আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
জয়ন্ত হাজৰিকাৰ জন্মদিনঃ
ৰাণাদাৰ সৃষ্টিকৰ্মৰ বিশদ আলোচনাৰ প্ৰয়োজনীয়তা
- সুৰজিত নেওগ

জয়ন্ত হাজৰিকাৰ জন্মতিথি আৰু মৃত্যুতিথি আহিলে নেৰানেপেৰাকৈ ৰেডিঅ', এফ এম, টিভি, অস্থায়ী মঞ্চ সকলোতে ৰাণাদাৰ গীত বাজে, গায়্ক গায়িকাই গায়। লগতে বহু সতীৰ্থ, তেখেতক ভালপোৱা, তেখেতৰ গুণমুগ্ধ আৰু লগতে গীত-গান-বাজনাৰ বিষয়ে বিশেষ জ্ঞান-চৰ্চা নকৰা লোকেও এই গুণী শিল্পীজনৰ বিষয়ে 'দুআষাৰ' কয়... এইখিনিলৈকে ঠিকেই আছে বা আছিল অথবা থাকিব। 
পিছে মন কৰিবলগীয়া কথাটো হ'ল এনেদৰে 'কওঁতাই' যেতিয়া কিবা কয়, তেতিয়া অৱধাৰিত ভাৱে স্বৰ্গীয় জয়ন্ত হাজৰিকাদেৱে 'সুৰ বাহিনী গঠন কৰি কেনেকৈ বানপীড়িতৰ বাবে অসমৰ ইমুৰৰ পৰা সিমুৰ ভ্রমি ফুৰিছিল' সেই বিষয়েহে যেন বেছিকৈ জোৰ দি কয়... আজিৰ দিনত অস্বাভাৱিক অভাৱনীয় যেন লগা এনে কথা এই গণশিল্পী গৰাকীয়ে অতি স্বাভাৱিক ভাৱে আন আন সতীৰ্থ শিল্পী আৰু সাধৰণ মানুহৰ সৈতে মিলি কৰিছিল নিস্বাৰ্থ ভাৱে... অসমৰ নিপীড়িত জন-গণৰ বাবে... 


বছৰটোত কেৱ্ল মাত্র দুটা দিনত ৰাজহুৱা ভাৱে সুঁৱৰা এই মহান অদ্বিতীয় শিল্পী গৰাকীৰ নিজস্ব শৈলী, তেখেতৰ গীত নিৰ্বাচন, তেখেতৰ ফিউচন জাতীয় সুৰবোৰৰ বিষয়ে কৰবাত কাৎচিতহে বিজ্ঞজনে আলোচনা কৰা দেখা যায়। 

আনকি তেখেতৰ সুযোগ্যা পত্নীয়েও প্রায়ে ৰাণাদাৰ বিষয়ে কওঁতে কেৱল 'সুৰবাহিনী'ৰ ওপৰতে আলোকপাত কৰি আলোচনাবোৰ সামৰে... সুৰবাহিনীৰ দৰে অনুস্থানৰ সৃষ্টি কেৱল ৰাণাদাৰ দৰে ক্ষণজন্মা লোকৰ বাবেহে সম্ভৱ... সেইকথা সংগীতৰ বিষয়ে নুন্যতম জ্ঞানথকা সকলো লোকে বুজে.... ৰাণাদাৰ অমৰ সৃষ্টি সমুহৰ বিষদ ভাৱে আলোচনা হওক; তেখেতৰ প্ৰ্তিভাৰ বিভিন্ন দিশ উন্মোচিত হওক... তেতিয়াহে কিজানি আমি এনে এগৰাকী অদ্বিতীয় শিল্পীক যথাযথ সন্মান যাচিব পাৰিম ...

2 comments: