লোকেল গুজৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ

লোকেল গুজৱ

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. অসমৰ পৰা চাপ্লাই দিয়া বুঢ়া গৰুৰ বিজেনেচে অৰ্থনীতিৰ নতুন অভিলেখ গঢ়াৰ খবৰ আহিছে৷ বিগত বছৰত ৫০০ নিযুত ডলাৰৰ এই ব্যৱসায়ৰ সফলতাৰ কথা গম পাই হাম্বানীয়েও "হাম্বা এক্সপৰ্ট ফ্ৰম অসম লিমিটেড" নামৰ কোম্পানী মুম্বাইতে পঞ্জীয়ন কৰাৰ খবৰ৷ 
অ’ মেৰি হাম্বা
হাম্বা হাম্বা বেই বেই...

অচিৰেই এই হাম্বা এক্সপৰ্টৰ বাবে হাম্বানীয়ে ৰাইজৰ মাজত শ্বেয়াৰ বিক্ৰীৰ ব্যৱস্থা কৰিব বুলি মুখ্য অৰ্থনৈতিক বিষয়া অনিল হাম্বানীয়ে ব্যক্ত কৰিছে ৷ লগতে কোম্পানীটো জনপ্ৰিয় কৰাৰ বাবে "অ’ মেৰি হাম্বা, হাম্বা হাম্বা বেই বেই" নামৰ গীতেৰে এক বিজ্ঞাপনও টিভিত মুকলি কৰিছে৷

২. ৰাজ্যৰ বিশ্ব-বিদ্যালয়ত "আন্দোলন ব্যৱস্থাপনাৰ এমবিএ" কৰ্চ খোলাৰ সুখবৰ৷ সকলো জন-গোষ্ঠীয় দল সংগঠনৰ সদস্যৰ বাবে থাকিব সংৰক্ষণ৷ টায়াৰ জ্বলোৱা, ৰেলপথ অৱৰোধ, চান্দা সংগ্ৰহ আদি বিষয়ক চাৰ্টিফিকেট কৰ্চৰো ব্যৱস্থা থাকিব বুলি লিখা পঢ়া মন্ত্ৰীয়ে কৰিলে ঘোষণা৷ "সমদল ব্যৱস্থাপনা", "অনশনকাৰীক বেটচ-ৱাইজ কেনেকৈ খুৱাব" আদি হাতপুথি তথা দ্ৰুত পাঠ্যও অচিৰেই মেলি দিব বুলি অসমীয়া কিতাপ ব্যৱসায়ী কিকোৰ জৈনে জনাইছে৷

৩. অবিজিত ভট্টাচাৰ্যই ভ্ৰাম্যমান নাটকলৈ নিজৰ নাট্য অৰিহণাৰ বাবে বাবে সৃষ্টি কৰিছে নতুন বিশ্ব অভিলেখ৷ এখন ষ্টেটত সৰ্বাধিক শ্ব’ হোৱা ড্ৰামাৰ ক্ষেত্ৰত তেখেতে শ্যেক্সপীয়েৰক পিছ পেলোৱাৰ সুখৰ খবৰ৷ তেখেতেৰ জন্মদিনটো "নাট্যৰুচি দিৱস" ৰূপে উদযাপন কৰিবলৈ ভ্ৰাম্যামান কলা-কুশলী সংস্থাই সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰশংসনীয় বাতৰি৷

৪. কচুজাল খুওৱাত অসমে সৃষ্টি কৰিব অভিলেখ৷ এতিয়া মাত্ৰ অসমীয়া মানুহে সন্তান হ’লে কচুজাল খুওৱাৰ বিপৰীতে ন-অসমীয়া সকলে এই পদ্ধতি অৱলম্বন কৰাৰ বাবে সজাগতাৰ সৃষ্টিৰ উদ্দেশ্য চৰে-চাপৰিয়ে লৰা-ঢপৰা কৰিবলৈ ওলাইছে যোৰহাটৰ অভিলেখ বৰুৱাই৷ স্বাস্থ্য বিভাগৰ আইৰণ সজাগতা আঁচনিৰ সৈতে যুটীয়া উদ্যোগত ৰাইজক দ্গাৰ্ত কৰি অহাটো বসন্ততে বিশ্বৰ সৰ্বাধিক কচুজাল খুওৱা ষ্টেট ৰূপে অসমক গীনিজ বুক নাম লিখাবলৈ আয়োজন কৰা বুলি বৰুৱাই আমাক জনাইচে৷

৫. বিশ্ব শৰ্মাই ক’লে-"পিকচাৰ অভীভি বাকী হে মেৰে দোস্ত"৷ নিজকে শ্বাহৰুখৰ সতে তুলনা কৰিলে বিশ্ব শৰ্মাই ক’লে, "মই ইমান সৰু খিলাড়ী নহয়....এতিয়া খিলাড়ীখনহে চলি আছে, তাৰ পাছত সবচে বৰা খিলাড়ী আহিব, তাৰ পাছত আহিব খিলাড়ীও কা খিলাড়ী....তাৰ পাছত খিলাড়ী ৭৮৬... তেতিয়া কাৰ ভোটেৰে মই ৰজা হম গম পাইছেই নহয়....! চাই থাকক ধাৰাবাহিক বিসম্বাদী নাট....

৬. তিনি বছৰতে হাইজেক কৰিলে ত্ৰিশ বছৰীয়া আন্দোলন৷ গুৱাহাটীত ভূমি পট্টন দাবী সমিতিক নাপাত্তা কৰি, সফলতাৰে ওফৰাই, নাঙল মুক্তি সংগ্ৰাম সমিতিয়ে পট্টা আন্দোলনৰ স্বয়ম্ভু গাৰ্জেন বনাৰ উঠিল অভিযোগ৷ অভিযোগলৈ কেয়াৰ নকৰাটোৱেই নীতি কৰি লোৱা সংগঠনটোৱে এতিয়া টিভিত গৰ্জন দিয়াৰ বাতৰি৷ এতিয়া ভূমি নীতি নাঙল বাহিনীয়ে এপ্ৰুভ নকৰিলে আইন পৰিণত হবই নোৱাৰিব বুলি দাঠি ক’লে ঔ-কিল গগৈয়ে৷

৭. গুৱাহাটীৰ দিশপুৰৰ পৰা অট’ৰিক্সাত গৈ জালুকবাৰীত আপী চাবলৈ যোৱাতকৈ মঙল গ্ৰহৰ ট্ৰিপটোৰেই খৰছ কম বুলি ব্যক্ত কৰিলে বাইকবিহীন প্ৰেমিক সন্থাই৷ ত্ৰিশ টকা নিম্নতম অট’ভাড়া ঠিক কৰাটো এটা ডাঙৰ বহুৱালি আৰু মিটাৰ বাধ্যতামূলক কৰিব বুলি প্ৰকাশ পোৱা বাতৰিটো আজিৰ শ্ৰেষ্ঠতম কৌতুক বুলিও তেখেত সকলে ব্যক্ত কৰিছে৷ তাৰ বাবে চিপিম ইউনিয়ন পাৰ্টিতোৰ হাতোৰাত বন্দী অট’ৱালা মখাকেই জগৰীয়া কৰিছে৷

৮. আশাৰাম বাপু জেলত ৰাতি ৰাতি টোপনি নহা বেমাৰত ভোগাৰ চিন্তাজনক খবৰ৷ নাতিয়েকৰ বয়সৰ নাৰীয়ে ভৰি পিতিকি নিদিলে তেখেতেৰ টোপনি নহাটোৱেই তেখেতৰ বদ-অভ্যাস বুলি ভাষ্য প্ৰদান কৰিলে তেখেতৰ "সুন্দৰীবন ৰিজৰ্ট"ৰ গ্ৰেপ্তাৰ হোৱা চকীদাৰে৷ বাপুৰ সকলো ৰহস্য উদঘাটন যে বাহিৰত উন্মোচন হৈ আছে, সেয়া জেলৰ ভিতৰত বাপুৱে গম নোপোৱাৰ আচৰ্যকৰ খবৰ৷

৯. কিৰিপ ককাইদেউলৈ প্ৰদেশ কম-বেছৰ পৰা আহিল ককৰ্থনা সুলভ চিঠি৷ নিজৰ বেয়া নজৰ চম্বালিবলৈ দিলে উপদেশ৷ হয়েন দাসে বাতৰি কাকতক চুন্নী বাবুৰ সুৰত ক’লে-"স মানে সম্পৰ্ক বুলি কোৱাজনে স মানে যে সাৱধান হোৱাও ভাল সেই কথা মনত ৰখাতো দৰকাৰ"৷ পিচে নিচাদেউৰ ঘৰৰ পৰা এই বিষয়ে কোনো খবৰ অহাৰ বাতৰি নাই!

১০. নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে আত্মহত্যা কৰা পুলিচ বিষয়া সকলক জৰিমনা ভৰাবৰ বাবে বিশেষ বিধেয়ক আনিব চংচদীয় চচিব পেটুৱা গুণ্ডাই৷ ৰূপজ্যোতিয়ে ড্ৰাইভাৰক চৰ দিয়াদি খং উঠিলে নিজৰ গালত চৰিয়াব লাগে, কিন্তু চৰকাৰী বস্তুৰ কোনো পধ্যেই কৰিব নালাগে বুলি ধুবুৰীৰ এনে এটা ঘটনাত গুন্দাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

No comments:

Post a Comment