ভাল খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰ

ভাল খবৰ

Share This
অসমীয়া ছবিত বিগ বাজেটৰ দৌৰঃ
বিপৰীতে সঞ্জীৱনী সুধা লৈ কেনীৰ "লোকেল কুং ফু" 

- অমল গোস্বামী
যি সময়ত কোটি কোটি টকা ব্যয় কৰি দেশত চলচিত্ৰ নিৰ্মাণৰ ধুম উঠিছে ঠিক সেই সময়তে মাত্ৰ কেই হাজাৰ মান টকা খৰছেৰে এখন ছবি নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এজন অসমীয়া যুৱকে৷ নাম তেওঁৰ কেনী বসুমতাৰী৷ 

ছবি নিৰ্মাণৰ প্ৰতি থকা অসীম আগ্ৰহৰ বাবেই তেওঁ নিৰ্মাণ কৰি উলিয়াইছে ‘লোকেল কুংফু’ নামৰ এখন অসমীয়া ছবি৷যিখন ছবি অহা ২৭ ছেপ্টেম্বৰত দেশজুৰি মুক্তি পাব৷

দেশৰ ভিতৰেত প্ৰখ্যাত চিনেমা শৃংখল পি.ভি.আৰ চিনেমাই বসুমতাৰীৰ লোকেল কুংফু দেশৰ সাতখন চহৰত একে দিনাই একে সময়তে মুক্তি দিয়াৰ সিধান্ত গ্ৰহণ কৰিছে৷ অসমীয়া ছবি জগতৰ বাবে এয়া হৈছে এক সুখবৰ৷

কিয়নো লোকেল কুংফু হৈছে পি.ভি.আৰত মুক্তি পোৱা দ্বিতীয়খন অসমীয়া ছবি৷ ইয়াৰ পূৰ্বে বিশিষ্ট পৰিচালক জাহ্ন বৰুৱাই নিৰ্মাণ কৰা ‘বান্ধোন’ নামৰ অসমীয়া ছবিখন পি.ভি.আৰত মুক্তি দিয়া হৈছিল৷প্ৰণিধানযোগ্য যে কেনী বসুমতাৰীয়ে এই ছবিখন ইমানেই কম বজেটত নিৰ্মাণ কৰি উলিয়াইছে যে সেয়া এতিয়া দেশ জুৰি চৰ্চাৰ বিষয় হৈ পৰিছে৷ এই বিষয়ে মুম্বাই মিৰৰ’কে ধৰি কেইবাখনো ৰাষ্ট্ৰীয় কাকতে বাতৰি প্ৰকাশ কৰিছে, মুম্বাইৰ এফ এম ৰেডিঅ’ যোগেও সেই বিষয়ে, ছবিখনৰ নিৰ্মাণক লৈ কেনীৰ সাক্ষাৎকাৰ সম্প্ৰচাৰ কৰিছে৷

শুনি আচৰিত হব যে, এক লাখ টকাও নহয়, মাত্ৰ ৯৫,০০০ টকা ব্যয় কৰিয়েই কেনীয়ে নিৰ্মান কৰিছে এই ছবিখন৷ কেনী বসুমতাৰীৰ মতে, হাতত ধন নথকাৰ বাবেই ইমান কম বাজেটেৰে ছবিখন নিৰ্মান কৰিব লগীয়া হৈছিল৷যাৰ বাবে ছবিখনৰ চিত্ৰনাট্য ৰচনাৰ পৰা আৰম্ভ কৰি পৰিচালনা,অভিনয় আনকি কেতিয়াবা গাড়ী চালক,ৰান্ধনীৰ কামো ময়েই কৰিব লগা হৈছিল৷ অতি কষ্ট কৰি নিৰ্মাণ কৰি উলিওৱা এই ছবিখন প্ৰথম অৱস্থাত ইন্টাৰেনটযোগে অনলাইন মুক্তি দিয়া হৈছিল যদিও ছবি ঘৰত মুক্তি দিয়াৰ কথা ভাবিবই পৰা নাছিল কেনীয়ে৷

পিছে মুম্বাইস্থিত অসমীয়া সাংবাদিক সত্যেন কুমাৰ বৰদলৈয়ে ছবিখন চাই ছবিঘৰত মুক্তি দিয়াৰ বাবে জোৰ কৰে৷পৰিচালক বসুমতাৰীয়ে জনোৱা মতে, সত্যেন বৰদলৈৰ দাবী আৰু পি ভি আৰত কৰ্মৰত অসমীয়া যুৱক শিলাদিত্য বৰাৰ প্ৰচেষ্টাতে আজি লোকেল কুংফু দেশজুৰী মুক্তি দিয়াৰ কথা ভাবিব পৰা গৈছে৷ 

অহা ২৭ ছেপ্টেম্বৰত পি ভি আৰত মুক্তি দিয়াৰ লগেত সেই দিনাই ছবিখন অসমতো যাতে মুক্তি দিব পৰা যায় তাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে বুলিও জনাই পৰিচালক বসুমতাৰীয়ে৷দেশৰ ভিতৰেত প্ৰথমখন মাৰ্চিয়েল আৰ্ট কমেডি ছবি হিচাপে বিবেচিত হোৱা এই ছবিখন নিবেদন কৰিছে "কুঁহিপাতে"৷ অহা ২৭ ছেপ্টেম্বৰত লোকেল কুংফু দিল্লী,মুম্বাই,পুনে,বেংগালুৰু, আহমেদাবাদ,গড়েগাওঁ,কলকতা আৰু চেন্নাইত মুক্তি পাব৷ অসমৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিৱসাগৰ আদিতো একেলগে ছবিখন মুক্তি দিয়াৰ কামত কুঁহিপাত কমিউনিকেচনৰ হৈ দুৰ্লভ বৰুৱাই প্ৰচেষ্টা হাতত লৈছে৷ উল্লেখযোগ্য যে ডয়েটচে বেংক (Deutsche Bank)ৰ ইণ্টাৰনেট বেংকিংৰ মূৰব্বী ৰূপে নিজকে প্ৰতিপন্ন কৰা অসমীয়া ডেকা দুৰ্লভ বৰুৱাই এই চাকৰি বিসৰ্জন দি অসমীয়া ছবিৰ পৰিবেশনৰ যোগেদি অসমীয়া ছবিক এক সঞ্জীৱনী সুধা দিয়াৰ প্ৰশংসনীয় কামত আত্ম-নিয়োগ কৰিছে৷

স্বতৰ্ব্য যে, "লোকেল কুং ফু" কেনীৰ প্ৰথম ছবি হলেও ইয়াৰ পূৰ্বে তেওঁৰ নিদেৰ্শনাত মুক্তি পোৱা কেইবাটাও মিউজিক ভিডিঅ’ই দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ মিউজিক ভিডিঅ’ কেইটাৰ দৰে লোকেল কুংফুও জনিপ্ৰয় হ’ব বুলি আশা কৰিব পাৰি৷কিয়নো ইমান কম বাজেটেৰ ছবি নিৰ্মাণ কৰি কেনী ইতিমধ্যে দেশজুৰী চৰ্চাৰ বিষয় হৈ পৰিছে৷ মৃতপ্ৰায় অসমীয়া ছবি জগতখনৰ বাবে কম বাজেটেৰ নিৰ্মিত এখন ছবি হৈয়ো "লোকেল কুংফু" একেদিনাই অসমৰ লগতে দেশৰ আন আন মহানগৰত পি.ভি .আৰত যোগে মুক্তি পাব লগীয়া এই খবৰটো সঁচাই এক আশাৰ বতৰা৷

অসমীয়া ছবিক পুনৰোজ্জীৱিত কৰাৰ বাবে সকলো অসমীয়া ৰাইজে এই ছবি উপভোগ কৰি এই উদ্যমী অসমীয়া সকলক উৎসাহিত কৰাৰ বৰ প্ৰয়োজন৷ অভিনেতা আদিল হুছেইন দেৱেও এটা প্ৰ’ম’ ভিডিঅ’ত ভাগ লৈ কৰ্মদলটোক উৎসাহিত কৰিছে৷

1 comment:

  1. প্ৰকৃততে ভাল ছবি কম বাজেটতো বনাব পৰা যায়। কেনী বসুমতাৰীয়ে প্ৰমান কৰিব পাৰিলে ভাল লাগিব। আমাৰ দুৰ্ভাগ্য বিশ্বনাথ চাৰিআলিত বৰ্তমান দুয়োটা চিনেমাহলেই বন্ধ। কেনী আৰু সমুহ কুশীলবলৈ শুভেচ্ছা থাকিল।

    ReplyDelete