মনৰ কথাঃ দক্ষিণৰ 'পুষ্পা'ৰ ধুমুহা বনাম অসমীয়া চিনেমাৰ ভৱিষ্যত :: শ্য়ামকানু মহন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ দক্ষিণৰ 'পুষ্পা'ৰ ধুমুহা বনাম অসমীয়া চিনেমাৰ ভৱিষ্যত :: শ্য়ামকানু মহন্ত

মনৰ কথাঃ দক্ষিণৰ 'পুষ্পা'ৰ ধুমুহা বনাম অসমীয়া চিনেমাৰ ভৱিষ্যত :: শ্য়ামকানু মহন্ত

Share This
দক্ষিণৰ 'পুষ্পা'ৰ ধুমুহা বনাম অসমীয়া চিনেমাৰ ভৱিষ্যত
শ্য়ামকানু মহন্ত
দক্ষিণৰ 'পুষ্পা'ৰ ধুমুহা বনাম অসমীয়া চিনেমাৰ ভৱিষ্যত শ্য়ামকানু মহন্ত
যোৱা কেইদিনমান ধৰি 'পুষ্পা' নামৰ চিনেমাখনৰ কথা খুব শুনি আছিলো। বিগত দেওবাৰে আমাজন প্ৰাইমত চালো। নব্বৈ দশকৰ দৰে গতানুগতিক মাৰপিট-কাজিয়াৰ এখন চিনেমা। আপুৰুগীয়া ৰঙা চন্দনৰ চোৰাং ব্যৱসায়ৰ কাহিনীৰে চিনেমাখনে গতি কৰিছে।
দক্ষিণৰ 'পুষ্পা'ৰ ধুমুহা বনাম অসমীয়া চিনেমাৰ ভৱিষ্যত শ্য়ামকানু মহন্ত
মানুহে চিনেমাখন ইমান কি ভাল পালে! ইয়াতকৈ বহু ভাল অসমীয়া চিনেমা নিৰ্মাণ হৈছে আৰু আজিকালি ইয়াতকৈ বহু ভাল বিভিন্ন ভাষাৰ চিনেমা বিভিন্ন প্লেটফৰ্মত উপলব্ধ।অভিনেতা আলু অৰ্জুনৰ সুকীয়া ভাৱ-ভংগী, অভিনয়ৰ স্টাইল, নৃত্যৰ ভংগীমাৰ লগতে গানকেইটাৰ কৰিঅ'গ্ৰাফীয়ে, হট আইটেম চং ইত্যাদিয়ে হয়তো চিনেমাখন জনপ্ৰিয় কৰি তুলিছে। মনোৰঞ্জনধৰ্মী, বিগ বাজেট, টেকনিকেলী ভাল, বৃহত্তৰ ৰাইজে ভাল পাইছে, সেইটোৱেই মূল কথা।

চিনেমাখন চাই থাকোতে মোৰ মনলৈ এইটোৱেই ভাৱ আহিছিল যে অসমীয়া চিনেমা নো কিয় নচলে? মই সময়-সুবিধা পালেই চিনেমা চাও। যোৱা কেইটামান দশকত জুবিনৰ দুখনমান যতীনৰ এখন চিনেমাৰ বাহিৰে অসমীয়া চিনেমা চলা নাই। ক'ভিড পৰিস্থিতিত অসমীয়া চিনেমাৰ নাজল-নাথল অৱস্থা। এই উদ্যোগৰ সৈতে বহু ব্যক্তি জড়িত হৈ আছে। যেনে তেনে উদ্যোগটো ঠন ধৰি উঠাটো মনেপ্ৰাণে বিছাৰো।

মই মাজতে চিনেমাৰ প্ৰযোজনা কৰিবলৈ মন ঠিক কৰিছিলো। চিনেমাজগতৰ বহু ব্যক্তিৰ সৈতে, মুম্বাইৰ বিভিন্ন প্লেটফৰ্মৰ লগত মোৰ চিনাকি আছে।লগতে সমগ্ৰ দেশতে কাম কৰিব পৰা মাৰ্কেটিং জনা মোৰ এটা থলুৱা দল আছে। চিনেমা এখন প্ৰযোজনা কৰি জনপ্ৰিয় কৰি তোলা মোৰ এটা সপোন আছিল। মই বহু ভাবিও থমকি ৰ'লো। কাৰন চিনেমাৰ বজাৰখন লৈ মোৰ বিশ্বাস অহা নাই। অসমীয়া চিনেমা চোৱা মানুহ কম। অসমীয়া ভাষা ৰক্ষা কৰাৰ কথা মানুহে কয় যদিও চিনেমা চাবলৈ নাযায়। লগতে এয়াও সত্য যে মানুহে মনোৰঞ্জনধৰ্মী চিনেমাহে পচন্দ কৰে। অসমত খুব ভাল আৰ্ট চিনেমাৰ নিৰ্মাণ হয় কিন্তু মানুহে চাবলৈ নাযায়। 

মনোৰঞ্জনধৰ্মী চিনেমাৰ ক্ষেত্ৰত মোৰ দৃষ্টিত অসমত সমস্যা যে ইয়াত শক্তিশালী চৰিত্ৰত অভিনয় কৰিব পৰা মানুহ কমি গৈছে। অসমত চেলিব্ৰিটিৰ অভাৱ। আজিও চেলিব্ৰিটি মানে কেৱল জুবিনৰ বাদে, পাপনৰ বাদে আনৰ মানুহ টনাৰ ক্ষমতা নাই। সেইটো এটা সমস্যা। অভিনেতা হিচাপে মানুহক টানি আনি নিজৰ একক শৈলীৰে সকলোকে ধৰি ৰাখিব পৰা তাৰকাৰ অসমত অভাৱ। আগতে নিপন গোস্বামী, বিজু ফুকন নাইবা যতীনে পাৰিছিল।

ঠিক তেনেদৰে নতুন চামক আকৰ্ষিত কৰিব পৰা অভিনেত্ৰীৰ ক্ষেত্ৰতো একেই অভাৱ। ভাল অভিনয় কৰা ব্যক্তি বহু আছে কিন্তু এককভাৱে দৰ্শক টানি আনিব পৰা সৰ্বজনপ্ৰিয় তাৰকাৰ অসমত অভাৱ। আমাৰ প্ৰযোজক-পৰিচালকসকলে মনোৰঞ্জনধৰ্মী চিনেমাৰ নিৰ্মাণ কৰিব লাগিব। নাচ- গান- একচন- থ্ৰীলাৰ আৰু ভাল অভিনেতা-অভিনেত্ৰীৰ আমি সৃষ্টি কৰিব লাগিব। যি অভিনয়ৰ বলেৰে আৰু নিজৰ ভাৱ-ভংগীৰে মানুহৰ হৃদয় জিনিব পাৰে। লগতে ভাল চিত্ৰনাট্যৰ সৃষ্টি হব লাগিব।

তেতিয়াহে অসমীয়া চিনেমা থাকিব। অসমীয়া চিনেমা আমি আন অঞ্চলত জনপ্ৰিয় কৰিব লাগিব। বজাৰখনৰ কলেৱৰ বঢ়াব লাগিব। বিভিন্ন ভাষাৰ সৈতে অ' টি টি প্লেটফৰ্মবোৰত উপলব্ধ কৰিব লাগিব। অভিনৱ সৃষ্টি আৰু অভিনৱ চিন্তাধাৰাৰে চিনেমাজগতক আগুৱাই নিব লাগিব। আমাজন', 'নেটফ্লিক্স'ত আমাৰ চিনেমা সমগ্ৰ বিশ্বকে দেখুৱাব লাগিব।

শেষত এটাই কথা, চিত্ৰ পৰিচালকে মনোৰঞ্জনধৰ্মী চিনেমাৰ নিৰ্মাণ কৰিব লাগিব, ৰাইজেও অসমীয়া চিনেমা চাই উদগণি দিব লাগিব, চৰকাৰেও ভাল ছবি নিৰ্মাণত, হলকেইটাত অসমীয়া চিনেমা চলোৱাত উদগণি দিওক।এইবাৰ হয়তো কভিড যাব, চিনেমা জগতৰ সুদিন উভতি অহাৰ ভাল সম্ভাৱনা আছে। আদিলদাৰ অভিনয়ৰে ডাঃ বেজবৰুৱা ইত্যাদি কিছু ভাল চিনেমা আহি আছে।

অসমীয়া শিল্পীৰ সৃষ্টিশীলতা অনন্য, ভাল বজাৰ সৃষ্টি হলে অসমীয়া চিনেমাই ভাল কৰিব।
অসমীয়াৰ সুখ-দুখ xukhdukh.com ত পূৰ্বে প্ৰকাশিত লেখকৰ আন সকলো লেখা পঢ়িবৰ বাবে তলৰ লিংকত ক্লিক কৰিব পাৰিবঃ

No comments:

Post a Comment