''মৰি যোৱাতকৈ জীয়াই থকাই ভাল''
- ডলিতা কলিতা
এতিয়া যেন আত্মহত্যাৰ ধুম হৈ উঠিছে। কিছুদিন আগলৈকে দশকত দুই-এটা আত্মহত্যাৰ খবৰ আহিছিল। এতিয়া আত্মহত্যা এক স্বাভাৱিক খবৰ হৈ পৰিছে। আজিকালিতো বংশ-পৰিয়ালে আত্মহত্যা কৰা হ'ল। মোৰ আজিকালি ব্ৰহ্মপুত্ৰৰ পানীত হাত ধুবলৈকে 'ভয়' লগা হ'ল।
কৰবাত পঢ়িছিলো প্ৰতিজন মানুহেই জীৱনত এবাৰ হ'লেও আত্মহত্যাৰ কথা ভাবে। আত্মহত্যা- এক স্বাভাৱিক তাড়না।
কিন্তু আমি পাহৰিব নালাগে জীৱনটোৰ সুন্দৰতাৰ কথা। সমস্যাবোৰেই একমাত্ৰ জীৱন নহয়। পৃথিৱীত এনে কোনো সমস্যা নাই যাৰ সমাধান এই পৃথিৱীৰ বাহিৰত আছে। বেলেগ বেলেগ উপায়েৰে সমস্যাবোৰৰ সৈতে সংগ্ৰাম কৰো আহক। সিদ্ধান্ত লওঁ- মৰি গ’লেও কেতিয়াও আত্মহত্যা নকৰো।
No comments:
Post a Comment