(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. আজি ৩০০কোটি টকীয়া স্বাস্থ্য আঁচনি ঘোষণাৰ জানসংযোগৰ বিজ্ঞাপনত আঁতৰাই দিয়া হ’ল বেমাৰ আজাৰ মন্ত্ৰীৰ ফটো৷ এতিয়াৰ পৰা কেন্দ্ৰীয় আঁচনিৰ ক্ৰেডিটৰ পাটি পইচাও বিভাগীয় মন্ত্ৰীলৈ নিদিয়ে বুলি আই থানত গগৈচাৰে শপত খোৱাৰ গোপন বাতৰি৷
১. আজি ৩০০কোটি টকীয়া স্বাস্থ্য আঁচনি ঘোষণাৰ জানসংযোগৰ বিজ্ঞাপনত আঁতৰাই দিয়া হ’ল বেমাৰ আজাৰ মন্ত্ৰীৰ ফটো৷ এতিয়াৰ পৰা কেন্দ্ৰীয় আঁচনিৰ ক্ৰেডিটৰ পাটি পইচাও বিভাগীয় মন্ত্ৰীলৈ নিদিয়ে বুলি আই থানত গগৈচাৰে শপত খোৱাৰ গোপন বাতৰি৷
![]() |
বেছি দিন লগতে নাথাকো আই অ’ মৰম কৰিবি মোক.... |
২. কাজিৰঙাত পুনৰ গঁড়ৰ খৰ্গ কটা যোৱাৰ বাতৰি৷ হাবি বন মন্ত্রীয়ে ক’লে- বেছি দিন নাই, অচিৰেই এনে বাতৰিৰ অন্ত পৰিব৷ খৰ্গ কাটিবলৈ আৰু বেছি গঁড় বাকী নাই৷ এতিয়াই এনে বাতৰিত হা-হুমুনিয়াহ কাঢ়ি লবলৈ তেখেতে জনালে কাতৰ আহ্বান, ৰাইজে পাছত আৰু নাপাব সুযোগ বুলি কৰিলে ভৱিষ্যতবাণীও৷
৩. চহৰত গুড নাইট লগোৱা ঘৰতহে ডেংগু হৈছে বুলি সণ্টুষ্টি লভিলে বেমাৰ আজাৰ মন্ত্ৰীয়ে৷ বেছি আধুনিক দেখাবলৈ গৈ আঠুৱা নতৰাৰ চং দিবলৈ যোৱা সকলক প্ৰভুৱে শাস্তি দিবই বুলিও কৰিলে মন্তব্য৷
৪. গুৱাহাটীত পশুকো দিয়া হয় মানুহৰ সম-মৰ্যদা৷ গুৱাহাটীয়া ভেৰি পওৰ নিগমে মুখ্য স্বাস্থ্য বিষয়া পদত পশু চিকিৎসক নিযুক্তি প্ৰদানেৰে বিশ্বৰ আগত পশুক মৰ্যদা দিয়াৰ ক্ষেত্ৰত এক আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ সেই উদ্দেশ্য বিশ্ব পশু সংস্থাৰ শ্ৰেষ্ঠ মেয়ৰৰ সন্মানৰ বাবে যোগ্য পাত্ৰ ৰূপে গুৱাহাটীয়াক মনোনীত কৰাৰ সুখৰ খবৰ৷
৫. অসমীয়া বাস্তু বিশেষজ্ঞৰ অনশন কাৰ্যসূচীলৈ সহাঁৰি দি টকাক বাস্তু বিজ্ঞানেৰে উদ্ধাৰ কৰিবলৈ সৰ্বদলীয় বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে৷ এইবাৰ মহাত্মাৰ ছবিৰ ঠাইত ৰাজীৱ গান্ধীৰ ফটো টকাত ছপাবলৈ উপদেশ দিয়াৰ বাবে অসমীয়া বাস্তু শাস্ত্ৰ বিদলৈ ভাৰতৰত্নৰো প্ৰস্তাৱ৷ নতুন টকা গ্ৰহণৰ বাবেই সকলো ব্লেকমানি বজাৰলৈ ওলাই আহিবই লাগিব বুলি সচেতক শৰ্মায়ো কৰিলে গুৰুত্বপূৰ্ণ মন্ত্বব্য৷
৬. বিভিন্ন বিভাগত পৰি থকা সকলো ধন ব্যৱহাৰ কৰি ভগাই বিতাই সোনকালে খাবলৈ নিৰ্দেশ দিলে ৰাইজৰ চৰকাৰে৷ ক’লে কেন্দ্ৰলৈ ঘূৰি যোৱাতকৈ স্থানীয় নেতা, বিষয়া, আমোলাই এইবোৰ ভগাই বিতাই খালেহে ৰাইজৰ একাংশৰ প্ৰকৃত উন্নতি হব৷ মূল্যবৃদ্ধিয়ে কোঙা কৰা সময়ত অহা লক্ষ্মী এনেকৈ উভোতাই পঠোৱাটো কোনো পধ্যেই যুক্তি সন্মত নহয় বুলিও পাত্ৰমন্ত্ৰীয়ে কৰিলে মন্তব্য৷
৭. মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ জাতিৰ প্ৰমাণপত্ৰ ভুৱা বুলি জনস্বাৰ্থ জড়িত আবেদন আহিল উচ্চ ন্যায়ালয়লৈ৷ আবেদকক পাগল বুলি ক’লে মন্ত্ৰীৰ ঘৰৰ চকীদাৰে৷ কাৰণ পাগল নহ’লে আজিৰ দিনত মুখ্যমন্ত্ৰীলৈ কোনেবাই আঙুলি তুলিবলৈ সাহস কৰিবনে বুলিও তুলিলে গুৰুত্বপূৰ্ণ প্ৰশ্ন৷
৮. অচিৰেই এনচিআৰটিয়ে মুকলি কৰিব আশাৰাম বাপু ৰচিত আইনী প্ৰবচনৰ গ্ৰন্থঃ গ্ৰেপ্তাৰৰ পৰা সাত সৰাৰ ৪২০টা কিটিপ সম্বলিত এই প্ৰৱচনখন অহা বসন্ততে উন্মোচন হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট৷
৯. চিটিবাচৰ ড্ৰাইভাৰক হিৰো আখ্যা দিলে মহানগৰীৰ ৰাইজে৷ হোমগাৰ্ড পিটি গঢ়া নতুন অভিলেখৰ বাবে জ্ঞাপন কৰিলে আন্তৰিক অভিনন্দনো৷
১০. চন্দ্ৰপুৰত ঢেকীয়াপতীয়াৰ সন্ত্ৰাস, বাঘ ধৰাৰ দাবী তুলিলে ৰাইজে৷ কইনাধাৰাৰ পৰা ধাৰণা কৰা মতে অশান্তি সৃষ্টি কৰা বাঘটো বিসম্বাদী শিবিৰৰ পৰাই পলাই যোৱা বাঘ হব লাগিব৷ ৰিং মাষ্টাৰৰ দুৰ্দিন চলাৰ বাবে এনেদৰে দুই এটা বাঘে পলাবলৈ আৰম্ভ কৰিছেই বুলিও অনুমান কৰা গৈছে৷
No comments:
Post a Comment