পলকতে সুখ দুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ খবৰ

পলকতে সুখ দুখৰ খবৰ

Share This
সুখৰ খবৰঃ
১. উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ কলা-ঐতিহ্য-জনজীৱন-সংস্কৃতি-পৰম্পৰা তথা পৰ্যটনৰ সমল সমূহক বিশ্বৰ আগত এক নৱ ৰূপত উপস্থাপনৰ লক্ষ্যৰে অহা ৮আৰু ৯ নৱেম্বৰত ট্ৰেণ্ড এমএমএছ নামৰ সাংস্কৃতিক ন্যাসে দিল্লীত আয়োজন কৰিব “নৰ্থ ইষ্ট ফেষ্টিভেল”: উত্তৰ-পূৱৰ পৰা বিভিন্ন ক্ষেত্ৰত সফলতাৰ ধ্বজ উৰুৱা সকলক একেখন মঞ্চত উপবিষ্ট কৰি উত্তৰ-পূৱ সন্দৰ্ভত মানুহক এক নতুন দৃষ্টি প্ৰদান কৰিবলৈ উদ্যোগ লোৱাৰ প্ৰশংসনীয় খবৰ৷
নৰ্থ ফেষ্টিভেলৰ ঘোষণাৰে
দিল্লীত সংবাদমেল

২. অৰুণাচলত উন্মোচন হ’ল আদি ভাষাৰ প্ৰথমখন দৈনিক বাতৰি কাকত “অৰুণাচল আঙ”: অৰুণাচল প্ৰেছ ক্লাৱত হোৱা উন্মোচনী অনুষ্ঠানত আদি আগাম কেবাঙৰ সভাপতি নিনী প্ৰেটিনেও কৰিলে অংশগ্ৰহণ৷

৩. স্পষ্ট কৰিলে প্ৰদেশ কংগ্ৰেছে দলীয় স্থিতি, অসমত পৃথক ৰাজ্য গঠনৰ বিৰোধী কংগ্ৰেছ দলঃ আদৰ্শ বিদ্যালয় প্ৰকল্প সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে৷

৪. গোলাঘাটৰ বালিগাঁৱৰ ৰাইজে তৰা গোচৰত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়ঃ পঞ্চাশ শতাংশতকৈ অধিক মিচিং জনসংখ্যা নথকা গাঁও স্বায়ত্ত শাসিত পৰিষদৰ পৰা কৰ্তন কৰাৰ বাবে ৰাজ্য চৰকাৰক দিলে নিৰ্দেশ৷ চৰকাৰক সেই উদ্দেশ্যে প্ৰদান কৰিলে তিনিমাহৰ সময়সীমা৷

৫. অসমৰ নাট্য আন্দোলনৰ বাটকটীয়া ব্ৰজনাথ শৰ্মাৰ ৫৩তম মৃত্যু বাৰ্ষিকী তেখেতেৰ জন্মস্থান বৰপেটাৰ শলা গাঁৱতো দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়ঃ দুটাকৈ  যাত্ৰা আৰু কহিনুৰ অপেৰাৰ জনক জনৰ স্মৃতি যুগমীয়া কৰিবলৈ চৰকাৰক আবক্ষ মূৰ্তি স্থাপন আৰু প্ৰেক্ষাগৃহ এই গাঁৱত স্থাপন কৰাৰ দাবী তুলিলে ৰাইজে৷

৬. ভাৰত-ভূটানবাসীৰ মাজত ৰাষ্ট্ৰীয় সংহতি অটুট ৰখাৰ বাবে নাগ্ৰীজুলিত সশস্ত্ৰ সীমা বলৰ উদ্যোগত চাৰদিনীয়া সামাজিক চেতনা অভিযানৰ সফল সামৰণিঃ বিভিন্ন প্ৰতিযোগিতা, স্বাস্থ্য শিবিৰ তথা পশু চিকিৎসা শিৱিৰো হয় আয়োজিত৷

৭. মাত্ৰ ছয় বিঘা মাটিত কুঁহিয়াৰ খেতিৰে স্বাৱলম্বনৰ পথ দেখুৱালে ধেমাজিৰ বিষ্ণুপুৰৰ ভৱেশ সন্দিকৈয়েঃ ঘৰতে ঘৰ প্ৰস্তুতেৰে লাভৰ মুখ দেখা সন্দিকৈয়ে অহা বৰ্ষত দুগুণ খেতি কৰাৰ আৰু ২০জনক আত্ম-সংস্থাপনৰ পথ দেখুওৱাব বুলিও প্ৰকাশ কৰিলে পৰিকল্পনা৷

৮. ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে জম্মু-কাশ্মীৰলৈ কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিলে ১০০০কোটি টকাৰ বিশেষ পেকেজঃ প্ৰতিখন পঞ্চায়ততে একোখন উন্নত খেলপথাৰ গঢ়ি তুলিবলৈ গ্ৰহণ কৰিলে পৰিকল্পনা৷

৯. ইণ্ডিয়া-আফ্ৰিকা বিশ্ব ফটোগ্ৰাফ প্ৰতিযোগিতাত বিজয়ী হৈ পুৰষ্কৃত হোৱাৰ গৌৰৱ কঢ়িয়াই আনিছে গোৱালপাৰা প্ৰেছ ক্লাৱৰ সভাপতি ভীষ্ম থাপাই৷

১০. দিল্লীৰ লজ্জ্বাজনক ধৰ্ষণৰ ঘটনাৰ ৰায়দান কৰিলে আদালতেঃ দৃষ্টান্তমূলক শাস্তিৰ বাবে চাৰিজন অপৰাধীক মৃত্যুদণ্ডৰ বাবে দিলে নিৰ্দেশ৷

১১. নানকা যাদৱৰ ছত্ৰছায়াত জেলৰ পৰা ওলোৱাৰ পাছতেই পুনৰ ৰে’লৱে ষ্টেচনত আৰম্ভ হৈছিল পাণৰ ছিণ্ডিকেটঃ সচেতন নাগৰিক মঞ্চৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দহজনকৈ লোক৷

১২. লখিমপুৰৰ চিয়াজুলী হিন্দু-মাজগাঁও নিৱাসী আদৰ্শ শিক্ষয়িত্ৰী ৰেণুকা বৰাই ৰাষ্ট্ৰীয় বঁটাৰে গৌৰৱ কঢ়িয়ালে জিলাখনলৈঃ ৰাজ্যৰ আঠ গৰাকী ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিক্ষকৰ সতে যোৱা পাঁচ ছেপ্তেম্বৰত দেশৰ ৰাষ্ট্ৰপতিৰ পৰা দিল্লীত গ্ৰহণ কৰিলে এই বঁটা৷

১৩. অহা ১৪-১৫ ছেপ্তেম্বৰত গুৱাহাটীত অনুষ্ঠিত হব অসম সাংস্কৃতিক মহাসভাৰ দ্বিতীয় পূৰ্ণাংগ অধিবেশনঃ অসমৰ লগতে বাহিৰৰো প্ৰতিনিধি তথা আমন্ত্ৰিত অতিথিয়ে অংশগ্ৰহণ কৰিব লগা এই মহাসভাত প্ৰকাশিত হব এখন স্মৃতিগ্ৰন্থও৷

১৪. মুক্তিৰ অপেক্ষাত ৰৈছে যদুমণি দত্তৰ নতুন কথাছবি "পানী": অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ সহ প্ৰযোজনাত নিৰ্মিত ছবিখনত অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাস আৰু আইমী বৰুৱাই, ছবিখনে ১৬আগষ্টত চেঞ্চৰ বৰ্ডৰ চাৰ্টিফিকেট লাভ কৰে৷

১৫. যুৱ পৰিচালক ঋতুৰাজ দত্তৰ "ভাল পাব নাজানিলো" মুক্তি পাব অহা ২০ছেপ্তেম্বৰতঃ জুবিন, অংগৰাগৰ কণ্ঠ সমৃদ্ধ গীতেৰে জনপ্ৰিয়তা লভা ছবিখনৰ মুক্তিৰ বাবে চিনেমাহল বিচৰা যন্ত্ৰণাৰ সন্মুখীন হৈছে যুৱ পৰিচালকজন৷

১৬. নাট্যকৰ্মী চিৰাজুলৰ হকৰ স্মৃতিত ছিগাল থিয়েটাৰৰ মঞ্চত অনুষ্ঠিত হ’ল শিশু নাট মেলাঃ ৰসৰাজৰ "বুঢ়া-বুঢ়ী আৰু শিয়াল”কে ধৰি অন্যান্য শিশু নাটৰ সফল সঞ্চায়ন হোৱাৰ খবৰ৷

১৭. ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰী সন্দৰ্ভত দাবী তথা আপত্তি গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰে সময়সীমা বৃদ্ধি কৰিলে অহা ২০ ছেপ্তেম্বৰলৈঃ আপত্তি তথা দাবী সমূহ ৫ অক্টোবৰৰ ভিতৰত নিষ্পত্তি কৰিব বুলিও প্ৰকাশ পালে চৰকাৰী বিজ্ঞপ্তিত৷

১৮. গুৱাহাটী সন্মিলিত নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চই পৌৰ কৰৰ অস্বাভাৱিক বৃদ্ধি তথা মহানগৰীত পানী যোগান ব্যক্তিগতকৰণৰ বিৰুদ্ধে সৰৱ হৈ আয়োজন কৰিলে প্ৰতিবাদী সংবাদমেলঃ সভাপতি ডঃ হীৰেণ গোহাঁইয়ে আঙুলিয়াই দিলে অসোঁৱাহবোৰ৷

১৯. আলু পিয়াজৰ ক্ষেত্ৰত স্বাৱলম্বী হব পৰাকৈ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আঁচনিৰ ছখন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হ’ল অসমঃ প্ৰয়োজন তিনি লাখৰ বিপৰীতে বৰ্তমান ২৫হাজাৰ মেট্ৰিকটনহে বুলি আঙুলিয়াই দি কৃষক সকলক আগবাঢ়ি আহিবলৈ আহ্বান জনালে কৃষিমন্ত্ৰীয়ে৷

২০. কৃষকে ৰাজ-সাহাৰ্যৰ জৰিয়তে লাভ কৰা টেক্টৰ তথা পাৱাৰ টিলাৰৰ বাবে কৃষি বিভাগৰে অসম গ্ৰামীণ বিকাশ বেংকে চুক্তি স্বাক্ষৰ কৰাৰ সুখবৰ৷

২১. বঢ়মপুৰৰ সমীপৰ ২৬নং বামুণী বেছিক বিদ্যালয়ৰ শতৰ্বাষিকী অনুষ্ঠান আয়োজিত হৈছে অহা ১৪,১৫ ছেপ্তেম্বৰতঃ অঞ্চলটোত শিক্ষাৰ আলোকেৰে পোহৰাই তোলা বিদ্যালয়খনিৰ এই শতবাৰ্ষিকী সফল কৰি তুলিবলৈ গঠিত হৈছে ৩১জনীয়া উদযাপন সমিতিও৷

নৰ্থ ইষ্ট ফেষ্টিভেল বিষয়ক সংবাদমেলত
ছাত্ৰ প্ৰতিনিধি সকলৰ সৈতে মুখ্য আয়োজক শ্যামকানু মহন্ত

No comments:

Post a Comment