মাজুলীক লৈ ৰাজনীতি হয়, আঁচনি হয়, কিন্তু মাজুলীৰ পৰিস্থিতি সলনি নহয়
লোকনাথ গোস্বামী
সাঁচিপাতে ভাষা দিব চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ
সমাজে সাবটিব মহান মানৱতা
বিজ্ঞানে আনিব জোৱাৰ
---ভূপেন হাজৰিকা
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্বোধ্বনি গীত হিচাবে ১৯৫৪ চনত ড° ভূপেন হাজৰিকাই লেখিছিল এই ঐতিহাসিক গীতটি৷ ভূপেন হাজৰিকা কথাই-কামে আধুনিক মনৰ মানুহ আছিল৷ এই গীতটিত বৰেণ্য শিল্পী গৰাকীৰ সেই আধুনিক মনটো সুন্দৰকৈ প্ৰকাশ পাইছে৷ তেওঁ ভৱিষ্যতৰ অসমখনক সেই ৰূপত চাবলৈ বিচাৰিছিল৷ কিন্তু আজি জীয়াই থকা হেতেন তেওঁ কি দেখিলেহেতেন? কি শুনিলেহেতেন?
তেওঁ আজি দেখিলেহেতেন যে আজিৰ একৈশ শতিকাৰ অসমত মানবতাত কৈ গো-মাতাক অধিক গুৰুত্ব প্ৰদান কৰা হয়৷ বিজ্ঞানতকৈ বিজ্ঞাপনৰ প্ৰাধান্য বেচি৷ বিজ্ঞাপনৰ জোৱাৰত এতিয়া জাতি-মাটি-ভেটি উচন হোৱাৰ উপক্ৰম৷
চৰকাৰী বিজ্ঞাপন সংস্কৃতি আমাৰ দেশত কোনো নতুন কথা নহয়৷ কিন্তু নতুন কথা হয় তেতিয়াহে, যেতিয়া বিজ্ঞপন আৰু চৰকাৰী কাম-কাজৰ মাজত সামান্যতমো সামঞ্জস্য নেথাকে৷ সৌ সিদিনাৰ নিমাতী ঘাটৰ নাও দুৰ্ঘটনাটোলৈকে চোৱা যাওক৷ এই দুৰ্ঘটনাটোক লৈ ৰাইজৰ মাজত ভীষণ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে৷ এনেধৰণৰ দুৰ্ঘটনা অসমত পূৰ্বেও নঘটা নহয়৷ কিন্তু নিমাতী ঘাটৰ নাও দুৰ্ঘটনাই যেন মাজুলীবাসীক বিশেষ ভাৱে জোকাৰি পেলাইছে৷ মাজুলীবাসীক আধুনিক জীৱন যাত্ৰাৰ বাবে দলং এখন লাগে৷ দলং এতিয়াও আমাৰ দৰে পশ্চাদপদ দেশত আধুনিক জীৱন প্ৰণালীৰ বাবে অপৰিহাৰ্য আহিলা হৈ আছে৷ মাজুলীৰ প্ৰাচীনপন্থী মুষ্টিমেয় একাংশ লোকে মাজুলী-যোৰহাট সংযোগী দলঙৰ বিৰোধিতা কৰিলেও আধুনিক চিন্তাধাৰাৰে পৰিচালিত মানুহখিনিয়ে দলং বিচাৰে৷ দলঙৰ বাবে আজি কিছু বছৰৰ পৰা সচেতন একাংশলোকে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰিয় চৰকাৰৰ ওচৰত আবেদন-নিবেদনো কৰি আহিছে৷ দলং এখনক লৈ এই সকল মাজুলী বাসীয়ে দীৰ্ঘদিনে যি সপোন মনত পুহি ৰাখিছে, সেই সংবেদনশীল বিষয়টোকে লৈ বিজেপি দলে ৰাজনৈতিক মুনাফা লুটিছে বা মাজুলীবাসীক প্ৰতক্ষ কিম্বা পৰোক্ষভাৱে প্ৰলোভিত, প্ৰতাৰণা কৰিছে বুলি এই সকলৰ লগতে সমগ্ৰ অসমৰ মানুহেই প্ৰচণ্ড ক্ষোভ ঢালিচে ঘটনাটোৰ পিছতে৷ আমি জনাত বিজেপি দলৰ হৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজেই নিৰ্বাচনী প্ৰচাৰত ঘোষণা কৰিছিল--“ সৰ্বানন্দ সোনোৱালক মাজুলীবাসীয়ে ভোট দি জয়যুক্ত কৰিলে মাজুলীবাসীয়ে এজন মুখ্যমন্ত্ৰী পোৱাৰ লগতে মাজুলী-যোৰহাট সংযোগী দলং এখন পাব৷ কংগ্ৰেছে যোৱা ৬০ বছৰে কৰিব নোৱাৰা কাম আমি মাত্ৰ পাঁচ বছৰত কৰি দেখুৱাম৷ আমাক এবাৰলৈ মাথোঁ সুযোগ দিয়ক৷’ তাৰ পিছতে মাজুলীবাসীৰ মনত বিশ্বাসভাৱ জগাবৰ বাবে ততাতৈয়াকৈ কোনো প্ৰাক্-কলন (DPR) প্ৰস্তুত নকৰাকৈয়ে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ দ্বাৰা ভাৱী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থতিতে দলঙৰ আধাৰশিলা স্থাপন কৰাই দিলে৷ সেই কাণ্ড-কাৰখানা দেখি তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে স্বভাৱ সুলভ হাঁহি এটা মাৰি কোৱা মনত আছে, দলং এখন এনেকৈ নহয় নহয়৷ তাৰ বাবে আগতীয়াকৈ প্ৰাক্-কলন(DPR) প্ৰস্তুত কৰি ল’ব লাগিব৷ বাস্তবত তৰুণ গগৈয়ে কোৱা কথাটোৱেই ফলিয়ালে, দলং আধাৰশিলাতে আবদ্ধ থাকিল৷ কিন্তু সৰ্বানন্দ সোনোৱাল বিজেপিৰ পৰিকল্পনা অনুসৰিয়েই মুখ্যমন্ত্ৰী হ’ল৷
কিন্তু দলঙক লৈ বিজেপিৰ নিৰ্বাচনী নাটকৰ তেতিয়াও অন্ত নপৰিল৷ ২০২১ চনৰ নিৰ্বাচনতো সৰ্বানন্দ সোনোৱালে মাজুলীবাসীৰ আশীৰ্বাদ বিচাৰি দলঙৰ প্ৰতিশ্ৰুতি পুনৰ আগবঢ়াইছিল৷ অৱশ্যে তেতিয়াই মাজুলীবাসীয়ে সৰ্বানন্দ সোনোৱাল বা বিজেপি দলক দলঙৰ প্ৰশ্নত জবাবদিহি কৰিব পাৰিলেহেতেন৷ কিন্তু নকৰিলে, হয়তো দলংখন হেৰুৱাৰ ভয়ত৷ সোনোৱালে সেইখিনিতেই পুনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ সুযোগটো গ্ৰহণ কৰিলে৷ মহা ধুম-ধামেৰে দলং নিৰ্মাণৰ শুভাৰম্ভৰ প্ৰথম কাৰ্যসূচী হিচাবে ভূমি পূজা কৰিলে৷ চাৰিওফালে ভূমি পূজনৰ বিয়াগোম হৰ্ডিং, পষ্টাৰ, বেনাৰ ওলমিল৷ সৰ্বানন্দ সোনোৱাল জিন্দাবাদ ধ্বনি চৌদিশে মুখৰিত হ’ল৷ পুনৰ দোহাৰিলে সেই চিৰাচৰিত উদ্দাত্ত ভাষণ-- “ৰাইজে আমাৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস ৰাখক৷ আপোনালোকে আপোনালোকৰ বহুমূলীয়া ভোটটি দি আমাক জয় যুক্ত কৰক৷ বাকীখিনি আমাৰ ওপৰত এৰি দিয়ক৷’
মাজুলীবাসীয়ে ভোট দি সৰ্বানন্দ সোনোৱালক দ্বিতীয় বাৰলৈ বিপুল ভোটত জয়যুক্ত কৰি বিধান সভালৈ পঠিয়ালে৷ মাজুলীবাসীয়ে নিজৰ দায়িত্ব ঠিকেই পালন কৰিলে৷ কিন্তু সৰ্বানন্দ সোনোৱালে, বিজেপি দলে প্ৰতিশ্ৰুতি ৰাখিলেনে? মাজুলীবাসীয়েও পিছলৈ ঘূৰি চোৱাৰ অৱকাশ পাইছিলনে?
নিমাতী ঘাটৰ দুৰ্ঘটনাটোৰ পিছত মাজুলীৰ বিধায়ক তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ আহি সাংবাদিকৰ সৈতে মুখামুখি হওঁতে সঁকীয়াই দিবলৈ নেপাহৰিলে--“দলঙক লৈ ৰাজনীতি কৰিব নেলাগে’৷ ইফালে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগত অহা কোঁৱৰ উপাধিৰ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ গৰাকীয়ে আৰু এঢাপ আগুৱাই গৈ ক’লে--“ব্ৰহ্মপুত্ৰ নলা বা উপনৈ নহয় যে কেইটামান খুটা পুতিলেই দলং নিৰ্মাণ হ’ব’৷ ( আমাৰ অসম,১১ চেপ্তেম্বৰ,২১)৷ ইমানৰ পিছতো বিজেপিৰ এয়া প্ৰতাৰণা, প্ৰবঞ্চনাৰ ৰাজনীতি বুলি ৰাইজে প্ৰতিবাদ কৰোতে তেওঁ লোকক গুৰুলা গুৰুল কৈ খেদি খেদি পুলিচৰ দ্বাৰা পিতোৱা হ’ল কিয় ?
কি যে এক বিড়ম্বনাৰ খেল ! এনেকৈয়ে চলি আছে দেশ আৰু কিমান দিনলৈ চলি থাকিব নেজানো৷
ৰাজ্যখনৰ মুখ্যমন্ত্ৰীকে ধৰি বহুকেইজন মন্ত্ৰী, প্ৰাক্তন সাংসদ, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী আহি চৰ-জমিন তদন্ত কৰি, চাহপানী খাই ক্ষীপ্ৰ ব্যৱস্থা লোৱা হ’ব বুলি ৰাইজক ক্ষন্তেকৰ বাবে আস্বস্ত কৰি গ’লেও, এতিয়াও (এই লেখা প্ৰস্তুত কৰালৈকে) কিন্তু মাজুলীমুখি যাত্ৰীৰ সংকট আঁতৰাতো নায়েই, বৰঞ্চ বাঢ়িছেহে৷ এই ভাদমহীয়া প্ৰখৰ ৰদত টিকটৰ বাবে দীঘলীয়া শাৰীপাতি বিৰক্ত হ’ব লগীয়া হৈছে ৰাইজ৷ মাজুলীৰ এগৰাকী সত্ৰাধিকাৰে বৈদুতিন মাধ্যমত দিয়া এক সাক্ষাৎকাৰত স্পষ্টকৈ কৈছে যে ওপৰৰ পৰা তললৈ, মন্ত্ৰীৰ পৰা বিভাগীয় মূৰব্বী-কৰ্মচাৰীলৈ কাৰো মাজত সুষম যোগাযোগ, সহযোগ, বুজাবুজি মুঠেও নাই৷ আচলতে নিমাতী-কমলাবাৰীৰ মাজত চলি থকা ফেৰী ব্যৱস্থাটো কাৰ দ্বাৰা নিয়ন্ত্ৰিত সেইটো এটা ডাঙৰ ৰহস্য৷ ন্যস্ত-স্বাৰ্থজড়িত এটা দুষ্টচক্ৰৰ দ্বাৰা পৰিচালিত হৈ থকাৰ বাবেই বিভাগটো চৰকাৰৰ নিয়ন্ত্ৰণৰ পৰা কেতিয়াবাই বাহিৰ হৈ গৈছে৷ নিমাতী ঘাটৰ ৮ চেপ্তেম্বৰৰ নিকৰুণ ঘটনা তাৰেই নিৰ্ম্মম পৰিণতি৷ বৰ্তমান মুখ্যমন্ত্ৰীয়ে আগত চাৰি বছৰৰ ভিতৰত মাজুলীবাসীয়ে দলং পাব বুলি কৈছে৷ হ’লেতো ভালেই৷ তাৰ বাবে ৰাইজ আকৌ আশাত ভূঞ্জি থাকিব লাগিব৷ অন্য অৰ্থত মাজুলীবাসী পুনৰ নিৰ্বাচনী ৰাজনীতিৰ মেৰপেচত হয়তো পূৰ্বৰ বছৰ বিলাকৰ দৰেই বন্দী হৈ থাকিব লাগিব আৰু চাৰি বছৰৰ বাবে৷
আমাৰ বোধেৰে ৰাজ্যখনৰ মন্ত্ৰী, বিধায়ককে ধৰি বৰমূৰীয়া সকলে বাটে-ঘাটে, গছে-বনে, দোকানে-বজাৰে হৰ্ডিং, বেনাৰ,পোষ্টাৰ আদিত সঘনে ওলমি দেশ সেৱা কৰাৰ তৰল বাসনা ত্যাগ কৰি মাটিত ভৰি থোৱাৰ অভ্যাস কৰক৷ হেলিকেপ্টাৰতে ভৰষা নকৰি মাজে মাজে মাটিতো নামক৷ মাটিত নামি সৰ্বসাধাৰণ ৰাইজৰ লগত ভগা কিম্বা দুৰ্বল দলং, ওলমা সাঁকো, শিলগুটি দিয়া ৰাষ্টাত খোজ কাঢ়ি ৰাইজৰ মনৰ কথাও শুনক৷ ৰাইজৰ লগতে চৰকাৰী প্ৰতিটো বিয়াগোম বিভাগৰ বিয়াগোম বিষয়া-আমোলা সকলক সঠিকভৱে গুৰুত্বপূৰ্ণ কামৰ আবণ্টন দিয়া হওক যাতে মন্ত্ৰী সকলে সেই বিলাকত অযথা মূৰ ঘমাব নেলাগে৷ ফুটব্ৰীজ এখন উদ্বোধন কৰোতে, গাড়ীৰ গতি নিয়ন্ত্ৰণৰ তাগিদা দিওঁতে বা মহামাৰী কৰ’ণাৰ বাবে ভেক্সিন লবলৈ কবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ কিয় বাট চাব লাগে? কভিড ভেক্সিন লোৱাৰ বাবে দিয়া প্ৰমান পত্ৰখনত দেশৰ প্ৰধান মন্ত্ৰী গৰাকীৰ ছৱিখন কিয় সন্নিৱিষ্ট কৰিব লাগে ? অলিম্পিকত খিতাপ আৰ্জন কৰা লাভলীনা বৰগোহাঁইক এতিয়াই চৰকাৰী বিজ্ঞাপনত নমোৱা হ’ল কিয়? এনে বহু প্ৰশ্নই সচেতন মানুহখনিক আজিকালি প্ৰায়েই জুমুৰি দি থাকে৷
শেষত দুগৰাকী মাজুলীৰ সন্তানৰ আমাৰ অসমত যোৱা ১৪ চেপ্তেম্বৰ তাৰিখে প্ৰকাশিত দুখন চিঠিৰ পৰা বাস্তৱ অভিজ্ঞতাৰ কিয়দাংশ তুলি ধৰাৰ প্ৰয়োজন অনুভৱ কৰিলো----
স্পৃহা গায়নঃ আচলতে মাজুলীৰ মানুহৰ চকুপানী কোনেও নেদেখে আৰু কাৰো দোষো নাই৷ ব্ৰহ্মপুত্ৰৰ পানীৰে সৈতে একাকাৰ হৈ যায় এই চকু পানী দিনে প্ৰতিদিনে৷ মাজুলীক লৈ ৰাজনীতি হয়৷ মাজুলীক লৈ আচনি হয়৷ কিন্তু মাজুলীৰ পৰিস্থিতি কেতিয়াও সলনি নহয়৷
তুলিকা ডেকাঃ এটা দুৰ্ঘটনাই দেখুৱালে আমি কল্পনা নকৰা ৰূপহী মাজুলীৰ আচল ছৱি৷ মাজুলী বুলিলে আমি লিখো পৃথিৱীৰ আটাইতকৈ বৃহৎ নদী-দ্বীপ মাজুলী৷ কিতাপ কাগজতেই আবদ্ধ আমি৷ আনহে নেলাগে ৰাইজে ভোট দি ইমান বছৰে মাজুলীবাসীয়ে প্ৰতিনিধি পঠিয়ালে কোনেও এবাৰলৈ হয়তো ভাৱিয়ে নেচালে কেনেকৈ চলে মাজুলীবাসী৷
লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/LOKNATH%20GOSWAMI
No comments:
Post a Comment