পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. উত্তৰ কাশীৰ নেহৰু পৰ্বতাৰোহন প্ৰতিষ্ঠানে বিনামূলীয়াকৈ সেই অঞ্চলৰ যুৱক সকলক প্ৰদান কৰিছে প্ৰশিক্ষণঃ সেনা জোৱান বা ক্ৰীড়া সংস্থাত নিযুক্তি পাবলৈ দিয়া প্ৰশিক্ষণৰ যোগেদি মহাপ্ৰলয়ত আক্ৰান্ত পৰিয়াল সমূহৰ যুৱকে সফলতা লভি নিজৰ ঘৰ-পৰিয়াল-অঞ্চললৈ সকাহ দিব পাৰিব বুলিয়ে এই প্ৰশংসনীয় কাৰ্যসূচী হাতত লোৱাৰ সুখবৰ৷
কেইবাদিনো ধৰি স্তব্ধ ধেমাজিৰ জনজীৱন
আজি সাময়িক ভাৱে সুস্থিৰ হোৱাৰ খবৰ
২. আই আই টি গুৱাহাটীৰ নতুন সঞ্চালক ৰূপে দ্বায়িত্বভাৰ গ্ৰহণ কৰিলে দেশৰ বিশিষ্ট শিক্ষাবিদ, অধ্যাপক গৌতম বিশ্বাসে৷

৩. নুমলীগড় শোধনাগাৰৰ বিংশ সংখ্যক বাৰ্ষিক সাধাৰণ সভাঃ সফলতাৰে ২০১২-১৩ বৰ্ষৰ বাবে ১০ শতাংশ কৰিলে লভ্যাংশ ঘোষণা ৷

৪. আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিঃ গুৰু কীৰ্তনেৰে মুখৰিত হৈছে  অসমৰ বিভিন্ন সত্ৰ, নামঘৰ৷ বৰপেটা সত্ৰত আয়োজিত হৈছে কীৰ্তন মহোৎসৱ৷

৫. অহা ১৪-১৫ ছেপ্তেম্বৰত লণ্ডনৰ ফেছন শ্ব’ত অংশ লব অসমৰ ডিজাইনাৰ ধীৰাজ ডেকাইঃ প্ৰদৰ্শণ হ’ব অসমৰ থলুৱা পাট-মুগা-এৰীৰ মেখেলা চাদৰ আদিৰ বিভিন্ন ডিজাইন৷

৬. অচিৰেই গঁড় হত্যা কৰা চোৰাং চিকাৰী, উগ্ৰপন্থীৰ বিৰুদ্ধে চলিব সেনাৰ অভিযান৷

৭. কাইলৈ সুধাকণ্ঠৰ জন্মদিনঃ ভূপেনদাৰ সানিধ্য সুঁৱৰি তেখেতৰ টালিগঞ্জৰ গৃহ সংৰক্ষণ কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনালে কলিকতাৰ প্ৰখ্যাত শিল্পীয়ে৷

৮. ছিৰিয়াৰ গৃহযুদ্ধ সন্দৰ্ভত ভাৰতীয় স্থিতি স্পষ্ট কৰিলে প্ৰধানমন্ত্ৰীয়েঃ জি-২০ সন্মিলনত তেখেতে ক’লে বৰ্হি শক্তিৰ আক্ৰমণৰ পক্ষপাতী নহয় ভাৰত৷

৯. সেউজ শিৱসাগৰ অভিযানৰ অন্তৰ্গত শীঘ্ৰেই চাহ বাগিচাত কৰ্মৰত লোক সকলক চৰকাৰী কল্যানকামী আঁচনি সন্দৰ্ভত সজাগ কৰিবলৈ আৰম্ভ কৰিব চাহা-বাগান তথ্য কেন্দ্ৰ৷

১০. চিবিআইৰ গুৱাহাটীস্থ দুৰ্নীতি নিবাৰক শাখাৰ বিশেষ সফলতাৰ বাবে ২০১৩বৰ্ষৰ পাৰদৰ্শিতা বঁটাঃ অক্টোবৰ বা নৱেম্বৰ মাহত এই বঁটা প্ৰদান কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে৷

১১. ইউ এছ অপেন টেনিছৰ ফাইনেলত প্ৰৱেশ কৰিলে লিয়েণ্ডাৰ পেজ আৰু তেখেতৰ সহযোগী চেক-গণৰাজ্যৰ ৰাডেক৷

১২. আজি তেজপুৰত চলি থকা ডুগৰ শ্বিল্ডৰ ফাইনেলত মুখামুখি হব অইল ইণ্ডিয়া আৰু গুৱাহাটী চিটি পুলিচৰ দল৷

১৩. লখিমপুৰত বিশাল আয়োজনেৰে কেন্দ্ৰীয় ভাৱে উদযাপিত হৈছে সুধাকণ্ঠৰ জন্মদিনঃ কালিৰে পৰা আৰম্ভ হোৱা তিনিদিনীয়া কাৰ্যসূচীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পীৰ সতে অংশ গ্ৰহণ কৰিছে ৰাজ্যৰ বিভিন্ন কলানুৰাগীসকলে৷

১৪. যোৰহাটত অনুসূচিত জাতি কল্যান পুঁজিৰ পঞ্চাশ লাখ টকাৰে নিৰ্মিত হব লগা ডঃ আম্বেদকাৰ ভৱনৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়েঃ বিডিএছ মে’মৰিয়েল স্কুলৰ চৌদহত স্থাপিত হ’ল এই আধাৰশিলা৷

১৫. ধুবুৰী জিলাৰ তামাৰহাটৰ পাগলাহাটত উদ্বোধন হ’ল সংস্কৃত শিক্ষণ কেন্দ্ৰঃ ৰাষ্ট্ৰীয় সংস্কৃত সংস্থানৰ দ্বাৰা পৰিচালিত হব এই কেন্দ্ৰটি৷

চিন্তনীয় বাতৰিঃ
১. অসমত ভাদ মহীয়া বানঃ ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ প্ৰায় ডেৰ লক্ষ লোক বানপানীৰ কৱলত৷

২. কাজিৰঙাও বানৰ প্ৰভাৱতঃ ৩০% অঞ্চল প্লাবিত হোৱাৰ বাতৰি৷

৩. কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত আজৱ কাণ্ড... বহু বছৰৰ ভূমি, নথিপত্ৰ উইয়ে খাই নষ্ট কৰাৰ চিন্তনীয় বাতৰি৷

৪. এইবাৰ গণভিত্তি নোহোৱা কিৰিপ চলিহা কংগ্ৰেছৰ বোজা, পিএইচ ডি ডিগ্ৰীও ভুৱা আদি অভিযোগ উত্থাপনেৰে শিৰোনামা পালে প্ৰদেশ কংগ্ৰেছৰ আন এজন সাধাৰণ সম্পাদকে৷

৫. গুপ্ত ধনৰ সন্ধানত এইবাৰ দুৰ্বৃত্তই খান্দিলে চৰাইদেউৰ মৈদামঃ সৰ্বত্ৰ প্ৰতিক্ৰিয়া৷

৬. আঠখেলীয়া নামঘৰৰ সভাপতি-মহৰি গ্ৰেপ্তাৰ হ’ল দুই বস্তা গাঞ্জাৰ সৈতে৷

৭. আঠখেলীয়া নামঘৰ নিৰ্মাণৰ ৫২ লাখ টকীয়া দুৰ্নীতিৰ গোচৰত গোলাঘাটৰ পৌৰপতি ডাঃ অজিত বৰুৱা সহ পাঁচজনৰ জামিন নাকচ কৰিলে গোলাঘাট আদালতে৷

No comments:

Post a Comment