চিন্তনঃ জ্যোতিষীৰ মহাকৰ্ষণ বনাম আচল জ্যোতিপদাৰ্থ বিজ্ঞান :: ড° পবন কুমাৰ চহৰীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ জ্যোতিষীৰ মহাকৰ্ষণ বনাম আচল জ্যোতিপদাৰ্থ বিজ্ঞান :: ড° পবন কুমাৰ চহৰীয়া

চিন্তনঃ জ্যোতিষীৰ মহাকৰ্ষণ বনাম আচল জ্যোতিপদাৰ্থ বিজ্ঞান :: ড° পবন কুমাৰ চহৰীয়া

Share This
জ্যোতিষীৰ মহাকৰ্ষণ বনাম আচল জ্যোতিপদাৰ্থ বিজ্ঞান
ড° পবন কুমাৰ চহৰীয়া
জ্যোতিষীৰ মহাকৰ্ষণ বনাম আচল জ্যোতিপদাৰ্থ বিজ্ঞান, ASTROLOGY VSASTROPHYSICS
নিউটনৰ মহাকৰ্ষণৰ বিষয়ে আজিকালি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীয়েও জানে। প্লেগ মহামাৰীৰ কাৰণে ১৬৬৫ চনত যেতিয়া সমগ্ৰ ইংলণ্ডৰ স্কুল, কলেজসমূহ বন্ধ হৈ পৰিছিল, নিউটনে কেম্ব্ৰিজৰ পৰা গৈ নিজা ঘৰত সেই সময়চোৱা কটাইছিল আৰু সেই সময়চোৱাতে তেওঁ মহাকৰ্ষণৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল। অৱশ্যে প্ৰকাশ হৈছিল তাৰ বিশ বছৰ পাছতহে ১৬৮৫ চনত । নিজৰ বাগানতে চিন্তা কৰি বহি থাকোতে হেনো আপেল এটা গছৰ পৰা সৰি পৰা দেখা পাই ধ্যানমগ্ন ঋষিয়ে হঠাৎ জ্ঞানৰ সন্ধান পোৱাৰ দৰে নিউটনেও মহাকৰ্ষণৰ সূত্ৰৰ এক ঝলক দেখা পালে। এইটো ঠিক যে নিউটনে একেদিনাই এটা মূহুৰ্ততে মহাকৰ্ষণৰ সূত্ৰ আৱিষ্কাৰ কৰা নাছিল। এই সূত্ৰৰ দ্বাৰাই তেওঁ দেখুৱালে যে যি নিয়মৰ কাৰণে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ ঘূৰে বা সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰে, সেই একে নিয়মৰ কাৰণেই আপেল এটা সৰি তললৈ পৰে । অন্য অৰ্থত, তেওঁ সৰগ আৰু মৰ্ত্যৰ নিয়ম এক কৰি পেলালে, সৰগৰ দেৱতাৰ কাৰণে মৰতৰ মনিচতকৈ বেলেগ নিয়মৰ প্ৰয়োজন নোহোৱা হ'ল । দেখ দেখকৈ সৰগত বাস কৰা দেৱতাৰ স্বাভিমানত এক প্ৰচণ্ড আক্ৰমণ ! নিউটনৰ মহাকৰ্ষণৰ সূত্ৰই যি অভূতপূৰ্ব সফলতা লাভ কৰিছিল, যি আলোড়নৰ সৃষ্টি কৰিছিল আৰু আজিও বিশ্বব্ৰহ্মাণ্ডৰ অধ্যয়নৰ কাৰণে সেই নীতি কিদৰে ব্যৱহাৰ কৰা হয় তাক আলোচনা কৰা এই প্ৰৱন্ধৰ উদ্দেশ্য নহয় । নিউটনৰ মহাকৰ্ষণক গোৰ মাৰি পেলাই থৈ মহাকৰ্ষণৰ অন্য এক নীতি প্ৰচাৰ কৰা আৰু পালন কৰা কিছু অপবিজ্ঞানী, তেওঁলোকৰ কৰ্মকাণ্ড আৰু সেই অপবিজ্ঞানৰ দ্বাৰা আপ্লুত হোৱা সমাজৰ এচামৰ কথা আলোচনা কৰাহে ইয়াৰ উদ্দেশ্য !
জ্যোতিষীৰ মহাকৰ্ষণ বনাম আচল জ্যোতিপদাৰ্থ বিজ্ঞান, ASTROLOGY VSASTROPHYSICS
নিউটনৰ মহাকৰ্ষণৰ নিয়মমতে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰত্যেক বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰে । এই আকৰ্ষণী বল বস্তু দুটাৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰে, প্ৰকৃতপক্ষে ভৰৰ পূৰণফলৰ ওপৰত । ভৰ বেচি হলে বলো বেচি, কম হলে বলো কম । কেনেকুৱা ভৰ, সোণৰ নে ৰূপৰ, ক'লা নে বগা, হিন্দু নে মুচলমান, মানুহ নে শিল সেইবিলাকৰ ওপৰত এই বলে নিৰ্ভৰ নকৰে । আনহাতে বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ওপৰতো এই বল নিৰ্ভৰ কৰে । দূৰত্ব বাঢ়িলে বল কমি যায়, দূৰত্ব কমিলে বল বাঢ়ি যায় । দূৰত্ব যদি দুগুণ বাঢ়ি যায় তেনেহলে বলটো চাৰিগুণ কমি যাব, দূৰত্ব যদি আধা হয় তেনেহলে বল চাৰিগুণ বাঢ়ি যাব । যেনে ধৰক, পৃথিৱীপৃষ্ঠত আপোনাৰ ওজন ৬০ কিল'গ্ৰাম ( বস্তুৰ ওজন মানেই পৃথিৱীয়ে টনা মহাকৰ্ষণিক বল )। আপোনাৰ আৰু পৃথিৱীৰ কেন্দ্ৰৰ মাজৰ দূৰত্ব হৈছে প্ৰায় ৬০০০ কি মি অৰ্থাৎ পৃথিৱীৰ ব্যাসাৰ্ধৰ সমান । এতিয়া যদি আপুনি পৃথিৱীৰ পৃষ্ঠৰ পৰা আৰু ৬০০০ কি.মি ওপৰলৈ যায় তেতিয়া আপোনাৰ আৰু পৃথিৱীৰ মাজৰ দূৰত্ব আগতকৈ দুগুণ হব, গতিকে তেতিয়া আপোনাৰ ওজন চাৰিগুণ কমি হ'ব ১৫ কিল'গ্ৰাম। 

এতিয়া শণি গ্ৰহৰ কথাকে ধৰা যাওঁক । শণি গ্ৰহটো মূলতে হাইড্ৰ'জেন আৰু হিলিয়াম গেচৰ দ্বাৰা গঠিত, অৱশ্যে ইয়াৰ কেন্দ্ৰত কিছু পৰিমাণে ধাতুও থকা বুলি বিজ্ঞানীয়ে সন্দেহ কৰে। ইয়াৰ ভৰ পৃথিৱীৰ ভৰৰ প্ৰায় ৯৫ গুণ, পৃথিৱীৰ পৰা শণিগ্ৰহৰ নিম্নতম দূৰত্ব (যেতিয়া শণি আৰ পৃথিৱী সূৰ্য্যৰ একেটা ফালতে থাকে) পৃথিৱীৰ পৰা সুৰ্যৰ দূৰত্বতকৈ প্ৰায় আঠগুণ বেছি, ইয়াৰ ব্যাসাৰ্ধ পৃথিৱীতকৈ প্ৰায় চাৰে নগুণ বেছি । এতিয়া ৬০ কিল'গ্ৰাম ভৰৰ ডাক্তৰ এজনৰ হাতত ৩ কিল'গ্ৰাম ভৰৰ কেচুৱা এটাৰ যদি জন্ম হয়, তেনেহ'লে সেই কেচুৱাটোৰ ওপৰত ডাক্তৰজনে ক্ৰিয়া কৰা বল বল শণিগ্ৰহই প্ৰয়োগ কৰা মহাকৰ্ষণিক বলতকৈ বহুগুণে বেছি, বাকী নাৰ্চ ইত্যাদিৰ কথা নধৰিলোৱেইবা। গতিকে কেচুৱাটোৰ জন্মপত্ৰিকাত শণি, মংগল ইত্যাদি গ্ৰহৰ সলনি ডাক্তৰ, নাৰ্ছ ইত্যাদিৰ নামহে থাকিব লাগিছিল । পৃথিৱীৰ ওপৰত থকা কোনো মানুহৰ ওপৰত শণিগ্ৰহৰ আকৰ্ষণ বস্তুটোৰ ভৰ, শণিৰ ভৰ আৰু ওপৰত উল্লেখ কৰা দূৰত্বৰ ওপৰতহে নিৰ্ভৰ কৰে । শণিগ্ৰহৰ এনেকুৱা স্মৃতিশক্তি নাই যে কোনজন মানুহ কোনদিনা জন্মগ্ৰহণ কৰিলে, কোনে তেওঁৰ জন্মপত্ৰিকা লিখিলে , কোন ধৰ্মাৱলম্বী মানুহৰ ঘৰত জন্ম ল'লে তাৰ হিচাব ৰাখি সেইমতে আকৰ্ষণ বা বিকৰ্ষণ কৰিব । 

ঠিক একেদৰে বৃহস্পতিও এটা গেচীয় গ্ৰহ, ইয়াৰ ভৰ পৃথিৱীৰ ভৰতকৈ তিনিশগুণতকৈও অধিক । বৃহস্পতিয়েও কাৰো মুখলৈ চাই তাৰ প্ৰভাৱ নেপেলায়, নিজৰ জন্মৰাশিত বৃহস্পতি সোমালেই সকলো সেই ৰাশিৰ মানুহৰ ভাগ্য উদয় নহয়। আকৌ আপোনৰ জন্মৰ সময়ত চন্দ্ৰটো যিটো নক্ষত্ৰমণ্ডলীৰ ফালে পোনাই আছিল ( আপোনৰ পৰা চন্দ্ৰলৈ টনা ৰেখাডালে গৈ যিটো নক্ষত্ৰত কাটে) সেইটোৱেই হেনো আপোনাৰ জন্ম নক্ষত্ৰ । গোটেই জীৱন তাই বা সি (কাৰণ কিছুমান নক্ষত্ৰ হেনো মতা আৰু কিছুমান হেনো মাইকী) আপোনাৰ লগত লাগি থাকিব । ধৰক, আপোনাৰ জন্মনক্ষত্ৰ অশ্বিনী । মানে আপোনাৰ জন্মৰ সময়ত চন্দ্ৰ যিটো নক্ষত্ৰমণ্ডলীত অৱস্থান কৰিছিল তাৰ আটাইতকৈ উজ্বল নক্ষত্ৰটো হৈছে অশ্বিনী নক্ষত্ৰ (ইংৰাজী নাম Beta Aries) । মুঠ ২৭ টা জন্মনক্ষত্ৰৰ ভিতৰত অশ্বিনীক প্ৰথম বুলি ধৰা হয় । এই অশ্বিনী নক্ষত্ৰ হৈছে পৃথিৱীৰ পৰা ৬০ পোহৰবৰ্ষ আতৰত থকা , সূৰ্যৰ ভৰৰ দুগুণতকৈ অলপ অধিক ভৰৰ এটা নক্ষত্ৰ । সূৰ্যৰ পৰা পোহৰ আহি পৃথিৱী পাওতে মাত্ৰ আঠ মিনিট সময় লাগে আৰু অশ্বিনী নক্ষত্ৰৰ পৰা পোহৰ আহি পাওতে লাগে ৬০ বছৰ। মানে আপোনাৰ জন্মৰ সময়ত অশ্বিনী নক্ষত্ৰৰ পৰা বিন্দুসম পোহৰেও যদি দুৱাৰ-খিড়িকী, বেৰ ভেদি আহি আপোনাৰ মুখ উজ্বল কৰিছিলহি, সেই পোহৰে ৬০ বছৰ আগতেই যাত্ৰা আৰম্ভ কৰিছিল আপোনাৰ জন্ম হ'ব বুলিয়েই গ'ম পাই ! কিমান দূৰত্বত আছে কল্পনা কৰক । এই নক্ষত্ৰই তিনি কেজি ওজন লৈ পৃথিৱীত কাৰোবাৰ ঘৰত জন্ম হোৱা কেচুৱা এটাৰ ওপৰততো প্ৰভাব পেলাব লাগিবই , বৰঞ্চ অশ্বিনী নক্ষত্ৰই মনতো ৰাখিব লাগিব কোনদিনা কোনটো কেচুৱা কাৰ ঘৰত ওপজিল, কোন ধৰ্মাৱলম্বী মানুহৰ ঘৰত জন্মিল ইত্যাদি ; নহলেযে কাৰ ভাগ্য গৈ কাৰ ভাগত পৰে একোতো ঠিকনা নাই ! গোটেই সৌৰজগতৰ ওপৰতেই ইয়াৰ আকৰ্ষণ অতি নগন্য, সৌৰজগতৰ ভিতৰত আমাৰ পৃথিৱীখনৰ কথা ভাবক , পৃথিৱীৰ ভিতৰত আকৌ আপোনাৰ ভৰ কিমান হয় সেইটো ভাবক । নিউটনৰ সূত্ৰৰ কথাও ভাৱক আৰু জ্যোতিষীয়ে আপোনাৰ ভাগ্যৰ বিষয়ে কোৱা কথাও ভাবক। 

পৃথিৱীৰ বাহিৰে সৌৰজগতৰ বাহিৰৰ আন কোনো গ্ৰহত যদি মানুহৰ দৰে প্ৰাণী আছে, তেতিয়া অশ্বিনী নক্ষত্ৰৰ কাম আৰু বাঢ়িল! এইবাৰ আহক, আপোনাতকৈ কেইদিনমান পাছত জন্ম হোৱা আপোনাৰ এজন বন্ধুৰ কথা । ধৰা হ'ল তেওঁৰ জন্মনক্ষত্ৰ ক্ৰিট্টিকা (Pleiades) (২৭ টা নক্ষত্ৰৰ তৃতীয়) , গতিকে তেওঁৰ ভাগ্য হব আপোনাতকৈ বেলেগ । তেওঁৰ এই জন্মনক্ষত্ৰ ক্ৰিট্টিকা আকৌ আপোনাৰ অশ্বিনী নক্ষত্ৰতকৈও আৰু বহু দূৰত, প্ৰায় সাত আঠ গুণ বেছি আতৰত ( গড় হিচাবত ৪৪৫ পোহৰ বৰ্ষ আতৰত ) । ইয়াত মুঠ ছয়টা উজ্বল তৰা খালী চকুৰে দেখা পোৱা যায় । সিহতো জ্বলি আছে অনবৰত আমাৰ সূৰ্যটোৰ দৰে, কিন্তু হিচাব ৰাখিছে পৃথিৱীত কাৰ ক'ত কোনদিনা জন্ম হ'ল । বাকী জন্ম নক্ষত্ৰবোৰৰ ক্ষেত্ৰতো একেই কথা । হাতীপটী তাৰকাৰাজ্যৰ প্ৰায় বিশ হাজাৰ কোটি নক্ষত্ৰৰ মাজত সূৰ্য তেনেই এটা মধ্যমীয়া নক্ষত্ৰ , সূৰ্যৰ তুলনাত পৃথিৱীৰ ভৰ এক শতাংশৰ এহাজাৰ ভাগৰ এভাগতকৈও কম আৰু গোটেই পৃথিৱীৰ তুলনাত আপুনি বা মই ? ভাবিলে মনটো কিবা কিবা নালাগেনে বাৰু ?জ্যোতিষীৰ মহাকৰ্ষণে নিশ্চয় আপোনাৰ মনত খেলিমেলি লগাব ধৰিছে । পিচে আন এটা কথাও আছে। পৃথিৱী, নক্ষত্ৰ, সূৰ্য আদিৰ বয়সৰ তুলনাত মানুহৰ বা জীৱৰ ইতিহাস তেনেই এটা পল মাত্ৰ । তাৰ আগতে বা এই নক্ষত্ৰবিলাকে কি কৰিছিল সেই কথাটোও অলপ ভাবিবলগীয়া ! এই যে ৰোহিনী নক্ষত্ৰ (Aldeberan ), সেইটো এটা লোহিত দৈত্য, আমাৰ সূৰ্যটোতকৈ বয়সত বহুত ডাঙৰ। সূৰ্য্য, পৃথিৱী জন্ম হোৱাৰ দুশকোটিমান বছৰ আগতেই তাৰ জন্ম (ৰোহিনী নক্ষত্ৰৰ বয়স প্ৰায় ৬৫০ কোটি বৰ্ষ, পৃথিৱীৰ বয়স ৪৫০ কোটি বৰ্ষ)। কিন্তু পৃথিৱীত মানুহ সৃষ্টি হোৱাৰ পাছতহে তাৰ আচল কাম আৰম্ভ হ'ল যেন লাগে ।

কিছুদিন আগৰ কথা । মোৰ এজন বন্ধু তেওঁৰ পত্নীৰে সৈতে মোৰ ওচৰলৈ বৰ চিন্তাক্লিষ্ট মনেৰে আহিছিল। তেওঁৰ ওপৰত হেনো শণি মহাৰাজাৰ কোপদৃষ্টি পৰিছে । জ্যোতিষীৰ প্ৰেচক্ৰিপ্চনমতে তেওঁ নীলম নে চেফায়াৰ পাথৰ ধাৰণ কৰিলে আৰু লগতে শণিবাৰো পালন কৰিলে । পাথৰ ধাৰণ আৰু শণিবাৰ পালনে লগ লাগি ভাল ফল দিয়া যেনেই লাগিছিল তেওঁৰ। লেথা লাগিল এদিন বেলেগ এজন জ্যোতিষীৰ ওচৰলৈ যাওতে। সেইজনাই ক'লে তেওঁ হেনো এটা মিছা পাথৰ পিন্ধি আছে। এটা মিছা পাথৰৰ দ্বাৰা শণি মহাৰাজাক সন্তুষ্ট কৰিবলৈ গৈ ধৰা পৰিলে কি হ'ব সেইটো ভাবি হেনো তেওঁৰ হাত ভৰি কপিবলৈ ধৰিলে। নতুনজনে দিয়া সঁচা পাথৰটো পিন্ধিহে এতিয়া হেনো মনটো মুকলি মুকলি লাগিছে। পাছে আন এটা চিন্তাইহে তেওঁক নতুনকৈ আমনি কৰিব ধৰিছে। দহ গ্ৰামৰ পাথৰ এটাই পৃথিৱীতকৈও ৯৫ গুণে (শণিগ্ৰহৰ ভৰ পৃথিৱীতকৈ প্ৰায় ৯৫ গুণে বেছি) বেছি ভৰৰ শণিগ্ৰহৰ লগত যুঁজি শণিৰ বেয়া প্ৰভাৱ নোহোৱা কৰিব পাৰিব জানো ? নিউটনৰ মহাকৰ্ষণৰ লগত মিলাই মই কিবা এটা সমাধান দিব পাৰিম নেকি বুলি তেওঁ সপৰিবাৰে আহিছে । মই পাছে সমাধান দিব লগা নহ'ল । অভয় বানী তেওঁৰ শ্ৰীমতীৰ পৰাই আহিল, ‘এওঁ সদায় এই নেগেটিভ কথাবোৰ মনলৈ আনি থাকে। অমুক বৰুৱাৰ ল'ৰাই এইবাৰ মেডিকেলত চিট এনেই পালেনে? কিহৰ জোৰত পোৱা বুলি ভাবিছে ? তেওঁৰ হাতদুখনলৈ চাবচোন?’ হয়, মোৰ সাউতকৈ মনত পৰি গ'ল বৰুৱাৰ জিকমিকাই থকা হাতৰ আঙুলিকেইটালৈ, ভগবানে হাতৰ আঙুলি দহটাতে সামৰিলে বুলিহে । পিচে একেলগে আকৌ মনত পৰিল হাজৰিকাৰ হাতখনলৈও,তেওঁ বেচেৰাকনো ইমান পাৰচিয়েলিটি কৰিব লাগেনে, তেৱোতো এটাও আঙুলি বাদ দিয়া নাছিল ? বেচিকৈ আৰু ভাবিবলৈ মন নগ'ল, জ্যোতিষীৰ মহাকৰ্ষণৰ নিয়ম নীতিবোৰ এনেকুৱাই বুলি বন্ধুজনক প্ৰৱোধ দি বেলেগ কামত লাগিলোঁ ।

মোৰ এই বন্ধুজন ময়ো হব পাৰোঁ, আপুনিও হব পাৰে বা কোনোবা ডাঙৰ নেতা, প্ৰশাসক, অভিনেতা বা খেলুৱৈও হব পাৰে । আচৰিত নহব এই লিষ্টত কোনো তথাকথিত বিজ্ঞানী বা বিজ্ঞানৰ অধ্যাপক, শিক্ষক বা গৱেষকৰ নামো যদি দেখা পায় । জ্যোতিষীৰ মহাকৰ্ষণে নিউটনৰ মহাকৰ্ষণ, আইনষ্টাইনৰ মহাকৰ্ষণক একাষৰীয়া কৰি ৰমৰমীয়া বজাৰ চলাই চৰকাৰী কৃপাত আজি উচ্চ ডিগ্ৰী লবলৈও ওলাইছে । আকাশৰ গ্ৰহ, নক্ষত্ৰই মানুহৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পেলায়, মানুহৰ ভৱিষ্যত নিৰ্ণয় কৰে বুলি ভবাটো আৰু তাৰ প্ৰতিকাৰ বিচাৰি পাথৰ, তাবিজ পিন্ধাতো অপবিজ্ঞান, অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয় । আমি নিজকে শিক্ষিত বুলি কোৱাসকলে বিজ্ঞান আৰু অপবিজ্ঞানৰ পাৰ্থক্যটো ভালদৰে গমি চোৱা উচিত। বিখ্যাত জ্যোতিৰ্বিজ্ঞানী (এষ্ট্ৰ’ফিজিক্সৰ প্ৰফেচাৰ) জয়ন্ত বিষ্ণু নাৰ্লিকাৰে জ্যোতিষক বিজ্ঞান বুলি ক'ব খোজাসকলক উদ্দেশি এবাৰ কৈছিল, “Call it whatever you like, but don’t call it science.”
লেখক প্ৰাক্তন মুৰব্বী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ, কটন বিশ্ববিদ্যালয়, ফোন: ৯৮৫৪০২৫৪৬১, email: pksahariah@gmail.com, লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে। তেখেতৰ প্ৰকাশিত লেখা সমূহৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/Dr%20Paban%20Sahariya

No comments:

Post a Comment