চিন্তনঃ ছ'চিয়েল মিডিয়া ট্ৰায়েল গণতন্ত্ৰৰ প্ৰতি ভাবুকি নেকি? :: ৰঞ্জুমণি মহন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ ছ'চিয়েল মিডিয়া ট্ৰায়েল গণতন্ত্ৰৰ প্ৰতি ভাবুকি নেকি? :: ৰঞ্জুমণি মহন্ত

চিন্তনঃ ছ'চিয়েল মিডিয়া ট্ৰায়েল গণতন্ত্ৰৰ প্ৰতি ভাবুকি নেকি? :: ৰঞ্জুমণি মহন্ত

Share This
ছ'চিয়েল মিডিয়া ট্ৰায়েল গণতন্ত্ৰৰ প্ৰতি ভাবুকি নেকি?
ৰঞ্জুমণি মহন্ত
ইণ্টাৰনেট আৰু যোগাযোগৰ অন্যান্য ইলেকট্ৰ’নিক মাধ্যমসমূহে পৃথিৱীখনক এখন সৰু গাঁৱলৈ পৰ্যৱসিত কৰাৰ লগে লগে আমাৰ হাতে হাতে থকা এণ্ড্ৰ’ইড্‌ ফ’নসমূহে পৃথিৱীখনকেই হাতৰ মুঠিলৈ আনি দিলে৷ সমগ্ৰ পৃথিৱীতে বৰ্তমান ইয়াৰ ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ৪.৪৮ বিলিয়ন৷ এক পৰিসংখ্যা অনুসৰি গড় হিচাপত প্ৰায় প্ৰতিজন ভাৰতীয়ই দিনে ২.৫ ৰ পৰা ৪ ঘণ্টা পৰ্যন্ত ছ’চিয়েল মিডিয়াত সক্ৰিয় থাকে৷ এক কথাত ক’বলৈ গ’লে ই আমাৰ জীৱনৰ এক অংশ হৈ পৰিছে৷ মানুহৰ সৈতে সংযোগ স্থাপন, সামাজিক সজাগতা সৃষ্টি আদিৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়াৰ ভূমিকা অকল্পনীয়৷ আমাৰ দেশত সাহিত্য চৰ্চাৰ ক্ষেত্ৰতো ছ’চিয়েল মিডিয়াৰ, বিশেষকৈ ফেইচবুক আৰু ৱাট্‌চআপৰ অৱদান স্বীকাৰ কৰিবই লাগিব৷ তদুপৰি ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰ, শিক্ষা-দীক্ষা আদিৰ ক্ষেত্ৰতো ছ’চিয়েল মিডিয়াই এটা লেখত ল’বলগীয়া ভূমিকা ল’বলৈ সক্ষম হৈছে৷
ছ’চিয়েল মিডিয়াৰ আটাইতকৈ উল্লেখযোগ্য ভূমিকাটো হৈছে - ই ধনী-দুখীয়া, শিক্ষিত-অশিক্ষিত, জাতি-ধৰ্ম, বৰ্ণ-লিংগ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লগতে শোষিত-নিষ্পেষিতজনৰ কণ্ঠৰ বাবে এক মঞ্চ হৈ পৰিছে৷ কিন্তু অতি উদ্বেগজনক বিষয় যে যোৱা কিছুদিনৰ পৰা সামাজিক মাধ্যমসমূহৰ ব্যৱহাৰ গঠনমূলক হোৱাৰ পৰিৱৰ্তে, সমাজত ঘৃণাৰ লগতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা, পৰচৰ্চা, ট্ৰ’লিং, চৰিত্ৰহনন, মানহানি, ভাবুকি প্ৰদান আদিৰ দৰে কামতহে বেছিকৈ ব্যৱহাৰ হৈছে৷ আটাইতকৈ বিপদজনক কথাটো হৈছে দিনক দিনে বৃদ্ধি পোৱা ‘ছ’চিয়েল মিডিয়া ট্ৰায়েল’ অৰ্থাৎ সামাজিক মাধ্যমতে বিচাৰ চলোৱাৰ প্ৰৱণতা ৷ ই কেৱল সমাজৰ বাবেই নহয়, গণতন্ত্ৰৰ বাবেও এক ভাবুকিস্বৰূপ৷

ন্যায়পালিকা হৈছে গণতন্ত্ৰৰ তৃতীয় স্তম্ভ৷ ভাৰতীয় সংবিধানে বিচাৰ কৰি ৰায়দান কৰাৰ ক্ষমতা কেৱল মাত্ৰ ন্যায়পালিকাকহে দিছে৷ কোনো প্ৰচাৰ মাধ্যম অথবা সামাজিক মাধ্যমক দিয়া নাই৷ কিন্তু বাস্তৱত তাৰ ওলোটাটোহে হোৱা দেখা যায়৷ ক’ৰবাত অপৰাধ এটা সংঘটিত হোৱাৰ খবৰ প্ৰচাৰ মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে, আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতেই সামাজিক মাধ্যমৰ স্বয়ম্ভু বিচাৰকসকলে ঘটনাটোৰ সত্যাসত্য বিচাৰ কৰি নোচোৱাকৈ, প্ৰচাৰ মাধ্যমে খলনায়ক হিচাপে চিহ্নিত কৰা লোকজনকে অপৰাধী বুলি ধৰি লৈ, তেওঁৰ বিৰুদ্ধে সামাজিক মাধ্যমত ৰায় দিয়া আৰম্ভ কৰি দিয়ে৷ কেতিয়াবা এইধৰণৰ ট্ৰ’লিঙে এনে জঘন্য পৰ্যায় পায়গৈ যে ভুক্তভোগী ব্যক্তিয়ে মানসিকভাৱে বিপৰ্যস্ত হৈ আত্মহত্যা কৰাৰ উদাহৰণো আছে ৷ আকৌ বহু সময়ত দেখা যায়, কোনো কোনো প্ৰভাৱশালী ব্যক্তিয়ে ব্যক্তিগত ক্ষোভ কিম্বা শত্ৰুতাৰ বাবে আন কোনো ব্যক্তিৰ বিৰুদ্ধে সামাজিক মাধ্যমত চৰিত্ৰহনন কৰি প’ষ্ট দিয়ে৷ বহুসংখ্যক অনুসৰণকাৰীৰে পৰিবেষ্টিত হৈ থকা তেনে লোকৰ প’ষ্ট সামাজিক মাধ্যমত দিয়া মাত্ৰকে কম সময়ৰ ভিতৰতে বিয়পি পৰে৷ আৰু লগে লগেই অনুসৰণকাৰীসকলে বিচাৰকৰ ভূমিকাত অৱতীৰ্ণ হৈ সত্যাসত্য কোনো বিচাৰ নকৰাকৈ প’ষ্টদাতাই খলনায়ক হিচাপে অংকন কৰা মানুহজনকে দোষী সাব্যস্ত কৰি তেওঁৰ বিৰুদ্ধে কটু কথা ক’বলৈ আৰম্ভ কৰি দিয়ে৷ এয়া নিতান্তই অপৰিপক্ক মনৰ পৰিচায়ক৷ এইখিনিতে এটা ঘটনাৰ বিষয়ে উল্লেখ কৰিবলৈ ভাল পাম৷ কেইবছৰমানৰ আগতে জছলীন কৌৰ নামৰ এগৰাকী যুৱতীয়ে সৰবজিৎ সিং নামৰ এজন যুৱকে তেওঁক যৌন নিৰ্যাতন কৰাৰ অভিযোগ আনি ফেইচবুকত এটা প’ষ্ট দিছিল৷ তেওঁৰ প’ষ্টটোৱে হাজাৰ হাজাৰ মানুহৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰীৰ পৰ্যন্ত দৃষ্টি আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁৰ এই পদক্ষেপক সাহসী আখ্যা দি দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল প্ৰমুখ্যে বহুতো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠিত ব্যক্তি আৰু সহস্ৰাধিক লোকে প্ৰশংসাৰে বুৰাই পেলোৱাৰ বিপৰীতে সেই প’ষ্টটোৰ ওপৰতে ভিত্তিতে যুৱকজনক দোষী সাব্যস্ত কৰি ‘দিল্লীৰ হত্যাকাৰী’(Delhi ke darinde) ‘বিকাৰগ্ৰস্ত’(Pervert) আদি বিশেষণেৰে সামাজিক মাধ্যমত ট্ৰ’ল কৰা আৰম্ভ কৰি দিলে৷ সামাজিকভাৱে তেওঁক একাষৰীয়া কৰাৰ উপৰি সেইটো কাৰণতে তেওঁ চাকৰি কৰি থকা ক’ম্পেনিটোৱেও তেওঁক চাকৰিৰ পৰাও বৰ্খাস্ত কৰিলে৷ কিন্তু আদালতত যেতিয়া বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল অভিযোগকাৰী যুৱতীগৰাকী আদালতত কোনোদিনেই উপস্থিত নহ’ল আৰু অৱশেষত সম্পূৰ্ণ অভিযোগটোৱেই সন্দেহজনক হোৱাত যুৱকজনক আদালতে দোষমুক্ত ঘোষণা কৰিলে যদিও ‘ছ’চিয়েল মিডিয়া ট্ৰায়েলে’ ইতিমধ্যেই তেখেতৰ অপূৰণীয় ক্ষতি সাধন কৰিছিল ৷ নক’লেও হ’ব যে তেওঁক আদালতে দোষমুক্ত কৰাৰ খবৰটোৱে প্ৰচাৰ মাধ্যম অথবা সামাজিক মাধ্যম – ক’তোৱেই বিশেষ গুৰুত্ব নাপালে৷ গতিকে এনেদৰে আচল ঘটনাটো নজনাকৈ, কাৰোবাৰ সাক্ষ্য-প্ৰমাণহীন মুখৰ কথাকে বিশ্বাস কৰি আনটো পক্ষৰ বক্তব্য নুশুনাকৈ, একপক্ষীয়ভাৱে আন কাৰোবাক দোষী সাব্যস্ত কৰাটো ন্যায়সংগত নে?

সামাজিক মাধ্যম কেৱল বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, লিংগ ধনী, দুখীয়া, শিক্ষিত, অশিক্ষিত, শোষিত-নিষ্পেষিতসকলৰেই মঞ্চ নহয়৷ ই বহুতো ধূৰ্ত, ভণ্ড, ঠগ, প্ৰৱঞ্চক আৰু দগাবাজ লোকৰো মঞ্চ৷ তেনে বহু দু্‌ষ্ট চৰিত্ৰৰ লোকে ব্যক্তিগত শত্ৰুতাৰ বাবে আনৰ চৰিত্ৰহনন কৰি লোকজনক জনমানসত হেয় কৰাৰ দৰে কামত সামাজিক মাধ্যমক ব্যৱহাৰ কৰে৷ তদুপৰি কাঠফুলাৰ দৰে গজি উঠা, লাইক-কমেণ্ট-চেয়াৰ আৰু ভিউৱাৰ নিৰ্ভৰ নিউজ পৰ্টেলসমূহে উদ্দেশ্যপ্ৰণোদিতভাৱে মানুহক আকৰ্ষণ কৰিবলৈ ৰহণ সানি প্ৰচাৰ কৰা বাতৰিসমূহে ছ’চিয়েল মিডিয়া ট্ৰায়েলত ইন্ধন যোগাইছে৷ আজি কিছুদিন আগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰী এগৰাকীৰ সৈতে হোৱা সাংবাদিক এজনৰ কথা-বতৰাৰ ভিডিঅ’ এটাৰ মাজৰ পৰা এনে এক অংশ প্ৰচাৰ কৰিছিল, যিটো অংশত ছাত্ৰীগৰাকীৰ মূল বক্তব্যটোতকৈ সম্পূৰ্ণ বিপৰীত অৰ্থ এটাহে প্ৰকাশ পাইছিল৷ ফলস্বৰূপে কমবয়সীয়া ছাত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত ভয়ংকৰ ধৰণে মিডিয়া ট্ৰায়েল সন্মুখীন হৈছিল৷’ এনেধৰণে ন্যস্তস্বাৰ্থমহলক অন্ধভাৱে সহযোগিতা আগবঢ়োৱাটো দুৰ্ভাগ্যজনকেই নহয়, ক্ষতিকাৰকো৷ আচলতে সামাজিক মাধ্যমত অবাধ মত প্ৰকাশৰ স্বাধীনতাই হিতে বিপৰীতহে কৰা পৰিলক্ষিত হৈছে৷ এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে সংবিধানে আমাক বাক-স্বাধীনতা দিছে যদিও ইয়াৰ লগতে কিছু বাধা-নিষেধো আৰোপ কৰিছে৷ দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা, ৰাজ্যৰ প্ৰতিৰক্ষা, বৈদেশিক ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক, ৰাজহুৱা শৃংখলা, শালীনতা, নৈতিকতা আদিৰ প্ৰতি ভাবুকি হ’ব পৰা, আদালতক অৱমাননা কৰা, কাৰোবাৰ মানহানি কৰা আৰু অপৰাধৰ বাবে উদগণি দিয়া ধৰণৰ কথা কোৱাত বা মত প্ৰকাশ কৰাত সংবিধানে বাধা আৰোপ কৰিছে৷ কিন্তু বাক স্বাধীনতাৰ নামত সংবিধানপ্ৰদত্ত সীমা চেৰাই গৈ সামাজিক মাধ্যমত যিহকে ইচ্ছা তাকে প্ৰকাশ কৰাটো কেৱল উদ্বেগজনকেই নহয়, ই এক অপৰাধো৷

সামাজিক মাধ্যমত অভিযুক্ত আৰু অপৰাধীৰ মাজৰ সীমাৰেখাডালক প্ৰায়েই আওকাণ কৰা দেখা যায়৷ কোনো এজন লোকৰ বিৰুদ্ধে কিবা অপৰাধ কৰা বুলি প্ৰচাৰমাধ্যমে বা আন কোনো ব্যক্তিয়ে প্ৰচাৰ কৰিলেই অথবা পুলিচে কোনো এজন লোকক কোনো গোচৰসংক্ৰান্তত গ্ৰেপ্তাৰ কৰিলেই মানুহজন অপৰাধী নহয়৷ ভাৰতীয় ফৌজদাৰী ন্যায় ব্যৱস্থা (Indian Criminal Justice System) দুটা প্ৰধান নীতিৰ ওপৰত প্ৰতিস্থিত৷ নীতিকেইটা হৈছে - ‘Guilt to be proved beyond reasonable doubt’ আৰু ‘Presumption of innocence until proven guilty’ ৷ অৰ্থাৎ ‘সকলো সন্দেহৰ উৰ্ধত অপৰাধ প্ৰমাণিত হ’ব লাগিব’ আৰু ‘অপৰাধ প্ৰমাণিত নোহোৱালৈকে অভিযুক্তক নিৰ্দোষ বুলি ধৰা হ’ব’৷ কোনো এজন ব্যক্তিক পুলিচে গ্ৰেপ্তাৰ কৰা মানেই ব্যক্তিজন অপৰাধী নহয়৷ যেতিয়ালৈকে তেওঁৰ অপৰাধ সাক্ষ্য-প্ৰমাণসহিতে আদালতত প্ৰতিষ্ঠিত নহয়, তেতিয়ালৈকে তেওঁ অভিযুক্তহে ৷ তেনে বহু অভিযুক্ত বিচাৰৰ অন্তত নিৰ্দোষ প্ৰমাণিতও হয়৷ কিন্তু প্ৰচলিত দেশৰ আইন-কানুনৰ সামান্যতমো জ্ঞান নথকা সামাজিক মাধ্যমৰ কিছু সংখ্যক স্বয়ম্ভূ বিচাৰকে প্ৰচলিত আইনৰ মূল নীতিৰ সম্পূৰ্ণ বিপৰীতে গৈ ঘটনাই আদালতৰ মজিয়া পোৱাৰ আগতেই অভিযুক্তকে অপৰাধী হিচাপে ধৰি লৈ নিজা নিজা ৰায় দিয়া আৰম্ভ কৰে৷ ই আইনবিৰুদ্ধই নহয়, ই ব্যক্তিজনৰ মানৱ অধিকাৰো খৰ্ব কৰে৷ কোনো কোনো ক্ষেত্ৰত পুলিচে গম পোৱাৰ আগতেই ছ’চিয়েল মিডিয়াত ঘটনাৰ বহুল প্ৰচাৰৰ ফলত পুলিচ গৈ পোৱাৰ আগতেই সাক্ষ্য-প্ৰমাণ নষ্ট কৰি পেলোৱাৰ ফলত তদন্ত প্ৰক্ৰিয়াতো বাধা জন্মে৷

কিছুদিন পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুত হোৱা নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ পাছত সামাজিক মাধ্যমত একাংশই(ইয়াৰ ভিতৰত কিছু সংখ্যক লেখক-বুদ্ধিজীৱিও আছে) নিজাববীয়াকৈ বিচাৰ কৰি দুৰ্ঘটনাটোৰ বাবে কোনো কোনোৱে মাজুলীৰ সত্ৰাধিকাৰসকলক আৰু আন কিছুমানে দুৰ্ঘটনা সংঘটিত কৰা ফেৰীখনৰ মালিকক দোষী সাব্যস্ত কৰিলে৷ আৱেগৰ বশৱৰ্তী হৈ আন কিছুমানে আৰু এখোজ আগুৱাই গৈ তেখেতসকলক ‘হত্যাকাৰী’ বুলিও অভিহিত কৰিলে৷ অথচ ঘটনা এটা ‘হত্যা’ হ’বলৈ হ’লে ভাৰতীয় ফৌজদাৰী(Criminal) আইনমতে যিসমূহ ‘উপাদান’ৰ (Ingredients) উপস্থিতিৰ প্ৰয়োজন, ওপৰোক্ত দুৰ্ঘটনাটোত ছ’ছিয়েল মিডিয়া ট্ৰায়েলত দোষী সাব্যস্ত কৰা ব্যক্তিসকলৰ বিৰুদ্ধে সেইসমূহ উপাদানৰ ভিতৰত এটাও নাই৷ এনেদৰে আৱেগৰদ্বাৰা পৰিচালিত হৈ ভিত্তিহীনভাৱে কাৰোবাক জনমানসত হেয় কৰাটো আইনৰ চকুত এক দণ্ডনীয় অপৰাধ৷ আৱেগেৰে সাহিত্য-কলা-সংস্কৃতি, পৰিচালিত হ’ব পাৰে, কিন্তু আইন নহয়৷

সামাজিক মাধ্যমৰ এই নব্য ভূমিকাৰ কুপ্ৰভাৱ পৰোক্ষভাৱে হ’লেও ন্যায়িক ব্যৱস্থাটোৰ ওপৰতো পৰিব৷ কাৰণ ন্যায়িক বিষয়াসমূহো যিহেতু মানুহ, ছ’চিয়েল মিডিয়াত জনতাই প্ৰদৰ্শন কৰা আৱেগৰ বন্যাই তেওঁলোকৰ অৱচেতন মনত কিছু হ’লেও প্ৰভাৱ পেলাব ৷ গতিকে য’ত অপৰাধ প্ৰমাণিত নোহোৱালৈকে অভিযুক্তক নিৰ্দোষ বুলি ধৰিব লাগিছিল, তাত যদি তাৰ পৰিৱৰ্তে, অভিযুক্তক দোষী বুলি ধৰি লৈ বিচাৰকাৰ্য চলোৱা হয়, তেন্তে নিশ্চিতভাৱে ‘ন্যায় বিচাৰ’ (Fair Trial) বাধাপ্ৰাপ্ত হ’ব আৰু জনসাধাৰণ ন্যায়ৰ পৰা বঞ্চিত হ’ব৷

ছ’চিয়েল মিডিয়াত সততে দেখা আন এটা কথা হৈছে যে কিছু কিছু গোচৰৰ ক্ষেত্ৰত বহুতে অধিবক্তাসকলক অভিযুক্তৰ হৈ ওকালতি নকৰিবলৈ আহ্বান জনায়৷ এনেধৰণৰ আহ্বান মানৱাধিকাৰ বিৰোধীয়েই নহয়, নিতান্তই অসাংবিধানিক আৰু প্ৰাকৃতিক ন্যায়ৰ(Natural Justice) পৰিপন্থী৷ প্ৰতিজন অভিযুক্তৰে ন্যায় বিচাৰ পোৱাৰ অধিকাৰ আছে আৰু প্ৰত্যেক ব্যক্তিৰে (লাগিলে তেওঁ কোনো গোচৰৰ অভিযুক্তই নহওক কিয়,) নিজৰ পছন্দৰ অধিবক্তাৰ যোগেদি নিজৰ যুক্তিসমূহ আদালতত জনোৱাৰ অধিকাৰ আছে৷

ছ’চিয়েল মিডিয়া ট্ৰায়েল কেৱল গণতন্ত্ৰৰ তৃতীয় স্তম্ভ ন্যায়পালিকাৰ প্ৰতিয়েই নহয়, ই গণতন্ত্ৰ প্ৰতিও ভাবুকিস্বৰূপ৷ গতিকে, সামাজিক মাধ্যমত প্ৰত্যেক ব্যক্তিয়েই নিজৰ ক্ৰিয়া-কলাপসমূহৰ বাবে জবাবদিহি কৰাৰ লগতে মঞ্চখনৰ কাৰ্য-কলাপসমূহ আইনৰ নিয়ন্ত্ৰণলৈ অনাৰ সময় আহি পৰিছে৷
লেখাটি দৈনিক জনমভূমি কাকততো প্ৰকাশ পাইছে। লেখিকাৰ নিজা ব্লগৰ ঠিকনাঃ https://www.ranjumoni.in লেখিকাৰ সুখ-দুখৰ পাতত প্ৰকাশিত লেখাবোৰৰ একত্ৰ লিংকঃ 

No comments:

Post a Comment