চিন্তনঃ সোণাপুৰত সোণৰ হৰিণাৰ পম খেদি :: ডাঃ মৃগাংক শেখৰ চলিহা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ সোণাপুৰত সোণৰ হৰিণাৰ পম খেদি :: ডাঃ মৃগাংক শেখৰ চলিহা

চিন্তনঃ সোণাপুৰত সোণৰ হৰিণাৰ পম খেদি :: ডাঃ মৃগাংক শেখৰ চলিহা

Share This
সোণাপুৰত সোণৰ হৰিণাৰ পম খেদি
ডাঃ মৃগাংক শেখৰ চলিহা
সোণাপুৰত সোণৰ হৰিণাৰ পম খেদি ডাঃ মৃগাংক শেখৰ চলিহা
ডাঃ ধনীৰাম বৰুৱাদেৱক লৈ প্ৰায় তিনিটা দশক ধৰি লানিয়ে লানিয়ে বিতৰ্ক চলি আহিছে। কোনোবাই যদি তেওঁক অসাধাৰণ মেধাসম্পন্ন দেৱতুল্য চিকিৎসক বুলি অভিহিত কৰিছে আন কোনোবাই তেওঁৰ বিষয়ে তাৰ সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহন কৰিছে। আৱেগপ্ৰৱণ অসমীয়া জাতিৰ ভালেমান উজ্জ্বল জ্যোতিষ্কই যদি তেওঁক এজন 'ট্ৰেজিক হিৰো'ৰ স্থানত অধিষ্ঠিত কৰিছে আন কোনোবাই আকৌ তেখেতৰ কৰ্মৰাজিয়ে চিকিৎসাবিজ্ঞালৰ নীতি নিয়ম উলংঘা কৰাৰ দোষত, তেখেতৰ তথাকথিত বৈজ্ঞানিক কৰ্মৰাজিত থকা ধূসৰতা আৰু গোপনীয়তাৰ বাবে তেখেতক সমালোচনা কৰিছে। এনেকুৱা এটা বাকধাৰাৰো সৃষ্টি হৈছে যে তেখেতক সমৰ্থন কৰা সকল অসমপ্ৰেমী আৰু সমালোচনা কৰাসকল অসমৰ শত্ৰু । কথাবোৰ আচলতে কি ? বিষয়বস্তুত সোমোৱাৰ আগতে এটা কথা মানি লব লাগিব যে বিজ্ঞানৰ যিকোনো এটা কথা আলোচনা কৰাৰ আগতে সেইবিধ বিজ্ঞানৰ দীঘ আৰু বাণিৰ ক্ষেত্ৰত আলোচকজনৰ অলপ হ'লেও সম্পৰ্ক থাকিব লাগিব। 
সোণাপুৰত সোণৰ হৰিণাৰ পম খেদি ডাঃ মৃগাংক শেখৰ চলিহা
কিন্তু প্ৰকৃতাৰ্থত দেখা গৈছে যে চিকিৎসাবিজ্ঞান বা জীৱবিজ্ঞানৰ লগত সামান্যতম সম্পৰ্ক নথকা ব্যক্তিয়েও কিছুমান অসমৰ্থিত আৰু অপ্ৰমাণিত কথাক ভিত্তি হিচাপে লৈ, তেখেতৰ মুখনিসৃত কথা বা তেখেতৰ নিজৰ বিষয়ে তেখেতৰ স্বঘোষিত কথা, বিভিন্ন সংবাদমেলত তেখেতে কোৱা কথা - এইবোৰকে মূলধন হিচাপে লৈ কাকতে পত্ৰই তেখেতৰ বিষয়ে বকলা মেলি সত্যপ্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। ইফালে যিসকলে তেওঁক সমালোচনা কৰিছে তেওঁলোকক 'কেকোঁৰা' শব্দৰে সাধাৰণীকৰণ কৰি, চিকিৎসক সমাজকো "ঈৰ্ষাতে সমালোচনা কৰিছে" বুলি নাকচ কৰি প্ৰকৃত সত্যাণ্বষেণৰ পৰিবেশ বিনষ্ট কৰা হৈছে । সকলো অসমীয়াই জানো কেকোঁৰা ? সকলো চিকিৎসকেই সচাঁকৈয়ে ঈৰ্ষাৰ কাৰণেই ডাঃ ধনীৰাম বৰুৱাক সমালোচনা কৰিছিল বা কৰে নেকি ? প্ৰকৃত গৱেষক, সফল চিকিৎসকক লৈ দেখোন কোনো অসমীয়াই কেতিয়াও বিতৰ্ক কৰা নাই! 

এসময়ত হাই-মাদ্ৰাছা পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্তমান কৰ্মৰত অসমীয়া চিকিৎসক ডাঃ ৰিফাট মান্নানক (Rifat Mannan)  যেতিয়া বৰ্তমান বিশ্বৰ শীৰ্ষ এশজন পেথ'লজিষ্টৰ ভিতৰত এজন বুলি তালিকাভূক্ত কৰা হৈছিল তেতিয়া সেই তালিকা চাই দেখোন আমাৰ চিকিৎসকসকলৰ গৰ্বত বুকু ফুলি উঠিছিল। প্ৰকৃত গৱেষক ডঃ বিনয় কুমাৰ শইকীয়া যাৰ বিভিন্ন গৱেষণা পত্ৰ দেশ বিদেশৰ বিভিন্ন গবেষণা পত্ৰিকাত প্ৰকাশ পাইছে দেশ বিদেশত যিজন উচ্চ প্ৰশংসিত , তেখেতে শান্তিস্বৰূপ ভাটনগৰ বঁটা পাওঁতে সকলো অসমীয়াই সমস্বৰে প্ৰশংসা কৰা নাছিলনে? ঠিক সেইদৰে ভাৰতবৰ্ষৰ এজন আগশাৰীৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়াকে (Tapan Saikia)  ধৰি সকলো প্ৰকৃত বিজ্ঞানী মনৰ বৈজ্ঞানিক, গৱেষক আৰু চিকিৎসকৰ সাফল্য বা চিন্তাক লৈ সকলো চিকিৎসককে ধৰি সকলো স্তৰৰ অসমীয়া ৰাইজে যথেষ্ট গৰ্ব কৰে। গতিকে সাধাৰণীকৰণ আৰু আবেগক বিসৰ্জন দি চিকিৎসা বিজ্ঞানৰ গভীৰতালৈ গৈ বিষয়টো চাব লাগিব।

সমস্যা তেতিয়াই হয় যেতিয়া আমি আমাৰ নিজৰ বা সহশ্ৰেণীৰ মানুহৰ বা পাৰ্শ্ববৰ্তী সম্প্ৰদায়ৰ কাৰোবাৰ কোনোবা এটা কামৰ লগত বিশ্বত বহুলভাৱে সমাদৃত বা স্বীকৃত কিবা যুগান্তকাৰী কামৰ অলপ মিল বিচাৰি পাওঁ । তেতিয়া সদায় আমি এটা আত্মতৃপ্তি লাভ কৰোঁ আৰু আবেগিকভাৱে তাক সমৰ্থন কৰোঁ । কিন্ত গভীৰভাবে বা বৈজ্ঞানিক পৰ্যবেক্ষণেৰে চালে আমি বুজি পাওঁ যে তেনেকুৱা সাদৃশ্য খুব উপৰুৱা বা চৰ্মগভীৰহে মাত্ৰ । বৰ্তমান কালত ভাৰতবৰ্ষৰ ৰাইজ বা বিশ্বস্বীকৃতিৰ আকাংখ্যাত ব্যাকুল, অস্তিত্বৰ সংকটগ্ৰস্ত অসমীয়াই সুদূৰ আমেৰিকাত সৌ সিদিনা সম্পূৰ্ণ বৈজ্ঞানিক প্ৰণালীৰে কৰা এটা ঐতিহাসিক চিকিৎসা কৰ্মৰ লগত অৰ্থাৎ গাহৰিৰ হৃদপিণ্ড মানুহৰ শৰীৰত বিধিসন্মতভাৱে সংৰোপন কৰা কাৰ্যৰ লগত ভাৰতৰ অসমত ডাঃ ধনীৰাম বৰুৱাই পচিশ বছৰ আগতে কৰা তেনেকুৱা এটা পৰীক্ষাৰ সাদৃশ্য বিচাৰি পাই উত্ৰাৱল হৈ উঠিছে। যদিও প্রায় ২৫ বছৰ আগতে অসমত কৰা প্রচেষ্টাটোৰ কথা মনত পেলাই আনন্দ কৰাৰ আমাৰ অধিকাৰ আছে, আমাৰেই এজন চিকিৎসকে ডাঃ গ্রিফিথ আৰু সহযোগীসকলৰ জেন'ট্রান্সপ্লান্টেশ্যনৰ পশ্চিমীয়া প্রচেষ্টাৰ বহুতদিন আগতেই একেটা কামকে কৰিছিল বুলি গৌৰৱ কৰাৰ আমি থল বিচাৰি পাইছো, কিন্তু সেই মিলটো গাহৰি আৰু হৃদপিণ্ডৰ সংৰোপন এই দুটা কথাতে আৰম্ভ আৰু তাতেই শেষ। 

বহুতে কৈছে যে অসফল হ'লেও গাহৰিৰ হৃদপিণ্ড মানুহৰ শৰীৰত প্ৰতিস্থাপনৰ বাবে চিন্তা কৰা আৰু চেষ্টা কৰা প্ৰথম ব্যক্তি হিচাপে আমি ডাঃ ধনীৰাম বৰুৱাক লৈ গৰ্বিত হব লাগে। কোনোবাই অসমৰ্থিত তথ্যৰ ভিত্তিত 'আমাৰ অসম'ত লিখিছে যে এই কথাটো নব্বৈৰ দশকৰ কোনোবা এখন বিজ্ঞান মেলত ধনীৰাম বৰুৱাই পোনপ্ৰথম উত্থাপন কৰিছিল। কিন্তু প্ৰকৃততে পঞ্চাশৰ দশকৰ পৰাই বিশ্বত গাহৰিৰ হৃদপিণ্ড মানবদেহত প্ৰতিস্থাপনৰ বিষয়ে চিন্তা চৰ্চা কৰি অহা হৈছে । কিন্তু তাকে কৰিবলৈ গ'লে যে আমাৰ প্ৰতিৰক্ষা প্ৰণালীয়ে সেই অজাতিৰ হৃদপিণ্ডক বৰ্জন কৰি ৰোগীৰ শৰীৰত সংকটৰ সৃষ্টি কৰিব সেই কথা সকলোৱে জানিছিল। গতিকে গাহৰিৰ হৃদপিণ্ডক মানৱশৰীৰে বৰ্জন নকৰাকৈ প্ৰতিস্থাপন কৰিব পৰা বৈজ্ঞানিক প্ৰণালীৰ উদ্ভাৱন নোহোৱাকৈ ৰোগী এজনক বিপদত পেলাবলৈ কোনো চিকিৎসকে চেষ্টা কৰা নাছিল। সেইটো তেওঁলোকৰ সাহসৰ অভাৱ নাছিল; দূৰদৰ্শিতা আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োগহে আছিল। 

সোণাপুৰত মানুহৰ ওপৰত কৰা সেই "বৈজ্ঞানিক পৰীক্ষা'ৰ সময়ত সেইখিনি দূৰদৰ্শিতাৰ প্ৰয়োগ কৰা হৈছিলনে? হৃদপিণ্ড প্ৰতিস্থাপনৰ বাবে প্ৰতিৰক্ষা প্ৰণালীক আগতে নিষ্ক্ৰিয় কৰি লোৱাৰ কি ব্যৱস্থা লোৱা হৈছিল আৰু যদি লোৱা হৈছিল সেইখিনি যথেষ্ট আছিলনে আৰু সেইয়া কি ব্যৱস্থা আছিল ? জীন মডিফিকেশ্যনৰ কথা বাদে দিও আন কি উপায়নো তেতিয়া লোৱা হৈছিল? সেই কামৰ সময়ত শল্য চিকিৎসক দলটোৰ লগত জেন'ট্ৰেঞ্ছপ্লাণ্টেশ্যনৰ দৰে এটা ডাঙৰ কামৰ বাবে প্ৰয়োজনীয় সকলোবিধৰ বিশেষজ্ঞ চিকিৎসক আছিলনে? এনে এশ এটা প্ৰশ্নই বিশ্বৰ চিকিৎসক মহলক জোঁকাৰি যায় । গতিকে তেওঁলোকে প্ৰশ্ন উত্থাপন কৰাটোৱেই স্বাভাৱিক । 

প্ৰশ্ন এইবাবেই উঠে যে ডাঃ ধনীৰাম বৰুৱাদেৱে বিজ্ঞানমেল পাতি বিশ্বৰ বৈজ্ঞানিক মহলত নিজৰ তথাকথিত গৱেষণাৰ বিষয়ে কোৱাতকৈ সাংবাদিকৰ আগত সংবাদ মেল পাতি কিছুমান দাবী কৰাতহে বেছি গুৰুত্ব দিয়ে। কোনো এখনো চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয় পত্ৰিকাত তেখেতে দাবী কৰা নতুন আবিষ্কাৰৰ কোনো কথা প্ৰকাশো নকৰে। গতিকে তেখেতৰ সেই প্ৰচেষ্টা সচাকৈয়ে প্ৰণালীবদ্ধ বৈজ্ঞানিক প্ৰচেষ্টা আছিল নে এটা মাত্ৰাধিক দুঃসাহসিক অভিযান আছিল সেইবিষয়ে চিকিৎসক আৰু চিকিৎসাবিজ্ঞানীয়ে সদায় প্ৰশ্ন তুলি আহিছে।

পঁচিশ বছৰ আগৰ সেই বিশেষ ৰোগীজনৰ সেই ৰোগ আৰু তাৰ চিকিৎসা হিচাপে হৃদপিণ্ডৰ প্ৰতিস্থাপনৰ দৰে এটা পদক্ষেপ লোৱা কথাটোকলৈও যথেষ্ট গুৰুতৰ ধৰণৰ চিকিৎসা সংক্ৰান্তীয় প্ৰশ্ন কিছুমানৰ অৱকাশ আছে। ৰোগীজনক প্ৰথমতে অকল ভি এছ ডি (ভেন্ত্ৰিকুলাৰ ছেপ্তেল ডিফেক্ট) ৰিপেয়াৰ কৰিবলৈ লৈ জটিলতাৰ সৃষ্টি হোৱাৰ বাবে পিছত হৃদপিণ্ড সংস্থাপনৰ বাবে চেষ্টা কৰা হৈছিল নেকি (সেইটোতো বহুত প্ৰশ্ন আহিব) ? ৰোগীৰ পালম'নেৰী ভেচকুলাৰ ৰেজিচটেঞ্চ বেছি আছে বুলি নজনাকৈ হাওঁফাওঁ প্ৰতিস্থাপন নকৰাকৈ অকল ভি এছ ডি ৰিপেয়াৰ কৰিব খোজা হৈছিল ( সেইটো বিধিসন্মত নহয়) নেকি? প্ৰথমতে হৃদপিণ্ড প্ৰতিস্থাপন কৰা হৈছিল নে প্ৰথমতে হাৰ্ট -লাঙচ্ দুয়োটা প্ৰতিস্থাপন কৰা হৈছিল? নে পৰ্যায়ক্ৰমে হৃদপিণ্ড, হাওঁফাওঁ, বৃক্ক , অন্ত্ৰ এইবোৰ এটা এটাকৈ গাহৰিৰ পৰা আনি আনি ৰোগীৰ শৰীৰত একাদিক্ৰমে লগাই যোৱা হৈছিল? যদি তেনেকুৱা কৰা হৈছিল, চিকিৎসা বিজ্ঞানৰ কোন শাস্ত্ৰমতে বা নিয়মমতে তেনে কৰা হৈছিল সেইবোৰ কথা এখন গৱেষণাপত্ৰৰ আকাৰত তেখেতে জনোৱা উচিত নাছিলনে? পৰীক্ষামূলক ভাবে হলেও এজন জীৱিত মানুহৰ শৰীৰত তেনে কৰাৰ ক্ষেত্ৰত সেইসময়ৰ চিকিৎসাবিজ্ঞানী বা আন গৱেষকসকলে সমৰ্থন কৰিলেহেঁতেন নে? যিটো সময়ত অসমৰ সেই ৰোগীজনক হৃদযন্ত্ৰ প্ৰতিস্থাপনৰ বাবে বাচি লোৱা হৈছিল সেইসময়ত হৃদযন্ত্ৰৰ চিকিৎসা বিজ্ঞানৰ সৰ্বজনস্বীকৃত হৃদপিণ্ড- প্ৰতিস্থাপনৰ মাপকাঠি ৰোগীয়ে চুইছিলগৈনে বা চিকিৎসাবিজ্ঞানৰ বিধি অনুযায়ী ৰোগীজন সেইটো পৰ্যায়ত উপনীত হৈছিলগৈ নে? ৰোগীজনে হৃদযন্ত্ৰ প্ৰতিস্থাপন নকৰাকৈও আৰু ভালেমান বছৰ আয়ুস লাভ কৰিলেহেঁতেন নেকি ? এইবোৰ প্ৰশ্ন যিকোনো মানবকল্যাণী বৈজ্ঞানিকৰ মনলৈ আহিবই।

চিকিৎসা বিজ্ঞানত নতুন জ্ঞান লাগিবই , নতুন পৰীক্ষা হবই লাগিব। তাত কোনো দ্বি-মত নাই। চিকিৎসক সাহসী হৈ নজনা নেদেখা দিগন্ত পাৰ হ'ব লাগিব । সেই মানসিকতাক মানব জাতিৰ বাবে বেয়া বুলি কব নোৱাৰি।কিন্তু যদি ইমিউনলজিৰ ফালৰপৰা যথাবিহিত ব্যবস্থা নোলোৱাকৈ গাহৰিৰ হৃদযন্ত্ৰ প্ৰতিস্থাপনৰ দৰে এটা দুঃসাহসিক অভিযান চলোৱা হয় সেই সাহসিকতাক সমৰ্থন কৰাৰ যুক্তি নাথাকে। বিশেষ বৈজ্ঞানিক ব্যৱস্থা নোলোৱাকৈ অন্য প্ৰাণীৰ অংগ আনি মানব শৰীৰত বিশেষ সংশোধন নকৰাকৈ প্ৰতিস্থাপিত কৰিলে যে মানুহৰ শৰীৰৰ প্ৰতিৰক্ষা প্ৰণালীয়ে তাক গ্ৰহণ নকৰি এটা সাংঘাটিক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি মানুহজনক থিতাতে মৃত্যুৰ মুখলৈ ঠেলি দিব সেইটো অৱধাৰিত আছিল। 

আগতীয়াকৈ এই পৰিণামৰ কথা জানিও সেই অভিযান চলোৱা হৈছিল নে জ্ঞাত হৈও সংবাদ শিৰোনামা দখল বা আন কিবা কাৰকৰ তাড়নাত তেনে কৰা হৈছিল? তেনে প্ৰচেষ্টাত কোনোবাই প্ৰাণ হেৰোৱাটোক বিজ্ঞান বা বৈজ্ঞানিক পৰীক্ষা বুলি ক'ব লাগে জানো? যদিহে hyperacute rejection নহ'বলৈ কিবা প্ৰতিৰোধী ব্যবস্থা লোৱা হৈছিল সেই প্ৰতিৰোধী ব্যৱস্থাৰ বৈজ্ঞানিক ভিত্তি কি আছিল আৰু সেইসময়ৰ সমকালীন জ্ঞানৰ ভিত্তিত তাক যথাৰ্থ বুলিব পাৰিনে নোৱাৰি ? যদি এই সকলোবোৰৰ সন্তোষজনক উত্তৰ ডাঃ বৰুৱাদেৱে বিজ্ঞান মহলত দিব পাৰে তেতিয়াহ'লে গাহৰিৰ হৃদপিণ্ড প্ৰতিস্থাপনৰ বাবে আজিলৈকে তেখেতে সন্মুখীন হোৱা সকলো বিতৰ্কৰো অৱসান হ'ব। আমি তাকেই বিচাৰো।

আমেৰিকাৰ মেৰীলেণ্ড ইউনিভাৰ্চিটি অৱ মেডিচিনৰ ডাঃ বাৰ্টলি গ্ৰীফিথ আৰু সহযোগীসকলৰ প্ৰচেষ্টাত যোৱা ১০ জানুৱাৰীত ডেভিদ বেনেট্ নামৰ যিজন ৰোগীৰ শৰীৰত মানব শৰীৰৰ প্ৰতিৰক্ষা প্ৰণালী পাৰ হব পৰাকৈ জীনিয় ভাবে সংশোধিত( genetic modification) গাহৰিৰ হৃদপিণ্ডৰ প্ৰতিস্থাপন কৰা হৈছিল, হৃদপিণ্ড প্ৰতিস্থাপন কৰাৰ সময়ত তাৰ বাহিৰে তেওঁ তাতকৈ বেছিদিন বাচি থকাৰ আৰু কোনো উপায় নাছিল। মানব হৃদপিণ্ড সংস্থাপনৰ বাবে তেওঁ অনুপযুক্ত বুলি চিকিৎসা প্ৰতিষ্ঠানবোৰে ইতিমধ্যে তেওঁক ঘোষণা কৰিছিল। সোনাপুৰৰ পৰীক্ষাৰ ৰোগীজনো তদ্ৰুপ আছিলনে? যদি আছিল চিকিৎসা শাস্ত্ৰৰ কি মাপকাঠিৰে সেই বিচাৰ কৰা হৈছিল? মেৰীলেণ্ডৰ পৰীক্ষা টোৰ সেই মাপকাঠিবোৰ আমাৰ জ্ঞাত আৰু সেইবোৰক লৈ কোনো প্ৰশ্নৰ অৱকাশ নাই। আন কোনো বাট নথকা মেৰীলেণ্ডৰ ৰোগীজনৰ দৰে ৰোগৰ এনেকুৱা মূহুৰ্তবোৰতহে আচলতে জন্ম-মৃত্যুৰ মাজত পাৰ্থক্য আনিব পৰা সাহসী চিকিৎসা পৰীক্ষাৰ প্ৰয়োজন হয়। সেই সাহসৰ মূল্য আছে। সেইয়া জীৱনক লৈ হেতালি খেলা দুঃসাহসিক দুৰভিযান নহয়। এনেকুৱা আকাশ অতিক্ৰম কৰিব খোজা মানবীয় উদ্যমৰ বাবেহে মানুহ জীৱশ্ৰেষ্ঠ । মেৰীলেণ্ডৰ ৰোগীজন শেষৰ অৱস্থাৰ হাৰ্টফেইলাৰত ( end stage heart failure) ভুগি আছিল যিটো বেমাৰত আয়ুস হয়তো আৰু কেইটামান সপ্তাহহে মাত্ৰ । কিন্তু ১৯৯৭ চনৰ সোণাপুৰৰ গৱেষণাটোৰ বিশেষ নথি পত্ৰ চিকিৎসা তথ্য চিকিৎসা বিজ্ঞানীৰ মহলত উপলব্ধ নহয় । কাৰণ ডাঃ বৰুৱাদেৱে সংবাদমেলত সাংবাদিকৰ আগতহে কথাবোৰ প্ৰকাশ কৰে। আন চিকিৎসকক নকয়। চিকিৎসা বিজ্ঞানৰ কোনো পত্ৰিকালৈও কোনো পত্ৰ নপঠায়। কোনো গৱেষণা পত্ৰ ক'তো পাঠ নকৰে। তথ্যবোৰ হয় কৰ্ট -কাছাৰীৰ ফাইলৰ ধুলিৰ পৰা বিচাৰিব লাগিব নহ'লে সাংবাদিকক জনোৱা তথ্যৰ পৰাই লব লাগিব। প্ৰকৃততে ৰোগীজনৰ কি ৰোগ আছিল সেইবিষয়েত কোনো বিজ্ঞান পত্ৰিকাত বা অন্য ঠাইত পাব পৰাকৈ কোনো তথ্য গৱেষকে ৰখা নাই। সংবাদ জগতৰ তথ্য মতে ৰোগীজন ভেন্ত্ৰিকুলাৰ চেপ্টেল ডিফেক্ট বা চমুকৈ ভি এছ ডি এই ৰোগত ভুগি আছিল। কিন্তু অকল ভি এছ ডি ৰোগত ভুগি থাকিলে হৃদযন্ত্ৰ প্ৰতিস্থাপনৰ দৰে ডাঙৰ চিকিৎসাৰ প্ৰয়োজন নাথাকে। তেতিয়াহ'লে ধৰি ললো যে তেওঁ নিশ্চয় ভি এছ ডিৰ লগতে পালমনেৰী হাইপাৰটেনচন নামৰ ৰোগত ভুগিছিল যাক আইছেনমেংগাৰ কমপ্লেক্স বুলি কোৱা হয় ( Eisenmenger Complex)। কিছুমান আইছেনমেংগাৰ কমপ্লেক্সৰ ৰোগীও বহুদিন শল্যচিকিৎসা নকৰাকৈ থাকিব পাৰে। এজন আইছেনমেংগাৰ ৰোগত ভোগা ৰোগীক হৃদপিণ্ডৰ প্ৰতিস্থাপন ( লগতে একেলগে হাওঁফাওঁ প্ৰতিস্থাপন কৰিব লাগে) কেতিয়া কৰিব লাগে সেই মূল্যায়নৰ বাবে চিকিৎসা শাস্ত্ৰৰ কিছুমান নিয়ম আছে। সেই মূল্যায়ন সেইসময়ত কৰা হৈছিল নে? ৰোগীজন যদি সেই সীমাত উপনীত হৈছিল তেতিয়াহলে প্ৰথমতে তাকে নকৰি অকল ভি এছ ডি ৰিপেয়াৰহে কৰা হৈছিল নেকি ? নে ভি এছ ডি ৰিপেয়াৰৰ লগত হাওঁফাওঁ প্ৰতিস্থাপনো একেলগে কৰা হৈছিল? হৃদপিণ্ডৰ প্ৰতিস্থাপনৰ প্ৰয়োজনৰ বাবে যোগ্য বুলি বিবেচনা কৰা মাপকাঠিবোৰ মেৰীলেণ্ডৰ ৰোগীজনৰ ক্ষেত্ৰত কৰাৰ দৰে সোনাপুৰত কৰা হৈছিল নে? যদি হৈছিল কেনেদৰে কৰা হৈছিল যদি কৰা হোৱা নাছিল কিয় কৰা হোৱা নাছিল? 

নব্বৈৰ দশকৰ সেই বিতৰ্কিত চিকিৎসা পদক্ষেপটোৰ পিছৰেপৰা এনেকুৱা সহস্ৰ বৈজ্ঞানিক প্রশ্নৰ উত্তৰ আজিলৈকে থাকি গ'ল। কাৰণ তেখেতৰ এই চিকিৎসাৰ কোনো গৱেষণা পত্ৰ বা কেছ ৰিপৰ্ট ক'তো প্ৰকাশ কৰা নাই। ধৰি ললো ভাৰতৰ লগৰ চিকিৎসক খিনি বাৰু ঈৰ্ষাপৰায়ণ আৰু তেখেতৰ জ্ঞানৰ ওচৰে পাজৰেও নাই। কিন্তু তেখেতক বুজিব পৰা কোনো চিকিৎসক এই পৃথিৱীত নাই বুলি ক'লে মানি ল'বলৈ টান হয়। ঠিক সেইদৰে তেখেতে দাবী কৰা হৃদপিণ্ডৰ কপাট ( heart valve) ভাৰত বা বিশ্বৰ কোন কোন ঠাইত কেতিয়া সফলতাৰে শল্য চিকিৎসা কৰি লগোৱা হৈছিল সেইবিষয়ে তথ্য প্ৰমাণ জানিবলৈ সকলো উৎসুক। আশীৰ দশকৰ এই প্ৰতিশ্ৰুতিসম্পন্ন হৃদবক্ষশল্য চিকিৎসকজনৰ হৃদপিণ্ডৰ ভাল্ভৰ পেটেঞ্চি ( patency)ৰ আবেদন এখন ইউৰোপত অগ্ৰাহ্য হৈছিল। তেখেতে ভাৰতত সেই ভাল্ভৰ পৰীক্ষা কৰিবলৈ কেইবাজনো হৃদবক্ষশল্য চিকিৎসকৰ লগতো কথা পাতিছিল। তেখেতক কোন বায়'মেডিকেল ইঞ্জিনিয়াৰে সেই ভাল্ভৰ প্ৰস্তুতিত সহায় কৰিছিল সেইখিনিৰ তথ্য নাই। তাৰ পিছত সেই ভাল্ভ ভাৰতত বা আন ঠাইত ক'ত কিমান সফলতাৰে কোনে লগাইছিল তাৰো আমি বৈজ্ঞানিক গৱেষণা পত্ৰ পঢ়িব বিচাৰোঁ ।

শল্য চিকিৎসাৰ নিজৰ বিষয়টোৰ পৰা আঁতৰি আহি হঠাতে তেখেতৰ দ্বিতীয় অৱতাৰত ডায়েবেটিচ , হৃদৰোগ, কৰ্কট ৰোগ , বৃক্ক ৰোগ , এইডচ্ আৰু ক'ভিড ১৯ ৰ ক্ষেত্ৰত বা যযাতিৰ দৰে চিৰযৌৱন প্ৰদান কৰাৰ ক্ষেত্ৰত তেখেতে দাবী কৰা তেখেতৰ চিকিৎসাৰ সেই লাখটকীয়া 'বেজী'বোৰনো কি আৰু সমসাময়িক বা বৰ্তমানৰ বিশ্বৰ কোনো বৈজ্ঞানিকে গম নোপোৱা সেই মানব কল্যাণকামী সূত্ৰবোৰনো কি সেইবিষয়ে জানিবলৈ আমি সদায় উৎসুক। সেইবোৰ যদি সচাঁ হয় সেইবোৰক সোনাপুৰৰ দেৱৰো দুৰ্গম অভেদ্য দূৰ্গৰ বাহিৰলৈ আনি মানব হিতৰ বাবে বিশ্বৰ বিজ্ঞান মেলত জনাব লাগে। তেতিয়াহে ( যদি সেইবোৰ সঁচা হয়) সকলোৱে সেই জ্ঞানৰ আলোকেৰে নৱ দিগন্ত উন্মোচন কৰিব পাৰিব।

আমাৰ অসমীয়া জাতিয়ে সদায় এজন গুণী(quintessential) জাতীয়তাবাদী নায়কৰ সন্ধান কৰি আহিছে। কিন্তু বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে সেই সন্ধানে আমাক যথাৰ্থ পূজনীয়জনৰ কাষলৈ নিনি দ খাৱৈতহে পেলায়গৈ। দশকৰ পিছত দশক আমি এনে এজন নায়কৰে অনুসন্ধানত আছো। কেতিয়াবা আমি কিছুমানে কৰা বৈজ্ঞানিক আবিষ্কাৰৰ কিছুমান দাবী বা ধাৰণাৰ মাজত এনে গৌৰৱ বিচাৰি পাওঁ । জাতীয় নায়কৰ অনুসন্ধানৰ এই প্ৰচেষ্টাটো মৌলিকভাবে এটা ইতিবাচক ধাৰণা । কিন্তু অনুসন্ধানৰ ফলাফলবোৰ প্রায়েই ভুল হয়। এটা কল্পনাক সুবিন্যস্ত আৰু যৌক্তিকভাৱে আগৱঢ়াই নিয়া বৈজ্ঞানিক চিন্তাভাবনা আৰু প্ৰচেষ্টাৰ লগত কল্পনাবিলাসী উদ্ভটতাৰ মাজত যথেষ্ট পার্থক্য আছে। বৈজ্ঞানিক অন্বেষণৰ কাৰণে সমসাময়িক বিজ্ঞানৰ সকলোবোৰ নীতি- নিয়ম যে উলংঘা কৰিব লাগিব সেইটো এটা অবান্তৰ কথা। যেতিয়াই এটা নতুন বৈজ্ঞানিক চিন্তাভাবনা অনুশীলন কৰাৰ চিন্তা কৰা হয় তেতিয়া সেইটো কার্যকৰী কৰাৰ কাৰণে কিছুমান আদর্শ পদ্ধতি থাকে। বিশেষকৈ যদি সেই উদ্ভাবনটোৰ আৰু পৰীক্ষাটোৰ লগত ৰোগীৰ জীবন আৰু মৃত্যুৰ মাজত পাৰ্থক্য আনি দিব পৰা সম্পৰ্ক থাকে । কাইলৈ যদি এজন হৃদৰোগৰ চিকিৎসকে এজন ৰোগীক ষ্টেণ্ট লগোৱাৰ পিছত প্ৰচলিত আৰু প্ৰমাণিত দুটা অ্যান্টিপ্লেটলেট দৰব দিয়াৰ সৰ্বগৃহীত আদর্শৰ পৰিবর্তে এটা অ্যান্টিপ্লেটেলেট দিয়াৰ পৰীক্ষা এটা কৰে, তেতিয়া তাৰ বৈজ্ঞানিক যুক্তি তেওঁ দিব পাৰিব লাগিব । লগতে গবেষণাটো এনেকৈ পৰিচালনা কৰা উচিত যাতে সেইটো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্রক সংস্থাবোৰৰ দ্বাৰা অনুমোদিত হয়। উদ্ভাবন আৰু নতুন চিন্তাৰ অভাৱে বিজ্ঞানক পঙ্গু কৰি পেলাব। কিন্তু কোনো নিয়ম-নীতি নথকা মানব জীবনৰ সুৰক্ষাৰ প্ৰতি চকু নিদিয়া', মানব জীবন এটাক মৰ্যদা নিদিয়া অনিয়ন্ত্রিত উদ্ভাৱনী প্ৰচেষ্টাও কাম্য নহয় । গতিকে আমি দুখন বেলেগ দেশৰ দুটা বেলেগ কেন্দ্রত দুটি বেলেগ সময়ফ্রেমত হোৱা দুটা অনুৰূপ চেহেৰাৰে দুটা গবেষণা প্রকল্পৰ তুলনা কৰাৰ আগতে বুজিব লাগিব যে এটা পৰীক্ষা মানুহ এজনৰ জীবনৰ প্ৰতি অত্যন্ত সংবেদনশীল ভাবে পৰিচালিত হৈছিল বুলি আমি নিশ্চিত আৰু ইটোৰ বিষয়ে আমি নিশ্চিত নহওঁ । মহম্মদ বিন টোঘলকেও নতুন কথা চিন্তা কৰিছিল। কিন্তু তাত উন্মোদনাৰ প্ৰলেপ আছিল। যিকোনো বৈজ্ঞানিক গবেষণাত এটা পদ্ধতি থাকিলে সি সকলোৰে দ্বাৰা সম্মানিত হয়। কোনোবাই আনতকৈ বেলেগ ধৰণে চিন্তা কৰিছে বাবেই আমি তেওঁক কোপাৰ্নিকাচ বা গেলিলিউ বুলি ধৰিব নেলাগে। নতুন কথা এটা আবিষ্কাৰ কৰিবলৈ হ'লে কোপার্নিকাচ বা গেলিলিউৰ নিচিনা সততা, বিধিনিষ্ঠতা, মর্যাদা আৰূ আন্তৰিকতা থকা উচিত। আমাৰ বীৰ-সন্ধানী, গৌৰব-সন্ধানী জাতীয়তাবাদৰ চিৰন্তন তৃষ্ণা দূৰ কৰিবৰ বাবে আমি মৰুভূমিত দেখা মৰীচিকাকে পানী বুলি ধৰিব নেলাগে। পঞ্চবটীত ৰামচন্দ্ৰই খেদি যোৱা হৰিণাটো সোনৰ নাছিল । সোণাপুৰতো সোণৰ হৰিণাৰ সন্ধান হৈছিল বা হৈছে নে নাই সেই কথাবোৰক লৈ বৈজ্ঞানিক পদ্ধতিৰে লিখা গৱেষণা পত্ৰৰ খুব প্ৰয়োজন । যদি সচাকৈয়ে তাত সোণৰ হৰিণা আছে সেই সম্পদৰ ভাগ সমগ্ৰ বিশ্বই পাব লাগে। নহলে অনন্ত কাললৈ এই বিতৰ্ক চলি থাকিব। বিজ্ঞানৰ বাবেই সত্য প্ৰতিষ্ঠাৰ বাবেই এই প্ৰকাশৰ প্ৰয়োজন।
লেখক অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ হৃদৰোগ বিভাগৰ বিশেষজ্ঞ তথা সহযোগী অধ্যাপক। লেখকৰ সুখ-দুখত প্ৰকাশিত আনবোৰ লেখা পঢ়িবলৈ তলৰ সূত্ৰ ক্লিক কৰকঃ

No comments:

Post a Comment