সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জীৱনত 'কলিকাতা'
লোকনাথ গোস্বামী
(১)
পঞ্চাশৰ দশকৰ মাজভাগতে ভূপেন হাজৰিকাই অসম এৰি কলকাতালৈ ( তেতিয়া কলিকতা) গুচি গৈছিল এক বিশেষ পৰিস্থিতিৰ তাগিদাত৷ সেয়া কিয়, এতিয়া আৰু বহলাই কোৱাৰ হয়তো প্ৰয়োজন নাই৷ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ দৰে সন্মানীয় চাকৰি এটা হেলাৰঙে ইস্তফা দি এক অনিশ্চিত ভৱিষ্যত সমুখত লৈ দুৰন্ত তৰুণ শিল্পীগৰাকীয়ে অসম এৰি গৈছিল৷ হাতত আছিল মাথোঁ এশটা টকা৷ সেয়াও তেওঁৰ পকেটত ফণী শৰ্মাই গুজি দিছিল পিয়লি ফুকন চিনেমাখনৰ সঙ্গীতৰ কামখিনি কৰিবৰ বাবে৷ ভূপেন হাজৰিকা অসমৰ পৰা যাব বুলি কলকাতা চহৰৰ বাট-পদূলি কোনেও চিকুনাই থোৱা নাছিল সেইখিনি সময়ত৷ সেয়ে সেই যাত্ৰা শিল্পীগৰাকীৰ বাবে আছিল এক বিৰাট প্ৰত্যাহ্বান৷ কলকাতা গৈ পোৱাৰ পিছত সমুখীন হোৱা কেতবোৰ দুখভৰা আবেগিক কাহিনী বহুত পলমকৈ ভূপেনদাৰ মুখেৰে আমাৰ শুনাৰ বিৰল সুযোগ মিলিছিল এবাৰ এক ঘটনাক্ৰমে কলকাতাত৷
১৯৮৩ চনৰ ৩ জানুৱাৰী তাৰিখৰ কথা৷ তাৰিখটো মনত থকাৰো এক বিশেষ কাৰণ আছে৷ সিদিনা বিষ্ণুৰাভাৰ গীতৰ ৰেকৰ্ডিঙৰ কামখিনি প্ৰায় সম্পূৰ্ণ কৰা হৈছিল কলকাতাৰ ডমডমস্থিত এইচ এম ভি ষ্টুডিঅ’ত৷ ৰেকৰ্ডিৰ প্ৰাথমিক কামখনি শেষ হোৱা বুলি জানি গুৱাহাটীৰ পৰা আমাৰ লগত যোৱা শিল্পীসকল গুচি আহিল মহানগৰীত বজাৰ-সমাৰ কৰিবৰ বাবে৷ কিয়নো তেওঁলোক পিছদিনা পুৱাই অসমলৈ উভতিব লাগিব৷ কলকাতাৰ এইচ এম ভি কোম্পানীৰ সেই সময়ত ৰেকৰ্ডিষ্ট আছিল অসমৰ মহেশমল্ল বুজৰবৰুৱা৷ সকলো যোৱাৰ পিছত তেখেতে আমাক কিছু সময় ৰ’বলৈ ক’লে৷ ৰেকৰ্ডিং হৈ গৈছিল যদিও কেতবোৰ আনুসঙ্গিক কাম কৰিবলৈ বাকী আছিল৷ যেনে- ৰেকৰ্ডৰ কভাৰৰ নক্সা, শিল্পী সকলৰ নামৰ তালিকা, গানৰ তালিকা, লগতে অসমীয়া আখৰৰ বানান আদি চাই দিয়াৰ কাম৷ এই কথা খিনিকে সোঁৱৰাই দিবলৈ তেখেতে আমাক অফিচলৈ মাতি লৈ গৈছিল৷ কথাখিনি তেখেতৰ পৰা ভালদৰে শুনি, বুজি ষ্টুডিঅ’ৰ পৰা বাহিৰলৈ ওলাই দেখিলো ভূপেনদা আৰু শশাঙ্ক সোমে যাবলৈ বুলি ওলাই বাহিৰতে থিয়ৈ থিয়ৈ কিবা কথা পাতি আছে৷ আমাক দেখি ভূপেনদাই সুধিলে--
'লোকনাথ, তুমি যোৱা নাই?’
'নাই যোৱা ভূপেনদা, মহেশমল্ল বৰুৱাই ৰ’বলৈ ক’লে, কিবা অলপ কাম আছিল৷’
'কাম হ’লনে নাই তোমাৰ ? হ’ল যদি তুমি আমাৰ লগতে যাব পাৰিবা৷ আমি তোমাক ৰাছেল ষ্ট্ৰীট ( অসম ভৱন) ত নমাই দিব পাৰিম৷ ’
'কাম হৈ গ’ল ভূপেনদা, এতিয়া যাব পাৰো’
ভূপেনদাৰ প্ৰস্তাৱটো পাই ভালেই পালো, অন্তত্তঃ টেক্সীৰ ভাড়াটো ৰাহি হ’ব৷ আমি তিনিও ভূপেনদাৰ মাৰ্ক-ফ’ৰ এম্বেচেদৰখনত (এইখন এইচ এম ভি কোম্পানীয়ে ভূপেনদাক ১৯৭৪ চনত উপহাৰ দিছিল) উঠিলোগৈ৷ শশাংক সোম আৰু ভূপেনদা পিছত বহিল৷ আমি বহিলো আগৰ চিটত৷ আমাৰ গাড়ী কলকাতা চহৰ অভিমুখী হ’ল৷ শশাংক সোম এইচ এম ভি কোম্পানীৰ এগৰাকী জ্যেষ্ঠ বিষয়া৷ তেখেত সাধাৰণতে বালিগঞ্জৰ চিটি অফিচত বহে৷ বিশেষ কাম থাকিলেহে ডমডমৰ অফিচলৈ যায়৷ জনসাংস্কৃতিক পৰিষদে প্ৰযোজনা কৰা ৰেকৰ্ডখনৰ সৈতে ভূপেনদা জড়িত থকা বুলি জানিয়েই শশাংক সোম সম্ভবতঃ নিতৌ আহিছিল সেই তিনিদিন৷ আমাৰ গাড়ীখন গৈ ঠিক নিউ মাৰ্কেট পাওঁতেই ভূপেনদাই দ্ৰাইভাৰক বাওঁ ফালৰ গলি এটাত সুমুৱাই দিবলৈ ক’লে৷ অতিব্যস্ত গলিটোৱেদি কিছুদূৰ যোৱাৰ পিছত দ্ৰাইভাৰক গাড়ীখন ৰখাবলৈ ক’লে৷ গাড়ীখন ৰখোৱাৰ পিছত ভূপেনদা গাড়ীৰ পৰা নামিল আৰু আমাকো নামিবলৈ ক’লে৷ তাৰ পিছত ভূপেনদা আকৌ এন্ধিাৰ-মুধাৰ সৰু গলি এটাইদি সোমাই গ’ল৷ তিনিমহলীয়া পুৰণি বিল্ডিং এটাৰ চিৰিয়েদি ভূপেনদা গপ-গপাই উঠি গ’ল৷ আমিও পিচে পিচে গ’লো৷ ভূপেনদা উঠি গৈ এটা ঘৰৰ দুৱাৰত টোকৰ মাৰিলে গৈ৷ দাড়ি-গোঁফেৰে ভোবোকাৰ বয়সস্থ মানুহ এজনে দুৱাৰখন খুলি ভূপেনদাক সমুখত দেখি অবাক হ’ল৷ লগে লগে প্ৰচণ্ড উৎফুল্লিত হৈ ক’লে-- ’আৰে ভূপেনদা, আমি এখন কি দেখেছি ? আসুন আসুন, বসুন৷’ এই বুলি তেওঁ নিজে বহি কাম কৰি থকা চকীখনকে ভূপেনদালৈ আগ বঢ়াই দিলে৷ ভূপেনদাই শশাংক সোমক চকীখন এৰি দি আমাৰ সৈতে কাষতে থকা দীঘল কাঠৰ বেঞ্চ এখনতে বহিল৷ ৰুমটো চাৰইওফালে ৰং-তুলিকা, কাগজ, ফটোফ্ৰেম আদিৰে পৰিৱেষ্টিত৷ ভূপেনদা বহি লৈ পিচত আমাক চিনাকি কৰি দিলে৷ সেই দাড়ি-গোঁফে আবৃত মানুহজন আছিল বিখ্যাত চিত্ৰশিল্পী ও, চি গঙ্গুলি৷ ভূপেনদা হথাতে এই শিল্পী গৰাকীৰ ৰুমলৈ কিয় গৈছিল আমি একো উৱাদিহ পোৱা নাছিলো৷ কিছু সময় বহাৰ পিছতে ভূপেনদাই শিল্পী ও, চি গাঙ্গুলিৰ সৈতে তাহানিৰ পুৰণি দিনৰ কথা বিলাক সুৱঁৰি আবেগ বিহ্বল হৈ পৰিল৷ আমি মাথো ৰ' লাগি শুনি যোৱাৰ বাহিৰে গত্যন্তৰ নাছিল৷
কলকাতা (আগতে কলিকতা) চহৰখনৰ সৈতে ভূপেনদাৰ পৰিচয় দহ বছৰ বয়সৰ পৰাই ঘটিছিল৷৷ জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা তেখেতৰ শৈশৱৰে গুৰু। শিক্ষক হিচাবে ডঃ ভূপেন হাজৰিকা থকাহেতেন, কেইজনমান ভাল ছাত্ৰ গঢ় দিব পাৰিলেহেতেন, কিন্তু তেতিয়া সমাজে এই বিস্তৃত শিল্পীসত্তাৰ ৰূপত ভাৰত-ৰত্ন ভূপেন হাজৰিকা বোলা মানুহজনক নিশ্চয়কৈ নেপালেহেতেন!! তাৰোপৰি তেওঁ এতিয়াও ভাৱে যে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যি কাম কৰিলে, সেয়া ভাললৈকে হ’ল, গোৰ মাৰি একেকোবে গঙ্গাতহে যেন পেলালে তেওঁক৷ ভূপেনদাৰ জীৱনজোৰা অভিজ্ঞতাই কয়, এজান ভাল পাৰ্ফৰমিং আৰ্টিষ্টো এজন ভালৰো ভাল শিক্ষক হ’ব পাৰে৷ সেইটো নিৰ্ভৰ কৰে আৰ্টিষ্ট গৰাকীৰ দক্ষতা, ব্যক্তিত্ব আৰু দৃষ্টিভঙ্গীৰ ওপৰত৷
অসমৰ পৰা কলকাতালৈ নগৈ চিধাচিধি মুম্বাই( তেতিয়াৰ বোম্বাই) লৈ নগল কিয় বুলিও বোলে অনেকে তেওঁক প্ৰশ্ন কৰিছিল৷ মুম্বাইলৈ যোৱা হ’লে ৰাতা ৰাতি নাম কমাব পাৰিলে হেতেন৷ ভূপেনদাই সেই ভুল নকৰিলে৷ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা সেই দিনতে ডক্টৰেট ডিগ্ৰী লোৱা মানুহ এজনে সহজে নাম কমাব পৰা বহু ৰাষ্টাই আছিল, তেওঁতো সেয়া নকৰিলে৷ মুম্বাইলৈ নগল কিয় বুলি প্ৰশ্ন কৰোতা সকলকো ভূপেনদাই বোলে কঢ়াকৈ উত্তৰ দিছিল-- 'ৰবীন্দ্ৰনাথ, সত্যজিত ৰায়ক মুম্বাইলৈ কিয় নগল বুলি কোনোবাই কেতিয়াবা সুধিছেনে? নাম কমাবৰ কাৰণে তেওঁলোকোতো মুম্বাইলৈ যাব পাৰিলে হেতেন৷ কলকাতাত থাকিয়েই ৰবীন্দ্ৰনাথে নোবেল বঁটা পালে৷ সত্যজিৎ ৰায়ে অস্কাৰ বুটলিলে'৷
(২)
ভূপেন হাজৰিকাৰ এগৰাকী অতি ঘনিষ্ঠ আৰু বিশ্বস্ত ব্যক্তি কুল গগৈ কলকাতাত আছিল নেচনেল লাইব্ৰেৰীৰ চাকৰিসূত্ৰে আৰু সেই সূত্ৰেই এটা সময়ত ভূপেন হাজৰিকাৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল৷ এই গৰাকী কুল গগৈ ভূপেন হাজৰিকাৰ দ্বাৰা সম্পাদিত ’আমাৰ প্ৰতিনিধি’ৰ সহযোগী সম্পাদকো আছিল এটা সময়ত৷ ’আমাৰ প্ৰতিনিধি’ৰ ’শিল্পীৰ পৃথিৱী’ চ’ৰাটো তেখেতে বিশেষ ভাৱে চোৱা-চিতা কৰিছিল৷ ভূপেন হাজৰিকাই দেশ-বিদেশৰ সাংস্কৃতিক বা-বাতৰি বিলাক ’আমাৰ প্ৰতিনিধি’ ৰ অফিচলৈ পঠিয়াই দিয়ে আৰু কুল গগৈয়ে সিবিলাক প্ৰয়োজন সাপেক্ষে সম্পাদনা কৰি প্ৰকাশৰ দিহা কৰে৷ কুল গগৈ ’এ এচ এল ক্লাব’ৰো এটা সময়ত সভাপতি আছিল৷ তেখেতৰ আমন্ত্ৰণক্ৰমেই আমি এবাৰ ’এ এচ এল ক্লাব’ৰ দ্বাৰা অসম ভৱনত আয়োজিত বিষ্ণু ৰাভা দিৱসত ভাগ লবলৈ গৈ গণশিল্পী হেমাঙ্গ বিশ্বাসৰ সৈতে পৰিচয় হোৱাৰ বিৰল সুযোগ লভিছিলো৷ তেখেতৰ সৈতেই আমি প্ৰথম কলকাতাৰ নাকতোলাৰ হেমাঙ্গ বিশ্বাসৰ বাসগৃহ 'জিৰণি’ লৈ প্ৰথম গৈছিলো৷ তাৰ পিছৰ পৰা যেতিয়াই আমি কলকাতালৈ গৈছিলো, তেতিয়াই সময়ৰ সুৰুঙা উলিয়াই টালিগঞ্জৰ ভূপেনদাৰ ঘৰ, নাকতোলাৰ হেমাঙ্গদাৰ ’জিৰণি’ অথবা নেচনেল লাইব্ৰেৰীৰ কলনিত থকা কুল গগৈৰ কোৱাৰ্টাৰলৈ পাক এটা মৰাটো অভ্যাসত পৰিণত হৈছিল৷
কুল গগৈ মানুহজন কথা বতৰাত বৰ খাৰাংখাচ আছিল৷ এবাৰ তেখেতৰ ঘৰলৈ যাওঁতে আমাক ভূপেন হাজৰিকাৰ সম্পৰ্কত এষাৰ বৰ ডাঙৰ কথা কৈছিল৷ তেখেতে আমাক হথাতে সুধিলে-- 'ভূপেন হাজৰিকাই বাৰু 'সাগৰ সঙ্গমত’, 'বৰ বৰ মানুহৰ দোলা’, 'ৰংমন মাছলৈ গ’ল’ আথবা 'বিস্তীৰ্ণ পাৰৰে’, 'মই এটি যাযাবৰ’ এই গান বিলাক কেতিয়া ৰচনা কৰিছিল?
আমি ক’লো-- “কিছুমান গান তাহানিৰ গণনাট্য আন্দোলনৰ ভৰপক সময়ত অৰ্থাৎ পঞ্চাচৰ দশকৰ প্ৰথমাৰ্দ্ধত, কিছুমান ষাঠি-সত্তৰ দশকত৷ এইচ এম ভি গ্ৰামোফোন কোম্পানীয়ে তেতিয়াই এই গান বিলাক ৰেকৰ্ড কৰিছিল আৰু সাংঘতিকভাৱে জনপ্ৰিয় হৈছিল৷’’
তেতিয়া কুল গগৈয়ে আকৌ প্ৰশ্ন কৰিলে--“কলকাতাৰ মানুহে ভূপেন হাজৰিকা শিল্পী গৰাকীৰ লগতে তেওঁৰ গানসমূহ কেতিয়াৰ পৰা বেচিকৈ আদৰি বলৈ ল’লে আপুনি জানেনে ?“
আমি ক’লো-- “যেতিয়াৰ পৰা ভূপেন হাজৰিকাৰ গান বিলাক বঙালী ভাষালৈ অনুবাদ কৰা হ’ল আৰু এইচ এম ভি য়ে বঙালী ভাষাতে ৰেকৰ্ড কৰি ব্যাপক সম্প্ৰচাৰৰ ব্যৱস্থা কৰিলে, তেতিয়াৰ পৰাই বুলি ভৱো ৷ ১৯৭৪ চনত এইচ এম ভি য়ে প্ৰকাশ কৰা 'আমি এক যাযাবৰ’ ৰেকৰ্ডখনে বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ স্থাপন কৰিছিল৷ সেই কাৰণে কোম্পানীয়ে তেওঁক এখন সোণৰ ডিস্কৰ লগতে এখন মাৰ্ক-ফ’ৰ এম্বেচেদৰ গাড়ী উপহাৰ হিচাবে দিছিল৷’’
তেতিয়া কুল গগৈয়ে ঈষত হাঁহি এটা মাৰি কৈছিল--“তাৰ মানে কলকাতাৰ বঙালী মানুহখিনিয়ে ভূপেন হাজৰিকাৰ অসমীয়া গানখিনি আগেয়ে শুনাই নাছিল ? আমিতো কাজি নজৰুল, দ্বিজেন্দ্ৰলাল, ৰবীন্দ্ৰনাথ, হেমন্ত কুমাৰ, মান্না দে’ৰ গান সৰুৰে পৰা বঙালী ভাষাতে শুনি আহিছোঁ, ল’ৰা-ছোৱালীক তেনেকৈয়ে শিকাই আহিছোঁ ?"
আমাৰ হাতত তেতিয়া তাৰ কোনো উত্তৰ নাছিল৷ কুল গগৈ মানুহজনে হয়তো সেই প্ৰশ্নৰ উত্তৰ নোপোৱাকৈয়ে আমাকআমাক এৰি গুচি গ’ল৷
(৩)
বিশ্ববিশ্ৰুত গণশিল্পী পিট ছীগাৰ কলকাতালৈ মাথোঁ দুবাৰহে আহিছিল৷ এবাৰ ১৯৬৩ চনৰ নবেম্বৰ মাহত আৰু অইনবাৰ ১৯৯৬ চনৰ একেই নবেম্বৰ মাহত৷ এই দুবাৰৰ ভ্ৰমণতে বিশ্ববিশ্ৰুত শিল্পী গৰাকীয়ে কলকাতাবাসীক এনেকৈ মোহিত কৰিলে যে তেখেতৰ আত্মজীৱনীখন কলকাতাবাসীৰ হৈ শিল্পীগৰাকীৰ একান্ত অনুৰাগী কেইজনমান উদীয়মান যুৱক-যুৱতীয়ে প্ৰকাশ কৰাৰ এক গধূৰ দায়িত্ব বহন কৰিলে৷ কলকাতাৰ এক অগ্ৰণী সামাজিক-সাংস্কৃতিক সংগঠন 'চিন্তন’ ৷ এই 'চিন্তন’ ৰ উদ্যগতে প্ৰকাশ পাইছিল পিট ছীগাৰৰ আপুৰোগীয়া সম্পদ স্বৰূপ আত্মজীৱনী "We shall over come and 200 other sngs - A Musical Autobiography"৷
চিন্তনৰ সভাপতি আৰু সম্পাসক যথাক্ৰমে পবিত্ৰ চৰকাৰ আৰু সাধাৰণ সম্পাদক অঞ্জন কুমাৰ বসুৱে কয় যে পিট ছীগাৰে গ্ৰন্থখনিৰ প্ৰকাশ আৰু চুবুৰীয়া দেশ সমুহত বিতৰণৰ বাবেই কেৱল অনুমতিয়েই দিয়া নাছিল, লগতে গ্ৰন্থখনিৰ পৰা সংগৃহিত পুঁজি দান দিছিল People’s Music India Foundation লৈ৷ এই Foundation টো জন্ম হৈছিল মুলতঃ থলুৱা লোকসঙ্গীতৰ সাৰ্থক চৰ্চ্চাৰ বাবে আৰু ফাউণ্ডেচনৰ নামকৰণো কৰিছিল মিঃ হেৰল্ড লেভেণ্ডেলে, যি গৰাকী ব্যক্তি সুদীৰ্ঘ দিন ধৰি পিট ছীগাৰৰ সহযোগী আছিল৷ আত্মজীৱনীখন প্ৰস্তুত কৰোতে বিশেষভাৱে সহায় কৰিছিল মিচ্ তোষী ছীগাৰ( পিট ছিগাৰৰ পত্নী), সুচিত্ৰা মিত্ৰ ( প্ৰখ্যাত ৰবীন্দ্ৰসঙ্গীত গায়িকা) আৰু এন্থনী ছীগাৰ প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে৷ বেটুপাত অঙ্কন কৰিছে দেবব্ৰত ঘোষে৷
গণশিল্পী পিট ছীগৰে চিন্তনৰ এই প্ৰয়াসক আতি সৎ আৰু সাহসী বুলি অভিহিত কৰিছে৷ তেওঁ আৰু কৈছে--“এইটো মোৰ কাৰণে অতিশয় সন্মানৰ কথা যে প্ৰাচ্যৰ দেশত মই ১৯৯২ চনতে সংকলন কৰা মোৰ গান বিলাক মানুহে শুনিবলৈ পাব’’৷ আত্মজীৱনীখনত ২০০ গানৰ বাহিৰেও বিশ্ববিখ্যাৎ শিল্পীগৰাকীৰ বিচিত্ৰ, বৰ্ণাঢ্য তথা সংগ্ৰামী জীৱনৰ অনেক কাহিনী পাতে পাতে জিলিকি আছে৷
ভূপেন হাজৰিকাই জীৱনৰ প্ৰায় অৰ্ধেক সময় কলকাতাতে কটালে৷ অসমীয়া শিল্প-সাহিত্যৰ লগতে বঙ্গীয় শিল্প-সাহিত্যলৈকো ভূপেন হাজৰিকাৰ অনবদ্য অৱদান অনস্বীকৰ্য৷ ভূপেনদাৰ গানেই বঙ্গত তেওঁক “ আমাদেৰ ভূপেন হাজাৰিকা“ বনালে ৷ গানৰ পৰা ছৱিলৈ, সাহিত্যৰ পৰা ৰাজনীতিলৈ ভূপেনদা প্ৰত্যক্ষ বা পৰোক্ষভৱে ক’ত জৰিত নাছিল ? তথাপি ভূপেনদাৰ জীৱনী কিম্বা আত্মজীৱনী এখন সংকলন কৰাৰ তৎপৰতা সমসাময়িক কলকাতাত কোনেও নললে৷ ভূপেনদা নিজে এনেবিলাক বিষয়ত বাৰুকৈয়ে উদাসীন আছিল ঠিকেই৷ কিন্তু কোনোবাই চেষ্টা কৰাতোও পৰিলক্ষিত নহ’ল৷ অসমৰ কথা নকলোৱেই যেনিবা৷
(৪)
প্ৰায় দুকুৰি বছৰ ধৰি কলকাতাৰ পৰা শ্ৰীভূমি পাব্লিচিঙৰ হৈ আৰুণ পুৰকায়স্থই প্ৰকাশ কৰা একমাত্ৰ অসমীয়া আলোচনী 'আমাৰ প্ৰতিনিধি’ প্ৰথমে পদ্ম বৰকটকীৰ সম্পদনাত, তাৰ পিছত ড°ভূপেন হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পাই আহিছিল৷ বৰ্তমান অসমৰ সাহিত্য-সংস্কৃতি জগতৰ প্ৰতিষ্ঠিত বহু সংখ্যক শিল্পী-সাহিত্যিকে ষাঠি-সত্তৰ দশকত এই আমাৰ প্ৰতিনিধি আলোচনীতে প্ৰথম ভূমুকি মাৰিছিল৷ বাৰ মাহে বাৰে কুৰি কামত ব্যস্ত থকা ভূপেন হাজৰিকাই যথেষ্ট পৰিকল্পনা আৰু ন ন চিন্তা ভাৱনাৰে, ভিন ভিন শিতানেৰে চকুত লগাকৈ সজাইছিল আলোচনীখন৷ তাৰ বাবে ৰত্ন ওজা, পুলক গগৈ, পবিত্ৰ কুমাৰ ডেকা, কুল গগৈৰ দৰে অভিজ্ঞ আৰু নিষ্ঠাবান লোক নিয়োগ কৰিছিল৷ আলোচনীখন যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল৷ শিল্পীৰ পৃথিৱী, বিজ্ঞান চ’ৰা, মহিলা চ’ৰাৰ পৰা 'অৰ্থশাস্ত্ৰীৰ চ’ৰা’ লৈ ভিন ভিন গুৰুত্বপূৰ্ণ শিতান আছিল৷ সম্পাদক ড° ভূপেন হাজৰিকাৰ অনুৰোধ মৰ্মে ড° অমলেন্দু গুহই 'অৰ্থশাস্ত্ৰীৰ চ’ৰা’ শিতানটোত অৰ্থনীতি বিষয়ক এলানি অতিশয় চিৰিয়াচ লেখা লেখিছিল৷ সেইখিনি সময়ত আকৌ অসম আন্দোলন একেবাৰে তুঙ্গত আছিল৷
ড° গুহৰ ’অসম নমৰে অমিও নমৰো’ শীৰ্ষক লেখা এটাই বিতৰ্কৰ সৃষ্টি কৰিছিল আন্দোলনকাৰীৰ মাজত৷ জন্মসূত্ৰে বঙালী সম্প্ৰদায়ৰ, লগতে চিন্তাত বাওঁপন্থী হোৱাৰ কাৰণেই আন্দোলনকাৰী একাংশই ড° গুহৰ ভূমিকা সহজভাৱে ল’ব পৰা নাছিল৷ এনে এচাম আন্দোলনকাৰীয়েই দাবি-ধমকি , ভয়-ভাবুকিৰে এজেণ্ট বিলাকক 'আমাৰ প্ৰতিনিধি’ নানিবলৈ আৰু নেবেচিবলৈ সকীয়াই দিছিল৷ এজেণ্ট বিলাকে ভয় খাই “আমাৰ প্ৰতিনিধি’ ৰ টোপোলা বিলাক নুখুলিলেই, ওলোটাই কলকাতালৈ ঘূৰাই পঠিয়ালে৷ তেনে কৰাত শ্ৰীভূমি পাব্লিচিঙৰ তেতিয়াৰ দিনতে ২০ হাজাৰ টকা লোকচান হৈছিল বুলি প্ৰকাশক অৰুণ পুৰকায়স্থই কৈছিল৷ প্ৰকাশক অৰুণ পুৰকায়স্থ বাধ্য হ’ল 'আমাৰ প্ৰতিনিধি’ৰ প্ৰকাশ বন্ধ কৰিবলৈ৷ এনেকৈয়ে কবলৈ গ’লে অসম আন্দোলনেই ভূপেন হাজৰিকাৰ দ্বাৰা সম্পদিত আৰু কলকাতাৰ পৰা প্ৰকাশিত, লগতে জোনাকী, বাঁহী, ৰামধেনুৰ উত্তৰসুৰী একমাত্ৰ অসমীয়া আলোচনী 'আমাৰ প্ৰতিনিধি’ৰ অপমৃত্যু ঘটালে৷ সেই ঘটনাক লৈ অসমীয়া সমাজখনত কিন্তু সেই সময়তে হওক বা পৰৱৰ্তী সময়তেই হওক, কোনো ধৰণৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া দেখা নহ’ল৷
এনেদৰে ভূপেন্দ্ৰ কাহিনী কৈ অন্ত কৰিব নোৱাৰি৷ আজিলৈ ইমানতে সামৰিলো৷ বাকীখিনি পাৰিলে আগলৈ কবলৈ প্ৰয়াস কৰিম৷
লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ
No comments:
Post a Comment