰ কাৰ্যকালত ক’লা টকাৰে বনোৱা ঘৰ বাজেয়াপ্ত কৰি স্কুল বনোৱাৰ দৰে ব্যৱস্থা আৰম্ভ হ’লেহে সৰ্ব-স্তৰত দুৰ্নীতিক ৰোধ কৰাৰ এক আচল শিক্ষা যেন আৰম্ভ কৰিব পৰা যাব৷

এই বিষয়ে সচেতন ৰাইজে আলোকপাত তথা চিন্তাৰ কৰ্ষণ কৰাৰ সময় আহি পৰিছে৷
(২)
প্ৰথম বাৰ যেতিয়া পশু খাদ্য কেলেংকাৰীৰ অভিযোগত লালু যাদৱ জেললৈ যাব লগা হৈছিল সেই সময়ত বোলে তেখেত ভাৰতীয় ন্যায় ব্যৱস্থাৰ প্ৰতি অতিশয় শংকিত হৈ পৰিছিল৷ আৰু পাটনাত শতাধিক ক’লা কুকুৰ বলি দি সেই শংকাৰ পৰা নিস্কৃতি পাবৰ বাবে চেষ্টা কৰিছিল৷ পাছলৈ ন্যায় ব্যৱস্থাৰ লেহেমীয়া গতিয়ে বা ভেৰোনীয়া আইনী বিশেষজ্ঞই দেখুৱাই দিয়া সুৰুঙাৰে তেখেতে তিনিবাৰকৈ শাসনৰ জৰী হাতত ধৰি ৰাখিলে, পাছলৈ কেন্দ্ৰীয় নেতা বা মন্ত্ৰী পৰ্যায় পালেগৈ৷ তাৰ পাছত আৰু এই ৰাজনৈতিক ব্যৱস্থাত কেলেংকাৰী কৰিবলৈ তেওঁ কেৰেপ কৰিব লগীয়া কিবা থকা বুলি চিন্তাও নোহোৱা হ’ল৷ 

এতিয়া সেই গোচৰৰ ৰায়দানৰ সময় হৈ তেখেতে তাত দোষী সাব্যস্ত হবলৈ লোৱাৰ প্ৰাক্-ক্ষণতে কেন্দ্ৰীয় কেবিনেটে দোষী সাব্যস্ত হোৱা জন-প্ৰতিনিধিক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে বিধেয়ক এখন ততাতৈয়াকৈ পাছ কৰে৷ এই কৰ্মক নেতাই নেতাক জামিন দিয়াৰ ব্যৱস্থা কৰা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সমালোচনা কৰিছে৷


এনে দোষী সাব্যস্ত হোৱা নেতাকে কিন্তু আমাৰ মানুহে বাৰে বাৰে নিৰ্বাচনত জয়ী কৰি আহিছে৷ এই কেলেংকাৰীবোৰ নিৰ্বাচনৰ দিনা বেলট বাকচত ভোটটো সুমুৱাই দিয়াৰ ক্ষণত বিবেচনালৈ নহাৰ কথাটো দেশৰ গণতান্ত্ৰিক ব্যৱস্থালৈ এক চিন্তাৰ বিষয় হৈ পৰিছে৷ এতিয়াও সেই বিশেষ দিনটো টকা, মদ, কম্বল বিতৰেণেৰে পৰিচালিত হৈ থকা কথাটোৱে অনাগত বৰ্ষবোৰতো কেলেংকাৰী বিহীন নেতা বা তেনে কৰাৰ সামৰ্থ্য নথকা নিকা মানুহক নিৰ্বাচনী ব্যৱস্থাত সফল হবলৈ নিদিয়াৰ এক ধাৰাকেই প্ৰতিষ্ঠা কৰিব৷ নিকা এখন সমাজৰ বাবে ইও এক চিন্তাৰ বিষয় হৈ উঠিছে৷

জন-প্ৰতিনিধি মানে তেওঁলোক আমাৰ প্ৰতিনিধি৷ আমি যেনেকুৱা, আমাৰ প্ৰতিনিধিও তেনেকুৱাই হ’ব৷ সেই টেঙা সত্যটো আমি মানি লবই লাগিব৷ আজিৰ তাৰিখত জেলৰ পৰা ওলোৱা অপৰাধী বা অভিযুক্ত নেতাক আদৰি অনাৰ যি ৰাজকীয় শোভাযাত্ৰাৰ ধাৰা, সি অসমেই হওক বা অন্ধ্ৰ প্ৰদেশেই হওক, বা তামিলনাডুৱেই হওক, সামাজিক দিশৰ পৰা একেবাৰেই শুভ লক্ষণ নহয়৷
সেয়ে ব্যক্তিগত পৰ্যায়ৰ পৰা এই ক্ষেত্ৰত আপোচ কৰা ৰোধ কৰিলেহে লাহে লাহে সমাজখনক এনে আপোচকামী চৰিত্ৰৰ পৰা আমি সলনি কৰিব পাৰিম৷ আৰু ভাৰতবৰ্ষক এক কাৰ্যকৰী ন্যায় ব্যৱস্থাৰে এক কল্যাণকামী তথা দুৰ্নীতি বাৰণ কৰিব পৰা ৰাষ্ট্ৰলৈ পৰিবৰ্তন কৰাটো সম্ভৱপৰ হৈ উঠিব৷ তাৰ অবিহনে দুৰ্নীতিমুক্ত ভাৰতৰ সপোনৰ ছবি আজিৰ সামগ্ৰিক পৰিবেশত খুৱেই নিৰাশাজনক৷

No comments:

Post a Comment