চিন্তনঃ হোমেন বৰগোহাঞিৰ চিন্তা-সাহিত্যৰ সঠিক মূল্যায়ন কৰিব কোনে? ড° অখিল ৰঞ্জন দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ হোমেন বৰগোহাঞিৰ চিন্তা-সাহিত্যৰ সঠিক মূল্যায়ন কৰিব কোনে?  ড° অখিল ৰঞ্জন দত্ত

চিন্তনঃ হোমেন বৰগোহাঞিৰ চিন্তা-সাহিত্যৰ সঠিক মূল্যায়ন কৰিব কোনে? ড° অখিল ৰঞ্জন দত্ত

Share This

হোমেন বৰগোহাঞিৰ চিন্তা-সাহিত্যৰ সঠিক মূল্যায়ন কৰিব কোনে?

ড° অখিল ৰঞ্জন দত্ত

(মোৰ বিশ্বাস হোমেন বৰগোহাঞিৰ চিন্তা আৰু সাহিত্যৰ সঠিক মূল্যায়নৰ আমি কেইবাটাও দশক অপেক্ষা কৰিব লাগিব । তাৰ প্ৰধান কাৰণ দুটা- তেখেতৰ ৰাজনৈতিক স্থিতিয়ে সৃষ্টি কৰি যোৱা বিভ্ৰান্তি আৰু তেখেতৰ প্ৰশংসা-পৃষ্ঠপোষকতাই সৃষ্টি কৰা গুণগ্ৰাহী সমাজৰ বৰগোহাঞিৰ চিন্তা-সাহিত্য মূল্যায়নৰ অপাৰগতা । হোমেন বৰগোহাঞিৰ ৯০ সংখ্যক জন্মদিন উপলক্ষত ‘আমাৰ অসম’ কাকতত প্ৰকাশিত দুটা প্ৰবন্ধত এই সম্পৰ্কে দিয়া মোৰ বক্তব্যক একেলগ কৰি তুলি ধৰিলো ।)

হোমেন বৰগোহাঞিৰ চিন্তা-সাহিত্যৰ সঠিক মূল্যায়ন কৰিব কোনে?  ড° অখিল ৰঞ্জন দত্ত

অসমৰ সাহিত্য, সাংবাদিকতা আৰু ৰাজনৈতিক জীৱনত প্ৰায় সাতটা দশক ধৰি হোমেন বৰগোহাঞিয়ে সক্ৰিয়তাৰে অংশগ্ৰহণ কৰাই নহয়, প্ৰতিষ্ঠাৰ শীৰ্ষস্থানত আৰোহন কৰাৰ লগতে বহুক্ষেত্ৰত একক আধিপত্য প্ৰতিষ্ঠা কৰিবলৈকো সক্ষম হৈছিল । প্ৰচুৰ মেধা, সীমাহীন অনুসন্ধিৎসা, নিৰন্তৰ নতুনত্বৰ অনুসন্ধান, সীমাৰ পৰিধি অতিক্ৰমী বৰ্ণাঢ্য বিষয়ক সমাজৰ সন্মুখত তুলি ধৰাৰ সাহস, প্ৰজন্মৰ বেহু ভাঙি নবীন-প্ৰবীণ সকলোৰে স’তে সম্পৰ্ক প্ৰতিষ্ঠাৰ অবিৰত গতি- এই সকলোবোৰে হোমেন বৰগোহাঞিৰ চিন্তা আৰু সাহিত্যক নিতৌ ন ন স্ঞ্জীৱনীৰে ঢৌৱাই ৰাখিছিল । প্ৰতিষ্ঠাৰ প্ৰচুৰ সম্ভাৱনা থকা উচ্চপদস্থ চৰকাৰী চাকৰি এৰি সাহিত্য আৰু সাংবাদিকতাকে জীৱনৰ সাধনা আৰু জীৱিকাৰূপে গ্ৰহণ কৰা হোমেন বৰগোহাঞিয়ে অসমীয়া গদ্যশৈলীক এনে স্তৰলৈ লৈ গ’ল যাৰ বাবে তেখেতৰ চিন্তা-যুক্তি-দৰ্শনৰ স’তে প্ৰচুৰ বিৰোধ থকা সকলেও এই গদ্যশৈলীক অসমীয়া ভাষা-সাহিত্যলৈ অনবদ্য অৱদান বুলি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে । 


যৌৱন, যৌনতা, বাৰ্ধক্য, নিসংগতা, দেহোপজীৱিনী, মনস্ত্বত্ব- যিবোৰ বিষয়ৰ উপস্থাপনৰ বেলিকা প্ৰতিষ্ঠিত সাহিত্যিকৰ প্ৰচুৰ দ্বিধাগ্ৰস্থতা আছে- তেনেবোৰ বিষয়ক হোমেন বৰগোহাঞিয়ে অতি শক্তিশালীৰূপত আৰু আঁৰবেৰ নোহোৱাকৈ পাঠক সমাজৰ সমূখত তুলি ধৰিছে । সেইবোৰে কেতিয়াবা যে অতিৰঞ্জিত ৰূপ লাভ কৰা নাই তেনে কথা নহয় । বিশ্ব সাহিত্য, বিশেষকৈ পশ্চিমীয়া সাহিত্য-সংস্কৃতি আৰু চিনেমা আৰু ফ্ৰয়ডীয় মনস্ত্বত্বৰ দৰে বিষয়ৰ স’তে হোমেন বৰগোহাঞিৰ পৰিচিতিয়ে তেখেতৰ সাহিত্যক যে বৰকৈ প্ৰভাৱান্বিত কৰিছিল সেই কথা অনুসন্ধিৎসু পাঠকক বুজাই কোৱাৰ প্ৰয়োজন নাই । ফলত তেখেতে কেতিয়াবা স্থান-কাল বা সংস্কৃতিৰ পৰিধি ভাঙি আৰু বহু সময়ত জোৰকৈ যৌৱন-যৌনতা আৰু অবিশ্বাস-বেমেজালিক ৰোমাঞ্চিত ৰূপত তুলি ধৰিছে । ‘কুশীলৱ’ উপন্যাসত মৃগেন কাকতি শীৰ্ষক অধ্যায়ত মৃগেন-প্ৰসেনজিতৰ মূখত ইন্দ্ৰাণীৰ দেহৰ বৰ্ণনাই কেতিয়াবা ইমান উত্তেজক ৰূপ লৈছে যে সেইবোৰত আমাৰ চৌপাশৰ সমাজখনতকৈও অধ্যয়নেৰে পৰিচিত ৰ্পশ্চিমীয়া সাহিত্যৰ প্ৰভাৱ স্পষ্ট । নিসংগতা আৰু বাৰ্ধক্যৰ বিষয়ে হোমেন বৰগোহাঞিৰ বাদে অসমীয়া সাহিত্যত বোধহয় এতিয়ালৈকে অন্য কোনো লেখক সাহিত্যিকে ইমান বেছিকৈ লিখা নাই । এইবোৰ বিষয় সকলো সময়তে জীৱন অভিজ্ঞতাৰ ওপৰত আধাৰিত নহয় । বৰঞ্চ প্ৰচুৰ অধ্যয়ন আৰু জীৱন সম্পৰ্কে তেখেতৰ অবিৰত অনুসন্ধানে এই বিষয়বোৰৰ ওপৰত আত্মকথন কৰিবলৈহে হোমেন বৰগাহাঞিক নিৰন্তৰ প্ৰৰোচিত কৰিছিল বুলি ভাৱ হয় । ফলত এই বিষয়বোৰক লৈ সাহিত্য-উপন্যাস ৰচনা কৰিলেও সেইবোৰ অধিক সময়ত আত্মকথনৰ একো একোটা দীঘলীয়া উপস্থাপন । তাত বহু চৰিত্ৰৰ সমাবেশ ঘটিছে- কিন্তু সকলো চৰিত্ৰই ইমান পৰিপক্কতা বা জ্ঞানগৰ্ভীতাৰে বাৰ্তালাপ কৰিছে যে সেইবোৰ বাস্তৱ ক্ষেত্ৰত সঁচা চৰিত্ৰ যেন বোধ নহয় । ‘নিসংগতা’, ‘বিষণ্ণতা’, ‘তান্ত্ৰিক’ আদি উপন্যাসত এই বহুবল্কিতা অতি স্পষ্ট । মই তেখেতৰ ‘পিতাপুত্ৰ’ উপন্যাসৰ ওপৰত ‘নিউজ লাইভ’ৰ ‘কথা-বাৰ্তা’ অনুষ্ঠানত তেখেতৰ স’তে কথা পাতিছিলো। আৰু এই প্ৰশ্নটোৱেই মই উত্থাপন কৰিছিলোঁ- ‘আপোনাৰ উপন্যাসৰ প্ৰতিটো চৰিত্ৰ কিয় ইমান ‘articulate’, কিয় প্ৰতিটো বিষয় তেওঁলোকে ইমান চিন্তাশীল ৰূপত উপস্থাপন কৰে? আচলতে সেইবোৰ চৰিত্ৰৰ মূখত আপুনি আপোনাৰ বক্তব্যকে গুজি দিয়া নাইনে?’ তেখেতে মাথো হাঁহি হাঁহি ক’লে- ‘তুমিতো জানাই ঢকুৱাখনাৰ প্ৰতিজন মানুহে কেনেকৈ কথা কয় ।'


আত্মকথনেৰে সাহিত্য সৃষ্টি কৰা হোমেন বৰগোহাঞিৰ এই শৈলীয়ে কেতিয়াবা চৰিত্ৰসমূহক বিৰক্তিকৰ আৰু একঘেয়ামি কৰি তুলিছে । কিন্তু তাৰ পিছতো হোমেন বৰগোহাঞিৰ সাহিত্য পাঠকে, বিশেষকৈ নতুন চামে কিয় পঢ়ে? তাৰ প্ৰধান কাৰণটোৱেই হ’ল চৰিত্ৰৰ বহুবল্কিতাৰ পিছতো প্ৰতিটো চৰিত্ৰৰ মুখত চিন্তাৰ বৰ্ণিল সমাবেশ । এটা নিতান্তই ব্যক্তিগত কথাৰে আৰম্ভ কৰি তাক হোমেন বৰগোহাঞিয়ে এনে এটা পৰ্যায়লৈ আৰু গভীৰতালৈ লে গৈছে যে পাঠকে নিজেই কব নোৱাৰাকৈয়ে সেইবোৰ চৰিত্ৰৰ স’তে আগবাঢ়ি গৈছে, চৰিত্ৰই উত্থাপন কৰা বিষয় আৰু জগতৰ স’তে বিচৰণ কৰিছে ।


অসমৰ অজস্ৰ পাঠকৰ দৰে হোমেন বৰগোহাঞিৰ চিন্তা আৰু কৰ্ম মোৰ বাবেও সমাজ চিনাৰ অমূল্য সম্পদ । কিন্তু প্ৰত্যেকজন পাঠকেই লেখকৰ সৃষ্টিৰাজিৰ মাজত বিভিন্ন প্ৰশ্ন আৰু উত্তৰৰ সন্ধান কৰে । সমাজ বিজ্ঞানৰ এগৰাকী ছাত্ৰ আৰু গৱেষক হিচাবে মই হোমেন বৰগোহাঞিৰ সৃষ্টিৰ মাজত ৰাজনীতিৰ সন্ধান কৰোঁ- এখন শ্ৰেণী, বৰ্ণ আৰু লিংগ বিভক্ত সমাজৰ দণ্ড-বিৰোধ বিলাক তেখেতে কিদৰে উপস্থাপন কৰিছে আৰু তাৰ সমিধানৰ কি বাট কাটিছে  তাৰ অন্বেষণ কৰোঁ ।  মোৰ দৃষ্টিত তেখেতে সৃষ্টিশীল সাহিত্যৰ মাজেৰে সমাজৰ বহুখলপীয়া ক্ষমতাৰ আধাৰবোৰ আৰু ই সৃষ্টি কৰা দণ্ডসমূহৰ নিৰন্তৰ অনুসন্ধান কৰিছিল । তাকে কৰিবলৈ যাওঁতে বৰগোহাঞিয়ে সমাজৰ নিপীড়িত শ্ৰেণী সমূহৰ মৰ্মবেদনাৰে সমাজ ব্যৱস্থাটোৰ কেৰোণ সমূহ পাঠকৰ সমূখত তুলি ধৰিছিল । তাৰ বিৰুদ্ধে প্ৰতিৰোধ বা বিপ্লৱৰো ইংগিত তেখেতে দিছে, কিন্তু বেছিভাগ সময়তে শেষ পৰিণতি কি হব পাৰে তাৰ সন্ধান দিয়াৰ পৰা নিজকে বিৰত ৰাখিছে । সেয়েহে এটা গতিৰে গৈ থকা এজাক পৰিবৰ্ত্তনকামী ধুমুহা কোনোবা এটা স্তৰত হঠাৎ স্তব্ধ হৈ গৈছে । এক অমিমাংসিত বা অনিশ্চিত ভৱিষ্যৎৰ ছবি তেখেতৰ সৃষ্টিত অতি প্ৰবল । উদাহৰণ স্বৰূপে তেখেতৰ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত উপন্যাস ‘পিতা-পুত্ৰ’ৰ কথা কব পাৰি । প্ৰতিপত্তিশীল শক্তিসমূহৰ উৎপীড়নে সৃষ্টি কৰা নিদাৰুণ পৰিস্থিতিৰ এনে গভীৰ অনুসনন্ধানৰ পিছতো সমিধানৰ পথ নিৰ্দেশনা নিদিয়া কথাটোৱে তেখেতৰ বহু গুণগ্ৰাহী পাঠককো বিচলিত কৰিছে । তাৰ বাবে বহুতেই তেখেতক স্থিতাৱস্থাৰ বাহক বুলিও অভিযোগ কৰে । কিন্তু তেখেতৰ বোধহয় চিন্তা এনে যে জোৰকৈ এক সমিধান সূত্ৰ নিৰ্মাণ কৰাতো এগৰাকী সৃষ্টিশীল লেখকৰ নৈতিক দ্বায়িত্বৰ ভিতৰত নপৰে । তেনে কৰিলে লেখক নিজেই ভৱিষ্যৎ দ্ৰষ্টা হৈ পৰিব । কিন্তু ভবিষ্যত নিৰ্মাণ যিহেতু ইতিহাসৰ গতি  আৰু মানুহৰ সংগ্ৰামেহে নিৰ্মাণ কৰে গতিকে লেখকে কৃত্ৰিমভাৱে তাৰ দ্বায়িত্ব লোৱাৰ কোনো সকাম নাই । সমান্তৰাল ভাৱে এই কথাও সচাঁ যে তেখেতে যিহেতু দূৰ অতীতৰ কথা উপন্যাস বা গল্পত লিখা নাই, অথবা ইতিহাসে ইতিমধ্য়ে সমিধান সূত্ৰ দি যোৱা ঘটনা প্ৰৱাহক ভিত্তি কৰি সৃষ্টিশীল সাহিত্য নিৰ্মাণ কৰা নাই, প্ৰবাহমান বৰ্ত্তমানেই তেখেতৰ সৃষ্টিৰ মূল বিষয়, গতিকে ভবিষ্যৎৰ সমাধান সূত্ৰ দি তেখেতে নিজকে জ্যোতিষীৰ শাৰীলৈ অবনমিত কৰিব খোজা নাই । অন্য ধৰণে কবলৈ গলে তেখেতৰ সৃষ্টিশীল সাহিত্যৰ ৰাজনীতি হ’ল নিপীড়ন-উৎপীড়নৰ বহুখলপীয়া ক্ষমতাৰ আধাৰ বোৰক তন্নতন্নকৈ উন্মোচন কৰি দিয়া, যাৰ ভেটিত মানুহে নিজেই নিজৰ ভবিষ্যৎ নিৰ্মাণ কৰিব । 


১৯৫০ ৰ দশকতেই লিখা ‘ইস্মাইল ছেখৰ সন্ধানত’ গল্পটোৰ কথাকেই কব খুজিছোঁ । দেশ বিভাজনৰ উত্তৰকালৰ দুটা ধৰ্মীয় সম্প্ৰদায়- হিন্দু আৰু মুছলমানৰ দুই চৰিত্ৰৰ মাজেৰে সেই সময়ৰ ৰাজনীতিৰ এক জটিল পৰিক্ৰমা অতি সংবেদন্শীলতাৰে ডাঙি ধৰিছে । এফালে নব গঠিত পাকিস্তানৰ সংখ্যাগৰিষ্ঠ মুছলমানৰ উৎপীড়নত দেশ এৰি ভাগি অহা এগৰাকী ব্ৰাহ্মণ কন্যাই জীৱনৰ তাড়নাত দেহোপজীৱিনী হৈছেগৈ আৰু তেওঁৰ সংস্কৃত পণ্ডিত ব্ৰাহ্মণ পিতৃ হৈছেগৈ ৰিক্সাৱালা । অন্যহাতে জমিদাৰৰ তলত উৎপীড়িত ভুমিহীন ইস্মাইল অসমলৈ আহিছিল ভাগ্যৰ সন্ধানত, য’ত লাখ লাখ বিঘা অনাবাদী মাটিৰ খবৰ পাইছিল তেওঁলোকে । কিন্তু ইস্মাইলহঁত যেতিয়া অটব্য অৰণ্য অথবা ব্ৰহ্মপুত্ৰৰ চাপৰিত ঘৰ সাজি বাৰে বাৰে উচ্ছেদিত হ’ল ব্ৰহ্মপুত্ৰৰ বানত, তেতিয়া বহুবাৰ চৰকাৰৰ ওচৰত আবেদন কৰিও তাৰ সমিধান নাপায় তেওঁলোকে দখল কৰিলে চৰকাৰৰ সংৰক্ষিত গো-চাৰণ ভুমি । আৰু তাত তেওঁলোক সমূখীন হ’ল চৰকাৰী উচ্ছেদৰ । ইতিমধ্যে জীৱনৰ এই জটিল পৰিক্ৰমাত পত্নী আৰু জেষ্ঠ পুত্ৰক হেৰোওৱা ইস্মাইলৰ বসন্ত ৰোগত আক্ৰান্ত দুই পুত্ৰও এই উচ্ছেদত মৃত্যুৰ মূখত পৰিল । ইস্মাইলক এই দুৰ্যোগলৈ ঠেলি দি অন্তৰ্দণ্ডত ভোগা বিষয়া গৰাকীয়েই ইস্মাইলৰ সন্ধানত গৈ পতিতালয়ত লগ পাইছেগৈ সেই দুৰ্ভগীয়া ব্ৰাহ্মন কন্যাক যি জীয়াই থকাৰ তাড়নাত দেহোপজীৱিনীৰ পেশা লবলৈ বাধ্য হৈছে । কিন্তু এই গল্পৰ মূল বাৰ্তা বেলেগ । ইতিহাসৰ জটিল পাকচক্ৰত পৰি দেহোপজীৱিনী হোৱা ব্ৰাহ্মন কন্যাৰ দৃষ্টিত তেওঁলোকৰ দুৰ্যোগৰ মূলতে মুছলমান গুণ্ডা । তাৰ উত্তৰত ইস্মাইলৰ সন্ধানত যোৱা বিষয়া গৰাকীয়ে কৈছে তেওঁলোকক খেদি ফুৰিছে ‘ইতিহাসৰ ষড়যন্ত্ৰই, যি ইতিহাসৰ গতি অতদিন ধৰি নিৰূপণ কৰি আহিছে ভুস্বামী আৰু পুঁজিপতিয়ে ।‘ তেওঁ আকৌ কৈছে ‘ যি ইস্মাইলৰ বুকুৰ তেজে মাটিক স্বৰ্ণ প্ৰসৱিনী কৰে, সেই মাটিত সিহঁতৰ অধিকাৰ নৰজিল কিয়? কিয় সিহঁত দেশত্যাগী হ’ব লগা হ’ল?’ 


দেহোপজীৱিনী ব্ৰাহ্মণ কন্যাই যেতিয়া কৈছে যে ‘আপুনি পাহৰি গৈছে কিয় যে মুছলমানবোৰে আমাক জন্মভুমিৰ পৰা খেদি দিছে ধৰ্মৰ নামত ।‘ তাৰ উত্তৰত বিষয়া গৰাকীয়ে কৈছে : ‘আপোনালোকক মুছলমানে খেদা নাই, সাম্প্ৰদায়িক উন্মাদনায়ো খেদা নাই; আপোনাসকলকো খেদি ফুৰিছে ইতিহাসৰ সেই একেটা ষড়যন্ত্ৰই ।…..ধৰ্ম কি বস্তু জানেনে? ইতিহাসৰ প্ৰত্যেক যুগত সমাজৰ এমুঠি ভুস্বামী আৰু পুঁজিপতিয়ে কোটি কোটি নীচ, দৰিদ্ৰ জনসাধাৰণক পৃথিৱীৰ সকলো সুখ-সম্ভোগৰ পৰা বঞ্চিত কৰি আহিছে কল্পিত স্বৰ্গলোক বা পৰকালত বহি খোৱাৰ লোভ দেখুৱাই ।‘ ১৯৫০ৰ দশকতে ইতিহাসৰ উৎপীড়ন-নিপীড়নৰ চিত্ৰাংকনত ধৰ্মৰ শ্ৰেণী চৰিত্ৰ উন্মোচন কৰি দি হোমেন বৰগোহাঞিয়ে অসমীয়া সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিছিল । 


 ১৯৬০ ৰ দশকত বেশ্যাক লৈ অসমীয়া সাহিত্যত এখন উপন্যাস লিখাটো কম প্ৰত্যাহবানৰ কথা নাছিল । হোমেন বৰোগোহাঞিয়ে সেই প্ৰত্যাহবান গ্ৰহণ কৰি ৰচনা কৰিলে ‘সুবালা’ । সুবালাত বৰ্ণিত হৈছে দাৰিদ্ৰৰ নাৰকীয় যাত্ৰা- য’ত ক্ষুধা নিবাৰণৰ বাবে মাতৃয়ে নিজৰ জীয়েকক ঠেলি দিব পাৰে নৰকলৈ । সুবালাৰ মুখেৰে এখন শ্ৰেণী বিভক্ত সমাজত কিদৰে এগৰাকী নাৰী নিপীড়িত হ’ব পাৰে তাৰেই কেৱল বৰ্ণনা হোৱা নাই । তাৰ উপৰিও ইয়াত বৰ্ণিত হৈছে শ্ৰেণীতন্ত্ৰ আৰু পুৰুষতন্ত্ৰৰ এনে উৎপীড়নত নাৰী নিজেই কেনেকৈ হৈ উঠে তাৰ চালিকা শক্তি- যাৰ প্ৰমাণ সুবালাৰ মাতৃও । এটা বিষয়ক লেখকৰ নিজৰ চিন্তাৰে উত্থাপন কৰিবলৈ যাওঁতে বহুসময়ত ‘সুবালা’ই স্বছন্দ গতি হেৰুৱাইছে । কিন্তু সমাজ বাস্তবতাৰ ভয়াবহ ৰূপ বিভিন্ন চৰিত্ৰ মাজেৰে ওলাই আহিছে । উপন্যাসৰ সমাপ্তিত উত্তৰণৰ কোনো পথ নিৰ্দেশনা নাই । শেষৰ দুটা বাক্যই তাৰ স্বাক্ষৰ বহন কৰে : “মোৰ ওচৰ  পায়েই এটা মানুহে নৈৰাশ্য আৰু বিৰক্তিৰ ভংগীত মাত লগাই উঠিল – ‘ধেৎ, এইজনী একদম বুঢ়ী । ব’ল ঘুৰি ব’ল, আজি কপালেই মন্দ ।‘


মোৰ বুকুখন সামান্য কঁপি উঠিল । মই বুজিলো, মোৰ দোকান বন্ধ কৰিবৰ সময় আহিল । ঘৰৰ ভিতৰ সোমাই মই দুৱাৰখন বন্ধ কৰি দিলো ।"


১৯৭০ৰ দশকৰ শেষাৰ্দ্ধত প্ৰকাশিত ‘পিতা-পুত্ৰ’ ৰ মাজেৰে কেৱল দুই প্ৰজন্মৰ সংঘাট্ চিত্ৰায়ন হোৱা নাই । আচলতে এই উপন্যাসত ভাৰতীয় ৰাজনীতিৰ স্বাধীনতা সংগ্ৰামৰ এটা পৰ্বকে সাঙুৰি স্বাধীনতাৰ পৰবৰ্ত্তী কালৰ এছোৱা সময়ৰ ৰাজনৈতিক পৰিক্ৰমা আৰু তাৰ দণ্ড প্ৰতিফলিত হৈছে । এই পৰিক্ৰমাক চিত্ৰায়ন কৰা হৈছে এটা বিশেষ অঞ্চলৰ এটা সামন্তীয় পৰিয়ালৰ কাহিনীক্ৰম আৰু পৰিয়ালটোৰ দুটা প্ৰজন্মৰ সংঘাটৰ মাজেৰে । কিন্তু তাকে কৰিবলৈ যাওঁতে অসমৰ গ্ৰাম্য সমাজৰ শ্ৰেণী চৰিত্ৰৰ লগতে স্বাধীনতা আন্দোলনটোক কিদৰে এচাম বৃটিছ অনুগামী, সুবিধাবাদী আৰু লম্পদ চৰিত্ৰৰলোকেও ক্ৰমে নিজৰ আয়ত্বলৈ আনিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত স্বাধীনতাৰ উত্তৰকালতো এক নতুন শ্ৰেণীতন্ত্ৰ আৰু শ্ৰেণী শোষণৰ সূত্ৰপাত হৈছে তাৰ ছবি স্পষ্টকৈ ফুটি উঠিছে । এফালে উপন্যাসৰ অন্যতম চৰিত্ৰ শিবনাথৰ পৰিয়ালৰ সামন্তবাদী ঘৰ উছন হোৱাৰ ছবি , অন্যফালে স্বাধীনোত্তৰ কালৰ কুটিল ৰাজনৈতিক পাকচক্ৰ । আমি তাৰ পৰা পৰিত্ৰাণ পামনে? তাৰ কোনো সমিধান নাই । বৰঞ্চ শিবনাথৰ পুত্ৰ কালিনাথৰ ৰাজনৈতিক পৰিক্ৰমাই বৈপ্লবিক চিন্তাৰ পথ এৰি মুঁলসুঁতিৰ সেই কুটিল ৰাজনীতিত জড়িত হৈ পৰিলগৈ, আৰু বিপ্লৱী চৰিত্ৰ বন্দী বন্দী হ’লগৈ কাৰাগৰত । 


উপন্যাসৰ শেষৰটো দফাত অনিশ্চয়তাৰ বাৰ্তা ‘ সৌমিত্ৰ আৰু কালিনাথে নিজৰ নিজৰ কাৰাগাৰৰ পৰা কি অভিজ্ঞতা লৈ মুক্ত হৈ ওলাই আহে তাৰ কাৰণে আমিও উদগ্ৰ হৈ অপেক্ষা কৰিছোঁ । ইয়াৰ পাছৰ কাহিনী হ’ব বিংশ শতাব্দীৰ শেষ তিনিটা দশকৰ ভাৰতবৰ্ষৰ ইতিহাস ।‘ মোৰ ভাৱহয় এই অনিশ্চিত ভৱিষ্যৎৰ ইংগিত দিয়া কথাটোত ১৯৭০ৰ দশকৰ প্ৰগতিশীল চিন্তাৰ কোনো লোকে সহজে গ্ৰহণ কৰিব পৰা নাছিল । কিন্তু বিংশ শতাব্দীৰ তিনিটা দশকৰ ৰাজনীতিয়ে কেৱল অনিশ্চয়তাৰে ইংগিত দি যোৱা নাই । আমি আচলতে চৰম হতাশাৰ মাজলৈহে গতি কৰিলোঁ । বিপ্লৱৰ মাজত কেৱল যে ভাটা আহিল তেনে নহয়, সৌমিত্ৰৰ দৰে বহু বিপ্লৱীয়েও গৈ কালীনাথৰ পথ ললেগৈ ।


এই আলোচনাত মই মাত্ৰ তিনিটা ভিন্ন বিষয়ক লৈ ৰচিত তিনিখন উপন্যাসত প্ৰতিফলিত হোমেন বৰগোহাঞিৰ ৰাজনৈতিক চিন্তাক সংক্ষেপে তুলি ধৰিলোঁ । বৰ্ণবাদক লৈ ৰচিত ‘মৎস্যা গন্ধা’তো হোমেন বৰগোহাঞিৰ ৰাজনৈতিক চিন্তাই এক নতুন পৰ্যায় লাভ কৰিছে । মোৰ বিশ্বাস আমাৰ লেখক সকলে হোমেন বৰগোহাঞিৰ সাহিত্যত ভাষা আৰু গদ্য তথা বৰ্ণণাশৈলীৰ অভিনৱ ৰূপ বিচাৰতে সীমাবদ্ধ নাথাকি লেখকৰ গভীৰ ৰাজনৈতিক অন্বেষণ আৰু প্ৰজ্ঞাৰো বিচাৰ কৰিব লাগে । 


প্ৰশ্ন হয় হোমেন বৰগোহাঞিৰ চিন্তা আৰু সাহিত্যৰ প্ৰকৃত মূল্যায়ন হৈছে নে? বা অনাগত সময়ত তাৰ কিবা সম্ভাৱনা আছে নে? মোৰ দৃষ্টিত সেইয়া হ’বলৈ অসমীয়া সাহিত্যই আৰু বহু কেইটা দশক অপেক্ষা কৰিব লাগিব । তাৰ বহু কাৰণ আছে । সেই সমূহৰ ভিতৰত অন্যতম হ’ল তেখেতৰ ৰাজনৈতিক অৱস্থান আৰু তেখেতৰ পৃষ্ঠপোষকতা আৰু অতিৰঞ্জিত প্ৰশংসাই সৃষ্টি কৰি থৈ যোৱা এদল গুণগ্ৰাহী আৰু তোষামোদকাৰী । তেখেতৰ ৰাজনৈতিক অৱস্থানৰ বাবে যেনেকৈ বহু উচ্চমানৰ সমালোচকে হোমেন বৰগোহাঞিৰ সৃষ্টিৰ সঠিক মুল্যায়ন কৰিবলৈ অস্বীকাৰ কৰিছে, ঠিক সেইদৰে তেখেতৰ পৃষ্ঠপোষকতাত নিৰ্মিত বহু গুণগ্ৰাহীয়েও হোমেন বৰগোহাঞিৰ সঠিক মুল্যায়নত বিধি পঠালি দি আহিছে । কিন্তু আচৰিত কথাটো হ’ল ইমানৰ পিছতো সকলোৱে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে হোমেন বৰগোহাঞি বিংশ শতিকাৰ অসমীয়া সাহিত্য আৰু চিন্তা জগতৰ এগৰাকী  অতি প্ৰভাৱশালী কাণ্ডাৰী । 


তেখেতৰ ৰাজনৈতিক অৱস্থান আছিল অত্যন্ত সংবেদনশীল, অথচ বহুসময়ত আত্মদণ্ড আৰু বহুতৰ বাবে বিভ্ৰান্তিৰে পৰিপূৰ্ণ । সংবেদনশীলতাৰ কথাটোকে প্ৰথমে কব খুজিছোঁ । ‘চেচামাত এটা দিন’ শীৰ্ষক তেখেতৰ সাংবাদিক জীৱনৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত লেখাটো পঢ়িলেই হোমেন বৰগোহাঞিৰ সংবেদন্শীলতাৰ উমান পোৱা যায় । নগালেণ্ডৰ ভিতৰুৱা এখন গাওঁ চেচামাত কুকুৰৰ মাংস গ্ৰহণৰ যি অভিজ্ঞতা তেখেতে বৰ্ণাইছে তাৰ পৰাই বুজা যায় লোকজীৱন আৰু খাদ্য সংস্কৃতিৰ প্ৰতি কিমান সংবেদনশীল আছিল হোমেন বৰগোহাঞি । বিগত সময়ত অসমত পূৰ্ববংগীয় মুছলমান সম্প্ৰদায়ক কিমান ধৰণে তুচ্চ-তাচ্ছিল্য কৰা হৈছে তাৰ কোনো সীমা নাই । এই সম্প্ৰদায়ক এতিয়াতো মুকলিকৈয়ে অসমীয়া সভ্যতা-সংস্কৃতিৰ প্ৰতি প্ৰত্যাহ্বান বুলি উপস্থাপন কৰা হৈছে । এনে সন্ধিক্ষণত হোমেন বৰগোহাঞিয়ে অতি স্পষ্টকৈ আৰু কোনো দ্বিধা-সংকোচ নোহোৱাকৈ এই সম্প্ৰদায়ৰ মূল ৰাজনৈতিক নেতা বদৰুদ্দিন আজমলক এগৰাকী অসম প্ৰেমিক বুলি ঘোষণা কৰিছে ।  তেখেতৰ চিন্তাত বা কৰ্মত সাম্প্ৰদায়িকতাৰ নাম-গোন্ধ নাই । সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে তেখেতৰ অতি সৱল আৰু স্পষ্ট অৱস্থান । তাৰ পিছতো তেখেতৰ ৰাজনৈতিক অৱস্থানৰ প্ৰতি সচেতন সমাজৰ গভীৰ সন্দেহ। তাৰ কাৰণ তেখেতে নিজেই ব্যাখ্যা কৰিছে ।

 

‘আত্মানুসন্ধান’ (২০১৪ সংস্কৰণ) ত তেখেতে লিখিছে: ‘ গোটেই জীৱনত মই কোনো ৰাজনৈতিক দলৰ সদস্য-পদ লোৱা নাই । গৌণ কাৰণটো হ’ল মোৰ হিচাপী বিষয়- বুদ্ধি ।  মই মোৰ দেউতাৰ একমাত্ৰ ল’ৰা আৰু মোৰ কান্ধৰ ওপৰত আছিল এখন বৃহৎ সংসাৰৰ দ্বায়িত্ব । ………………………….বাওঁপন্থী ৰাজনীতিৰ প্ৰতি খুৱ সামান্যভাৱে হ’লেও মই আকৃষ্ট হ’বলৈ আৰম্ভ কৰিলো চৰকাৰী চাকৰিত সোমোৱাৰ পিছত । চাকৰিত সোমোৱাৰ আগলৈকে মই বাস্তৱতাৰ লগত সম্পৰ্কহীন এক গজদন্ত মিনাৰত বাস কৰিছিলো ।‘ (পৃষ্ঠা ২১) তেওঁ নিজেই কৈছে যে বাওঁপন্থী চিন্তাৰ প্ৰতি আকৃষ্ট হোৱাৰ পিছতেই তেখেতে ‘ইছমাইল ছেখৰ সন্ধানত’ ৰ দৰে গল্প আৰু ‘সুবালা’ৰ দৰে উপন্যাস সৃষ্টি কৰিব পাৰিলে । কিন্ত মাৰ্ক্সবাদে তেওঁৰ চিন্তাক সন্তুষ্ট কৰি ৰাখিব নোৱাৰিলে । ‘আত্মানুসন্ধান’ত তাৰ ব্যাখ্যা ডাঙি ধৰি তেখেতে লিখিছে :

‘….জীৱনৰ অভিজ্ঞতা বঢ়াৰ লগে লগে মাৰ্ক্সবাদৰ প্ৰতি আকৃষ্ট হ’লো যদিও এতিয়াও ইয়াক মই মনে-প্ৰাণে গ্ৰহণ কৰিব পৰা নাই । তৃতীয় বিশ্বৰ দৰিদ্ৰ আৰু অনুন্নত দেশত সামাজিক ৰূপান্তৰৰ আহিলা হিচাপে মাৰ্ক্সবাদৰ বিকল্প বোধহয় নাই । এই কথাও ঠিক যে বিংশ শতাব্দীত সাম্য আৰু মুক্তিৰ আদৰ্শই এনে বিপুল প্ৰসাৰতা লাভ কৰাৰ মূলতেই হ’ল মাৰ্ক্সীয় আদৰ্শৰ ভিত্তিত ছোভিয়েট ৰাছিয়াৰ প্ৰতিষ্ঠা । কিন্তু মানৱ- জীৱনৰ অন্তহীন বৈচিত্ৰ, সম্ভাৱনা আৰু ৰহস্যময়তাক মাৰ্ক্সবাদে যিভাৱে সীমাবদ্ধ ৰূপ দিবলৈ প্ৰয়াস কৰে, সেইটো মোৰ কাৰণে গ্ৰহণযোগ্য নহয় ।‘ (উল্লিখিত গ্ৰন্থ, পৃষ্ঠা ২২) 


জীৱনৰ অন্তহীন ৰহস্য উদ্ঘাটন যেতিয়াই হোমেন বৰগোহাঞিৰ সাহিত্য সৃষ্টিৰ মূল বিষয় হৈ পৰিল তেতিয়াই ‘সুবালা’ অথবা ‘মৎস্যাগন্ধা’ দৰে সমাজমুখী সাহিত্যৰ পৰা তেখেতৰ সাহিত্যই ‘নিস্ংগতা’, ‘বিষণ্ণতা’ বা ‘তান্ত্ৰিক’ৰ দিশে গতি কৰিলে । বাৰ্ধক্যৰ যান্ত্ৰণা, নাৰীৰ একাকীকত্ব আৰু অপূৰ্ণ যুগ্ম জীৱন, প্ৰেমৰ অন্তহীন সম্ভাৱনা আৰু বিষাদ-বিচ্ছেদ- এইবোৰ বিষয় তেখেতৰ সাহিত্যৰ মূল বিষয় হৈ উঠিল । এই সাহিত্যই অসমীয়া পাঠক সমাজৰ মাজতো আলোড়ন সৃষ্টি কৰিলে । কিন্তু সমাজমুখী সাহিত্য সৃষ্টিক অৱহেলা কৰাৰ অভিযোগেৰে কৃতি সমালোচকে হোমেন বৰগোহাঞিৰ সাহিত্যৰ সমালোচনাক অৱজ্ঞা-অৱহেলাও কৰিলে । ৰাষ্ট্ৰ ব্যৱস্থা, বৰ্ণবাদী ব্যৱস্থা আৰু পুৰুষতান্ত্ৰিক ব্যৱস্থাক অতি সূক্ষ্মভাৱে অনুধাৱন কৰি হোমেন বৰগোহাঞিয়ে সৃষ্টি কৰা সাহিত্যই পাঠকক সমাজখন বুজাৰ বাবে প্ৰ্জ্ঞাৰ দুৱাৰ খুলি দিছে । গণজীৱনৰ কোৰ্হালৰ পৰা দুৰৈত অৱস্থান  গ্ৰহণ কৰি সৃষ্টি আৰু গদ্যৰ সাধনাত ব্ৰতী হৈ ৰোৱা হোমেন বৰগোহাঞিয়ে সাংবাদিকতাৰ জৰিয়তে এক সক্ৰিয় ৰাজনৈতিক ভুমিকা পালন কৰিছিল । এই ভুমিকাত আছিল প্ৰতিপত্তিশীল শক্তিসমূহৰ দুষ্কাৰ্যৰ বিৰুদ্ধে প্ৰচুৰ শক্তিশালী বাণ । কিন্তু তাৰ পিছতো সচেতন মানুহৰ মাজত সন্দেহ তেখেতে ৰাষ্ট্ৰশক্তিৰ পৰা কিমান দূৰত অৱস্থান গ্ৰহণ কৰিছিল ।

 

এই সকলোবোৰৰ কাৰণেই হোমেন বৰগোহাঞিৰ চিন্তা আৰু সাহিত্যৰ সঠিক মুল্যায়নৰ বাবে আমি কেইবাটাও দশক অপেক্ষা কৰিব লাগিব । 


শেষত্ কিছু ব্যক্তিগত কথা । মোৰ ব্যক্তিগত জীৱন পৰিক্ৰমাত এক সামাজিক-বৌদ্ধিক পৰিচয় নিৰ্মাণত হোমেন বৰগোহাঞি ছাৰৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে । ‘আমাৰ অসম’ কাকতৰ মূখ্য সম্পাদক হৈ থাকোতেই তেখেতে প্ৰায় ছয়-সাত বছৰৰ আগেয়ে এদিন মোক তেখেতৰ কাৰ্যালয়লৈ মাতি পঠিয়ালে আৰু নিৰ্দেশ দিলে যে মই ‘আমাৰ অসম’ কাকতত এটা পষেকীয়া স্তম্ভ লিখিব লাগে । মোক এই নিশ্চয়তাও প্ৰদান কৰিলে যে তেখেতে মোৰ লেখাৰ ওপৰত কলম নচলায়, মই নিজৰ দৃষ্টিভংগীৰে লিখিব পাৰিম । সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত স্তম্ভৰ নাম ৰাখিলে ‘ৰাজনৈতিক টোকাবহী’ । কিন্তু তেখেতে অতি সোনকালেই ধৰিব পাৰিলে যে মই কেৱল ৰাজনৈতিক লেখা নিলিখোঁ । সেয়েহে স্তম্ভৰ নাম সলাই ৰাখিলে ‘ধাৰাভাষ্য’ । প্ৰায় ছয় বছৰৰো অধিক কাল ধৰি নিয়মীয়াকৈ মই এই স্তম্ভ লিখিলোঁ । আজি কিছুমাহৰ পৰা অৱশ্যে সম্পাদকীয় পৃষ্ঠাৰ পৰা তুলি আনি মোৰ লেখা প্ৰথম পৃষ্ঠাৰ ‘প্ৰথম কলম’ শিতানত প্ৰকাশ কৰিছে । কিন্তু মই এই কথা অকপটে কওঁ যে ‘ধাৰাভাষ্য’ই মোক অসমৰ বৃহত্তৰ সচেতন পঢ়ুৱৈ সমাজৰ সতে চিনাকি কৰি দিলে । 

(লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ মুৰব্বী অধ্যাপক। লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে)

No comments:

Post a Comment