(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. অসমৰ ৰাইজৰ বাবে নতুন বিশেষ মৌলিক অধিকাৰ ঘোষণা কৰাৰ বাবে বিশেষ পদক্ষেপ ৷ এয়া হৈছে বন্ধ দিয়া আৰু প্ৰতিবাদ কৰাৰ অধিকাৰ৷ বন্ধ ভাট্টা আৰু প্ৰতিবাদী জলপানিৰো বিশেষ ব্যৱস্থা কৰিবলৈ গৃহমন্ত্ৰীয়ে অতি সোনকালেই লব প্ৰশংসনীয় ব্যৱস্থা৷
২. খেতি-বাতি শেষ হ’ল যেতিয়া ধান পকে মানে ৰাইজ এইবাৰ নিজৰ গোষ্ঠীগত আন্দোলনত নানামি কি কৰি থাকিব বুলি প্ৰকাশ পালে তথ্য৷ ধান নোহোৱা মাটি নোহোৱা সকলৰো খাদ্য সুৰক্ষিত হ’লেই যিহেতু সেয়ে পথ অৱৰোধ, আন্দোলন আদিত এতিয়া ভালকৈ মনোনিৱেশ কৰিব পাৰিছে বুলি ধন্যবাদ জ্ঞাপন কৰি দিল্লীলৈ পঠালে ফেক্স৷
২. খেতি-বাতি শেষ হ’ল যেতিয়া ধান পকে মানে ৰাইজ এইবাৰ নিজৰ গোষ্ঠীগত আন্দোলনত নানামি কি কৰি থাকিব বুলি প্ৰকাশ পালে তথ্য৷ ধান নোহোৱা মাটি নোহোৱা সকলৰো খাদ্য সুৰক্ষিত হ’লেই যিহেতু সেয়ে পথ অৱৰোধ, আন্দোলন আদিত এতিয়া ভালকৈ মনোনিৱেশ কৰিব পাৰিছে বুলি ধন্যবাদ জ্ঞাপন কৰি দিল্লীলৈ পঠালে ফেক্স৷
৩. দলং উদ্বোধন কৰিবলৈ গৈ গাড়ী যাব নোৱাৰা পথ সমুখত ওলোৱাত হঠাত বিপাঙত পৰিল বিদ্যুত বৰদলৈ৷ প্ৰথমবাৰৰ বাবে সমষ্টিৰ জৰাজীৰ্ণ পথত খোজ দিয়াৰ বাবে আন্তৰিক অভিনন্দন জনালে সমষ্টিবাসীয়ে৷ কেতিয়াবা এইদৰে অলপ খোজ দিলে স্বাস্থ্যৰ বাবেই ভাল বুলিও গাঁৱবাসীয়ে কৰিলে মন্তব্য৷
৪. গোলাঘাটৰ শীতলীকৰণ ভঁৰালতে গজালি ওলাল ১৭হাজাৰ কুইণ্টল আলুৰ ৷ ফটাফট উচ্চ হাৰত বীজ ৰূপে কৃষি বিভাগক কিনি পেলাবলৈ বিপনন বিভাগে দিলে আৰ্জি৷ পুঁজি ব্যৱহাৰ কৰিবৰ বাবে এয়া সুবৰ্ণ সুযোগৰ গজালিহে বুলি মন্তব্য কৰিলে ভঁৰালৰ চকীদাৰেও৷
৫. কেতিয়া হব, ৰেল, বিমান অৱৰোধ তাৰ ঠিকনা নাই৷ সেয়ে ৰেলৱে আৰু বিমানত ফ্লেক্সিবল টিকেট ফৰ আসাম বুলি বিশেষ আঁচনিৰ সুবিধা দিবলৈ বাহিৰত থকা অসমীয়া সকলে দিলে স্মাৰক পত্ৰ৷ অৱৰোধ বিহীন দিনতে বিশেষ ৰেল আৰু বিশেষ বিমানত এনে টিকেট ব্যৱহাৰৰ বাবে সুবিধা দিয়াৰ বাবেও উঠিল দাবী৷
৬. ৰাজ্যিক কৃৰ্তি বঁটাৰ বাবে ২৭গৰাকী শিক্ষক বাছনিত কাহিলাপাৰা অফিচৰ অবৈধ হস্তক্ষেপৰ উঠিল অভিযোগ৷ ঘোঁচ নোখোৱাকৈ আন ফাইল লৰচৰ নকৰা অফিচত কৃৰ্তি শিক্ষকৰ নামৰ ফাইল লৰচৰ কৰিলে বেয়া বাৰ্তা প্ৰেৰিত হব বুলিহে এনে হস্তক্ষেপ কৰা বুলি বিশেষ শিক্ষা বিষয়াই কৰিলে তথ্য প্ৰকাশ৷ শিক্ষকক চিষ্টেম কেনেকৈ চলে তাৰ শিক্ষা দিয়াটোৱেই এই কৰ্মৰ আঁৰৰ মৌলিক চিন্তা বুলিও তেখেতে ব্যক্ত কৰে৷
৭. ভিনিয়েকৰ হাতত লাঞ্চিতা হ’ল খুলশালী, লম্পট ভিনিহি জেললৈ৷ আচাৰ ৰাম বাপুৰ ধাৰ্মিক ৰিজৰ্টৰ ফ্ৰেন্সাইজিৰ বাবে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰাৰ মানসেৰেই এনে ভুল কৰি পেলোৱা বুলি ভিনিহি দেৱে ব্যক্ত কৰাৰ খবৰ৷
৮. ৰাজ্য জুৰি ৩০.৪৪লাখ বিঘা ভূমিত সন্দেহজনক নাগৰিকৰ বেদখল হোৱাৰ খবৰ৷ সোনকালে ভূমি পট্টন প্ৰদান কৰিবলৈ কম-বেচি পাৰ্টিৰ দালাল চক্ৰই জোৰদাৰ প্ৰচেষ্টাৰে সমাজ সেৱামূলক কাম হাতত লোৱাৰ গোপন খবৰ৷
৯. জালুকবাৰীত ডেংগীমহৰ গণনাত বিশ্ব শৰ্মা ব্যস্ত থকাৰ সময়তে মহানগৰীৰ আন অঞ্লত ডেংগীয়ে আক্ৰমণ কৰাৰ দুখৰ খবৰ৷ আচলতে ডেংগী মহৰ বাবে আঠুৱাৰ কমিচন গণনাতহে বেছি সময় কটোৱা বুলি ওলাইছে গুজৱ৷
১০. নগাঁৱত কলেজ নিৰ্বাচনক লৈ দুটা সংগঠনৰ ছাত্ৰ দলৰ মাজত মাৰপিট৷ এই মাৰপিটক এই দুদল ছাত্ৰৰ মাজত সদৌ অসম জুৰি বছৰে বছৰে চলা এক পাৰম্পৰিক মাৰপিটহে তাত চিন্তা কৰিব লগা বিশেষ নাই বুলি গৃহমন্ত্ৰীয়ে কৰিলে মন্তব্য৷
No comments:
Post a Comment